< নেহেমিয়া 11 >
1 ১ সেই লোক সকলৰ মুখ্য লোক সকল আৰু অৱশিষ্ট লোক সকলৰ দহ জনৰ মাজত এজনক যিৰূচালেমত আৰু আন ন জনক বেলেগ নগৰত বাস কৰিবলৈ দিবৰ বাবে চিঠি খেলালে।
The [Israeli] leaders [and their families] settled in the sacred city, Jerusalem. The other people (cast lots/threw marked stones) to determine which family from each ten families would live in Jerusalem. The other people continued to live in the other towns and cities [in Judea].
2 ২ আৰু যি সকলে নিজ ইচ্ছাৰে যিৰূচালেমত বাস কৰিব খুজিছিল, তেওঁলোকক লোক সকলে আশীৰ্ব্বাদ কৰিলে।
Those people [asked God to] bless those who volunteered to [be among the 10% who] moved to Jerusalem.
3 ৩ যিৰূচালেমত বাস কৰা প্রাদেশীক বিষয়া সকল এওঁলোক। যি কি নহওক, যিহূদাৰ নগৰ বোৰত থকা প্রতিজন লোক আৰু তেওঁলোকৰ লগত ইস্ৰায়েলী লোক, পুৰোহিত, লেবীয়া, মন্দিৰৰ দাস, আৰু চলোমনৰ দাস সকলৰ বংশধৰ সকলে নিজৰ দেশত বাস কৰিলে।
[Some of] the priests, [some of] the [other] descendants of Levi, [some of] the temple workers, and the descendants of King Solomon’s servants, and many of the other people lived on their own property in the towns [where their ancestors had lived].
4 ৪ যিহূদাৰ বংশৰ কিছুমান আৰু বিন্যামীনৰ বংশৰ কিছুমান লোক যিৰূচালেমত বাস কৰিলে। যিহূদাৰ পৰা অহা লোক সকলৰ অন্তৰ্ভুক্ত সকল: পেৰচৰ বংশৰ মহলেলৰ পুত্র চফটিয়া, চফটিয়াৰ পুত্র অমৰিয়া, অমৰিয়াৰ পুত্র জখৰিয়া, জখৰিয়াৰ পুত্র উজ্জিয়া, আৰু উজ্জিয়াৰ পুত্র অথায়া।
But some people from the tribes of Judah and Benjamin [decided to] live in Jerusalem. One of them from the tribe of Judah was Athaiah. He was the son of Uzziah, who was the son of Zechariah, who was the son of Amariah, who was the son of Shephatiah, who was the son of Mahalalel, who was a descendant of [Judah’s son] Perez.
5 ৫ আৰু তাত চীলোনীয়াৰ পুত্র জখৰিয়া, জখৰিয়াৰ পুত্র যোয়াৰীব, যোয়াৰীবৰ পুত্র অদায়া, অদায়াৰ পুত্র হজায়া, হজায়াৰ পুত্র কলহোজি, কলহোজিৰ পুত্র বাৰূক, আৰু বাৰূকৰ পুত্ৰ মাচেয়া আছিল।
[Another one from the tribe of Judah was] Maaseiah, [who was] the son of Baruch, [who was] the son of Colhozeh, [who was] the son of Hazaiah, [who was] the son of Adaiah, [who was] the son of Joiarib, [who was] the son of Zechariah, [who was] a descendant of [Judah’s son] Shelah.
6 ৬ যিৰূচালেম-নিবাসী পেৰচৰ পুত্র সকল সৰ্ব্বমুঠ চাৰি শ আঠষষ্টি জন। তেওঁলোক জাকত-জিলিকা লোক আছিল।
There were 468 men who were descendants of Perez who were valiant/courageous soldiers who lived in Jerusalem.
7 ৭ বিন্যামীন বংশৰ পৰা এওঁলোক: ঈথীয়েলৰ পুত্র যিচয়া, যিচয়াৰ পুত্র মাচেয়া, মাচেয়াৰ পুত্র কোলায়া, কোলায়াৰ পুত্ৰ পদায়া, পদায়াৰ পুত্ৰ যোৱেদ, যোৱেদৰ পুত্ৰ মচুল্লম, আৰু মচুল্লমৰ পুত্ৰ চল্লু আছিল।
[One of the men] of the tribe of Benjamin who decided to live in Jerusalem was Sallu, the son of Meshullam, the son of Joed, the son of Pedaiah, the son of Kolaiah, the son of Maaseiah, the son of Ithiel, the son of Jeshaiah.
