< মথি 9 >
1 ১ পাছত যীচুৱে নাৱত উঠি সাগৰ পাৰ হৈ নিজৰ নগৰলৈ আহিল।
Yesu analowa mʼbwato nawoloka, ndipo anabwera ku mudzi wa kwawo.
2 ২ এনেতে কেইজনমান লোকে বিচনাত পৰি থকা এজন পক্ষাঘাত ৰোগত আক্রান্ত অৱশ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। সেই লোক সকলৰ দৃঢ় আস্থা দেখি যীচুৱে ৰোগীজনক ক’লে, “বোপা, নিৰ্ভয় হোৱা; তোমাৰ সকলো পাপ ক্ষমা কৰা হ’ল।”
Amuna ena anabwera ndi munthu wakufa ziwalo kwa Iye atamugoneka pa mphasa. Yesu ataona chikhulupiriro chawo anati kwa wakufa ziwaloyo, “Limba mtima mwana wanga, machimo ako akhululukidwa.”
3 ৩ তেতিয়া বিধানৰ অধ্যাপক কেইজনমানে নিজৰ মাজতে মনে মনে কবলৈ ধৰিলে, “এই মানুহ জনে ঈশ্বৰৰ নিন্দা কৰিছে।”
Pamenepo aphunzitsi ena amalamulo anaganiza mu mtima mwawo kuti, “Munthu uyu akuchitira Mulungu mwano.”
4 ৪ যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, ‘আপোনালোকে মনে মনে বেয়া চিন্তা কৰিছে কিয়?’
Ndipo podziwa maganizo awo Yesu anati, “Bwanji mukuganiza zoyipa mʼmitima mwanu?
5 ৫ কোনটো কোৱা সহজ- ‘তোমাৰ পাপ সমূহ ক্ষমা কৰা হ’ল’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’?
Chapafupi ndi chiti kunena kuti, ‘Machimo ako akhululukidwa’ kapena kunena kuti, ‘Imirira ndipo yenda?’
6 ৬ কিন্তু আপোনালোকে যেন জানিব পাৰে যে, এই পৃথিৱীত পাপ ক্ষমা কৰাৰ ক্ষমতা মানুহৰ পুত্ৰৰ আছে’; ইয়াকে কৈ যীচুৱে সেই ৰোগীজনক ক’লে, ‘উঠা, তোমাৰ শয্যা তুলি লোৱা আৰু নিজৰ ঘৰলৈ যোৱা।’
Tsono kuti mudziwe kuti Mwana wa Munthu ali ndi ulamuliro pa dziko wokhululuka machimo, pamenepo anati kwa wakufa ziwaloyo, ‘Imirira, tenga mphasa yako kazipita kwanu.’”
7 ৭ তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গ’ল।
Ndipo munthuyo anayimirira napita kwawo.
8 ৮ ইয়াকে দেখি লোক সকলৰ ভয় লাগিল আৰু ঈশ্বৰে মানুহক এনে ক্ষমতা দিয়াৰ কাৰণে ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে।
Gulu la anthu litaona izi, linadzazidwa ndi mantha ndipo linalemekeza Mulungu amene anapereka ulamuliro kwa anthu.
9 ৯ যীচু যেতিয়া সেই ঠাইৰ পৰা গৈ আছিল, তেতিয়া মথি নামেৰে এজন মানুহক কৰ সংগ্ৰহ কৰা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক ক’লে, “মোৰ পাছত আহা।” মথিয়ে তেতিয়াই উঠি তেওঁৰ পাছে পাছে গ’ল।
Ndipo Yesu atachoka kumeneko, anaona munthu wina dzina lake Mateyu, atakhala mʼnyumba ya msonkho. Anati kwa iye, “Nditsate Ine.” Ndipo iye ananyamuka namutsata.
10 ১০ ইয়াৰ পাছত যীচুৱে মথিৰ ঘৰত ভোজন কৰিবলৈ বহিল। তাত কৰ সংগ্রহকৰী আৰু পাপী লোক সকল আহি যীচু আৰু তেওঁৰ শিষ্য সকলৰ লগত ভোজনত বহিল।
Ndipo pamene Iye ankadya mʼnyumba, onani, amisonkho ndi ochimwa ambiri anabwera nakhala pansi pamodzi ndi Yesu ndi ophunzira ake.
