< নাহুম 3 >

1 পৰিপূৰ্ণ ৰক্তৰে নগৰীৰ সন্তাপ হওঁক! তাই মিছা কথা আৰু লুন্ঠনৰ সম্পত্তিৰে পৰিপূৰ্ণ; তাইৰ ওচৰত ক্ষতিগ্ৰস্তসকল সদায় থাকে।
Ole wa mji umwagao damu, uliojaa uongo, umejaa nyara, usiokosa kuwa na vitu vya kuteka nyara.
2 কিন্তু এতিয়া চাবুকৰ শব্দ, চকাৰ ঘৰ্ঘৰণিৰ শব্দ, জপিয়াই থকা ঘোঁৰা আৰু জপিওৱা ৰথৰ শব্দ শুনা যায়।
Kelele za mijeledi, vishindo vya magurudumu, farasi waendao mbio na mshtuo wa magari ya vita!
3 আক্ৰমণকাৰী অশ্বাৰোহী, চিকমিকোৱা তৰোৱাল, জিলিকা বৰছা, হত হোৱা লোক সমূহ আৰু দ’ম হৈ থকা বৃহৎ মৃত-দেহবোৰ; মৰা শৱবোৰৰ সীমা নাই, তেওঁলোকৰ শৱৰ ওপৰত তেওঁলোকৰ আক্ৰমাণকাৰীসকলে উজুটি খায়।
Wapanda farasi wanaenda mbio, panga zinameremeta, na mikuki inangʼaa! Majeruhi wengi, malundo ya maiti, idadi kubwa ya miili isiyohesabika, watu wanajikwaa juu ya mizoga:
4 এইবোৰ সংঘটিত হোৱাৰ কাৰণ হ’ল, যি মায়াবিনী সুন্দৰী বেশ্যাই নিজৰ বেশ্যা কৰ্মৰ দ্বাৰাই জাতি সমূহক আৰু নিজৰ মায়াকাৰ্য্যৰ দ্বাৰাই প্রজাসকলক বিক্রী কৰিলে; তাইৰ অধিক বেশ্যাকৰ্মৰ কাৰণে এইবোৰ ঘটিছে।
yote haya kwa sababu ya wingi wa tamaa za kahaba, anayeshawishi, bibi wa mambo ya uchawi, anayewatia utumwani mataifa kwa ukahaba wake na pia jamaa za watu kwa ulozi wake.
5 বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমাৰ বিপক্ষে; মই তোমাৰ কাপোৰৰ আঁচল তোমাৰ মুখৰ ওপৰলৈকে দাঙি তোমাক অনাবৃতা কৰিম; মই জাতি সমূহক তোমাৰ বিবস্ত্ৰতা আৰু ৰাজ্যক তোমাৰ লাজ দেখুৱাম।
Bwana Mwenye Nguvu Zote anasema, “Mimi ni kinyume na ninyi. Nitafunika uso wako kwa gauni lako. Nitaonyesha mataifa uchi wako na falme aibu yako.
6 মই তোমাৰ ওপৰত মলিয়ন ঘিণলগীয়া বস্তু পেলাই তোমাক ঘৃণনীয় কৰিম; মই তোমাক মানুহে ঠৰ লাগি চাই থকা বস্তুৰ দৰে স্থাপন কৰিম।
Nitakutupia uchafu, nitakufanyia dharau na kukufanya kioja.
7 তেতিয়া এনে ঘটিব, যে যি জনে তোমালৈ চাব, তেওঁ তোমাৰ পৰা পলাব আৰু ক’ব, ‘নীনবি বিনষ্ট হ’ল; কোনে তাইৰ কাৰণে বিলাপ কৰিব?’ মই ক’ৰ পৰা তোমাৰ কাৰণে শান্ত্বনা দিওঁতা লোক বিচাৰি আনিম?”
Wote wanaokuona watakukimbia na kusema, ‘Ninawi ipo katika kuangamia: ni nani atakayeomboleza kwa ajili yake?’ Nitampata wapi yeyote wa kukufariji?”
8 হে নীনবি, তুমি জানো যি থিব্‌চ (নো-আমোন নগৰ) নীল নদীবোৰৰ মাজত সজা আছিলা, যাৰ চাৰিওফালে জল সমূহ আছিল, যাৰ কোঁঠ সাগৰ আৰু গড় সমুদ্ৰ, সেই থিব্‌চতকৈ তুমি জানো উত্তম?
Je, wewe ni bora kuliko No-Amoni, uliopo katika Mto Naili, uliozungukwa na maji? Mto ulikuwa kinga yake, nayo maji yalikuwa ukuta wake.
9 কুচ আৰু মিচৰ তাইৰ ক্ষমতা আছিল আৰু সেয়ে অসংখ্য আছিল; পূটীয়া আৰু লুবীয়া তাইৰ মিত্র আছিল।
Kushi na Misri walikuwa nguvu zake zisizo na mpaka; Putu na Libia walikuwa miongoni mwa wale walioungana naye.
10 ১০ তথাপি তাইক নিয়া হৈছিল, তাই বন্দী-অৱস্থালৈ গ’ল, তাইৰ আটাই শিশুক আলিৰ মূৰত আছাৰি ডোখৰ ডোখৰ কৰা হ’ল; শত্ৰুবোৰে তাইৰ সম্ভ্ৰান্ত লোকসকলৰ বাবে চিঠি খেলিলে আৰু তাইৰ আটাই বৰ লোকসকলক শিকলিৰে বন্ধা হ’ল।
Hata hivyo alichukuliwa mateka na kwenda uhamishoni. Watoto wake wachanga walivunjwa vunjwa vipande kwenye mwanzo wa kila barabara. Kura zilipigwa kwa watu wake wenye heshima, na watu wake wote wakuu walifungwa kwa minyororo.
