< নাহুম 3 >

1 পৰিপূৰ্ণ ৰক্তৰে নগৰীৰ সন্তাপ হওঁক! তাই মিছা কথা আৰু লুন্ঠনৰ সম্পত্তিৰে পৰিপূৰ্ণ; তাইৰ ওচৰত ক্ষতিগ্ৰস্তসকল সদায় থাকে।
禍哉!這流人血的城, 充滿謊詐和強暴- 搶奪的事總不止息。
2 কিন্তু এতিয়া চাবুকৰ শব্দ, চকাৰ ঘৰ্ঘৰণিৰ শব্দ, জপিয়াই থকা ঘোঁৰা আৰু জপিওৱা ৰথৰ শব্দ শুনা যায়।
鞭聲響亮,車輪轟轟, 馬匹踢跳,車輛奔騰,
3 আক্ৰমণকাৰী অশ্বাৰোহী, চিকমিকোৱা তৰোৱাল, জিলিকা বৰছা, হত হোৱা লোক সমূহ আৰু দ’ম হৈ থকা বৃহৎ মৃত-দেহবোৰ; মৰা শৱবোৰৰ সীমা নাই, তেওঁলোকৰ শৱৰ ওপৰত তেওঁলোকৰ আক্ৰমাণকাৰীসকলে উজুটি খায়।
馬兵爭先,刀劍發光, 槍矛閃爍,被殺的甚多, 屍首成了大堆, 屍骸無數,人碰着而跌倒,
4 এইবোৰ সংঘটিত হোৱাৰ কাৰণ হ’ল, যি মায়াবিনী সুন্দৰী বেশ্যাই নিজৰ বেশ্যা কৰ্মৰ দ্বাৰাই জাতি সমূহক আৰু নিজৰ মায়াকাৰ্য্যৰ দ্বাৰাই প্রজাসকলক বিক্রী কৰিলে; তাইৰ অধিক বেশ্যাকৰ্মৰ কাৰণে এইবোৰ ঘটিছে।
都因那美貌的妓女多有淫行, 慣行邪術,藉淫行誘惑列國, 用邪術誘惑多族。
5 বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমাৰ বিপক্ষে; মই তোমাৰ কাপোৰৰ আঁচল তোমাৰ মুখৰ ওপৰলৈকে দাঙি তোমাক অনাবৃতা কৰিম; মই জাতি সমূহক তোমাৰ বিবস্ত্ৰতা আৰু ৰাজ্যক তোমাৰ লাজ দেখুৱাম।
萬軍之耶和華說:我與你為敵; 我必揭起你的衣襟,蒙在你臉上, 使列國看見你的赤體, 使列邦觀看你的醜陋。
6 মই তোমাৰ ওপৰত মলিয়ন ঘিণলগীয়া বস্তু পেলাই তোমাক ঘৃণনীয় কৰিম; মই তোমাক মানুহে ঠৰ লাগি চাই থকা বস্তুৰ দৰে স্থাপন কৰিম।
我必將可憎污穢之物拋在你身上, 辱沒你,為眾目所觀。
7 তেতিয়া এনে ঘটিব, যে যি জনে তোমালৈ চাব, তেওঁ তোমাৰ পৰা পলাব আৰু ক’ব, ‘নীনবি বিনষ্ট হ’ল; কোনে তাইৰ কাৰণে বিলাপ কৰিব?’ মই ক’ৰ পৰা তোমাৰ কাৰণে শান্ত্বনা দিওঁতা লোক বিচাৰি আনিম?”
凡看見你的,都必逃跑離開你, 說:尼尼微荒涼了!有誰為你悲傷呢? 我何處尋得安慰你的人呢?
8 হে নীনবি, তুমি জানো যি থিব্‌চ (নো-আমোন নগৰ) নীল নদীবোৰৰ মাজত সজা আছিলা, যাৰ চাৰিওফালে জল সমূহ আছিল, যাৰ কোঁঠ সাগৰ আৰু গড় সমুদ্ৰ, সেই থিব্‌চতকৈ তুমি জানো উত্তম?
