< মিখা 2 >
1 ১ যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ ক্ষমতা আছে।
Oh azok kik jogtalanságot gondolnak ki és rosszat cselekesznek fekvőhelyeiken; a reggel virradtakor megcselekszik, mert van rá mód a kezükben.
2 ২ তেওঁলোকে পথাৰলৈ লোভ কৰে আৰু সেইবোৰ কাঢ়ি লয়, আৰু তেওঁলোকে ঘৰবোৰলৈ লোভ কৰে আৰু সেইবোৰ দখল কৰি লয়; এইদৰে তেওঁলোকে মানুহ আৰু তেওঁলোকৰ ঘৰ, মানুহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰিক অত্যাচাৰ কৰে।
Megkívánnak mezőket és elrabolják, házakat, és elveszik; kifosztják a férfit és házát, embert és birtokát.
3 ৩ সেই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই এই জাতিৰ বিৰুদ্ধে দুৰ্যোগ আনিম, সেই দুৰ্যোগৰ পৰা তোমালোকে নিজৰ ডিঙি গুচাব নোৱাৰিবা, আৰু তোমালোক গৰ্ব্বেৰে চলিব নোৱাৰিবা, কাৰণ এয়া অমঙ্গলৰ সময়।
Azért így szól az Örökkévaló: Íme én kigondolok a nemzetség ellen veszedelmet, a honnan nem mozdíthatjátok el a nyakatokat, és nem járhattok magasan, mert gonosz idő az.
4 ৪ সেই দিনা তোমাৰ শত্রুসকলে বিলাপৰ কৰি ক্রন্দনেৰে তোমাৰ বিষয়ে এটি গীত গাব, তেওঁলোকে গাব, ‘আমি ইস্রায়েলীসকল সম্পূৰ্ণৰূপে ধ্বংস হলোঁ; যিহোৱাই মোৰ লোকসকলৰ অঞ্চল সলনি কৰিছে; তেওঁ ইয়াক মোৰ পৰা কেনেকৈ দূৰ কৰিব? বিদ্ৰোহী সকলক তেওঁ আমাৰ পথাৰবোৰ ভগাই দিছে।
Ama napon példázatot hangoztatnak rólatok: és jajgatnak jajgató jajgatással, mondván: Pusztítva pusztíttattunk el, népemnek osztályrészét másnak adja – mint mozdít el engem! – a hódítónak, ki mezőnket felosztja.
5 ৫ সেই বাবে যিহোৱাৰ সমাজত চিঠি খেলৰ দ্বাৰাই অঞ্চল ভাগ কৰিবলৈ ধনী লোকসকলৰ কোনো বংশধৰ নাথাকিব।
Azért nem lesz neked, ki mérőkötelet vet a sors útján az Örökkévalónak gyülekezetében!
6 ৬ “ভাববাণী প্ৰচাৰ নকৰিবা,” তেওঁলোকে কয়, “তেওঁলোকে এইবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা উচিত নহয়; আৰু নিন্দা অহা উচিত নহয়।”
Ne szónokoljatok! – szónokolják; ne szónokoljanak ezeknek, nem szűnik meg a gyalázkodás!
7 ৭ যাকোবৰ বংশক প্রকৃততে এইদৰে কোৱা উচিত নে? “যিহোৱাৰ আত্মা ক্রোধত আছে নে? এইবোৰ সঁচাই তেওঁৰ কাৰ্য নে?” যি জনে ন্যায়ত চলে, মোৰ বাক্যই তেওঁক উপকাৰ নকৰিব নে?
Mily mondás, oh Jákób háza, vajon kifogyott-e az Örökkévaló türeleme, avagy ilyenek-e az ő cselekedetei? Nemde jót tesznek szavaim az egyenesen járóval.
8 ৮ ইতিমধ্যে মোৰ লোকসকল শত্রুৰ দৰে হৈ উঠিছে; নিৰাপদে আছোঁ বুলি ভাবি যুদ্ধৰ পৰা ঘূৰি অহা সৈন্যসকলৰ দৰে, সন্দেহ নোহোৱা পথিকৰ পৰা তুমি পোচাক, আৰু বস্ত্র খুলি লৈছা;
De népem ellenében ellenségül támadnak: felül a ruhán lehúzzátok a köpenyt azokról, kik bizton vonulnak, harczból visszatérve.
9 ৯ তোমালোকে মোৰ লোকসকলৰ মহিলাসকলক তেওঁলোকৰ আনন্দদায়ক ঘৰৰ পৰা খেদি দিছা; তুমি তেওঁলোকৰ তৰুণ সন্তান সকলৰ পৰা মোৰ আশীৰ্ব্বাদ চিৰকাললৈকে কাঢ়ি লৈছা।
Népemnek asszonyait kiűzitek gyönyörködésük házából, kisdedeikről leszeditek az én ékességemet mindétig!
10 ১০ উঠা, আৰু এই ঠাই এৰি যোৱা, অশুচিতাৰ কাৰণে এই ঠাই তোমালোক থাকিবৰ বাবে নহয়; ইয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰা হ’ব।
Keljetek föl s menjetek, mert nem ez a nyugalom, a rontó tisztátalanság, az iszonyú romlás miatt.
11 ১১ মিথ্যা আত্মা আৰু মিছা কথাৰে কোনো এজনে যদি তোমাৰ ওচৰলৈ আহি কয়, “মই দ্ৰাক্ষাৰস আৰু সুৰা পানৰ বিষয়ে তোমাৰ আগত ভাববাণী প্ৰচাৰ কৰিম;” তেনেহ’লে তেওঁক এই লোকসকলৰ কাৰণে ভাববাদী হ’বলৈ বিবেচনা কৰা হ’ব।
Ha valaki, ki széllel és hamissággal jár, azt hazudja szónokolok neked borról és részegítő italról, az lenne a népnek szónokklója.
12 ১২ হে যাকোব, মই নিশ্চয়ে তোমাৰ সকলো লোকক সমবেত কৰিম; মই নিশ্চয় ইস্ৰায়েলৰ অৱশিষ্ট ভাগক একগোট কৰিম; গৰালত থকা মেৰ-ছাগবোৰৰ দৰে, আৰু চৰণীয়া পথাৰৰ মাজত থকা এজাক পশুৰ দৰে, মই তেওঁলোক একত্রিত কৰিম। অধিক লোক হোৱাৰ কাৰণে তাত কোলাহলপূৰ্ণ শব্দ হ’ব।
Gyűjtve gyűjtelek, Jákób, egészen, összehozva összehozom Izraél maradékát, egyaránt ollyá teszem, mint az akol juhait, mint nyáj a legelőjén, zajongni fognak embertől.
13 ১৩ কোনো এজনে তেওঁলোকৰ বাবে বাট ভাঙি উলিয়াবলৈ তেওঁলোকৰ আগে আগে যাব; তেওঁলোকে দুৱাৰ ভাঙিব; আৰু দুৱাৰৰ মাজেৰে বাহিৰ ওলাই যাব; তেওঁলোকৰ ৰজা তেওঁলোকৰ আগেয়ে ওলাই যাব, যিহোৱা তেওঁলোকৰ আগধৰোঁতা হ’ব।
Haladt az úttörő előttük, áttörnek és elvonulnak, a kapun mentek ki; előttük vonult királyuk, az Örökkévaló élükön!