< মথি 1 >
1 ১ যীচু খ্রীষ্ট দায়ুদৰ বংশৰ আৰু দায়ুদ অব্ৰাহামৰ বংশৰ লোক। যীচু খ্ৰীষ্টৰ বংশৰ তালিকা এই: -
อิพฺราหีม: สนฺตาโน ทายูทฺ ตสฺย สนฺตาโน ยีศุขฺรีษฺฏสฺตสฺย ปูรฺวฺวปุรุษวํศเศฺรณีฯ
2 ২ অব্ৰাহামৰ পুত্ৰ ইচহাক; ইচহাকৰ পুত্ৰ যাকোব; যাকোবৰ পুত্ৰ যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েক সকল;
อิพฺราหีม: ปุตฺร อิสฺหากฺ ตสฺย ปุโตฺร ยากูพฺ ตสฺย ปุโตฺร ยิหูทาสฺตสฺย ภฺราตรศฺจฯ
3 ৩ যিহূদাৰ পুত্ৰ পেৰচ আৰু চেৰহৰ, তেওঁলোকৰ মাক আছিল তামাৰ৷ পেৰচৰ পুত্ৰ হিষ্ৰোণ; হিষ্ৰোণৰ পুত্ৰ ৰাম৷
ตสฺมาทฺ ยิหูทาตสฺตามโร ครฺเภ เปรเสฺสรเหา ชชฺญาเต, ตสฺย เปรส: ปุโตฺร หิโษฺรณฺ ตสฺย ปุโตฺร 'รามฺฯ
4 ৪ ৰামৰ পুত্ৰ অম্মীনাদব; অম্মীনাদবৰ পুত্ৰ নহচোন; নহচোনৰ পুত্ৰ চলমোন৷
ตสฺย ปุโตฺร 'มฺมีนาทพฺ ตสฺย ปุโตฺร นหโศนฺ ตสฺย ปุตฺร: สลฺโมนฺฯ
5 ৫ চলমোনৰ পুত্ৰ বোৱজ - তেওঁৰ মাক আছিল ৰাহব৷ বোৱজৰ পুত্ৰ ওবেদ তেওঁৰ মাক আছিল ৰূথ৷ ওবেদৰ পুত্ৰ যিচয়;
ตสฺมาทฺ ราหโพ ครฺเภ โพยมฺ ชชฺเญ, ตสฺมาทฺ รูโต ครฺเภ โอเพทฺ ชชฺเญ, ตสฺย ปุโตฺร ยิศย: ฯ
6 ৬ যিচয়ৰ পুত্ৰ দায়ুদ ৰজা। দায়ুদৰ পুত্র চলোমন, তেওঁৰ মাক আছিল উৰিয়াৰ ভাৰ্যা।
ตสฺย ปุโตฺร ทายูทฺ ราช: ตสฺมาทฺ มฺฤโตริยสฺย ชายายำ สุเลมานฺ ชชฺเญฯ
7 ৭ চলোমনৰ পুত্ৰ ৰহবিয়াম; ৰহবিয়ামৰ পুত্ৰ অবিয়৷ অবিয়ৰ পুত্ৰ আচা;
ตสฺย ปุโตฺร ริหพิยามฺ, ตสฺย ปุโตฺร'พิย: , ตสฺย ปุตฺร อาสา: ฯ
8 ৮ আচাৰ পুত্ৰ যিহোচাফট৷ যিহোচাফটৰ পুত্ৰ যোৰাম; যোৰামৰ পুত্ৰ উচিয়৷
ตสฺย สุโต ยิโหศาผฏฺ ตสฺย สุโต ยิโหราม ตสฺย สุต อุษิย: ฯ
9 ৯ উচিয়ৰ পুত্ৰ যোথম; যোথমৰ পুত্ৰ আহচ; আহচৰ পুত্ৰ হিস্কিয়া৷
ตสฺย สุโต โยถมฺ ตสฺย สุต อาหมฺ ตสฺย สุโต หิษฺกิย: ฯ
10 ১০ হিস্কিয়াৰ পুত্ৰ মনচি; মনচিৰ পুত্ৰ আমোন; আমোনৰ পুত্ৰ যোচিয়া৷
ตสฺย สุโต มินศิ: , ตสฺย สุต อาโมนฺ ตสฺย สุโต โยศิย: ฯ
11 ১১ যোচিয়াৰ পুত্র যেখনীয়া আৰু তেওঁৰ ভায়েক সকল। ইস্ৰায়েল জাতিক বাবিল দেশলৈ বন্দী হিচাপে লৈ যোৱাৰ সময়ত এওঁলোক আছিল।
