< নেহেমিয়া 13 >
1 ১ সেই দিনা, লোকসকলে শুনিব পৰাকৈ মোচিৰ বিধান-পুস্তক পাঠ কৰা হৈছিল। বিধান-পুস্তকত লিখা অনুসাৰে গ’ম পোৱা গ’ল যে, “অম্মোনীয়া বা মোৱাবীয়া লোকসকল কেতিয়াও ঈশ্বৰৰ মহাসভালৈ আহিব নোৱাৰিব।”
På den Tid blev der læst op af Moses's Bog for Folket, og man fandt skrevet deri, at ingen Ammonit eller Moabit nogen Sinde måtte få Adgang til Guds Menighed,
2 ২ এইদৰে কৰা হৈছিল কাৰণ, তেওঁলোক ইস্ৰায়েলৰ লোকসকলৰ ওচৰলৈ পিঠা আৰু পানী লৈ অহা নাছিল। বৰঞ্চ ইস্রায়েলক শাও দিবলৈ তেওঁলোকে বিলিয়মক ভাড়া কৰি আনিছিল। অৱশ্যে আমাৰ ঈশ্বৰে সেই শাওক আশীৰ্ব্বাদলৈ ৰূপান্তৰ কৰিলে।
fordi de ikke kom Israeliterne i Møde med Brød og Vand, og fordi han havde lejet Bileam til at forbande dem, men vor Gud vendte Forbandelsen til Velsignelse.
3 ৩ তেওঁলোকে এই বিধান শুনাৰ লগে লগে প্রত্যেক বিদেশী লোকসকলক ইস্ৰায়েলৰ পৰা পৃথক কৰিলে।
Da de nu hørte Loven, udskilte de alle fremmede af Israel.
4 ৪ এই ঘটনাৰ আগেয়ে আমাৰ ঈশ্বৰৰ গৃহৰ ভঁৰালৰ ওপৰত পুৰোহিত ইলিয়াচীবক নিযুক্ত কৰিছিল। তেওঁ টোবিয়াৰ সম্পৰ্কীয় লোক আছিল।
Nogen Tid i Forvejen havdePræsten Eljasjib, hvem Opsynet med Kamrene i vor Guds Hus var overdraget, og som var i Slægt med Tobija,
5 ৫ পুৰোহিত ইলিয়াচীবে টোবিয়াৰ বাবে এটা ডাঙৰ ভঁৰাল প্রস্তুত কৰিলে। যি ঠাইত পূৰ্বতে লোকসকলে শস্য নৈবেদ্য, ধূপ-ধূনা, বস্তুবোৰ, শস্যৰ দশম ভাগ, নতুন দ্ৰাক্ষাৰস, আৰু তেল, লেবীয়া সকলৰ নামেৰে, আৰু পুৰোহিত সকলৰ বৰঙনিৰ বাবে ৰখা হৈছিল।
ladet indrette et stort Kammer til Tobija der, hvor man før henlagde Afgrødeofferet, Røgelsen, Karrene, Tienden af Kornet, Mosten og Olien, de i Loven foreskrevne Afgifter til Leviterne, Sangerne og Dørvogterne såvel som Offerydelsen til Præsterne.
6 ৬ কিন্তু এই সকলো ঘটনাৰ সময়ত মই যিৰূচালেমত নাছিলোঁ। কাৰণ বাবিলৰ ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ বত্ৰিশ বছৰত মই ৰজাৰ ওচৰলৈ গৈছিলোঁ। কিছুদিনৰ পাছত মই ৰজাৰ পৰা ছুটিৰ বাবে অনুমতি ল’লো।
Da alt dette fandt Sted, var jeg ikke i Jerusalem, thi i Kong Artaxerxes af Babels to og tredivte Regeringsår var jeg rejst til Kongen. Men nogen Tid efter bad jeg Kongen om Tilladelse til at rejse,
7 ৭ মই যিৰূচালেমলৈ ঘূৰি আহিলোঁ। ইলিয়াচীবে ঈশ্বৰৰ গৃহৰ চোতালত টোবিয়াক ভঁৰাল দি কৰা কু-কৰ্ম মই বুজি পালোঁ।
og da jeg kom til Jerusalem og opdagede det onde, Eljasjib havde øvet for Tobijas Skyld ved at indrette ham et Kammer i Guds Hus's Forgårde,
8 ৮ মই অতিশয় ক্রোধিত হৈছিলোঁ, আৰু ভঁৰালৰ পৰা টোবিয়াৰ ঘৰৰ সকলো বস্তু দলিয়াই পেলালোঁ।
harmede det mig højligen; og jeg kastede alt Tobijas Bohave ud af Kammeret
9 ৯ মই ভঁৰালবোৰ শুচি কৰিবলৈ আদেশ দিলোঁ, আৰু সেই ঠাইলৈ ঈশ্বৰৰ গৃহৰ বস্তুবোৰ, শস্য নৈবেদ্যৰ বস্তুবোৰ আৰু ধূপ-ধূনা পুনৰ আনি থলোঁ।
og bød, at man skulde rense Kammeret, hvorefter jeg atter bragte Guds Hus's Kar, Afgrødeofferet og Røgelsen derind.
