< মিখা 1 >
1 ১ যিহূদাৰ ৰজা যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত চমৰিয়া আৰু যিৰূচালেমৰ বিষয়ে দৰ্শনত পোৱা, মোৰেষ্টিয়া মীখালৈ অহা যিহোৱাৰ বাক্য।
Herrens Ord, som kom til Moraskthiten Mika i de Dage, da Jotham, Akas, Ezekias vare Konger i Juda, det, som han saa over Samaria og Jerusalem.
2 ২ হে লোকসকল, সকলোৱে শুনক। হে পৃথিৱী আৰু তাত থকা সকলোৱে শুনক। প্ৰভু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰৰ পৰা আপোনালোকৰ বিৰুদ্ধে সাক্ষী হওক;
Hører, I Folk, alle sammen! giv Agt, du Land og dets Fylde! og den Herre, Herre være Vidne imod eder, Herren fra sit hellige Tempel!
3 ৩ চাওক, যিহোৱা নিজৰ স্থানৰ পৰা ওলাই আহিছে; তেওঁ নামি আহিব আৰু পৃথিবীত থকা মুৰ্ত্তি পূজা কৰা মন্দিৰবোৰ ধ্বংস কৰিব।
Thi se, Herren drager ud fra sit Sted, og han stiger ned og skrider frem over Jordens Høje.
4 ৪ জুইৰ তাপত মম গলাৰ দৰে পৰ্ব্বতবোৰ তেওঁৰ আগত পমি যাব, এঢলীয়া ঠাইৰ পৰা যেনেকৈ পানী ঢালিলে তললৈ বৈ আহে তেনেকৈ তেওঁৰ আগত উপত্যকাবোৰ ভাঙি ছিন্ন ভিন্ন হৈ যাব।
Og Bjergene smelte under ham og Dalene revne, som Voks for Ilden, som Vand, der udøses paa en Skrænt.
5 ৫ যাকোবৰ বিদ্ৰোহ, আৰু ইস্ৰায়েল-বংশৰ পাপৰ কাৰণেই এই সকলো হ’ব; যাকোবৰ বিদ্রোহৰ কাৰণ কি আছিল? চমৰিয়া নহয়নে নে? যিহূদাৰ মন্দিৰবোৰৰ কাৰণ কি? যিৰূচালেম নহয় নে?
For Jakobs Overtrædelse sker alt dette og for Israels Hus's Synder; hvo er Skyld i Jakobs Overtrædelse? mon ikke Samaria? og hvo er Skyld i Judas Høje? mon ikke Jerusalem?
6 ৬ মই পথাৰত চমৰিয়াক দ্ৰাক্ষাবাৰীত গছ ৰোৱা ঠাইৰ দৰে, ধ্বংস স্তূপ কৰিম। মই তেওঁৰ গৃহৰ শিলবোৰ উপত্যকালৈ বগৰাই পেলাম, মই তেওঁৰ ভিত্তিমূল অনাবৃত কৰিম।
Derfor vil jeg gøre Samaria til en Stenhob paa Marken, til Vingaardsplantninger, og jeg vil adsprede dens Stene ned i Dalen og gøre dens Grundvold bar.
7 ৭ তেওঁৰ সকলো কটা-মূৰ্ত্তিবোৰ ভাঙি ডোখৰ ডোখৰ কৰা হ’ব, আৰু তেওঁৰ সকলো উপহাৰ জুইৰে পোৰা যাব। তেওঁৰ সকলো প্ৰতিমাবোৰ মই উচ্ছন্ন কৰিম; কাৰণ তেওঁ বেশ্যাবৃত্তিৰ পৰা সেই সকলো উপহাৰৰ গোটাইছিল, আৰু বেশ্যাই পৰিশোধ কৰাৰ দৰে, তেওঁলোকে ঘূৰাই দিব।”
Og alle dens udskaarne Billeder skulle sønderslaas, og al dens Bolerløn opbrændes med Ild, og jeg vil ødelægge alle dens Afguder; thi den samlede dem af Bolerløn, og til Bolerløn skulle de atter vorde.