พาพิลฺนคเร ปฺรวสนาตฺ ปูรฺวฺวํ ส โยศิโย ยิขนิยํ ตสฺย ภฺราตฺฤํศฺจ ชนยามาสฯ
12 ১২ বাবিল দেশলৈ নিয়াৰ পাছত যেখনীয়াৰ পুত্ৰ চল্টীয়েলৰ জন্ম হ’ল৷ চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল;
ตโต พาพิลิ ปฺรวสนกาเล ยิขนิย: ศลฺตีเยลํ ชนยามาส, ตสฺย สุต: สิรุพฺพาวิลฺฯ
13 ১৩ জৰুব্বাবিলৰ পুত্ৰ আবীহূদ৷ আবীহূদৰ পুত্ৰ ইলীয়াকীম; ইলীয়াকীমৰ পুত্ৰ আচোৰ৷
ตสฺย สุโต 'โพหุทฺ ตสฺย สุต อิลียากีมฺ ตสฺย สุโต'โสรฺฯ
14 ১৪ আচোৰৰ পুত্ৰ চাদোক; চাদোকৰ পুত্ৰ আখীম৷ আখীমৰ পুত্ৰ ইলীহূদ;
อโสร: สุต: สาโทกฺ ตสฺย สุต อาขีมฺ ตสฺย สุต อิลีหูทฺฯ
15 ১৫ ইলীহূদৰ পুত্ৰ ইলিয়াচৰ৷ ইলিয়াচৰৰ পুত্ৰ মত্তন; মত্তনৰ পুত্ৰ যাকোব৷
ตสฺย สุต อิลิยาสรฺ ตสฺย สุโต มตฺตนฺฯ
16 ১৬ যাকোবৰ পুত্ৰ যোচেফ; তেওঁ মৰিয়মৰ স্বামী আৰু এই মৰিয়মৰ গর্ভত যীচুৰ জন্ম হয়, যি জনক খ্ৰীষ্ট বোলা হয়।
ตสฺย สุโต ยากูพฺ ตสฺย สุโต ยูษผฺ ตสฺย ชายา มริยมฺ; ตสฺย ครฺเภ ยีศุรชนิ, ตเมว ขฺรีษฺฏมฺ (อรฺถาทฺ อภิษิกฺตํ) วทนฺติฯ
17 ১৭ এইদৰে অব্ৰাহামৰ পৰা দায়ুদ লৈ মুঠ চৌদ্ধ পুৰুষ; দায়ুদৰ পৰা বাবিল দেশলৈ বন্দী কৰি নিয়া পর্যন্ত মুঠ চৌদ্ধ পুৰুষ; পুণৰ বাবিললৈ বন্দী কৰি নিয়াৰ পাছৰ পৰা খ্ৰীষ্টলৈ মুঠ চৌদ্ধ পুৰুষ।
อิตฺถมฺ อิพฺราหีโม ทายูทํ ยาวตฺ สากเลฺยน จตุรฺทศปุรุษา: ; อา ทายูท: กาลาทฺ พาพิลิ ปฺรวสนกาลํ ยาวตฺ จตุรฺทศปุรุษา ภวนฺติฯ พาพิลิ ปฺรวาสนกาลาตฺ ขฺรีษฺฏสฺย กาลํ ยาวตฺ จตุรฺทศปุรุษา ภวนฺติฯ
18 ১৮ যীচু খ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল৷ যীচুৰ মাক মৰিয়মক যোচেফলৈ বাগ্দান কৰা হৈছিল, কিন্তু তেওঁলোক একেলগ হোৱাৰ পূৰ্বেই মৰিয়মে পবিত্ৰ আত্মাৰ শক্তিত গৰ্ভৱতী হোৱা অনুভৱ কৰিলে।
ยีศุขฺรีษฺฏสฺย ชนฺม กถฺถเตฯ มริยมฺ นามิกา กนฺยา ยูษเผ วาคฺทตฺตาสีตฺ, ตทา ตโย: สงฺคมาตฺ ปฺรากฺ สา กนฺยา ปวิเตฺรณาตฺมนา ครฺภวตี พภูวฯ
