< নেহেমিয়া 10 >
1 ১ যিসকলৰ নাম মোহৰ মৰা আছিল, তেওঁলোক হ’ল: হখলিয়াৰ পুত্ৰ নহিমিয়া, তেওঁ দেশাধ্যক্ষ আছিল, পুৰোহিত চিদিকিয়া,
The document was sealed by: Nehemiah the governor, son of Hacaliah.
2 ২ চৰায়া, অজৰিয়া, যিৰিমিয়া,
Zedekiah, Seraiah, Azariah, Jeremiah,
3 ৩ পচহুৰ, অমৰিয়া, মল্কিয়া,
Pashhur, Amariah, Malchijah,
4 ৪ হত্তুচ, চবনিয়া, মল্লুক,
Hattush, Shebaniah, Malluch,
5 ৫ হাৰীম, মৰেমোৎ, ওবদিয়া,
Harim, Meremoth, Obadiah,
6 ৬ দানিয়েল, গিন্নথোন, বাৰূক,
Daniel, Ginnethon, Baruch,
7 ৭ মচুল্লম, অবিয়া, মিয়ামীন,
Meshullam, Abijah, Mijamin,
8 ৮ মাজিয়া বিলগয়, আৰু চময়া এওঁলোক পুৰোহিত আছিল।
Maaziah, Bilgai, and Shemaiah. These were the priests.
9 ৯ লেবীয়া লোক সকল: অজনিয়াৰ পুত্ৰ যেচুৱা, হেনাদদৰ পৰিয়ালৰ বিন্নুই, কদ্মীয়েল,
The Levites: Jeshua, son of Azaniah, Binnui of the sons of Henadad, Kadmiel,
10 ১০ আৰু তেওঁলোকৰ লগৰীয়া সকল চবনিয়া, হোদিয়া, কলীটা, পলায়া, হানন,
and these other Levites: Shebaniah, Hodiah, Kelita, Pelaiah, Hanan,
11 ১১ মীখা, ৰহোব, হচবিয়া,
Mica, Rehob, Hashabiah,
12 ১২ জক্কুৰ, চেৰেবিয়া, চবনিয়া,
Zaccur, Sherebiah, Shebaniah,
13 ১৩ হোদিয়া, বানী, বনীনু,
Hodiah, Bani, and Beninu.
14 ১৪ লোকসকলৰ মাজৰ মূখ্য লোক: পৰিয়োচ, পহৎ-মোৱাব, এলম, জত্তু, বানী,
The leaders of the people: Parosh, Pahath-moab, Elam, Zattu, Bani,
15 ১৫ বুন্নী, অজগদ, বেবয়,
Bunni, Azgad, Bebai,
16 ১৬ অদোনিয়া, বিগবয়, আদীন,
Adonijah, Bigvai, Adin,
17 ১৭ আটেৰ, হিষ্কিয়া, অৰ্জ্জুৰ,
Ater, Hezekiah, Azzur,
18 ১৮ হোদিয়া, হাচুম, বেচয়,
Hodiah, Hashum, Bezai,
19 ১৯ হাৰীফ, অনাথোৎ, নোবয়,
Hariph, Anathoth, Nebai,
20 ২০ মগপীয়চ, মচুল্লম, হেজীৰ,
Magpiash, Meshullam, Hezir,
21 ২১ মচেজবেল, চাদোক, যদ্দুৱা,
Meshezabel, Zadok, Jaddua,
22 ২২ পল্টিয়া, হানন, অনায়া,
Pelatiah, Hanan, Anaiah,
23 ২৩ হোচেয়া, হননিয়া, হচুব,
Hoshea, Hananiah, Hasshub,
24 ২৪ হল্লোহেচ, পিলহা, চোবেক,
Hallohesh, Pilha, Shobek,
25 ২৫ ৰহূম, হচবনা, মাচেয়া,
Rehum, Hashabnah, Maaseiah,
27 ২৭ মল্লুক, হাৰীম, আৰু বানা।
Malluch, Harim, and Baanah.