8 ৮ তেওঁৰ পাছত গব্বয় আৰু চল্লয় আছিল, সৰ্ব্বমুঠ ন শ আঠাইশ জন।
Two of Sallu’s relatives, Gabbai and Sallai, also settled in Jerusalem. Altogether, 928 people from the tribe of Benjamin settled in Jerusalem
9 ৯ জিখ্ৰীৰ পুত্ৰ যোৱেলে তেওঁলোকৰ তত্বাৱধান কৰিছিল, আৰু হচ্চনূৱাৰ পুত্ৰ যিহূদা নগৰৰ দ্বিতীয় সেনাপতি আছিল।
Their leader was Joel, son of Zichri. The official who was second in command in Jerusalem was Hassenuah.
10 ১০ পুৰোহিত সকলৰ পৰা এওঁলোক: যোয়াৰীবৰ পুত্ৰ যিদয়া, যাখীন,
The priests [who settled in Jerusalem] were Jedaiah the son of Joiarib, Jakin,
11 ১১ অহীটুবৰ পুত্ৰ মৰায়োত, মৰায়োতৰ পুত্ৰ চাদোক, চাদোকৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্ৰ হিল্কিয়া, হিল্কিয়াৰ পুত্ৰ চৰায়া ঈশ্বৰৰ গৃহৰ পৰিচালক আছিল।
Seraiah, the son of Hilkiah, the son of Meshullam, the son of Zadok, the son of Meraioth, the son of Ahitub [who had previously been] the Supreme Priest.
12 ১২ আৰু তেওঁলোকৰ সহযোগী লোক যি সকলে গোষ্ঠীৰ কাম সমূহ কৰিছিল, তেওঁলোক সৰ্ব্বমুঠ আঠ শ বাইশ জন আছিল। তেওঁলোকৰ লগতে মল্কীয়াৰ পুত্ৰ পচহুৰ, পচহুৰৰ পুত্র জখৰিয়া, জখৰিয়াৰ পুত্ৰ অমচি, অমচিৰ পুত্ৰ পললিয়া, পললিয়াৰ পুত্ৰ যিহোৰাম, আৰু যিহোৰামৰ পুত্র অদায়া আছিল।
Altogether, 822 members of that clan worked in the temple. Another [priest who settled in Jerusalem] was Adaiah, the son of Jeroham, the son of Pelaliah, the son of Amzi, the son of Zechariah, the son of Pashhur, the son of Malchijah.
13 ১৩ আৰু তেওঁৰ সহযোগী লোক, যি সকল পৰিয়ালৰ প্রধান লোক আছিল, তেওঁলোক সৰ্ব্বমুঠ দুশ বিয়াল্লিশ জন আছিল। ইম্মেৰৰ পুত্র মচিল্লেমোত, মচিল্লেমোতৰ পুত্র অহজয়, অহজয়ৰ পুত্র অজৰেল, আৰু অজৰেলৰ পুত্ৰ অমচচয় আছিল।
Altogether, there were 242 members of that clan who were leaders of the clan [who settled in Jerusalem]. Another [priest who settled in Jerusalem] was Amashsai the son of Azarel, the son of Ahzai, the son of Meshillemoth, the son of Immer.
14 ১৪ তেওঁলোকৰ ভাইসকল সাহসী যুদ্ধাৰু লোক আছিল, তেওঁলোক সংখ্যাত সৰ্ব্বমুঠ এশ আঠাইশ জন আছিল। হগগদোলীমৰ পুত্ৰ জব্দীয়েল তেওঁলোকক নেতৃত্ব দিয়া বিষয়া আছিল।
There were 128 members of that clan who were valiant soldiers [who settled in Jerusalem]. Their leader was Zabdiel the son of Haggedolim.
15 ১৫ আৰু লেবীয়া সকলৰ পৰা: বুন্নীৰ পুত্র হচবিয়া, হচবিয়াৰ পুত্র অজ্ৰীকাম, অজ্ৰীকামৰ পুত্র হচ্চুৰ, হচ্চুৰৰ পুত্ৰ চময়া আছিল।
Another descendant of Levi who settled in Jerusalem was Shemaiah the son of Hasshub, the son of Azrikam, the son of Hashabiah, the son of Bunni.