10 ১০ মই জানিবলৈ পালোঁ যে, লেবীয়া সকলৰ বাবে নিযুক্ত কৰা অংশ তেওঁলোকক ভগাই দিয়া নাছিল। সেয়ে তেওঁলোকে মন্দিৰ ত্যাগ কৰি প্রতিজনে নিজৰ নিজৰ পথাৰলৈ যাবলৈ খৰধৰ কৰিলে। কাম কৰা গায়ক সকলেও সেইদৰে কৰিলে।
Da fik jeg at vide, at Afgifterne til Leviterne ikke svaredes dem, og derfor var de Leviter og Sangere, der skulde gøre Tjeneste, flyttet ud hver til sin Landejendom;
11 ১১ তেতিয়া মই কৰ্মচাৰী সকলৰ সৈতে বিবাদ কৰি ক’লো, “ঈশ্বৰৰ গৃহ কিয় অৱহেলা কৰা হৈছে?” পাছত মই তেওঁলোকক গোটাই আনি প্ৰতিজনক নিজ নিজ পদত স্থাপন কৰিলোঁ।
så gik jeg i Rette med Forstanderne og spurgte dem: Hvorfor er Guds Hus blevet vanrøgtet?" Og jeg fik atter Leviterne samlet og satte dem på deres Pladser.
12 ১২ তেতিয়া সকলো যিহুদী লোকে শস্য, নতুন দ্ৰাক্ষাৰসৰ, আৰু তেলৰ দশমভাগ ভঁৰাললৈ আনিলে।
Så bragte hele Juda Tienden af Kornet, Mosten og Olien til Forrådskamrene;
13 ১৩ মই চেলেমিয়া পুৰোহিত, চাদোক অধ্যাপক, আৰু লেবীয়া সকলৰ পৰা পদায়াক ভঁৰাল ঘৰৰ কোষাধ্যক্ষ নিযুক্ত কৰিলোঁ। তেওঁলোকৰ পাছত মত্তনীয়া পুত্র জক্কুৰ, জক্কুৰৰ পুত্ৰ হাননক কোষাধ্যক্ষ পাতিলোঁ; কাৰণ তেওঁলোক বিশ্বাসযোগ্য বুলি গণিত হৈছিল। তেওঁলোকৰ সহযোগী সকলৰ যোগান ধৰিবলৈ বস্তু ভগাই দিয়াই তেওঁলোকৰ কাম আছিল।
og jeg overdrog Tilsynet med Forrådskamrene til Præsten Sjelemja, Skriveren Zadok og Pedaja af Leviterne og gav dem til Medhjælper Hanan, en Søn af Zakkur, en Søn af Mattanja, da de regnedes for pålidelige; og dem pålå det så at uddele Tienden til deres Brødre.
14 ১৪ হে মোৰ ঈশ্বৰ, এই বিষয়ে মোক সোঁৱৰণ কৰক; আৰু মোৰ ঈশ্বৰৰ গৃহৰ অৰ্থে কৰা উত্তম কাৰ্যবোৰ মচি নেপেলাব।
Kom mig det i Hu, min Gud, og udslet ikke de Kærlighedsgerninger, jeg har gjort mod min Guds Hus til Gavn for Tjenesten der!
15 ১৫ সেই দিনবোৰত মই যিহূদাৰ লোকসকলক বিশ্ৰাম-বাৰে দ্ৰাক্ষাগুটি পেৰা, শস্যৰ ডাঙৰি আনি গাধত বোজাই দিয়া, আৰু বিশ্ৰাম-বাৰে দ্ৰাক্ষাৰস, দ্ৰাক্ষাগুটি, আৰু ডিমৰুগুটি আদি সকলোবিধ বস্তুৰ গধুৰ বোজাও যিৰূচালেমলৈ অনা দেখিলোঁ। মই তেওঁলোকে সেই দিনা খোৱা বস্তু বিক্রী কৰাৰ কথাৰ বিৰুদ্ধিতা কৰিলোঁ।
I de Dage så jeg i Juda nogle træde Persekarrene på Sabbaten, og andre så jeg bringe Horn i Hus eller læsse det på deres Æsler, ligeledes Vin, Druer, Figener og alle Slags Varer, og bringe det til Jerusalem på Sabbaten. Dem formanede jeg da, når de solgte Levnedsmidler.