11 ১১ তুমিও মতলীয়া হ’বা; নিজকে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিবা; তুমি শত্ৰুৰ ভয়ত আশ্রয় লবলৈ এটা দুৰ্গ বিচাৰিবা।
Wewe pia utalewa; utakwenda mafichoni na kutafuta kimbilio kutoka kwa adui.
12 ১২ তোমাৰ আটাই কোঁঠ আগতিয়া গুটি লগা ডিমৰু গছৰ নিচিনা হ’ব; যেতিয়া সেইবোৰত জোকাৰণি লাগে, তেতিয়া সেইবোৰ খাওঁতাৰ মুখত পৰে।
Ngome zako zote ni kama mitini yenye matunda yake ya kwanza yaliyoiva; wakati inapotikiswa, tini huanguka kwenye kinywa chake alaye.
13 ১৩ চোৱা, তোমাৰ মাজত থকা প্ৰজাসকল মহিলাসকলৰ নিচিনা; তোমাৰ দেশৰ দুৱাৰবোৰ শত্ৰুবোৰৰ কাৰণে বহলকৈ মেলা আছে; অগ্নিয়ে তোমাৰ দুৱাৰবোৰৰ ডাংবোৰ গ্ৰাস কৰিলে।
Tazama vikosi vyako: wote ni wanawake! Malango ya nchi yako yamekuwa wazi kwa adui zako; moto umeteketeza mapingo yake.
14 ১৪ অৱৰোধ কালৰ কাৰণে তুমি পানী তুলি থোৱা; তোমাৰ কোঁঠবোৰ দৃঢ় কৰা, বোকালৈ গৈ বোকা খচা; ইটাৰ ভাটাবোৰ মেৰামতি কৰা।
Teka maji kwa ajili ya kuzingirwa kwako, imarisha ulinzi wako, Ufanyie udongo wa mfinyanzi kazi, yakanyage matope, karabati tanuru la kuchomea matofali!
15 ১৫ সেই ঠাইতে অগ্নিয়ে তোমাক গ্ৰাস কৰিব আৰু তৰোৱালে তোমাক ছেদন কৰিব। ফৰিঙৰ দৰে তোমাক খাই পেলাব; তুমি ফৰিঙ আৰু কাকতী ফৰিঙৰ নিচিনা বহুসংখ্যক হোৱা।
Huko moto utakuteketeza, huko upanga utakuangusha chini na kama vile panzi, watakumaliza. Ongezeka kama panzi, ongezeka kama nzige!
16 ১৬ তুমি আকাশৰ তৰাবোৰতকৈ তোমাৰ বণিকসকলক অধিক কৰিলা; কিন্তু তেওঁলোক ফৰিংবোৰৰ নিচিনা: তেওঁলোকে দেশ লুন্ঠণ কৰি তাৰ পাছত উড়ি গুচি যাই।
Umeongeza idadi ya wafanyabiashara wako mpaka wamekuwa wengi kuliko nyota za angani, lakini kama nzige wanaacha nchi tupu kisha huruka na kwenda zake.
17 ১৭ তোমাৰ ৰাজকুমাৰসকল কাকতী ফৰিঙৰ সংখ্যাবোৰৰ নিচিনা আৰু তোমাৰ সেনাপতিসকল এনে ফৰিঙৰ নিচিনা যি ফৰিঙে জাৰৰ দিনা বেৰাত আশ্ৰয় লয় - কিন্তু যেতিয়া বেলি উদয় হয়, তেতিয়া তেওঁলোকে যি ঠাইলৈ উড়ি যায়, সেই ঠাইৰ বিষয়ে কোনেও নাজানে।
Walinzi wako ni kama nzige, maafisa wako ni kama makundi ya nzige watuao kwenye kuta wakati wa siku ya baridi: lakini wakati jua linapotokea wanaruka kwenda zao, na hakuna ajuaye waendako.
18 ১৮ হে অচূৰৰ ৰজা, তোমাৰ মেৰ-ছাগ ৰখীয়াবোৰ টোপনিত আছে; তোমাৰ প্ৰধান লোকসকলে বিশ্ৰাম কৰি আছে। তোমাৰ প্ৰজাবোৰ পৰ্ব্বতৰ ওপৰত গোট গোট হ’ল, কিন্তু তেওঁলোকক একেলগে গোট খোৱাবলৈ কোনো নাই।
Ee mfalme wa Ashuru, wachungaji wako wanasinzia; wakuu wako wanalala chini mavumbini kupumzika. Watu wako wametawanyika juu ya milima bila kuwa na mtu yeyote wa kuwakusanya.
19 ১৯ তোমাৰ ঘা সুস্থ হ’বলৈ কোনো সম্ভাৱনা নাই। তোমাৰ ঘা অত্যন্ত। তোমাৰ বিষয়ে বাৰ্ত্তা শুনা সকলোৱে তোমালৈ হাত-তালি দিব; কাৰণ কোনে তোমাৰ অনৰ্গল দুষ্কৰ্মৰ পৰা মুক্তি পাইছে?
Hakuna kitu kinachoweza kuponya jeraha lako; jeraha lako ni la kukuua. Kila anayesikia habari zako, hupiga makofi kwa kuanguka kwako, kwa kuwa ni nani ambaye hajaguswa na ukatili wako usio na mwisho?

< নাহুম 3 >