16 ১৬ লেবীয়া সকলৰ মূখ্য লোকসকলৰ পৰা চবথয় আৰু যোজাবদ আছিল, আৰু তেওঁলোক ঈশ্বৰৰ গৃহৰ বাহিৰৰ কামৰ দায়িত্বত আছিল।
Two others were Shabbethai and Jozabad, who were prominent men who supervised the work outside the temple.
17 ১৭ মীখাৰ পুত্ৰ আছিল মত্তনিয়া। মীখা আছিল জব্দীৰ পুত্র, জব্দী ধন্যবাদ প্ৰাৰ্থনাৰ নেতৃত্ব লোৱা পৰিচালক আছিল, তেওঁ আচফৰ বংশৰ; আৰু বকবুকিয়া তেওঁৰ সহযোগী সকলৰ মাজত দ্ৱিতীয় আছিল আৰু চম্মুৱাৰ পুত্র অব্দা। চম্মুৱা আছিল গাললৰ পুত্র। গালল আছিল যিদূথূনৰ পুত্র।
Another one was Mattaniah, the son of Mica, the son of Zabdi, the son of Asaph. Mattaniah directed the temple choir when they sang the prayers to thank [God]. His assistant was Bakbukiah. Another one was Abda, the son of Shammua, the son of Galal, the son of Jeduthun.
18 ১৮ পবিত্ৰ নগৰত থকা লেবীয়া সকল সৰ্ব্বমুঠ দুশ চৌৰাশী জন আছিল।
Altogether, there were 284 descendants of Levi who settled in Jerusalem.
19 ১৯ দুৱৰী সকল: অক্কুব, টলমোন, আৰু তেওঁলোকৰ সহযোগী সকল, তেওঁলোকে দুৱাৰবোৰত পহৰা দিছিল। তেওঁলোক সৰ্ব্বমুঠ এশ বাসত্তৰ জন আছিল।
The men who guarded the temple gates were Akkub and Talmon and 172 of their relatives who settled in Jerusalem.
20 ২০ আৰু ইস্ৰায়েলৰ অৱশিষ্ট সকলো লোক, পুৰোহিত, যিহূদাৰ সকলো নগৰত থকা লেবীয়া সকল, প্রতিজনে নিজৰ নিজৰ উত্তৰাধিকাৰ সূত্রে পোৱা ঠাইত বাস কৰিছিল।
The other Israeli people including priests and [other] descendants of Levi lived on their own property in other towns and cities in Judea.
21 ২১ মন্দিৰৰ কৰ্মচাৰী সকলে ওফেলত বাস কৰিছিল; আৰু তেওঁলোকৰ দায়িত্বত চীহা ও গিষ্পা আছিল।
But the temple workers lived on Ophel [Hill in Jerusalem]. They were supervised by Ziha and Gishpa.
22 ২২ ঈশ্বৰৰ গৃহত সেৱাকাৰ্য কৰা গায়ক সকল আচফৰ বংশৰ আছিল। আচফৰ বংশৰ মীখা, মীখাৰ পুত্র মত্তনিয়া, মত্তনিয়াৰ পুত্র হচবিয়া, হচবিয়াৰ পুত্র বানী, আৰু বানীৰ পুত্ৰ উজ্জী। উজ্জী লেবীয়া সকলৰ প্রধান কৰ্মচাৰী আছিল আৰু তেওঁ যিৰূচালেমৰ সেৱাকাৰ্য কৰিছিল।
The man who supervised the [other] descendants of Levi who [helped the priests and] lived in Jerusalem was Uzzi, the son of Bani, the son of Hashabiah, the son of Mattaniah, the son of Mica. Uzzi belonged to the clan of Asaph, the clan that was in charge of the music in the temple.
23 ২৩ তেওঁলোক ৰজাৰ আজ্ঞাৰ অধীনত আছিল, আৰু গায়ক সকলক প্ৰতিদিনৰ আৱশ্যক অনুসাৰে কঠোৰ আজ্ঞা দিয়া হৈছিল।
The king [of Persia] had commanded that the clans should decide what each clan should do to lead the music in the temple each day.