16 ১৬ যিৰূচালেমত বাস কৰা তূৰৰ পৰা অহা লোকসকলে মাছ আৰু সকলো বিধৰ বস্তুবোৰ আনিছিল, আৰু বিশ্ৰাম-বাৰে যিহূদা আৰু নগৰৰ লোকসকলক সেইবোৰ বিক্রী কৰিছিল।
Også havde Folk fra Tyrus bosat sig der, og de kom med Fisk og alskens Varer og solgte dem på Sabbaten til Jøderne i Jerusalem.
17 ১৭ তেতিয়া মই যিহূদাৰ প্ৰধান লোকসকলৰ লগত বিবাদ কৰি তেওঁলোকক ক’লো, “আপোনালোকে যে বিশ্ৰাম-বাৰ অপবিত্ৰ কৰি, এইবোৰ কি কুকৰ্ম কৰিছে?
Jeg gik derfor i Rette med de store i Juda og sagde til dem: Hvor kan l handle så ilde og vanhellige Sabbatsdagen?
18 ১৮ আপোনালোকৰ পিতৃ সকলে এইদৰে কৰা নাছিল নে? আৰু আমাৰ ঈশ্বৰে জানো আমাৰ আৰু এই নগৰৰ ওপৰত এইবোৰ দুৰ্দশা ঘটোৱা নাছিল নে? তথাপিও আপোনালোকে বিশ্ৰাম-বাৰ অপবিত্ৰ কৰি ইস্ৰায়েলৰ ওপৰলৈ ক্ৰোধাগ্নি পুনৰ অধিককৈ আনিব খুজিছে?”
Har ikke vor Gud bragt al denne Ulykke over os og over denne By, fordi eders Fædre handlede således? Og I bringer endnu mere Vrede over Israel ved at vanhellige Sabbaten!
19 ১৯ বিশ্ৰাম-বাৰৰ আগেয়েই আন্ধাৰ হোৱাৰ লগে লগে যিৰূচালেমৰ দুৱাৰবোৰ বন্ধ কৰিবলৈ আৰু বিশ্ৰাম-বাৰ শেষ নোহোৱালৈকে দুৱাৰবোৰ খুলি নিদিবলৈ মই আদেশ দিলোঁ। বিশ্ৰাম-বাৰে কোনো বোজা ভিতৰলৈ যেন অনা নহয়, এই কাৰণে মই মোৰ কিছুমান দাসক দুৱাৰত নিযুক্তি কৰিলোঁ।
Og så snart Mørket faldt på i Jerusalems Porte ved Sabbatens Frembrud, bød jeg, at Portene skulde lukkes, og at de ikke måtte åbnes, før Sabbaten var omme; og jeg satte nogle af mine Folk ved Portene for at vogte på, at der ikke førtes Varer ind på Sabbaten.
20 ২০ তাতে বণিক সকল আৰু সকলোবিধ বস্তু বিক্রী কৰা সকল এবাৰ, দুবাৰ যিৰূচালেমৰ বাহিৰত থাকিল।
Da nu de handlende og de, der solgte alle Slags Varer, et Par Gange var blevet uden for Jerusalem Natten over,
21 ২১ কিন্তু মই তেওঁলোকক সাৱধান কৰিলোঁ, “আপোনালোকে কিয় দেৱালৰ বাহিৰত তম্বু তৰিছে? যদি আপোনালোকে এইদৰে পুনৰ কৰে, তেনেহলে মই আপোনালোকক শাস্তি দিম!” সেই সময়ৰ পৰাই তেওঁলোক বিশ্ৰাম-বাৰে অহা নাছিল।
advarede jeg dem og sagde: "Hvorfor bliver I Natten over uden for Muren? Hvis I gør det en anden Gang, lægger jeg Hånd på eder!" Og siden kom de ikke mere på Sabbaten.
22 ২২ তাৰ পাছত বিশ্ৰামবাৰ পবিত্র কৰিবলৈ লেবীয়া সকল নিজকে নিজে শুচি কৰি আহি দুৱাৰবোৰ ৰখিবলৈ মই আদেশ দিলোঁ। হে মোৰ ঈশ্বৰ, এই বিষয়তো মোক সোঁৱৰণ কৰক; মোক দয়া কৰক আৰু আপোনাৰ নিয়ম অনুসাৰে মোলৈ কৃপা কৰক।
Fremdeles bød jeg Leviterne, at de skulde rense sig og komme og holde Vagt ved Portene, for at Sabbatsdagen kunde holdes hellig. Kom mig også det i Hu, min Gud, og forbarm dig over mig efter din store Miskundhed!
