< মথি 9 >
1 ১ পাছত যীচুৱে নাৱত উঠি সাগৰ পাৰ হৈ নিজৰ নগৰলৈ আহিল।
Då steg han i skeppet, och for utöfver igen, och kom uti sin stad.
2 ২ এনেতে কেইজনমান লোকে বিচনাত পৰি থকা এজন পক্ষাঘাত ৰোগত আক্রান্ত অৱশ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। সেই লোক সকলৰ দৃঢ় আস্থা দেখি যীচুৱে ৰোগীজনক ক’লে, “বোপা, নিৰ্ভয় হোৱা; তোমাৰ সকলো পাপ ক্ষমা কৰা হ’ল।”
Och si, de hade in för honom en borttagnan, som låg uti ene säng. När nu Jesus såg deras tro, sade han till den borttagna: Var vid ett godt mod, min son, dina synder förlåtas dig.
3 ৩ তেতিয়া বিধানৰ অধ্যাপক কেইজনমানে নিজৰ মাজতে মনে মনে কবলৈ ধৰিলে, “এই মানুহ জনে ঈশ্বৰৰ নিন্দা কৰিছে।”
Och si, somlige utaf de Skriftlärda sade vid sig sjelfva: Denne häder Gud.
4 ৪ যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, ‘আপোনালোকে মনে মনে বেয়া চিন্তা কৰিছে কিয়?’
Men när Jesus såg deras tankar, sade han: Hvi tänken I ondt i edor hjerta?
5 ৫ কোনটো কোৱা সহজ- ‘তোমাৰ পাপ সমূহ ক্ষমা কৰা হ’ল’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’?
Hvilket är lättare säga: Dina synder förlåtas dig; eller säga: Statt upp, och gack?
6 ৬ কিন্তু আপোনালোকে যেন জানিব পাৰে যে, এই পৃথিৱীত পাপ ক্ষমা কৰাৰ ক্ষমতা মানুহৰ পুত্ৰৰ আছে’; ইয়াকে কৈ যীচুৱে সেই ৰোগীজনক ক’লে, ‘উঠা, তোমাৰ শয্যা তুলি লোৱা আৰু নিজৰ ঘৰলৈ যোৱা।’
Men på det I skolen veta, att menniskones Son hafver magt på jordene till att förlåta synder, sade han till den borttagna: Statt upp, tag dina säng, och gack i ditt hus.
7 ৭ তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গ’ল।
Och han stod upp, och gick hem.
8 ৮ ইয়াকে দেখি লোক সকলৰ ভয় লাগিল আৰু ঈশ্বৰে মানুহক এনে ক্ষমতা দিয়াৰ কাৰণে ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে।
När folket det såg, förundrade de sig, och prisade Gud, som sådana magt hade gifvit menniskom.
9 ৯ যীচু যেতিয়া সেই ঠাইৰ পৰা গৈ আছিল, তেতিয়া মথি নামেৰে এজন মানুহক কৰ সংগ্ৰহ কৰা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক ক’লে, “মোৰ পাছত আহা।” মথিয়ে তেতিয়াই উঠি তেওঁৰ পাছে পাছে গ’ল।
Och när Jesus gick dädan, såg han en man sittandes vid tullen, som het Mattheus; och han sade till honom: Följ mig. Då stod han upp, och följde honom.
10 ১০ ইয়াৰ পাছত যীচুৱে মথিৰ ঘৰত ভোজন কৰিবলৈ বহিল। তাত কৰ সংগ্রহকৰী আৰু পাপী লোক সকল আহি যীচু আৰু তেওঁৰ শিষ্য সকলৰ লগত ভোজনত বহিল।
Och det begaf sig att, när han satt vid bord i hans hus, si, der kommo månge Publicaner och syndare, och såto till bords med Jesu och hans Lärjungar.
11 ১১ ফৰীচী সকলে ইয়াকে দেখি যীচুৰ শিষ্য সকলক সুধিলে, “তোমালোকৰ গুৰুৱে কৰ সংগ্রহকৰী আৰু ‘পাপী লোক’ সকলৰ সৈতে কিয় ভোজন কৰে?”
När de Phariseer det sågo, sade de till hans Lärjungar: Hvi äter edar mästare med Publicaner och syndare?
12 ১২ এই কথা শুনি যীচুৱে ক’লে, “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্রয়োজন নাই; কিন্তু ৰোগী সকলৰ কাৰণেহে প্রয়োজন আছে।
När Jesus det hörde, sade han till dem: De helbregda behöfva icke läkare, utan de kranke;
13 ১৩ “মই বলিদান নোখোজো, দয়াহে বিচাৰো,”শাস্ত্রৰ এই কথাষাৰৰ অৰ্থ কি সেই বিষয়ে শিকি আহাগৈ। কিয়নো মই ধাৰ্মিক লোকক মন-পালটন কৰিবৰ বাবে নিমন্ত্রণ কৰা নাই, কিন্তু পাপী লোকক নিমন্ত্ৰণ কৰিবৰ বাবেহে মই আহিছোঁ।”
Men går, och lärer hvad det är: Jag hafver lust till barmhertighet, och icke till offer; jag är icke kommen till att kalla de rättfärdiga, utan syndare till bättring.
