< মথি 8 >
1 ১ যীচু যেতিয়া পৰ্বতৰ পৰা নামি আহিল, তেতিয়া মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে।
Yesuusay zuma bolafe wodhin daro derey iza kaalides.
2 ২ সেই সময়ত এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি প্ৰণিপাত কৰি তেওঁক ক’লে, “হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
Isi inchiracha hargey dizadey yesuusakko shiiqidi iza sinthan gulbatidi “Godo ne koykotana pathanas dandayasa” gides.
3 ৩ যীচুৱে হাত খন আগবঢ়াই তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ; তুমি শুচি হোৱা।” লগে লগে মানুহ জনৰ কুষ্ঠৰোগ ভাল হৈ গ’ল।
Yesuusay ba kushe yedidi “ta dosadis paxa” gin adezi he hargezappe heerakka paxides.
4 ৪ তেতিয়া যীচুৱে মানুহ জনক ক’লে, ‘সাৱধান, তুমি এই কথা কাকো নকবা; বৰং যোৱা, পুৰোহিতৰ আগত গৈ নিজকে দেখুওৱা আৰু মোচিৰ আদেশ অনুসাৰে নৈবেদ্য উৎসর্গ কৰা। তেতিয়া লোক সকলৰ আগত তুমি সাক্ষ্য হবা যে, তুমি সুস্থ হ’লা।’
Qasseka Yesuusay adeza “ne paxidaysa oonasika yootopa, gido attin baada nena qeeses beessa. Musey azazida yarshoza gaatha, hesika istas markka gidana” gides.
5 ৫ ইয়াৰ পাছত যীচু কফৰনাহূম নগৰলৈ গ’ল। তাত এজন এশৰ সেনাপতিয়ে তেওঁৰ ওচৰলৈ আহি বিনয় কৰি ক’লে,
Yesuusay qifirnahome gakidda mala xeetu wotadaratas halaqay izako shiiqidi iza hizgi woosides.
6 ৬ “হে প্ৰভু, মোৰ এজন দাস ঘৰত বিচনাত পৰি আছে। সি পক্ষাঘাত ৰোগত অতিশয় যাতনা পাই আছে।”
Godo ta ashkaras asatethay oothonta ixin daro saketidi keeththan zin7on dees gides.
7 ৭ যীচুৱে তেওঁক ক’লে, “মই আহিম আৰু তেওঁক সুস্থ কৰিম।”
Yesuusaykka izas ta baada pathana gides.
8 ৮ সেই সেনাপতিয়ে উত্তৰ দি ক’লে, “হে প্ৰভু, মই এনে যোগ্য নহওঁ যে আপুনি মোৰ ঘৰত সোমাব; কিন্তু মুখেৰে মাথোন কৈ দিয়ক, তাতে মোৰ দাস সুস্থ হ’ব।
Xeetu wotadarata halaqay izas zaaridi “ta neena ta keeth gelithanas besizade gidike, gido attin ne haan daada issi qaala xala giiko ta ashikaray paxana.
9 ৯ মই নিজেও আনৰ অধিকাৰৰ অধীন আৰু মোৰ অধীনতো সৈন্য সকল আছে। মই এজনক ‘যা’ বুলিলে, সি যায়; আন জনক ‘আহ’ বুলিলে, সি ‘আহে’ আৰু মোৰ দাসক ‘এইটো কৰ’ বুলিলে সি সেই কাম কৰে।”
Taasikka tana azaziza halaqati taape bollara deetes, qassekka taas azazetiza wotadarati taape garssara deetes istafe isa ba giiko bees qase isa haaya giikko yees ta ashikara ‘hessa ootha’ giiko oothees” gidess.
10 ১০ যীচুৱে এই কথা শুনি বিস্মিত হ’ল আৰু যি সকল লোক তেওঁৰ পাছে পাছে গৈ আছিল, সেই লোক সকলক উদ্দেশ্য কৰি তেওঁ ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কৈছোঁ, ইস্ৰায়েলত ইমান বেচি বিশ্বাস মই কাৰো মাজত দেখা পোৱা নাই।
Yesuusay iza zaarozan malaletidi bena kaalizayts “ta intes tumu gaysi haray atoshin Isira7eelista garsan hayssa mala amanoy dizade isadeka demabeykke.
11 ১১ মই আপোনালোকক কওঁ, পূব আৰু পশ্চিম সকলো দিশৰ পৰা অনেক আহিব আৰু অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত স্বৰ্গৰাজ্যত ভোজন কৰিবলৈ বহিব;
Ta intes yootays daroti away mokiza bagafene wuliza bagafe yana salo kawotetha madan Abramentara Yisaqantaranne YaaqobEntara issipe utana.
12 ১২ কিন্তু যি সকল এই ৰাজ্যৰ সন্তান, তেওঁলোকক বাহিৰৰ আন্ধাৰত পেলোৱা হ’ব। তাতে লোক সকলে ক্ৰন্দন কৰিব আৰু যন্ত্রণাত দাঁত কৰচিব।”
Salo kawotethi istas gidana besiza asati heen kare duman yegistan heenka yehoyne acha garceth gidana” gidess.
