< নাহুম 2 >
1 ১ যি জনে তোমালোকক ডোখৰ-ডোখৰকৈ ভাঙিব, তেওঁ তোমালোকৰ বিৰুদ্ধে উঠি আহি আছে। তোমালোকে দুৰ্গবোৰ দৃঢ় কৰা, বাটবোৰলৈ পহৰা দি থাকা, নিজকে অতিশয় বলৱান কৰা আৰু নিজ সৈন্যদলবোৰক একত্রিত কৰা।
Haaskaaja astuu ylös sinua vastaan, ja piirittää linnan; mutta ota ahkerasti vaari teistäs, hankitse itses jalosti, ja vahvista sinun voimas väkevästi.
2 ২ কিয়নো যদিও লুণ্ঠন কৰোঁতা সকলে তেওঁলোকক খালি কৰি উলিয়াই পঠিয়ালে আৰু তেওঁলোকৰ দ্ৰাক্ষালতাৰ ডালবোৰ নষ্ট কৰিলে তথাপিও যিহোৱাই ইস্ৰায়েলৰ মহত্ত্বৰ দৰে যাকোবৰ মহত্ত্ব পুনৰায় স্থাপন কৰিব।
Sillä Herra tuo jälleen Jakobin suuren kunnian, niinkuin Israelinkin suuren kunnian, vaikka ryöstäjät ovat hänen tyhjentäneet ja viinapuunsa oksat turmelleet.
3 ৩ তেওঁৰ বীৰ লোকসকলৰ ঢালৰ ৰং ৰঙা আৰু পৰাক্ৰমী লোকসকল সেন্দুৰ বৰণীয়া কাপোৰ পিন্ধা; যুদ্ধলৈ সাজু হোৱাৰ দিনা তেওঁলোকৰ ৰথবোৰৰ তীখা জিলিকে আৰু ছাইপ্রেচ গছবোৰৰ জাঠিবোৰ হাতত বৰকৈ বতাহত তুলি ধৰি লৰাবলৈ ল’লে।
Hänen väkeväinsä kilvet ovat punaiset, hänen sotaväkensä on niinkuin purpura; hänen rattaansa valistavat niinkuin tulisoihdut, kuin sotaan mennään: heidän keihäänsä häälyvät.
4 ৪ ৰথবোৰ অতি বেগৰে বাটৰ মাজেদি চলিবলৈ ধৰিলে; তেওঁলোকে বহল মুকলি বাটবোৰত ইখনে সিখনক ইফালে-সিফালে চলালে। সেইবোৰ দেখিবলৈ আৰিয়াৰ নিচিনা আৰু সেইবোৰ বিজুলীৰ নিচিনাকৈ অতি বেগেৰে গৈছে।
Rattaat vierivät kaduilla, ja kolisevat kujilla; he välkkyvät niinkuin tulisoitto, ja juoksevat niinkuin pitkäisen leimaus.
5 ৫ যি জনে তোমালোকক ডোখৰ-ডোখৰকৈ ভাঙিব, তেওঁ নিজ বিষয়াসকলক মাতি পঠিয়াইছে; এনেতে তেওঁলোকে বেগেৰে যাওঁতে যাওঁতে উজুটি খালে; তেওঁলোকে ততালিকে দুৰ্গটো আক্রমণ কৰিবলৈ যায়। আক্রমণ কৰোঁতা সকলক ৰক্ষা কৰিবলৈ ঢালবোৰ যুগুত কৰা হ’ল।
Mutta hän ajattelee väkeviänsä; kuitenkin heidän pitää lankeeman, vaikka kuhunka he tahtovat; ja heidän pitää rientämän muureihinsa päin, ja siihen varjelukseen, kussa he irstaana olisivat.
6 ৬ নদীবোৰত থকা দুৱাৰবোৰ মুকলি হৈ গ’ল, তেতিয়া ৰাজগৃহ পানীত নাশ হৈ গ’ল।
Mutta portit virtain tykönä kuitenkin avataan, ja huone hajoitetaan.