14 ১৪ তাৰ পাছত যোহনৰ শিষ্য সকলে যীচুৰ ওচৰলৈ আহি ক’লে, “আমি আৰু ফৰীচী সকলে প্রায়েই লঘোন দিওঁ, কিন্তু আপোনাৰ শিষ্য সকলে কিয় লঘোন নিদিয়ে?”
Då kommo till honom Johannis Lärjungar, och sade: Hvi faste vi och Phariseerna så mycket, och dine Lärjungar fasta intet?
15 ১৫ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দৰা লগত থাকোতে জানো দৰাৰ সখি সকলে শোক কৰিব পাৰে? কিন্তু এনে দিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হ’ব; তেতিয়া তেওঁলোকেও লঘোন দিব।”
Då sade Jesus till dem: Huru kan bröllopsfolket sörja, så länge brudgummen är när dem? Men de dagar skola komma, att brudgummen skall tagas ifrå dem, och då skola de fasta.
16 ১৬ “কোনেও পুৰণি বস্ত্ৰত নতুন কাপোৰৰ টাপলি নামাৰে; কিয়নো টাপলি মাৰা নতুন কাপোৰ ডোখৰে সেই বস্ত্ৰক ফালি নিয়ে; তাতে ফটা ডোখৰ বেচিকৈহে ফাটে।”
Ingen lappar ett gammalt kläde med en ny klut; ty han rifver likväl kluten af klädena igen, och hålet blifver värre.
17 ১৭ এনেদৰে কোনো মানুহে নতুন দ্ৰাক্ষাৰসচামৰাৰ পুৰণি মোটতনথয়; যদি থয়, মোটবোৰ ফাটি গৈ সেই দ্রাক্ষাৰস পৰি যায় আৰু মোটবোৰো নষ্ট হয়। বৰং মানুহে নতুন দ্ৰাক্ষাৰস নতুন মোটতহে থয়, আৰু তেতিয়াহে দুয়ো সুৰক্ষিত থাকে।”
Ej heller låter man nytt vin i gamla flaskor; annars gå flaskorna sönder, och vinet spilles ut, och flaskorna förderfvas; utan man låter nytt vin i nya flaskor, så blifver både förvarad.
18 ১৮ যীচুৱে লোক সকলক যেতিয়া এইবোৰ কথা কৈ আছিল, তেতিয়া এজন শাসনকর্তাই আহি তেওঁক প্ৰণিপাত কৰি ক’লে, “মোৰ ছোৱালী জনীৰ এইমাত্র মৃত্যু হ’ল; আপুনি আহি তাইৰ ওপৰত হাত ৰাখক, তাতে তাই জীয়াই উঠিব।”
Vid han detta talade till dem, si, då kom en öfverste, och tillbad honom, och sade: Herre, min dotter är nu straxt blifven död; men kom, och lägg dina hand på henne, så blifver hon lefvandes.
19 ১৯ তেতিয়া যীচু আৰু তেওঁৰ শিষ্য সকলে উঠি তেওঁৰ পাছে পাছে গ’ল।
Jesus stod upp, och följde honom, och hans Lärjungar.
20 ২০ সেই সময়তে এগৰাকী মহিলাই পাছফালৰ পৰা যীচুৰ ওচৰলৈ আহি তেওঁৰ কাপোৰৰ দহি চুলে; সেই মহিলা গৰাকী বাৰ বছৰ ধৰি ৰক্তস্রাৱ ৰোগত ভুগি আছিল।
Och si, en qvinna, som hade lidit blodgång i tolf år, gick bakefter honom, och kom vid hans klädafåll;
21 ২১ তেওঁ মনে মনে ভাৱিছিল, “যদি মই যীচুৰ কাপোৰ খনকে অকল চুব পাৰোঁ, তেনেহলেও মই ভাল হৈ যাম।”
Ty hon sade vid sig sjelf: Måtte jag allenast komma vid hans kläder, så blefve jag helbregda.
22 ২২ যীচুৱে মুখ ঘূৰাই তেওঁক দেখি ক’লে, “ভনী, নিৰ্ভয় হোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে।” সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ’ল।
Då vände Jesus sig om, och som han såg henne, sade han: Var vid goda tröst, dotter, din tro hafver hulpit dig. Och qvinnan vardt helbregda i samma stund.
23 ২৩ তাৰ পাছত যীচু সেই শাসনকৰ্তাৰ ঘৰলৈ গ’ল। তাত তেওঁ বাঁহীবাদক সকলক দেখিলে আৰু লোক সকলে হুলস্থুল কৰি থকা দেখা পালে।
Och när Jesus kom i öfverstans hus, och såg piparena, och folket sorlande,
24 ২৪ যীচুৱে ক’লে, “চাওঁ, তোমালোক আতৰ হোৱা। ছোৱালী জনী মৰা নাই, টোপনি গৈছে।” এই কথা শুনি তেওঁলোকে হাঁহিবলৈ ধৰিলে।
Sade han till dem: Går edra färde; pigan är icke död, men hon sofver. Och de gjorde spe af honom.
