< মিখা 6 >
1 ১ যিহোৱাই যি কৈছে, এতিয়া তোমালোকে শুনা। মীখাই তেওঁক ক’লে, “উঠক আৰু পৰ্ব্বতবোৰৰ সন্মুখত আপোনাৰ অৱস্থাৰ বিষয়ে কওক, পাহাৰবোৰক আপোনাৰ মাত শুনিবলৈ দিয়ক।
ἀκούσατε δὴ λόγον κυρίου κύριος εἶπεν ἀνάστηθι κρίθητι πρὸς τὰ ὄρη καὶ ἀκουσάτωσαν οἱ βουνοὶ φωνήν σου
2 ২ হে পৰ্ব্বতবোৰ, আৰু পৃথিবীৰ স্থায়ী ভিত্তিমূল, যিহোৱাৰ অভিযোগ শুনা; কাৰণ যিহোৱাৰ নিজৰ লোকসকলৰ সৈতে অভিযোগ আছে, আৰু তেওঁ ইস্ৰায়েলৰ বিৰুদ্ধে ন্যায়ালয়ত যুঁজিব।
ἀκούσατε βουνοί τὴν κρίσιν τοῦ κυρίου καὶ αἱ φάραγγες θεμέλια τῆς γῆς ὅτι κρίσις τῷ κυρίῳ πρὸς τὸν λαὸν αὐτοῦ καὶ μετὰ τοῦ Ισραηλ διελεγχθήσεται
3 ৩ “হে মোৰ লোকসকল, মই তোমালোকক কি কৰিলোঁ? মই কেনেকৈ তোমালোকক পৰিশ্রান্ত কৰিলোঁ? মোৰ অহিতে সাক্ষ্য দিয়া।
λαός μου τί ἐποίησά σοι ἢ τί ἐλύπησά σε ἢ τί παρηνώχλησά σοι ἀποκρίθητί μοι
4 ৪ কাৰণ মই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলোঁ, আৰু বন্দীঘৰৰ পৰা তোমালোকক মুক্ত কৰিলোঁ; মই তোমালোকৰ ওচৰলৈ মোচি, হাৰোণ, আৰু মিৰিয়মক পঠিয়াইছিলোঁ।
διότι ἀνήγαγόν σε ἐκ γῆς Αἰγύπτου καὶ ἐξ οἴκου δουλείας ἐλυτρωσάμην σε καὶ ἐξαπέστειλα πρὸ προσώπου σου τὸν Μωυσῆν καὶ Ααρων καὶ Μαριαμ
5 ৫ হে মোৰ লোকসকল, মোৱাবৰ ৰজা বালাকে কি পৰিকল্পনা কৰিছিল, আৰু বিয়োৰৰ পুত্র বিলিয়মে বালাকক কি উত্তৰ দিছিল, সেই বিষয়ে সোঁৱৰণ কৰা। তাতে চিটীমৰ পৰা গিলগললৈ যাওঁতে যি ঘটিছিল, যিহোৱাৰ সেই ন্যায় কাৰ্যবোৰৰ বিষয়ে তোমালোকে জানিব পাৰিবা।
λαός μου μνήσθητι δὴ τί ἐβουλεύσατο κατὰ σοῦ Βαλακ βασιλεὺς Μωαβ καὶ τί ἀπεκρίθη αὐτῷ Βαλααμ υἱὸς τοῦ Βεωρ ἀπὸ τῶν σχοίνων ἕως τοῦ Γαλγαλ ὅπως γνωσθῇ ἡ δικαιοσύνη τοῦ κυρίου
6 ৬ সৰ্ব্বোপৰি ঈশ্বৰক প্ৰণাম কৰোঁতে, মই যিহোৱালৈ কি লৈ যাম? মই তেওঁৰ ওচৰলৈ এবছৰীয়া দামুৰিৰ সৈতে হোম-বলি লৈ যোৱা উচিত নে?
ἐν τίνι καταλάβω τὸν κύριον ἀντιλήμψομαι θεοῦ μου ὑψίστου εἰ καταλήμψομαι αὐτὸν ἐν ὁλοκαυτώμασιν ἐν μόσχοις ἐνιαυσίοις
7 ৭ হাজাৰ হাজাৰ মেৰ-ছাগ, বা দহ হাজাৰ তেলৰ নদীত যিহোৱা সন্তুষ্ট হ’ব নে? মোৰ অপৰাধৰ বাবে মোৰ প্ৰথমে জন্ম হোৱা সন্তান, আৰু মোৰ নিজৰ পাপৰ বাবে মোৰ ঔৰসৰ ফল দান কৰিম নে?