23 ২৩ সেই দিনবোৰত মই দেখিবলৈ পালোঁ যে, যিহুদী লোকসকলে, অচ্দোদীয়া, অম্মোনীয়া, আৰু মোৱাবীয়া মহিলাক বিয়া কৰিছিল।
På samme Tid lagde jeg også Mærke til, at hos de Jøder, der havde ægtet asdoditiske, ammonitiske eller moabitiske Kvinder,
24 ২৪ তেওঁলোকৰ আধা সংখ্যক সন্তানে অচদোদীয়া ভাষা কয়, কিন্তু তেওঁলোকে ইব্ৰী ভাষা ক’ব নাজানে। নিজৰ নিজৰ জাতিৰ ভাষা অনুসাৰে কথা কয়।
talte Halvdelen af børnene Asdoditisk eller et af de andre Folks Sprog, men kunde ikke tale Jødisk.
25 ২৫ তাতে মই তেওঁলোকৰ লগত বিবাদ কৰিলোঁ আৰু তেওঁলোকক শাও দিলোঁ। তেওঁলোকৰ কিছুমান লোকক কোবাই তেওঁলোকৰ চুলি চিঙিলোঁ। মই তেওঁলোকক ঈশ্ৱৰৰ নামেৰে শপত দি কলোঁ, “আপোনালোকে আপোনালোকৰ ছোৱালীক তেওঁলোকৰ পুত্রলৈ বিয়া নিদিব, আৰু আপোলোকৰ পুত্রলৈ বা নিজৰ বাবেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।”
Da gik jeg i Rette med dem og forbandede dem, ja, jeg slog nogle af dem og rykkede dem i Håret og besvor dem ved Gud: Giv dog ikke deres Sønner eders Døtre til Ægte og tag ikke deres Døtre til Hustruer for eders Sønner eller eder selv!
26 ২৬ ইস্ৰায়েলৰ ৰজা চলোমনে এই মহিলা সকলৰ কাৰণেই জানো পাপ কৰা নাছিল? অনেক দেশৰ মাজত তেওঁৰ নিচিনা কোনো ৰজা নাছিল; আৰু তেওঁ নিজৰ ঈশ্বৰৰ প্ৰিয়পাত্ৰ আছিল। ঈশ্বৰে তেওঁক গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিছিল, তথাপি বিদেশী ভাৰ্যাই তেওঁকো পাপ কৰালে।
Syndede ikke Kong Salomo af Israel for slige Kvinders Skyld? Mage til Konge fandtes dog ikke blandt de mange Folk, og han var så elsket af sin Gud, at Gud gjorde ham til Konge over hele Israel; og dog fik de fremmede Kvinder endog ham til at synde!
27 ২৭ তেনেহলে বিদেশী মহিলা বিয়া কৰাৰ দ্ৱাৰাই ঈশ্বৰৰ বিৰুদ্ধে আনুগত্যহীন কাৰ্য কৰি আৰু সকলো কু-কাৰ্য কৰি আমি আপোলোকৰ কথা শুনিম নে?
Skal vi da virkelig høre om eder, at I begår al denne svare Misgerning og forbryder eder mod vor Gud ved at ægte fremmede Kvinder?
28 ২৮ ইলিয়াচীব প্ৰধান পুৰোহিতৰ পুত্র যোয়াদা, যোয়াদাৰ এজন পুত্র হোৰোণীয়া চনবল্লটৰ জোঁৱায়েক আছিল। সেই কাৰণে মই শাৰীৰিকভাৱে মোৰ সন্মুখৰ পৰা আতৰ কৰিলোঁ।
En af Ypperstepræsten Eljasjibs Søn Jojadas Sønner, der var Horoniten Sanballats Svigersøn, jog jeg bort fra min Nærhed.
29 ২৯ হে মোৰ ঈশ্বৰ, তেওঁলোকক সোঁৱৰণ কৰক; কাৰণ তেওঁলোকে পুৰোহিত পদ, পুৰোহিত-পদৰ আৰু লেবীয়া সকলৰ নিয়ম কুলষিত কৰিলে।
Tilregn dem, min Gud, at de besmittede Præstedømmet og Præsternes og Leviternes Pagt!
30 ৩০ সেই কাৰণে মই সকলো বিদেশী বস্তুৰ পৰা তেওঁলোকক শুচি কৰিলোঁ, আৰু প্ৰতিজনৰ কাৰ্য অনুসাৰে পুৰোহিত আৰু লেবীয়া সকলৰ দায়িত্ব সু-দৃঢ় কৰিলোঁ।
Således rensede jeg dem for alt fremmed, og jeg ordnede Tjenesten for Præsterne og Leviterne efter det Arbejde, hver især havde.
31 ৩১ নিৰূপিত সময়ত খৰি আৰু ফলৰ আগ ভাগ দান দিলোঁ। হে মোৰ ঈশ্বৰ, মঙ্গলৰ অৰ্থে মোক সোঁৱৰণ কৰক।
og Ydelsen af Brænde til fastsatte Tider og af Førstegrøderne. Kom mig i Hu, min Gud, og regn mig det til gode!