19 ১৯ তেওঁৰ স্বামী যোচেফ এজন ধাৰ্মিক লোক হোৱাত মৰিয়মক মানুহৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি, গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে।
ตตฺร ตสฺยา: ปติ รฺยูษผฺ เสาชนฺยาตฺ ตสฺยา: กลงฺคํ ปฺรกาศยิตุมฺ อนิจฺฉนฺ โคปเนเน ตำ ปาริตฺยกฺตุํ มนศฺจเกฺรฯ
20 ২০ কিন্তু তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া প্ৰভুৰ এজন দূত আহি সপোনত তেওঁক দৰ্শন দি ক’লে, “হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে।
ส ตไถว ภาวยติ, ตทานีํ ปรเมศฺวรสฺย ทูต: สฺวปฺเน ตํ ทรฺศนํ ทตฺตฺวา วฺยาชหาร, เห ทายูท: สนฺตาน ยูษผฺ ตฺวํ นิชำ ชายำ มริยมมฺ อาทาตุํ มา ไภษี: ฯ
21 ২১ তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপ সমূহৰ পৰা মুক্ত কৰিব।”
ยตสฺตสฺยา ครฺภ: ปวิตฺราทาตฺมโน'ภวตฺ, สา จ ปุตฺรํ ปฺรสวิษฺยเต, ตทา ตฺวํ ตสฺย นาม ยีศุมฺ (อรฺถาตฺ ตฺราตารํ) กรีษฺยเส, ยสฺมาตฺ ส นิชมนุชานฺ เตษำ กลุเษภฺย อุทฺธริษฺยติฯ
22 ২২ এই সকলো ঘটিছিল যাতে ভাৱবাদীৰ দ্বাৰাই প্ৰভুৱে এই যি বচন কোৱাইছিল সেয়া পূর্ণ হয়:
อิตฺถํ สติ, ปศฺย ครฺภวตี กนฺยา ตนยํ ปฺรสวิษฺยเตฯ อิมฺมานูเยลฺ ตทียญฺจ นามเธยํ ภวิษฺยติ๚ อิมฺมานูเยลฺ อสฺมากํ สงฺคีศฺวรอิตฺยรฺถ: ฯ
23 ২৩ “চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ।
อิติ ยทฺ วจนํ ปุรฺวฺวํ ภวิษฺยทฺวกฺตฺรา อีศฺวร: กถายามาส, ตตฺ ตทานีํ สิทฺธมภวตฺฯ
24 ২৪ পাছত যোচেফে টোপনিৰ পৰা সাৰ পাই উঠি, প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে নিজৰ ভাৰ্য্যাৰূপে মৰিয়মক গ্ৰহণ কৰিলে।
อนนฺตรํ ยูษผฺ นิทฺราโต ชาคริต อุตฺถาย ปรเมศฺวรียทูตสฺย นิเทศานุสาเรณ นิชำ ชายำ ชคฺราห,
25 ২৫ কিন্তু পুত্ৰ প্ৰসৱ নকৰা পর্যন্ত যোচেফে তেওঁৰ সৈতে সহবাস নকৰিলে। পাছত যোচেফে সেই সন্তানৰ নাম যীচু থলে।
กินฺตุ ยาวตฺ สา นิชํ ปฺรถมสุตํ อ สุษุเว, ตาวตฺ ตำ โนปาคจฺฉตฺ, ตต: สุตสฺย นาม ยีศุํ จเกฺรฯ