< নাহুম 1 >
1 ১ মই ইলকোচ গাৱঁৰ নহূম। যিহোৱাই মোক দৰ্শনৰ যোগেদি দিয়া নীনবি নগৰৰ বিষয়ে এই এক ঘোষণা।
Et Udsagn om Nineve. En Bog om Elkosjiten Nahums Syn.
2 ২ যিহোৱা নিজ মৰ্য্যদা ৰখাত উদ্যোগী আৰু প্ৰতিকাৰ সাধোতা ঈশ্বৰ; যিহোৱা প্ৰতিকাৰ সাধোতা আৰু ক্ৰোধেৰে পৰিপূৰ্ণ; যিহোৱাই তেওঁৰ নিজ বিৰোধী সকলৰ ওপৰত প্ৰতিকাৰ সাধে আৰু নিজ শত্ৰুবোৰৰ কাৰণে ক্ৰোধ ৰাখে।
En nidkær Gud, en Hævner er HERREN, en Hævner er HERREN og fuld af Vrede, en Hævner er HERREN mod Uvenner, han gemmer paa Vrede mod Fjender.
3 ৩ যিহোৱা ক্ৰোধত ধীৰ আৰু পৰাক্ৰমত মহান; কিন্তু তেওঁ দোষীক কোনো মতেই নিৰ্দ্দোষী ঘোষণা নকৰে; বা-মাৰলী আৰু ধুমুহা হ’ল যিহোৱাৰ পথ আৰু মেঘ তেওঁৰ ভৰিৰ ধূলিস্বৰূপ।
HERREN er langmodig, hans Kraft er stor, HERREN lader intet ustraffet. I Uvejr og Storm er hans Vej, Skyer er hans Fødders Støv.
4 ৪ তেওঁ সমুদ্ৰক ধমকি দি শুকুৱাই পেলায় আৰু আটাই নদ-নদী শুকান কৰে; বাচানৰ সৈতে কৰ্মিল অৱসন্ন হ’ল, লিবানোনৰ ফুলবোৰো শুকাই গ’ল।
Han truer og udtørrer Havet, gør alle Strømme tørre; Basan og Karmel vansmægter, Libanons Skud visner hen.
5 ৫ তেওঁৰ ভয়ত পৰ্ব্বতবোৰ কঁপে আৰু গিৰিবোৰ দ্রৱীভূত হয়; তেওঁৰ আগত পৃথিৱী, এনে কি, জগতখন আৰু তাৰ সকলো নিবাসী ভাগি পৰে।
Bjergene skælver for ham, Højene staar og svajer; Jorden krummer sig for ham, Jorderig og alle, som bor der.
6 ৬ তেওঁৰ ক্ৰোধৰ আগত কোনে থিয় হ’ব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধক কোনে সহ্য কৰিব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধৰ সন্মুখত কোনে থিয় হ’ব পাৰে? তেওঁৰ ক্ৰোধ অগ্নিৰ দৰে আহে আৰু তেওঁৰ দ্বাৰাই শিলবোৰ ডোখৰ ডোখৰকৈ ভঙা হয়।
Hvem kan staa for hans Vrede, hvo holder Stand mod hans Harmglød? Hans Harme strømmer som Ild, og Fjeldene styrter for ham.
7 ৭ যিহোৱা মঙ্গলময়, সঙ্কটৰ দিনা তেওঁ দৃঢ় কোঁঠাস্বৰূপ; আৰু তেওঁত আশ্ৰয় লোৱা লোকসকলক তেওঁ জানে।
HERREN er god, et Værn paa Trængselens Dag; han kender dem, som lider paa ham,
8 ৮ কিন্তু তেওঁৰ শত্রুসকলক তেওঁ বানপানীৰ ধলৰ দ্বাৰাই সম্পূ্ৰ্ণকৈ শেষ কৰিব আৰু তেওঁ সেই লোকসকলক আন্ধাৰলৈ খেদি পঠাব।
og fører dem gennem Skybrud. Sine Avindsmænd gør han til intet, støder Fjenderne ud i Mørke.