11 ১১ ফৰীচী সকলে ইয়াকে দেখি যীচুৰ শিষ্য সকলক সুধিলে, “তোমালোকৰ গুৰুৱে কৰ সংগ্রহকৰী আৰু ‘পাপী লোক’ সকলৰ সৈতে কিয় ভোজন কৰে?”
Ndipo Afarisi poona izi, anati kwa ophunzira ake, “Nʼchifukwa chiyani Aphunzitsi anu akudya pamodzi ndi amisonkho ndi ochimwa?”
12 ১২ এই কথা শুনি যীচুৱে ক’লে, “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্রয়োজন নাই; কিন্তু ৰোগী সকলৰ কাৰণেহে প্রয়োজন আছে।
Yesu atamva, anati, “Munthu wamoyo safuna singʼanga ayi, koma wodwala.
13 ১৩ “মই বলিদান নোখোজো, দয়াহে বিচাৰো,”শাস্ত্রৰ এই কথাষাৰৰ অৰ্থ কি সেই বিষয়ে শিকি আহাগৈ। কিয়নো মই ধাৰ্মিক লোকক মন-পালটন কৰিবৰ বাবে নিমন্ত্রণ কৰা নাই, কিন্তু পাপী লোকক নিমন্ত্ৰণ কৰিবৰ বাবেহে মই আহিছোঁ।”
Koma pitani kaphunzireni tanthauzo la mawu awa: ‘Ndimafuna chifundo osati nsembe ayi.’ Pakuti sindinabwere kudzayitana olungama koma ochimwa.”
14 ১৪ তাৰ পাছত যোহনৰ শিষ্য সকলে যীচুৰ ওচৰলৈ আহি ক’লে, “আমি আৰু ফৰীচী সকলে প্রায়েই লঘোন দিওঁ, কিন্তু আপোনাৰ শিষ্য সকলে কিয় লঘোন নিদিয়ে?”
Ndipo ophunzira a Yohane anabwera namufunsa Iye kuti, “Bwanji ife ndi Afarisi timasala kudya koma ophunzira anu sasala kudya?”
15 ১৫ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দৰা লগত থাকোতে জানো দৰাৰ সখি সকলে শোক কৰিব পাৰে? কিন্তু এনে দিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হ’ব; তেতিয়া তেওঁলোকেও লঘোন দিব।”
Yesu anayankha kuti, “Kodi oyitanidwa ku ukwati angamalire bwanji pamene mkwati ali naye pamodzi? Nthawi idzafika pamene mkwatiyo adzachotsedwa ndi pamene adzasala kudya.”
16 ১৬ “কোনেও পুৰণি বস্ত্ৰত নতুন কাপোৰৰ টাপলি নামাৰে; কিয়নো টাপলি মাৰা নতুন কাপোৰ ডোখৰে সেই বস্ত্ৰক ফালি নিয়ে; তাতে ফটা ডোখৰ বেচিকৈহে ফাটে।”
Ndipo palibe munthu amasokerera chigamba chatsopano pa chovala chakale chifukwa chigambacho chidzachoka ndipo chibowocho chidzakula kuposa kale.
17 ১৭ এনেদৰে কোনো মানুহে নতুন দ্ৰাক্ষাৰসচামৰাৰ পুৰণি মোটতনথয়; যদি থয়, মোটবোৰ ফাটি গৈ সেই দ্রাক্ষাৰস পৰি যায় আৰু মোটবোৰো নষ্ট হয়। বৰং মানুহে নতুন দ্ৰাক্ষাৰস নতুন মোটতহে থয়, আৰু তেতিয়াহে দুয়ো সুৰক্ষিত থাকে।”
Kapena sathira vinyo watsopano mʼmatumba akale; akatero, matumba akalewo adzaphulika ndipo vinyoyo adzatayika, matumbawo adzawonongeka; satero ayi. Amathira vinyo watsopano mʼmatumba atsopanonso ndipo zonse zimasungika.