εἰ προσδέξεται κύριος ἐν χιλιάσιν κριῶν ἢ ἐν μυριάσιν χειμάρρων πιόνων εἰ δῶ πρωτότοκά μου ἀσεβείας καρπὸν κοιλίας μου ὑπὲρ ἁμαρτίας ψυχῆς μου
8 ৮ হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
εἰ ἀνηγγέλη σοι ἄνθρωπε τί καλόν ἢ τί κύριος ἐκζητεῖ παρὰ σοῦ ἀλλ’ ἢ τοῦ ποιεῖν κρίμα καὶ ἀγαπᾶν ἔλεον καὶ ἕτοιμον εἶναι τοῦ πορεύεσθαι μετὰ κυρίου θεοῦ σου
9 ৯ যিহোৱাই নগৰলৈ ঘোষণা কৰি কৈছে, এনে কি, এতিয়া প্রজ্ঞায়ো তোমাৰ নাম স্বীকাৰ কৰিছে: “তোমালোকে দণ্ড ডাললৈ আৰু যিজনে নিৰ্দ্দিষ্ট ঠাইত ইয়াক ৰাখিছে, সেই জনলৈ মনোযোগ দিয়া।
φωνὴ κυρίου τῇ πόλει ἐπικληθήσεται καὶ σώσει φοβουμένους τὸ ὄνομα αὐτοῦ ἄκουε φυλή καὶ τίς κοσμήσει πόλιν
10 ১০ দুষ্ট লোকৰ ঘৰৰ সম্পত্তিবোৰ অসৎ, আৰু মিছা জোখবোৰ ঘিণলগীয়া।
μὴ πῦρ καὶ οἶκος ἀνόμου θησαυρίζων θησαυροὺς ἀνόμους καὶ μετὰ ὕβρεως ἀδικία
11 ১১ অন্যায়ৰ তুলাচনী আৰু প্ৰবঞ্চক ওজনৰ মোনা ব্যৱহাৰ কৰা জনক মই নিৰ্দ্দোষী বুলি বিবেচনা কৰিম নে?
εἰ δικαιωθήσεται ἐν ζυγῷ ἄνομος καὶ ἐν μαρσίππῳ στάθμια δόλου
12 ১২ ধনী লোকসকল অত্যাচাৰেৰে পৰিপূৰ্ণ, তাৰ নিবাসী সকলে মিছা কথা কয়, আৰু তেওঁলোকৰ জিভা প্রতাৰণাপূৰ্ণ।
ἐξ ὧν τὸν πλοῦτον αὐτῶν ἀσεβείας ἔπλησαν καὶ οἱ κατοικοῦντες αὐτὴν ἐλάλουν ψευδῆ καὶ ἡ γλῶσσα αὐτῶν ὑψώθη ἐν τῷ στόματι αὐτῶν
13 ১৩ এই হেতুকে মই বিষম আঘাতেৰে তোমালোকক আঘাত কৰিলোঁ; তোমালোকৰ পাপৰ কাৰণে মই তোমালোকক ধ্বংস কৰিলোঁ।
καὶ ἐγὼ ἄρξομαι τοῦ πατάξαι σε ἀφανιῶ σε ἐπὶ ταῖς ἁμαρτίαις σου
14 ১৪ তোমালোকে খাবা কিন্তু তৃপ্ত নহবা, তোমালোকৰ পেট খালীয়ে হৈ থাকিব; তোমালোকে বস্তুবোৰ গোটাবা কিন্তু ৰক্ষা কৰিব নোৱাৰিবা; আৰু তোমালোকে যি ৰক্ষা কৰিবা, তাক মই তৰোৱালক শোধাই দিম।
σὺ φάγεσαι καὶ οὐ μὴ ἐμπλησθῇς καὶ σκοτάσει ἐν σοὶ καὶ ἐκνεύσει καὶ οὐ μὴ διασωθῇς καὶ ὅσοι ἐὰν διασωθῶσιν εἰς ῥομφαίαν παραδοθήσονται
15 ১৫ তোমালোকে সিঁচিবা কিন্তু দাবলৈ নাপাবা; তোমালোকে জিত গচকিবা কিন্তু তেল নিজে ঘঁহিব নাপাবা; তোমালোকে দ্ৰাক্ষাগুটি চেপিবা, কিন্তু দ্রাক্ষাৰস পান কৰিবলৈ নাপাবা।
σὺ σπερεῖς καὶ οὐ μὴ ἀμήσῃς σὺ πιέσεις ἐλαίαν καὶ οὐ μὴ ἀλείψῃ ἔλαιον καὶ οἶνον καὶ οὐ μὴ πίητε καὶ ἀφανισθήσεται νόμιμα λαοῦ μου
16 ১৬ অম্ৰীৰ বিধিবোৰ, আৰু আহাবৰ বংশৰ সকলো কাৰ্যবোৰ পালন কৰিছা, তোমালোকে তেওঁলোকৰ উপদেশত চলিছিলা; সেয়ে মই তোমালোকৰ নগৰ ধ্বংস কৰিম, আৰু তোমালোকক নিবাসীসকলে বিদ্রূপ কৰিব, মোৰ লোকসকলৰ অৱজ্ঞা তোমালোকে বহন কৰিবা।”
καὶ ἐφύλαξας τὰ δικαιώματα Ζαμβρι καὶ πάντα τὰ ἔργα οἴκου Αχααβ καὶ ἐπορεύθητε ἐν ταῖς βουλαῖς αὐτῶν ὅπως παραδῶ σε εἰς ἀφανισμὸν καὶ τοὺς κατοικοῦντας αὐτὴν εἰς συρισμόν καὶ ὀνείδη λαῶν λήμψεσθε