9 ৯ তোমালোকে যিহোৱাৰ বিৰুদ্ধে কি চক্রান্ত কৰিছা? তেওঁ সম্পূৰ্ণকৈ অন্ত কৰিব; দ্বিতীয়বাৰ সঙ্কট নহব।
Hvad pønser I paa mod HERREN? Han tilintetgør i Bund og Grund; ej kommer der to Gange Nød.
10 ১০ কিয়নো, সিহঁত জোঁট লগা কাঁইটৰ নিচিনা হলেও, সিহঁতক শুকান নৰাৰ নিচিনাকৈ ভস্ম কৰা হ’ব।
Er de end som sammenflettet Tjørn og gennemdrukne af Vin, skal de dog fortæres som fuldført Straa.
11 ১১ তোমালোকৰ নীনবি নগৰৰ পৰাই যিহোৱাৰ বিৰুদ্ধে কু-কল্পনা কৰোঁতা, কু-আলচ কৰোঁতা এজন ওলাল।
Fra dig er der en draget ud med ondt i Sinde mod Herren, med Niddingeraad.
12 ১২ যিহোৱাই এই কথা কৈছে: যদিও তেওঁলোক শক্তিৰে পূৰ আৰু বহুসংখ্যক; তথাপি তেওঁলোকক উচ্ছন্ন কৰা হ’ব আৰু তেওঁলোকৰ কোনো এজনো অৱশিষ্ট নাথাকিব। কিন্তু হে যিহূদা, যদিও মই তোমাক দুখ দিলোঁ, তথাপি মই তোমাক পুনৰ দূখ নিদিম।
Saa siger HERREN: Er de end fuldtallige og aldrig saa mange, skal de dog omhugges og forsvinde. Har jeg end ydmyget dig, gør jeg det ikke mere.
13 ১৩ মই এতিয়া তোমাৰ পৰা তাৰ যুৱলি ভাঙি পেলাম, আৰু তোমাৰ বান্ধবোৰ ছিঙি পেলাম।”
Nu sønderbryder jeg det Aag, han lagde paa dig, og sprænger dine Baand.
14 ১৪ আৰু হে নীনবি নগৰ, তোমালোকৰ বিষয়ে যিহোৱাই আজ্ঞা দিছে যে, তোমালোকৰ কোনো বংশধৰৰ নাম ৰখা নাযাব; মই তোমালোকৰ দেৱতাবোৰৰ ঘৰৰ পৰা কটা-মূৰ্ত্তি আৰু সাঁচত ঢলা মূৰ্ত্তিবোৰ উচ্ছন্ন কৰিম; মই তোমালোকৰ মৈদাম খান্দিম, কিয়নো তোমালোক পাপিষ্ঠ।
Om dig lyder HERRENS Bud: Dit Navn skal ikke ihukommes mere. Af din Guds Hus udrydder jeg det skaarne og støbte Billede, og jeg skænder din Grav.
15 ১৫ চোৱা, যি জনে শুভবাৰ্ত্তা আনে আৰু শান্তি প্ৰচাৰ কৰে, সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত আছে! হে যিহূদা, তোমালোকৰ পৰ্ব্ববোৰ পালন কৰা আৰু তোমালোকৰ প্ৰতিজ্ঞাবোৰ সিদ্ধ কৰা, কিয়নো দুষ্ট লোকজনে তোমালোকক আক্রমণ নকৰিব; সি নিঃশেষে বিনষ্ট হ’ল।
Se, Glædesbudet, som kundgør Fred, skrider frem over Bjergene. Fejr dine Fester, Juda, indfri dine Løfter! Thi aldrig skal Niddingen mer drage gennem dig; han er udryddet helt og holdent.