28 ২৮ অৱশিষ্ট লোকসকল, যেনে পুৰোহিত, লেবীয়া, দুৱৰী, গায়ক, মন্দিৰৰ দাস আৰু যিসকলে ওচৰচুবুৰীয়া দেশৰ পৰা নিজকে পৃথক কৰিলে, তেওঁলোকে নিজকে ঈশ্বৰৰ বিধিত প্রতিজ্ঞাবদ্ধ হ’ল। তেওঁলোকৰ ভাৰ্যা, ল’ৰা-ছোৱালীসকল যাৰ বুজিব পৰা শক্তি আৰু জ্ঞান আছিল,
The rest of the people, including the priests, Levites, gatekeepers, singers, and Temple servants, and everyone who had separated themselves from the people of the land to keep the Law of God, as well as their wives and all their sons and daughters who were old enough to understand,
29 ২৯ তেওঁলোকৰ ভাইসকল আৰু প্ৰধান লোকসকলৰ সৈতে তেওঁলোক একেলগ হৈ ঈশ্ৱৰৰ দাস মোচিয়ে দিয়া শাও আৰু প্রতিজ্ঞাৰ যোগেদি বাধ্যত পৰি ঈশ্বৰৰ ব্যৱস্থা অনুসাৰে চলিলে। আমাৰ যিহোৱাৰ আজ্ঞা, শাসন প্ৰণালী, আৰু বিধিবোৰ নিৰিক্ষণ কৰি পালন কৰিবলৈ প্রতিজ্ঞাৱদ্ধ হ’ল।
joined the leaders in swearing an oath to follow the Law of God given through Moses the servant of God, to pay attention to and carry out all the commands of the Lord our God, his rules and regulations.
30 ৩০ আমি প্রতিজ্ঞা কৰোঁ যে, আমি আমাৰ ছোৱালীক আন দেশৰ লোকলৈ বিয়া নিদিওঁ আৰু আমাৰ পুত্রৰ বাবেও আন দেশৰ ছোৱালী বিয়া কৰাই নানো।
“We promise not to allow our daughters to marry the people of the land, and not to allow our sons to marry their daughters.
31 ৩১ আমি এয়াও প্রতিজ্ঞা কৰোঁ যে, আন দেশৰ লোকসকলে যদি বিশ্ৰাম-বাৰে কোনো বস্তু বা শস্য বেচিবলৈ আনে, তেওঁলোকৰ পৰা বিশ্ৰাম-বাৰ বা আন পবিত্ৰ দিনতো আমি সেইবোৰ নিকিনোঁ। প্রতি সপ্তম বছৰত আমি খেতি নকৰোঁ, আৰু আন যিহুদী সকলৰ লগত চুক্তি কৰা সকলো ধাৰ আমি ৰেহাই দিম।
When the people of the land bring goods and all kinds of food to sell on the holy Sabbath, we will not buy anything from them on the Sabbath or on other holy days. Every seventh year we will leave the land to rest, and we will cancel all debts.
32 ৩২ আমাৰ ঈশ্বৰ যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ অৰ্থে বছৰে বছৰে এক চেকলৰ তিনি ভাগৰ এভাগ দান দিয়া আজ্ঞা আমি গ্রহণ কৰিছোঁ।
We accept the obligation to pay one third of a shekel for the operation of the Temple of God,
33 ৩৩ তাৰ বাবে দৰ্শন-পিঠা, প্রতিদিনৰ শস্য-নৈবেদ্য, বিশ্ৰামবাৰৰ হোম-বলি, ন-জোনৰ আৰু নিৰ্ধাৰিত পৰ্ব্ববোৰ, পবিত্ৰ-নৈবেদ্যৰ, আৰু ইস্ৰায়েলক প্ৰায়চিত্ত কৰিবৰ অৰ্থে পাপাৰ্থক বলি দিয়া আদি আমাৰ ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ কাৰণে এই সকলো কৰিম।
for the showbread, for the regular grain offerings and burnt offerings, for the Sabbath offerings, for the new moon and yearly festivals, for the holy offerings, for the sin offerings to make atonement for Israel, in short all that takes place in the Temple of our God.
