< নেহেমিয়া 11 >

1 সেই লোক সকলৰ মুখ্য লোক সকল আৰু অৱশিষ্ট লোক সকলৰ দহ জনৰ মাজত এজনক যিৰূচালেমত আৰু আন ন জনক বেলেগ নগৰত বাস কৰিবলৈ দিবৰ বাবে চিঠি খেলালে।
Basi viongozi wa watu walikaa Yerusalemu, nao watu wale wengine walipiga kura ili kuleta mtu mmoja kati ya watu kumi aje kuishi Yerusalemu, mji mtakatifu, nao wengine tisa waliobaki wakae katika miji yao wenyewe.
2 আৰু যি সকলে নিজ ইচ্ছাৰে যিৰূচালেমত বাস কৰিব খুজিছিল, তেওঁলোকক লোক সকলে আশীৰ্ব্বাদ কৰিলে।
Watu waliwasifu wale wote waliojitolea kuishi Yerusalemu.
3 যিৰূচালেমত বাস কৰা প্রাদেশীক বিষয়া সকল এওঁলোক। যি কি নহওক, যিহূদাৰ নগৰ বোৰত থকা প্রতিজন লোক আৰু তেওঁলোকৰ লগত ইস্ৰায়েলী লোক, পুৰোহিত, লেবীয়া, মন্দিৰৰ দাস, আৰু চলোমনৰ দাস সকলৰ বংশধৰ সকলে নিজৰ দেশত বাস কৰিলে।
Hawa ndio viongozi wa majimbo waliokuja kuishi Yerusalemu (baadhi ya Waisraeli, makuhani, Walawi, watumishi wa Hekalu, na wazao wa watumishi wa Solomoni waliendelea kuishi katika miji ya Yuda, kila mmoja katika milki yake mwenyewe katika miji mbalimbali,
4 যিহূদাৰ বংশৰ কিছুমান আৰু বিন্যামীনৰ বংশৰ কিছুমান লোক যিৰূচালেমত বাস কৰিলে। যিহূদাৰ পৰা অহা লোক সকলৰ অন্তৰ্ভুক্ত সকল: পেৰচৰ বংশৰ মহলেলৰ পুত্র চফটিয়া, চফটিয়াৰ পুত্র অমৰিয়া, অমৰিয়াৰ পুত্র জখৰিয়া, জখৰিয়াৰ পুত্র উজ্জিয়া, আৰু উজ্জিয়াৰ পুত্র অথায়া।
ambapo watu wengine kutoka Yuda na Benyamini waliishi Yerusalemu). Kutoka wazao wa Yuda: Athaya mwana wa Uzia, mwana wa Zekaria, mwana wa Amaria, mwana wa Shefatia, mwana wa Mahalaleli, mzao wa Peresi.
5 আৰু তাত চীলোনীয়াৰ পুত্র জখৰিয়া, জখৰিয়াৰ পুত্র যোয়াৰীব, যোয়াৰীবৰ পুত্র অদায়া, অদায়াৰ পুত্র হজায়া, হজায়াৰ পুত্র কলহোজি, কলহোজিৰ পুত্র বাৰূক, আৰু বাৰূকৰ পুত্ৰ মাচেয়া আছিল।
Naye Maaseya mwana wa Baruku, mwana wa Kolhoze, mwana wa Hazaya, mwana wa Adaya, mwana wa Yoyaribu, mwana wa Zekaria, mzao wa Mshiloni.
6 যিৰূচালেম-নিবাসী পেৰচৰ পুত্র সকল সৰ্ব্বমুঠ চাৰি শ আঠষষ্টি জন। তেওঁলোক জাকত-জিলিকা লোক আছিল।
Wazao wa Peresi walioishi Yerusalemu walikuwa 468, watu wenye uwezo.
7 বিন্যামীন বংশৰ পৰা এওঁলোক: ঈথীয়েলৰ পুত্র যিচয়া, যিচয়াৰ পুত্র মাচেয়া, মাচেয়াৰ পুত্র কোলায়া, কোলায়াৰ পুত্ৰ পদায়া, পদায়াৰ পুত্ৰ যোৱেদ, যোৱেদৰ পুত্ৰ মচুল্লম, আৰু মচুল্লমৰ পুত্ৰ চল্লু আছিল।
Kutoka wazao wa Benyamini: Salu mwana wa Meshulamu, mwana wa Yoedi, mwana wa Pedaya, mwana wa Kolaya, mwana wa Maaseya, mwana wa Ithieli, mwana wa Yeshaya
8 তেওঁৰ পাছত গব্বয় আৰু চল্লয় আছিল, সৰ্ব্বমুঠ ন শ আঠাইশ জন।
na wafuasi wake, Gabai na Salai watu 928.