18 ১৮ যীচুৱে লোক সকলক যেতিয়া এইবোৰ কথা কৈ আছিল, তেতিয়া এজন শাসনকর্তাই আহি তেওঁক প্ৰণিপাত কৰি ক’লে, “মোৰ ছোৱালী জনীৰ এইমাত্র মৃত্যু হ’ল; আপুনি আহি তাইৰ ওপৰত হাত ৰাখক, তাতে তাই জীয়াই উঠিব।”
Pamene ankanena zimenezi, mkulu wa sunagoge anabwera namugwadira Iye nati, “Mwana wanga wamkazi wamwalira posachedwapa koma tiyeni mukasanjike dzanja lanu pa iye ndipo adzakhala ndi moyo.”
19 ১৯ তেতিয়া যীচু আৰু তেওঁৰ শিষ্য সকলে উঠি তেওঁৰ পাছে পাছে গ’ল।
Yesu ndi ophunzira ake ananyamuka napita naye pamodzi.
20 ২০ সেই সময়তে এগৰাকী মহিলাই পাছফালৰ পৰা যীচুৰ ওচৰলৈ আহি তেওঁৰ কাপোৰৰ দহি চুলে; সেই মহিলা গৰাকী বাৰ বছৰ ধৰি ৰক্তস্রাৱ ৰোগত ভুগি আছিল।
Panali mayi wina amene ankadwala nthenda yotaya magazi kwa zaka khumi ndi ziwiri ndipo anadza mʼmbuyo mwake nakhudza mkanjo wake.
21 ২১ তেওঁ মনে মনে ভাৱিছিল, “যদি মই যীচুৰ কাপোৰ খনকে অকল চুব পাৰোঁ, তেনেহলেও মই ভাল হৈ যাম।”
Iyeyo anati mwa iye yekha, “Nditangokhudza kasonga ka mkanjo wake, ine ndidzachiritsidwa.”
22 ২২ যীচুৱে মুখ ঘূৰাই তেওঁক দেখি ক’লে, “ভনী, নিৰ্ভয় হোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে।” সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ’ল।
Ndipo Yesu anatembenuka namuona mayiyo nati, “Limbani mtima mayi iwe, chikhulupiriro chako chakuchiritsa.” Nthawi yomweyo mayiyo anachiritsidwa.
23 ২৩ তাৰ পাছত যীচু সেই শাসনকৰ্তাৰ ঘৰলৈ গ’ল। তাত তেওঁ বাঁহীবাদক সকলক দেখিলে আৰু লোক সকলে হুলস্থুল কৰি থকা দেখা পালে।
Yesu atalowa mʼnyumba ya mkulu wa sunagoge ndi kuona oyimba zitoliro ndi gulu la anthu ochita phokoso,
24 ২৪ যীচুৱে ক’লে, “চাওঁ, তোমালোক আতৰ হোৱা। ছোৱালী জনী মৰা নাই, টোপনি গৈছে।” এই কথা শুনি তেওঁলোকে হাঁহিবলৈ ধৰিলে।
anati, “Tulukani, mtsikanayu sanafe koma ali mtulo.” Koma anamuseka Iye.
25 ২৫ পাছত লোক সকলক ঘৰৰ পৰা বাহিৰ কৰি দিয়াত যীচু ভিতৰলৈ গ’ল আৰু ছোৱালী জনীৰ হাতত ধৰিলে; তেতিয়া তাই উঠিল।
Atangowatulutsa anthuwo, analowa mʼnyumba ndipo anagwira dzanja la mtsikanayo ndipo anauka.
26 ২৬ পাছত সেই অঞ্চলৰ সকলো ঠাইতে এই ঘটনাৰ বিষয়ে বিয়পি পৰিল।
Mbiriyi inamveka mʼdera lonse.
27 ২৭ যীচু তাৰ পৰা যাওঁতে দুজন অন্ধ লোক তেওঁৰ পাছে পাছে গ’ল। তেওঁলোকে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক।”
Yesu atapitirira ulendo wake, amuna awiri osaona anamutsatira Iye, akufuwula kuti, “Tichitireni chifundo, Mwana wa Davide!”