25 ২৫ পাছত লোক সকলক ঘৰৰ পৰা বাহিৰ কৰি দিয়াত যীচু ভিতৰলৈ গ’ল আৰু ছোৱালী জনীৰ হাতত ধৰিলে; তেতিয়া তাই উঠিল।
När nu folket var utdrifvet, gick han in, och tog henne i handen; och pigan stod upp.
26 ২৬ পাছত সেই অঞ্চলৰ সকলো ঠাইতে এই ঘটনাৰ বিষয়ে বিয়পি পৰিল।
Och detta ryktet gick öfver det hela landet.
27 ২৭ যীচু তাৰ পৰা যাওঁতে দুজন অন্ধ লোক তেওঁৰ পাছে পাছে গ’ল। তেওঁলোকে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক।”
Och när Jesus gick dädan, följde honom två blinde; de ropade, och sade: O Davids Son, förbarma dig öfver oss.
28 ২৮ পাছত যীচু যেতিয়া ঘৰ আহি পালে, সেই অন্ধ দুজন তেওঁৰ ওচৰলৈ আহিল। তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “মই এই কম কৰিব পাৰোঁ বুলি তোমালোকে বিশ্বাস কৰা নে?” তেওঁলোকে তেওঁক ক’লে, “হয় প্ৰভু, কৰোঁ।”
Och när han kom i huset, stego de blinde fram till honom; och Jesus sade till dem: Tron I, att jag kan detta göra eder? Då sade de till honom: Ja, Herre.
29 ২৯ তেতিয়া তেওঁ তেওঁলোকৰ চকু চুই ক’লে, “তোমালোকে যেনেদৰে বিশ্বাস কৰিছা, তোমালোকৰ প্রতি সেইদৰেই হওক।”
Då tog han på deras ögon, och sade: Ske eder efter edra tro.
30 ৩০ সেই মুহুর্ততে তেওঁলোকৰ চকু মুকলি হ’ল। তাৰ পাছত যীচুৱে তেওঁলোকক কঠোৰভাৱে সাৱধান কৰি দি ক’লে, “চাবা, এই বিষয়ে যেন কোনেও নাজানে।”
Och deras ögon vordo öppnade; och Jesus hotade dem, sägandes: Ser till, att ingen får detta veta.
31 ৩১ কিন্তু তেওঁলোকে ওলাই গৈ সেই এলেকাৰ সকলো ঠাইতে এই বিষয়ে কৈ ফুৰিলে।
Men de gingo ut, och beryktade honom i det hela landet.
32 ৩২ সেই দুজন মানুহ যেতিয়া ওলাই গ’ল, সেই সময়তে কিছুমান মানুহে ভূতে পোৱা এজন বোবা লোকক যীচুৰ ওচৰলৈ আনিলে।
När desse voro utgångne, si, då hade de ena mennisko fram för honom, som var en dumbe och besatt.
33 ৩৩ যীচুৱে সেই ভূতক খেদোৱাৰ পাছত বোবা মানুহ জনে কথা কবলৈ ধৰিলে। ইয়াকে দেখি সকলো মানুহে আচৰিত হৈ ক’লে, “ইস্ৰায়েল দেশত আগেয়ে কেতিয়াও এনেকুৱা দেখা পোৱা নাই!”
Och när djefvulen var utdrifven, talade dumben. Och folket förundrade sig, och sade: Sådant hafver aldrig varit sedt i Israel.
34 ৩৪ কিন্তু ফৰীচী সকলে ক’লে, “সি ভূতবোৰৰ ৰজা চয়তানৰ সহায়ত ভূতক খেদায়।”
Men de Phariseer sade: Med den öfversta djefvulen drifver han djeflar ut.
35 ৩৫ যীচুৱে সকলো নগৰ আৰু গাওঁবোৰত গৈ ইহুদী সকলৰ নাম-ঘৰবোৰত উপদেশ দিলে আৰু ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ বাহিৰেও তেওঁ সকলো ধৰণৰ ৰোগ-ব্যাধিত পৰি থকা লোক সকলক সুস্থতা দান কৰিলে।
Och Jesus gick omkring i alla städer och byar, lärde i deras Synagogor, och predikade Evangelium om riket, och helade allahanda sjuko, och allahanda krankhet ibland folket.
36 ৩৬ তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল।
Och när han såg folket, ömkade han sig öfver dem, att de voro förlåtne och förskingrade, som de får som ingen herdan hade.
37 ৩৭ তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ।
Då sade han till sina Lärjungar: Säden är mycken, och arbetarena äro få.
38 ৩৮ এই হেতুকে শস্যৰ গৰাকীৰ ওচৰত প্রার্থনা কৰা, যাতে তেওঁ নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠাই দিয়ে।”
Beder fördenskull sädenes Herra, att han sänder arbetare i sina säd.