9 জিখ্ৰীৰ পুত্ৰ যোৱেলে তেওঁলোকৰ তত্বাৱধান কৰিছিল, আৰু হচ্চনূৱাৰ পুত্ৰ যিহূদা নগৰৰ দ্বিতীয় সেনাপতি আছিল।
Yoeli mwana wa Zikri alikuwa afisa wao mkuu, naye Yuda mwana wa Hasenua alikuwa msimamizi juu ya Mtaa wa Pili katika mji.
10 ১০ পুৰোহিত সকলৰ পৰা এওঁলোক: যোয়াৰীবৰ পুত্ৰ যিদয়া, যাখীন,
Kutoka makuhani: Yedaya, mwana wa Yoyaribu, Yakini,
11 ১১ অহীটুবৰ পুত্ৰ মৰায়োত, মৰায়োতৰ পুত্ৰ চাদোক, চাদোকৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্ৰ হিল্কিয়া, হিল্কিয়াৰ পুত্ৰ চৰায়া ঈশ্বৰৰ গৃহৰ পৰিচালক আছিল।
Seraya mwana wa Hilkia, mwana wa Meshulamu, mwana wa Sadoki, mwana wa Merayothi, mwana wa Ahitubu, msimamizi katika nyumba ya Mungu,
12 ১২ আৰু তেওঁলোকৰ সহযোগী লোক যি সকলে গোষ্ঠীৰ কাম সমূহ কৰিছিল, তেওঁলোক সৰ্ব্বমুঠ আঠ শ বাইশ জন আছিল। তেওঁলোকৰ লগতে মল্কীয়াৰ পুত্ৰ পচহুৰ, পচহুৰৰ পুত্র জখৰিয়া, জখৰিয়াৰ পুত্ৰ অমচি, অমচিৰ পুত্ৰ পললিয়া, পললিয়াৰ পুত্ৰ যিহোৰাম, আৰু যিহোৰামৰ পুত্র অদায়া আছিল।
pamoja na wenzao waliofanya kazi hekaluni: watu 822. Adaya mwana wa Yerohamu, mwana wa Pelalia, mwana wa Amsi, mwana wa Zekaria, mwana wa Pashuri, mwana wa Malkiya,
13 ১৩ আৰু তেওঁৰ সহযোগী লোক, যি সকল পৰিয়ালৰ প্রধান লোক আছিল, তেওঁলোক সৰ্ব্বমুঠ দুশ বিয়াল্লিশ জন আছিল। ইম্মেৰৰ পুত্র মচিল্লেমোত, মচিল্লেমোতৰ পুত্র অহজয়, অহজয়ৰ পুত্র অজৰেল, আৰু অজৰেলৰ পুত্ৰ অমচচয় আছিল।
na wenzao, waliokuwa viongozi wa jamaa: watu 242. Amashisai mwana wa Azareli, mwana wa Azai, mwana wa Meshilemothi, mwana wa Imeri,
14 ১৪ তেওঁলোকৰ ভাইসকল সাহসী যুদ্ধাৰু লোক আছিল, তেওঁলোক সংখ্যাত সৰ্ব্বমুঠ এশ আঠাইশ জন আছিল। হগগদোলীমৰ পুত্ৰ জব্দীয়েল তেওঁলোকক নেতৃত্ব দিয়া বিষয়া আছিল।
na wenzao waliokuwa wenye uwezo: watu 128. Afisa wao mkuu alikuwa Zabdieli mwana wa Hagedolimu.