8 ৮ এই কাৰণে মই বিলাপ আৰু ক্রন্দন কৰি চিঞৰিম; মই খালি ভৰি আৰু বিবস্ত্র হৈ যাম; মই শিয়ালৰ দৰে চিঞৰিম, আৰু ফেঁচাৰ দৰে শোক প্রকাশ কৰিম।
Derfor vil jeg klage og hyle, jeg vil gaa blottet og nøgen, jeg vil anstille en Klage som Dragerne og en Sorg som Strudserne.
9 ৯ তেওঁৰ ঘাঁবোৰ সুস্থ হ’ব নোৱাৰাৰ কাৰণে; সেইবোৰ যিহূদালৈকে আহিল। সেই ঘাঁবোৰ যিৰূচালেমলৈ মোৰ লোকসকলৰ দুৱাৰলৈ আহি পালে।
Thi dens Saar ere ulægelige; thi det er kommet indtil Juda, det er naaet indtil mit Folks Port, indtil Jerusalem.
10 ১০ গাত নগৰত এই বিষয়ে নকবা, আৰু একেবাৰে নাকান্দিবা, বৈৎলি-অফ্ৰাত মই নিজকে ধূলিত বাগৰাম।
Kundgører det ikke i Gath, græder ikke saa saare! i Beth-Afra vælter jeg mig i Støv.
11 ১১ বিবস্ত্ৰ আৰু লজ্জিত হৈ চাফীৰৰ নিবাসী সকলৰ মাজেৰে যোৱা। চাননৰ নিবাসী সকল বাহিৰলৈ ওলাই নাহিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণ বঞ্চিত কৰাৰ বাবে বৈৎ-এচেলে বিলাপ কৰিলে।
Drag forbi, du Indbyggerske i Safir, blottet og skamfuld! Indbyggersken i Zaanan gaar ikke ud! Beth-Ezels Klage betager eder Stade der.
12 ১২ কাৰণ মাৰোৎ নিবাসী সকলে শুভ সম্বাদৰ বাবে আগ্রহেৰে অপেক্ষা কৰি আছিল, কিন্তু যিৰূচালেমৰ দুৱাৰলৈ, যিহোৱাৰ পৰা দুৰ্যোগ নামি আহিল।
Thi Indbyggersken i Maroth vaande sig i Smerte efter godt; thi ondt er steget ned fra Herren til Jerusalems Port.
13 ১৩ লাখীচ নিবাসী সকলৰ ঘোঁৰাৰ দলত ৰথ লগোৱা; চিয়োন জীয়াৰী বাবে লাখীচেই পাপৰ আৰম্ভণ; কিয়নো ইস্ৰায়েলৰ অধৰ্ম কাৰ্যবোৰ তোমাৰ মাজত পোৱা গল।
Spænd Heste for Vognen, du Indbyggerske i Lakis! den var Begyndelse til Synd for Zions Datter; thi i dig ere Israels Overtrædelser fundne.
14 ১৪ সেয়ে আপুনি মোৰেচৎ-গতক বিদায় উপহাৰ দিব; ইস্ৰায়েলৰ ৰজাসকলক অকজীবৰ নগৰে নিৰাশ কৰিব।
Derfor skal du give Afkald paa Moresketh-Gath; Aksibs Huse skulle blive et svigtende Vandløb for Israels Konger.
15 ১৫ মাৰেচা-নিবাসী সকলক মই আপোনাৰ ওচৰলৈ আনিম, তাৰে এজনে আপোনাৰ অধিকাৰ ল’ব; ইস্ৰায়েলৰ মূখ্য লোকসকল অদুল্লমৰ গুহালৈকে যাব।
Jeg vil endnu føre en Ejermand til dig, du Indbyggerske i Maresa! til Adullam skal Israels Herlighed komme.
16 ১৬ চুলি কাটক, আৰু মূৰ খুৰাওক। যি সন্তান সকলৰ কাৰণে আপুনি আনন্দ কৰে; ঈগল চৰাইৰ দৰে নিজকে টপা কৰক; কাৰণ আপোনাৰ সন্তান সকল আপোনাৰ পৰা বহিষ্কৃত হ’ব।
Gør dig skaldet, og rag dig over de Børn, som ere din Lyst; gør dig bredskaldet som Ørnen, thi de ere bortførte fra dig.