34 ৩৪ বিধানত লিখা অনুসাৰে আমাৰ ঈশ্ৱৰ যিহোৱাৰ পবিত্র বেদিত খৰি জ্ৱলাবলৈ পুৰোহিত, লেবীয়া আৰু লোকসকলে খৰিৰ বাবে চিঠি খেলালে। আমাৰ পৰিয়াল অনুসাৰে বছৰে বছৰে নিৰূপণ কৰা সময়ত আমাৰ ঈশ্বৰৰ যিহোৱাৰ গৃহলৈ খৰি আনিবলৈ চিঠি খেলাৰ যোগেদি বাছনি হ’ল।
We have allocated by lot among the priests, Levites, and the people, to determine who will bring wood to the Temple of our God to burn on the altar of the Lord our God at specific times during the year, as required by the Law.
35 ৩৫ আমাৰ মাটিত উৎপন্ন হোৱা শস্যৰ আগভাগ আৰু সকলো প্ৰকাৰ গছৰ ফলৰ আগভাগ বছৰে বছৰে যিহোৱাৰ গৃহলৈ আনিবলৈ আমি প্রতিজ্ঞা কৰিলোঁ।
We also promise to bring the first part of the produce from our fields and from every fruit tree to the Lord's Temple every year.
36 ৩৬ বিধানত লিখাৰ দৰে, আমাৰ জন্ম হোৱা প্ৰথম পুত্ৰ, আৰু আমাৰ গৰু, মেৰ-ছাগ, আৰু ছাগলীৰ জাকবোৰৰ প্ৰথমে জগা জন্তু ঈশ্বৰৰ গৃহলৈ, আৰু আমাৰ ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা কৰা পুৰোহিতৰ ওচৰলৈ আনিবলৈ আমি প্রতিজ্ঞা কৰিলোঁ।
We will bring the firstborn of our sons and of our livestock and of our herds and flocks to the Temple of our God, to the priests who minister there, as required by the Law.
37 ৩৭ আমি আমাৰ আটাৰ লদাৰ আগভাগ, শস্য নৈবেদ্য, প্রত্যেক গছৰ ফল, নতুন দ্ৰাক্ষাৰস, তেল, আমাৰ ঈশ্বৰৰ গৃহৰ গুদামলৈ আৰু পুৰোহিতসকলৰ ওচৰলৈ আনিম। আমাৰ মাটিত উৎপন্ন হোৱা শস্যৰ দশম ভাগ লেবীয়া সকলৰ ওচৰলৈ আমি আনিম, কাৰণ আমি কাম কৰা নগৰ বোৰৰ পৰা লেবীয়াসকলে দশমভাগ আদায় কৰে।
We will bring to the storerooms of the Temple of our God, to the priests, the first part of our coarse-ground flour, of our grain offerings, of the fruit of all our trees, and of our new wine and olive oil. We will also bring a tithe of our produce to the Levites, for the Levites are the ones who collect the tithes in all the farming towns.
38 ৩৮ লেবীয়াসকলে দশমভাগ লোৱাৰ সময়ত হাৰোণৰ বংশৰ এজন পুৰোহিত লেবীয়াসকলৰ লগত থকা উচিত। লেবীয়া সকলে দশম ভাগৰ দশম ভাগ আমাৰ ঈশ্বৰৰ গৃহৰ ভঁৰালৰ গুদামলৈ আনিব লাগে।
A priest descended from Aaron will accompany the Levites when they collect the tithe, and the Levites are to bring a tithe of these tithes to the rooms of the storehouse in the Temple of our God.
39 ৩৯ পবিত্ৰ বস্তুবোৰ ৰখা গুদাম, যি ঠাইত পুৰোহিতে পৰিচৰ্যা কৰে, আৰু য’ত দুৱৰী আৰু গায়কসকল থাকে, সেই ঠাইবোৰলৈ ইস্ৰায়েলৰ লোকসকল আৰু লেবীৰ বংশৰ লোকসকলে শস্য, নতুন দ্ৰাক্ষাৰস, আৰু তেলৰ, বৰঙণি যোগান ধৰে। আমাৰ ঈশ্বৰৰ গৃহক আমি অৱহেলা নকৰিম।
The people of Israel and the Levites are to bring the offerings of grain, new wine, and olive oil to the storerooms where the sanctuary objects are kept, where the ministering priests, the gatekeepers, and the singers are. We will not forget the Temple of our God.”