7 ৭ যিহোৱাই এই বিষয়ে কথা কৈছিল: ৰাণী হুচব অনাবৃতা হ’ল আৰু তেওঁক নিয়া হ’ল; তেওঁৰ দাসীসকলে বুকুত ভুকুৱাই কপৌৰ স্বৰেৰে শোক কৰিছে।
Kuningatar pitää vietämän pois vangittuna, ja hänen piikansa huokaaman niinkuin mettiset, ja rintoihinsa lyömän.
8 ৮ কিন্তু নীনবি আগৰ কালৰে পৰা এটা জলপূ্ৰ্ণ পুখুৰীস্বৰূপ; তথাপি তেওঁলোক বৈ যোৱা পানীৰ দৰে পলাইছে। অন্য লোকসকলে “ৰ’বা ৰ’বা” বুলি চিঞৰে, কিন্তু কোনেও ঘূৰি নাচায়।
Ninive on ollut aikanansa niinkuin kalalammikko vettä täynnä, mutta nyt he pakenevat. Seisokaat, seisokaat, (pitää heitä huutaman); vaan ei ole ketään, joka taaksensa katsoo.
9 ৯ তোমালোকে ৰূপ লুট কৰি নিয়া, সোণ লুট কৰি নিয়া, কিয়নো বস্তুবোৰৰ সৌন্দৰ্যৰ মহিমা সীমাহীন। ইয়াতে সকলো প্ৰকাৰ মনোহৰ বস্তু অতিশয় অধিক পৰিমাণে আছে।
Niin ryöstäkäät hopiaa, ryöstäkäät kultaa; sillä tässä on tavaraa ilman loppumata, ja kaikkinaisten kalliiden kappaleiden paljous.
10 ১০ সেই নীনবি শুদা আৰু উচ্ছন্ন; প্রতিজনৰ ভয়ত মন পমি গৈছে আৰু আঁঠুৱে আঁঠুৱে লগালগি হৈছে, সকলোৰে বেদনা, আৰু সকলোৰে মুখ বিবৰ্ণ হৈছে।
Mutta nyt sen täytyy tyhjennetyksi, peräti paljastetuksi ja hävitetyksi tulla; sydän on rauvennut pois, polvet horjuvat, ja kaikki lanteet vapisevat, ja kaikkein kasvot mustaksi muuttuvat.
11 ১১ যি ঠাইত কোনেও ভয় নথকাকৈ সিংহ, সিংহিনী আৰু সিংহ পোৱালিৰ দৰে ফুৰিছিল, সিংহৰ সেই গুহা আৰু যুবা সিংহৰ সেই খোৱা ঠাই ক’ত?
Kussa nyt on jalopeurain asuinsia ja nuorten jalopeurain laidun, johon jalopeura meni, ja naaras jalopeura, jalopeuran penikan kanssa, ja ei tohtinut kenkään heitä karkottaa?
12 ১২ সিংহই নিজৰ পোৱালিবোৰৰ কাৰণে জোৰাওকৈ অনেক পশু ছিৰিছিল আৰু নিজ সিংহিনীবোৰৰ কাৰণে ডিঙিত টেপা দি মাৰিছিল আৰু বলিৰ চিকাৰেৰে নিজৰ গুহাবোৰ আৰু ধৰি অনা নিজৰ চিকাৰবোৰ গাতবোৰত ভৰাই ৰাখিছিল।
Vaan jalopeura raateli kyllä penikoillensa ja mursi naarasjalopeuroillensa; ja täytti luolansa raateluksesta ja pesänsä ryöstämisestä.
13 ১৩ বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমালোকৰ বিপক্ষ;” “মই তোমালোকৰ ৰথবোৰ ধূঁৱাত পুৰি পেলাম আৰু তৰোৱালে তোমালোকৰ যুবা সিংহবোৰক গ্ৰাস কৰিব; মই তোমালোকৰ দেশৰ পৰা তোমালোকৰ চিকাৰ উচ্ছন্ন কৰিম আৰু তোমালোকৰ দূতবোৰৰ মাত আৰু শুনা নাজাব।
Katso, minä tulen sinun tykös, sanoo Herra Zebaot, ja sytytän sinun rattaas savuun, ja miekan pitää sinun nuoret jalopeuras syömän; ja minä teen lopun sinun ryöstämisestäs maassa, ettei enään pidä sinun sanansaattajas ääntä kuuluman.