24 ২৪ আৰু যিহূদাৰ পুত্ৰ জেৰহ, জেৰহৰ বংশৰ মচেজবেল, মচেজবেলৰ পুত্ৰ পথহিয়া লোকসকলৰ সকলো বিষয়ৰ বাবে ৰজাৰ ওচৰত থাকিছিল।
Pethahiah, the son of Meshezabel, [who was] from the clan of Zerah and a descendant of Judah, was the ambassador [of the Israelis] to the king of Persia.
25 ২৫ তেওঁলোকৰ গাওঁ আৰু পথাৰবোৰৰ কাৰণে যিহূদাৰ লোকসকলৰ মাজৰ কিছুমান লোক কিৰিয়ৎ-অর্ব্ব আৰু ইয়াৰ গাওঁবোৰত, দীবোন আৰু ইয়াৰ গাওঁবোৰত, যিকবূচেল আৰু ইয়াৰ গাওঁবোৰত, বাস কৰিছিল।
Some of the people [who did not settle in Jerusalem] lived in villages close to their farms. Some from the tribe of Judah lived in villages near Kiriath-Arba, Dibon, and Jekabzeel [cities].
26 ২৬ তেওঁলোকে যেচুৱা, মোলাদাত, বৈৎ-পেলটতো বাস কৰিছিল।
Some lived in Jeshua [city], in Moladah [city], in Beth-Pelet [city],
27 ২৭ হচৰ-চূৱাল, বেৰ-চেবা আৰু ইয়াৰ গাওঁবোৰত।
in Hazar-Shual [city], and in Beersheba [city] and the villages near it.
28 ২৮ আৰু চিক্লগ, মকোনা আৰু তাত থকা গাওঁবোৰত তেওঁলোকে বাস কৰিছিল।
Others lived in Ziklag [city], in Meconah [city] and the villages near it,
29 ২৯ অয়িন-ৰিমোন, যৰাহ, যৰ্মূত,
in En-Rimmon [city], in Zorah [city], in Jarmuth [city],
30 ৩০ জানোহ, অদুল্লমত, আৰু সেইবোৰত থকা গাওঁবোৰত, লাখীচত থকা পথাৰবোৰ, অজেকা আৰু তাত থকা গাওঁবোৰত বাস কৰিছিল। এইদৰে তেওঁলোকে বেৰ-চেবাৰ পৰা হিন্নোমৰ উপত্যকালৈকে বাস কৰিছিল।
in Zanoah [city], in Adullam [city], and in the villages near those cities. Some lived in Lachish [city] and in the nearby villages, and some lived in Azekah [town] and the villages near it. All of those people lived in Judea, in the area between Beersheba [in the south] and Hinnom Valley [in the north, at the edge of Jerusalem].
31 ৩১ বিন্যামীনৰ লোকসকল গেবাৰ পৰা আৰম্ভ কৰি, মিকমচ, অয়াত, বৈৎএলত আৰু তাত থকা গাওঁবোৰত বাস কৰিছিল,
The people of the tribe of Benjamin lived in Geba [city], Micmash [city], Aija [city which is also known as Ai], Bethel [city] and in nearby villages,
32 ৩২ তেওঁলোকে অনাথোত, নোব, অননিয়াতো তেওঁলোক বাস কৰিছিল।
in Anathoth [city], in Nob [city], in Ananiah [town],
33 ৩৩ হাচোৰ, ৰামা, গিত্তয়িম,
in Hazor [city], in Ramah [city], in Gittaim [city],
34 ৩৪ হাদীদ, চবোয়িম, নবল্লাট,
in Hadid [city], in Zeboim [town], in Neballat [town],
35 ৩৫ লোদ, ওনো, আৰু শিল্প-কৰ্ম কৰা সকলৰ উপত্যকাত বাস কৰিছিল।
in Lod [town], in Ono [town], and in Craftsmen’s Valley.
36 ৩৬ যিহূদাত বাস কৰা কিছুমান লেবীয়া লোক বিন্যামীন লোকসকলৰ বাবে নিযুক্ত কৰা হৈছিল।
Some of the groups of the descendants of Levi who had lived in Judea were sent to live with [the people of the tribe of] Benjamin.