< মিখা 4 >
1 ১ কিন্তু আহি থকা দিনত এইদৰে ঘটিব, যিহোৱাৰ গৃহ থকা পৰ্ব্বতটো আন পৰ্ব্বতবোৰৰ ওপৰত স্থাপন কৰা হ’ব। এই গৃহটি পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু লোকসকল সোঁত বোৱাদি তালৈ যাব।
Nna a edi akyi no mu no, Awurade asɔredan bepɔw no betim sɛ mmepɔw no nyinaa ti; ebegye din aboro nkoko nyinaa, na nnipa ahorow bɛbɔ yuu akɔ hɔ.
2 ২ অনেক দেশৰ লোক যাব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতটোলৈ উঠোহঁক, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ যাওঁহক। তেওঁ আমাক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিব, আৰু আমি তেওঁৰ পথত চলিম;” কিয়নো চিয়োনৰ পৰা বিধান, আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য বাহিৰ ওলাব।
Aman bebree bɛba abɛka se, “Mommra mma yɛnkɔ Awurade bepɔw no so, nkɔ Yakob Nyankopɔn fi. Ɔbɛkyerɛkyerɛ yɛn nʼakwan sɛnea ɛbɛyɛ a yɛbɛnantew nʼatempɔn so.” Mmara no befi Sion aba, na Awurade asɛm afi Yerusalem.
3 ৩ তেওঁ অনেক লোকৰ মাজত বিচাৰ কৰিব, আৰু দূৰত থকা বহুতো দেশবাসীৰ বিষয়ে সিদ্ধান্ত ল’ব; তেওঁলোকে তেওঁলোকৰ তৰোৱাল ভাঙি নাঙলৰ ফাল, আৰু তেওঁলোকৰ যাঠী ভাঙি কলম দিয়া কটাৰী গঢ়াই ল’ব; এটা দেশে আন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, অথবা তেওঁলোকে যুদ্ধবিদ্যা পুনৰ নিশিকিব।
Obebu amanaman ntam atɛn na obesiesie nnipa bebree ntam asɛm. Wɔde wɔn afoa bɛbobɔ nsɔw na wɔde wɔn mpeaw ayɛ asosɔw. Ɔman bi rentwe ɔman foforo so afoa, na wɔrenyɛ ahoboa biara mma ɔko bio.
4 ৪ তাৰ পৰিৱৰ্তে প্ৰতিজন লোকে দ্ৰাক্ষাবাৰী, আৰু ডিমৰু গছৰ তলত বহিব। কোনেও তেওঁলোকক ভয় খুৱাব নোৱাৰিব; কাৰণ বাহিনীসকলৰ যিহোৱাই নিজৰ মুখেৰে এই কথা কৈছিল,
Obiara bɛtena ne bobe anaa ne borɔdɔma nnua ase, na obiara remmehunahuna wɔn, efisɛ, Asafo Awurade akasa.
5 ৫ কাৰণ সকলো লোকে নিজৰ নিজৰ দেৱতাৰ নামেৰে চলে, কিন্তু আমি চিৰকাললৈকে আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰে চলিম।
Amanaman no nyinaa betumi anantew wɔn anyame din mu, na yɛn de, yɛbɛnantew Awurade, yɛn Nyankopɔn Din mu daa daa.
6 ৬ যিহোৱাই কৈছে, “সেই দিনা মই যিসকলক দুৰ্দশাগ্রস্ত কৰিছিলোঁ, সেই পঙ্গুসকলক মই একগোট কৰিম, আৰু অনুন্নত লোকসকলক একত্রিত কৰিম।
“Saa da no,” sɛnea Awurade se ni, “Mɛboaboa mmubuafo, atukɔfo ɛne wɔn a mede awerɛhow aba wɔn so ano.
7 ৭ মই পঙ্গুক অৱশিষ্ট কৰি ৰাখিম, আৰু যিজনক দূৰ কৰা হৈছিল, তেওঁক এক বলৱান জাতি কৰিম; আৰু মই, যিহোৱাই এতিয়াৰ পৰা চিৰকাললৈকে চিয়োন পৰ্ব্বতত তেওঁলোকৰ ওপৰত ৰাজত্ব কৰিম।
Mɛma mmubuafo ayɛ me nkurɔfo wɔ asase no so, atukɔfo no bɛyɛ ɔman kɛse. Awurade bedi wɔn so hene wɔ Sion bepɔw so afi da no akosi daa.