你豈比挪亞們強呢? 挪亞們坐落在眾河之間,周圍有水; 海作她的濠溝, 又作她的城牆。
9 কুচ আৰু মিচৰ তাইৰ ক্ষমতা আছিল আৰু সেয়ে অসংখ্য আছিল; পূটীয়া আৰু লুবীয়া তাইৰ মিত্র আছিল।
古實和埃及是她無窮的力量; 弗人和路比族是她的幫手。
10 ১০ তথাপি তাইক নিয়া হৈছিল, তাই বন্দী-অৱস্থালৈ গ’ল, তাইৰ আটাই শিশুক আলিৰ মূৰত আছাৰি ডোখৰ ডোখৰ কৰা হ’ল; শত্ৰুবোৰে তাইৰ সম্ভ্ৰান্ত লোকসকলৰ বাবে চিঠি খেলিলে আৰু তাইৰ আটাই বৰ লোকসকলক শিকলিৰে বন্ধা হ’ল।
但她被遷移,被擄去; 她的嬰孩在各市口上也被摔死。 人為她的尊貴人拈鬮; 她所有的大人都被鍊子鎖着。
11 ১১ তুমিও মতলীয়া হ’বা; নিজকে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিবা; তুমি শত্ৰুৰ ভয়ত আশ্রয় লবলৈ এটা দুৰ্গ বিচাৰিবা।
你也必喝醉,必被埋藏, 並因仇敵的緣故尋求避難所。
12 ১২ তোমাৰ আটাই কোঁঠ আগতিয়া গুটি লগা ডিমৰু গছৰ নিচিনা হ’ব; যেতিয়া সেইবোৰত জোকাৰণি লাগে, তেতিয়া সেইবোৰ খাওঁতাৰ মুখত পৰে।
你一切保障必像無花果樹上初熟的無花果, 若一搖撼就落在想吃之人的口中。
13 ১৩ চোৱা, তোমাৰ মাজত থকা প্ৰজাসকল মহিলাসকলৰ নিচিনা; তোমাৰ দেশৰ দুৱাৰবোৰ শত্ৰুবোৰৰ কাৰণে বহলকৈ মেলা আছে; অগ্নিয়ে তোমাৰ দুৱাৰবোৰৰ ডাংবোৰ গ্ৰাস কৰিলে।
你地上的人民如同婦女; 你國中的關口向仇敵敞開; 你的門閂被火焚燒。
14 ১৪ অৱৰোধ কালৰ কাৰণে তুমি পানী তুলি থোৱা; তোমাৰ কোঁঠবোৰ দৃঢ় কৰা, বোকালৈ গৈ বোকা খচা; ইটাৰ ভাটাবোৰ মেৰামতি কৰা।
你要打水預備受困; 要堅固你的保障, 踹土和泥,修補磚窯。
15 ১৫ সেই ঠাইতে অগ্নিয়ে তোমাক গ্ৰাস কৰিব আৰু তৰোৱালে তোমাক ছেদন কৰিব। ফৰিঙৰ দৰে তোমাক খাই পেলাব; তুমি ফৰিঙ আৰু কাকতী ফৰিঙৰ নিচিনা বহুসংখ্যক হোৱা।
在那裏,火必燒滅你; 刀必殺戮你, 吞滅你如同蝻子。 任你加增人數多如蝻子, 多如蝗蟲吧!
16 ১৬ তুমি আকাশৰ তৰাবোৰতকৈ তোমাৰ বণিকসকলক অধিক কৰিলা; কিন্তু তেওঁলোক ফৰিংবোৰৰ নিচিনা: তেওঁলোকে দেশ লুন্ঠণ কৰি তাৰ পাছত উড়ি গুচি যাই।
你增添商賈,多過天上的星; 蝻子吃盡而去。
17 ১৭ তোমাৰ ৰাজকুমাৰসকল কাকতী ফৰিঙৰ সংখ্যাবোৰৰ নিচিনা আৰু তোমাৰ সেনাপতিসকল এনে ফৰিঙৰ নিচিনা যি ফৰিঙে জাৰৰ দিনা বেৰাত আশ্ৰয় লয় - কিন্তু যেতিয়া বেলি উদয় হয়, তেতিয়া তেওঁলোকে যি ঠাইলৈ উড়ি যায়, সেই ঠাইৰ বিষয়ে কোনেও নাজানে।
你的首領多如蝗蟲; 你的軍長彷彿成群的螞蚱, 天涼的時候齊落在籬笆上, 日頭一出便都飛去, 人不知道落在何處。
18 ১৮ হে অচূৰৰ ৰজা, তোমাৰ মেৰ-ছাগ ৰখীয়াবোৰ টোপনিত আছে; তোমাৰ প্ৰধান লোকসকলে বিশ্ৰাম কৰি আছে। তোমাৰ প্ৰজাবোৰ পৰ্ব্বতৰ ওপৰত গোট গোট হ’ল, কিন্তু তেওঁলোকক একেলগে গোট খোৱাবলৈ কোনো নাই।
亞述王啊,你的牧人睡覺; 你的貴冑安歇; 你的人民散在山間,無人招聚。
19 ১৯ তোমাৰ ঘা সুস্থ হ’বলৈ কোনো সম্ভাৱনা নাই। তোমাৰ ঘা অত্যন্ত। তোমাৰ বিষয়ে বাৰ্ত্তা শুনা সকলোৱে তোমালৈ হাত-তালি দিব; কাৰণ কোনে তোমাৰ অনৰ্গল দুষ্কৰ্মৰ পৰা মুক্তি পাইছে?
你的損傷無法醫治; 你的傷痕極其重大。 凡聽你信息的必都因此向你拍掌。 你所行的惡誰沒有時常遭遇呢?

< নাহুম 3 >