28 ২৮ পাছত যীচু যেতিয়া ঘৰ আহি পালে, সেই অন্ধ দুজন তেওঁৰ ওচৰলৈ আহিল। তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “মই এই কম কৰিব পাৰোঁ বুলি তোমালোকে বিশ্বাস কৰা নে?” তেওঁলোকে তেওঁক ক’লে, “হয় প্ৰভু, কৰোঁ।”
Atalowa mʼnyumba, amuna awiri osaonawo anabwera kwa Iye ndipo anawafunsa kuti, “Kodi mukhulupirira kuti ndikhoza kukuchiritsani?” Iwo anayankha kuti, “Inde Ambuye.”
29 ২৯ তেতিয়া তেওঁ তেওঁলোকৰ চকু চুই ক’লে, “তোমালোকে যেনেদৰে বিশ্বাস কৰিছা, তোমালোকৰ প্রতি সেইদৰেই হওক।”
Pomwepo anakhudza maso awo nati, “Zichitike kwa inu monga mwachikhulupiriro chanu.”
30 ৩০ সেই মুহুর্ততে তেওঁলোকৰ চকু মুকলি হ’ল। তাৰ পাছত যীচুৱে তেওঁলোকক কঠোৰভাৱে সাৱধান কৰি দি ক’লে, “চাবা, এই বিষয়ে যেন কোনেও নাজানে।”
Ndipo anayamba kuona. Yesu anawachenjeza kwambiri nati, “Onani, wina aliyense asadziwe za zimenezi.”
31 ৩১ কিন্তু তেওঁলোকে ওলাই গৈ সেই এলেকাৰ সকলো ঠাইতে এই বিষয়ে কৈ ফুৰিলে।
Koma iwo anatuluka mʼnyumbamo nafalitsa za Iye mʼchigawo chonse.
32 ৩২ সেই দুজন মানুহ যেতিয়া ওলাই গ’ল, সেই সময়তে কিছুমান মানুহে ভূতে পোৱা এজন বোবা লোকক যীচুৰ ওচৰলৈ আনিলে।
Pamene iwo ankatuluka kunja, anthu anabwera kwa Iye ndi munthu wogwidwa ndi mzimu wosayankhula.
33 ৩৩ যীচুৱে সেই ভূতক খেদোৱাৰ পাছত বোবা মানুহ জনে কথা কবলৈ ধৰিলে। ইয়াকে দেখি সকলো মানুহে আচৰিত হৈ ক’লে, “ইস্ৰায়েল দেশত আগেয়ে কেতিয়াও এনেকুৱা দেখা পোৱা নাই!”
Ndipo atatulutsa mzimuwo, munthuyo anayankhula. Gulu la anthuwo linadabwa ndipo linati, “Zinthu zotere sizinaonekepo mu Israeli.”
34 ৩৪ কিন্তু ফৰীচী সকলে ক’লে, “সি ভূতবোৰৰ ৰজা চয়তানৰ সহায়ত ভূতক খেদায়।”
Koma Afarisi anati, “Akutulutsa mizimu yoyipa ndi mphamvu ya mkulu wa ziwanda.”
35 ৩৫ যীচুৱে সকলো নগৰ আৰু গাওঁবোৰত গৈ ইহুদী সকলৰ নাম-ঘৰবোৰত উপদেশ দিলে আৰু ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ বাহিৰেও তেওঁ সকলো ধৰণৰ ৰোগ-ব্যাধিত পৰি থকা লোক সকলক সুস্থতা দান কৰিলে।
Yesu anayendayenda mʼmizinda yonse ndi mʼmidzi, kuphunzitsa mʼmasunagoge awo, nalalikira Uthenga Wabwino wa ufumu ndi kuchiritsa nthenda zawo zonse ndi zofowoka za mʼmatupi mwawo.
36 ৩৬ তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল।
Ataona maguluwo, anagwidwa ndi chisoni chifukwa anali ozunzika ndi osowa chithandizo ngati nkhosa zopanda mʼbusa.
37 ৩৭ তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ।
Pamenepo anati kwa ophunzira ake, “Zokolola ndi zambiri koma antchito ndi ochepa.
38 ৩৮ এই হেতুকে শস্যৰ গৰাকীৰ ওচৰত প্রার্থনা কৰা, যাতে তেওঁ নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠাই দিয়ে।”
Nʼchifukwa chake, pemphani Ambuye mwini zokolola kuti atumize antchito ku munda wake.”