15 ১৫ আৰু লেবীয়া সকলৰ পৰা: বুন্নীৰ পুত্র হচবিয়া, হচবিয়াৰ পুত্র অজ্ৰীকাম, অজ্ৰীকামৰ পুত্র হচ্চুৰ, হচ্চুৰৰ পুত্ৰ চময়া আছিল।
Kutoka Walawi: Shemaya mwana wa Hashubu, mwana wa Azrikamu, mwana wa Hashabia, mwana wa Buni;
16 ১৬ লেবীয়া সকলৰ মূখ্য লোকসকলৰ পৰা চবথয় আৰু যোজাবদ আছিল, আৰু তেওঁলোক ঈশ্বৰৰ গৃহৰ বাহিৰৰ কামৰ দায়িত্বত আছিল।
Shabethai na Yozabadi, viongozi wawili wa Walawi, ambao walisimamia kazi za nje za nyumba ya Mungu;
17 ১৭ মীখাৰ পুত্ৰ আছিল মত্তনিয়া। মীখা আছিল জব্দীৰ পুত্র, জব্দী ধন্যবাদ প্ৰাৰ্থনাৰ নেতৃত্ব লোৱা পৰিচালক আছিল, তেওঁ আচফৰ বংশৰ; আৰু বকবুকিয়া তেওঁৰ সহযোগী সকলৰ মাজত দ্ৱিতীয় আছিল আৰু চম্মুৱাৰ পুত্র অব্দা। চম্মুৱা আছিল গাললৰ পুত্র। গালল আছিল যিদূথূনৰ পুত্র।
Matania mwana wa Mika, mwana wa Zabdi, mwana wa Asafu, kiongozi aliyeongoza kutoa shukrani na maombi; Bakbukia aliyekuwa msaidizi wake kati ya wenzake; na Abda mwana wa Shamua, mwana wa Galali, mwana wa Yeduthuni.
18 ১৮ পবিত্ৰ নগৰত থকা লেবীয়া সকল সৰ্ব্বমুঠ দুশ চৌৰাশী জন আছিল।
Jumla ya Walawi waliokaa katika mji mtakatifu walikuwa watu 284.
19 ১৯ দুৱৰী সকল: অক্কুব, টলমোন, আৰু তেওঁলোকৰ সহযোগী সকল, তেওঁলোকে দুৱাৰবোৰত পহৰা দিছিল। তেওঁলোক সৰ্ব্বমুঠ এশ বাসত্তৰ জন আছিল।
Mabawabu: Akubu, Talmoni na wenzao, waliolinda malango: watu 172.
20 ২০ আৰু ইস্ৰায়েলৰ অৱশিষ্ট সকলো লোক, পুৰোহিত, যিহূদাৰ সকলো নগৰত থকা লেবীয়া সকল, প্রতিজনে নিজৰ নিজৰ উত্তৰাধিকাৰ সূত্রে পোৱা ঠাইত বাস কৰিছিল।
Waisraeli waliosalia, pamoja na makuhani na Walawi, walikuwa katika miji yote ya Yuda, kila mmoja katika urithi wa baba yake.
21 ২১ মন্দিৰৰ কৰ্মচাৰী সকলে ওফেলত বাস কৰিছিল; আৰু তেওঁলোকৰ দায়িত্বত চীহা ও গিষ্পা আছিল।
Watumishi wa Hekalu waliishi katika kilima cha Ofeli. Siha na Gishpa walikuwa wasimamizi wao.
22 ২২ ঈশ্বৰৰ গৃহত সেৱাকাৰ্য কৰা গায়ক সকল আচফৰ বংশৰ আছিল। আচফৰ বংশৰ মীখা, মীখাৰ পুত্র মত্তনিয়া, মত্তনিয়াৰ পুত্র হচবিয়া, হচবিয়াৰ পুত্র বানী, আৰু বানীৰ পুত্ৰ উজ্জী। উজ্জী লেবীয়া সকলৰ প্রধান কৰ্মচাৰী আছিল আৰু তেওঁ যিৰূচালেমৰ সেৱাকাৰ্য কৰিছিল।
Afisa mkuu wa Walawi huko Yerusalemu alikuwa Uzi mwana wa Bani, mwana wa Hashabia, mwana wa Matania, mwana wa Mika. Uzi alikuwa mmoja wa wazao wa Asafu, waliokuwa waimbaji wenye kuwajibika kwa ajili ya huduma ya nyumba ya Mungu.
23 ২৩ তেওঁলোক ৰজাৰ আজ্ঞাৰ অধীনত আছিল, আৰু গায়ক সকলক প্ৰতিদিনৰ আৱশ্যক অনুসাৰে কঠোৰ আজ্ঞা দিয়া হৈছিল।
Waimbaji walikuwa chini ya amri za mfalme, ambazo pia ziliratibu shughuli zao za kila siku.