8 ৮ তোমালোক পশুৰ জাকৰ বাবে পহৰা দিয়া দুৰ্গ, আৰু তোমালোকলৈ চিয়োন জীয়ৰীৰ পাহাৰ, পূৰ্বৰ শাসন, যিৰূচালেম জীয়ৰীৰ ৰাজ্য আহিব।
Na wo, nguankuw no abantenten, Ɔbabea Sion, abandennen, wɔde wo tete tumidi no bɛsan abrɛ wo; Ɔbabea Yerusalem nsa bɛsan aka nʼahenni.”
9 ৯ এতিয়া কিয় তোমালোকে চিঞৰি কান্দিছা? প্ৰসৱ কৰা মহিলাৰ দৰে, তোমালোকৰ যে আকস্মিক বেদনা হৈছে; তোমালোকৰ মাজত কোনো ৰজা নাই নে? আৰু তোমালোকৰ পৰামৰ্শদাতা বিনষ্ট হ’ল নে?
Adɛn nti na afei woresu dennen, wunni ɔhene ana? Wo futufo ayera, na enti ɔyaw aka wo sɛ ɔbea a ɔwɔ awoko mu?
10 ১০ চিয়োন জীয়ৰী, বেদনা অনুভৱ কৰা, প্রসৱ কৰিবলৈ লোৱা মহিলাৰ দৰে, উৎপন্ন কৰিবলৈ পৰিশ্রম কৰা, কাৰণ তোমালোক এতিয়া নগৰৰ পৰা বাহিৰ ওলাই গৈ, পথাৰত থাকিব লাগিব, আৰু বাবিললৈ যাব লাগিব; সেই ঠাইতে তোমালোকে উদ্ধাৰ পাবা, সেই ঠাইতেই যিহোৱাই তোমাৰ শত্ৰুৰ হাতৰ পৰা তোমাক মুক্ত কৰিব।
Bukabukaw wo mu wɔ yawdi mu, Ɔbabea Sion, te sɛ ɔbea a awo aka no, mprempren ɛsɛ sɛ wufi kuropɔn no mu kɔtena sare so. Wobɛkɔ Babilonia; na hɔ na wobegye wo. Ɛhɔ na Awurade begye wo afi wʼatamfo nsam.
11 ১১ এতিয়া অনেক দেশ তোমালোকৰ বিৰুদ্ধে একত্রিত হ’ব; তেওঁলোকে কৈছে, তেওঁক কলুষিত হ’ব দিয়া, আমাৰ চকুক চিয়োনক আগ্রহেৰে চাব দিয়া।”
Mprempren de, aman bebree aka abɔ mu atia wo. Wɔka se, “Wongu Sion ho fi, na yɛmfa yɛn ani nhwɛ no!”
12 ১২ ভাববাদীয়ে কৈছে, “তেওঁলোকে যিহোৱাৰ কল্পনাবোৰ নাজানে, নাইবা তেওঁলোকে তেওঁৰ আঁচনিবোৰ নুবুজে; কাৰণ তেওঁ মৰণা মৰা ঠাইত ডাঙৰি গোটোৱাৰ দৰে তেওঁলোকক গোটাইছে।”
Nanso wonnim Awurade adwene. Wɔnte nʼagyinatu ase. Wonnim sɛ ɔno na ɔboaboa wɔn ano te sɛ afiafi de kɔ awiporowbea.
13 ১৩ যিহোৱাই কৈছে, “হে চিয়োন জীয়ৰী উঠা, আৰু প্রহাৰ কৰা; কাৰণ মই তোমাৰ শিং লোহাৰ আৰু তোমাৰ খুৰা পিতলৰ কৰিম; তুমি অনেক লোকক মাৰি চূৰ্ণ কৰিবা; মই যিহোৱাই নিজৰ বাবে তেওঁলোকৰ অন্যায়ৰ সম্পত্তি উৎসৰ্গ কৰিম, তেওঁলোকৰ অধিকাৰ গোটেই পৃথিবীৰ প্ৰভুৰ উদ্দেশ্যে উৎসৰ্গ কৰিম।”
“Sɔre, na porow, Ɔbabea Sion, mɛma wo dade mmɛn; mɛma wo kɔbere tɔte na wubebubu aman bebree mu nketenkete.” Wode wɔn mfaso a wɔampɛ no ɔkwan pa so bɛbrɛ Awurade, wode wɔn ahonyade bɛbrɛ asase nyinaa so wura.