< মিখা 5 >
1 ১ যিৰূচালেমৰ লোকসকল, এতিয়া একলগ হৈ যুদ্ধলৈ শাৰী পাতি আহাঁ, তোমালোকৰ নগৰৰ চাৰিওফালে এখন দেৱাল আছে, কিন্তু তেওঁলোকে ইস্রায়েলৰ মূখ্যলোকসকলক লাঠিৰে গালত প্রহাৰ কৰিব।
Riv nu Saar i din Hud! De har opkastet en Vold imod os; med Stokken slaar de Israels Hersker paa Kinden.
2 ২ কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা, যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, সেই জনৰ আৰম্ভণি পূৰ্বকালৰ পৰা অনন্তকাললৈকে;
Og du, du Betlehem-Efrata, liden til at være blandt Judas Tusinder! Af dig skal udgaa mig een til at være Hersker i Israel. Hans Udspring er fra fordum, fra Evigheds Dage.
3 ৩ এই হেতুকে ঈশ্বৰে তেওঁলোকক ত্যাগ কৰিব; যেতিয়ালৈকে তেওঁ প্ৰসৱ বেদনাৰে সন্তান জন্ম নিদিব, আৰু তেওঁৰ ভাইৰ অৱশিষ্ট লোকসকল ইস্ৰায়েলৰ লোকসকললৈ উলটি আহিব।
Derfor giver han dem hen, saa længe til hun, som skal føde, føder, og Resten af hans Brødre vender hjem til Israeliterne.
4 ৪ যিহোৱাৰ শক্তিৰে তেওঁ থিয় হ’ব, আৰু তেওঁৰ পশুৰ জাক চৰাব, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ নামৰ মহিমাত, তেওঁলোকে বাস কৰিব; কাৰণ তেওঁ পৃথিবীৰ শেষলৈকে মহান হ’ব।
Han skal staa og vogte i HERRENS Kraft, i HERREN sin Guds høje Navn. De skal bo trygt, thi nu skal hans Storhed naa Jordens Grænser.
5 ৫ তেঁৱেই আমাৰ শান্তি হ’ব; যেতিয়া অচূৰে আমাৰ দেশলৈ সোমাই আহিব, আৰু আমাৰ দুৰ্গবোৰৰ অহিতে তেওঁলোকে দৃঢ়ভাৱে অগ্রগতি কৰিব, তেতিয়া আমি তেওঁলোকৰ বিৰুদ্ধে সাত জন মেৰ-ছাগ ৰখীয়া, আৰু লোকসকলৰ ওপৰত আঠ জন মূখ্য লোকক তুলি ধৰিম।
Og han skal være Fred. Naar Assur trænger ind i vort Land, og naar han træder ind i vore Borge, stiller vi syv Hyrder imod ham og otte fyrstelige Mænd,
6 ৬ এই লোকসকলে তৰোৱালেৰে অচূৰৰ দেশ, আৰু নিজৰ হাতৰ তৰোৱালেৰে নিম্রোদৰ দেশ শাসন কৰিব। যেতিয়া অচূৰে আমাৰ দেশত সোমাব, আৰু আমাৰ সীমাৰ ভিতৰত খোজ দিব, তেতিয়া তেওঁ আমাক অচূৰৰ পৰা ৰক্ষা কৰিব।
som skal vogte Assurs Land med Sværd og Nimrods Land med Klinge. Og han skal fri os fra Assur, naar han trænger ind i vort Land, træder ind paa vore Enemærker.
7 ৭ বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, যিহোৱাৰ পৰা অহা নিয়ৰ, আৰু ঘাঁহত পৰা বৰষুণৰ দৰে থাকিব। সেইবোৰে মানুহৰ, আৰু মনুষ্য সন্তান সকলৰ বাবে অপেক্ষা নকৰে।
Da bliver Jakobs Rest i de mange Folkeslags Midte som Dug, der kommer fra HERREN, som Regnens Draaber paa Græs, der ikke venter paa nogen eller bier paa Menneskens Børn.
8 ৮ দেশৰ আৰু বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, জংঘলত জন্তুৰ মাজত থকা সিংহ দৰে, আৰু মেৰ-ছাগৰ জাকৰ মাজত থকা যুবা সিংহৰ দৰে থাকিব। যেতিয়া তেওঁ তেওঁলোকৰ মাজেৰে যায়, তেওঁ তেওঁলোকক গচকে আৰু ফালি টুকুৰা টুকুৰ কৰে, আৰু সেই ঠাইত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকে।
Da bliver Jakobs Rest blandt Folkene i de mange Folkeslags Midte som en Løve blandt Skovens Dyr, en Ungløve blandt Faarehjorde, der nedtramper, naar den gaar frem, og sønderriver redningsløst.
9 ৯ তোমাৰ শত্ৰুবোৰৰ বিৰুদ্ধে তোমাৰ হাত তুলি ধৰা হওক, আৰু সেয়ে তেওঁলোকক ধ্বংস কৰিব।
Din Haand skal være over dine Uvenner, alle dine Fjender ryddes bort.
10 ১০ “সেই দিনা এইদৰে ঘটিব,” যিহোৱাই কৈছে, “মই তোমালোকৰ মাজৰ পৰা তোমালোকৰ ঘোঁৰাবোৰ ধ্বংস কৰিম, আৰু তোমালোকৰ ৰথবোৰ বিনষ্ট কৰিম।
Paa hin Dag, lyder det fra HERREN, udrydder jeg Hestene af dig, dine Stridsvogne gør jeg til intet,
11 ১১ মই তোমালোকৰ দেশৰ নগৰবোৰ উচ্ছন্ন কৰিম, আৰু তোমালোকৰ দুৰ্গবোৰ ভাঙি পেলাম।
rydder Byerne bort i dit Land, river alle dine Fæstninger ned,
12 ১২ মই তোমালোকৰ হাতৰ মায়াকর্ম নষ্ট কৰিম, আৰু তোমালোকৰ কোনো গণক দীৰ্ঘ সময় নাথাকিব।
rydder Trolddommen bort af din Haand, Tegntydere faar du ej mer;
13 ১৩ মই তোমালোকৰ মাজৰ পৰা কটা-প্ৰতিমাবোৰ, আৰু তোমালোকৰ শিলৰ স্তম্ভবোৰ ধ্বংস কৰিম। তোমালোকৰ নিজৰ হাতৰ কার্যক প্ৰণিপাত কৰি নাথাকিবা;
jeg rydder dine Billeder bort, Stenstøtterne bort af din Midte og du skal ikke mer tilbede dine Hænders Værk.
14 ১৪ মই তোমালোকৰ মাজৰ পৰা আচেৰা খুঁটা বিনাশ কৰিম, আৰু মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম।
Jeg udrydder dine Asjerer og lægger dine Afguder øde;
15 ১৫ যি দেশে মোৰ কথা নুশুনে, সেই দেশৰ ওপৰত মই খং আৰু ক্ৰোধেৰে প্ৰতিকাৰ সাধিম।
i Vrede og Harme tager jeg Hævn over Folk, som ikke vil høre.