24 ২৪ আৰু যিহূদাৰ পুত্ৰ জেৰহ, জেৰহৰ বংশৰ মচেজবেল, মচেজবেলৰ পুত্ৰ পথহিয়া লোকসকলৰ সকলো বিষয়ৰ বাবে ৰজাৰ ওচৰত থাকিছিল।
Pethahia mwana wa Meshezabeli, mmoja wa wazao wa Zera mwana wa Yuda, alikuwa mwakilishi wa mfalme katika mambo yote kuhusu mahusiano na watu.
25 ২৫ তেওঁলোকৰ গাওঁ আৰু পথাৰবোৰৰ কাৰণে যিহূদাৰ লোকসকলৰ মাজৰ কিছুমান লোক কিৰিয়ৎ-অর্ব্ব আৰু ইয়াৰ গাওঁবোৰত, দীবোন আৰু ইয়াৰ গাওঁবোৰত, যিকবূচেল আৰু ইয়াৰ গাওঁবোৰত, বাস কৰিছিল।
Kuhusu vijiji na mashamba yake, baadhi ya watu wa Yuda waliishi Kiriath-Arba na makazi yaliyokizunguka, katika Diboni na makazi yake, katika Yekabzeeli na vijiji vyake,
26 ২৬ তেওঁলোকে যেচুৱা, মোলাদাত, বৈৎ-পেলটতো বাস কৰিছিল।
katika Yeshua, katika Molada, katika Beth-Peleti,
27 ২৭ হচৰ-চূৱাল, বেৰ-চেবা আৰু ইয়াৰ গাওঁবোৰত।
katika Hasar-Shuali, katika Beer-Sheba na makazi yake,
28 ২৮ আৰু চিক্লগ, মকোনা আৰু তাত থকা গাওঁবোৰত তেওঁলোকে বাস কৰিছিল।
katika Siklagi, katika Mekona na makazi yake,
29 ২৯ অয়িন-ৰিমোন, যৰাহ, যৰ্মূত,
katika En-Rimoni, katika Sora, katika Yarmuthi,
30 ৩০ জানোহ, অদুল্লমত, আৰু সেইবোৰত থকা গাওঁবোৰত, লাখীচত থকা পথাৰবোৰ, অজেকা আৰু তাত থকা গাওঁবোৰত বাস কৰিছিল। এইদৰে তেওঁলোকে বেৰ-চেবাৰ পৰা হিন্নোমৰ উপত্যকালৈকে বাস কৰিছিল।
Zanoa, Adulamu na vijiji vyake, katika Lakishi na mashamba yake, na katika Azeka na makazi yake. Hivyo walikuwa wakiishi kuanzia Beer-Sheba mpaka Bonde la Hinomu.
31 ৩১ বিন্যামীনৰ লোকসকল গেবাৰ পৰা আৰম্ভ কৰি, মিকমচ, অয়াত, বৈৎএলত আৰু তাত থকা গাওঁবোৰত বাস কৰিছিল,
Wazao wa Wabenyamini kutoka Geba waliishi Mikmashi, Aiya, Betheli na makazi yake,
32 ৩২ তেওঁলোকে অনাথোত, নোব, অননিয়াতো তেওঁলোক বাস কৰিছিল।
katika Anathothi, Nobu na Anania,
33 ৩৩ হাচোৰ, ৰামা, গিত্তয়িম,
katika Hazori, Rama na Gitaimu,
34 ৩৪ হাদীদ, চবোয়িম, নবল্লাট,
katika Hadidi, Seboimu na Nebalati,
35 ৩৫ লোদ, ওনো, আৰু শিল্প-কৰ্ম কৰা সকলৰ উপত্যকাত বাস কৰিছিল।
katika Lodi na Ono, na katika Bonde la Mafundi.
36 ৩৬ যিহূদাত বাস কৰা কিছুমান লেবীয়া লোক বিন্যামীন লোকসকলৰ বাবে নিযুক্ত কৰা হৈছিল।
Baadhi ya makundi ya Walawi wa Yuda waliishi huko Benyamini.

< নেহেমিয়া 11 >