13 ১৩ তাৰ পাছত যীচুৱে সেই এশৰ সেনাপতিক ক’লে, “তুমি যোৱা; তুমি যি দৰে বিশ্বাস কৰিলা, সেইদৰেই হওক।” সেই সময়তেই তেওঁৰ দাস জন সুস্থ হ’ল।
Yesuusaykka xeetu wotadarata halaqas “ne ba ne amano mala nees hano” gides; ashikarazi heraka paxides.
14 ১৪ পাছত যীচু পিতৰৰ ঘৰত সোমাল আৰু তাতে পিতৰৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে।
Yesusay buro Pixirosa keth gelishin Pixirosa bolotiya micha harge sakistada zin7idaro be7idess.
15 ১৫ যীচুৱে তেওঁৰ হাত খন স্পর্শ কৰিলে আৰু লগে লগে তেওঁৰ জ্বৰ নাইকিয়া হ’ল। তেতিয়া তেওঁ বিচনাৰ পৰা উঠি যীচুৰ সেৱা শুশ্ৰূষা কৰিবলৈ ধৰিলে।
Izi kushe Yesusay bochin michay agin dendada Yesusa mokadus
16 ১৬ সন্ধিয়া হোৱাত লোক সকলে ভূতে পোৱা অনেক মানুহক তেওঁৰ ওচৰলৈ আনিলে। তেওঁ মুখৰ কথাৰেই সেই ভূতৰ আত্মাবোৰ খেদালে আৰু যি সকল অসুস্থ আছিল, সেই সকলো ৰোগীকে সুস্থ কৰিলে।
He galasa omars daydanthi oykida daro asata Yesusako ehida. Izikka tuna ayanata ba qalara istafe kesidess, harganchatakka wursi pathidess.
17 ১৭ ইয়াৰ দ্বাৰা যিচয়া ভাববাদীয়ে কোৱা এই বচন পূর্ণ হ’ল, “তেৱেঁই আমাৰ দূৰ্বলতা ল’লে আৰু আমাৰ ৰোগৰ ভাৰ বলে।”
Isayasay “izi nu harge ekidess nu sakokka tokidess” gida qalay hayssan poletidess.
18 ১৮ যীচুৱে নিজৰ চাৰিওফালে বহু মানুহৰ দল দেখি শিষ্য সকলক গালীল সাগৰৰ সিপাৰলৈ যাবৰ বাবে আজ্ঞা দিলে।
Daro asay iza yuyi adhidaysa beydi Yesusay asa abafe he finth pinana mala azazidess.
19 ১৯ সেই সময়ত বিধানৰ অধ্যাপক এজনে যীচুৰ ওচৰলৈ আহি ক’লে, “হে গুৰু, আপুনি য’লৈকে যাব, ময়ো আপোনাৰ পাছে পাছে তালৈ যাম।”
Hesa wode issi ayhude amano tamarsizadey izakko shiqidi “tamarsizayso ne biza wursoso takka nena kalana” gidess.
20 ২০ যীচুৱে তেওঁক ক’লে, “শিয়ালৰ গাত আৰু আকাশৰ চৰাইৰো বাহ আছে; কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই।”
Yesusaykka izas zaridi “workenats oolay dess, salo kafotas kafo kethi dess, tas asa nas gidikko hu7e gelithizasoykka bawa” gidess.
21 ২১ শিষ্য সকলৰ মাজৰ আন এজনে আহি তেওঁক ক’লে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দি আহিবলৈ অনুমতি দিয়ক।”
Iza kaliza issi hara uray qasse “Goddo koyro bada ta aawa moogo?” gidess.
22 ২২ যীচুৱে তেওঁক ক’লে, “যি সকল মৃত, তেওঁলোকেই মৃত সকলক মৈদাম দিয়ক, কিন্তু তুমি মোৰ পাছে পাছে আহা।”
Izi qasse “hayqidayti ba hayqeth moogeto; neni gidikko tana kaalla” gidess.
23 ২৩ তাৰ পাছত যীচু নাৱত উঠিল আৰু তেওঁৰ শিষ্য সকলেও তেওঁক অনুসৰণ কৰিলে।
Hesafe guye Yesusay wogolon gelin iza kalizaytikka wogolon kali gelin issippe bida.
24 ২৪ হঠাৎ সাগৰত প্রবল ধুমুহা আহিল আৰু নাও খনৰ ওপৰলৈকে ঢৌৰ লহৰবোৰ ওফন্দি উঠিবলৈ ধৰিলে; তেতিয়া যীচু টোপনিত আছিল।
Qopponta aba gidon danbalay dendidi wogoloyo mitana gakkanaas ista waysidess. Hessi wuri hanishin yesusay dhiskidess.
25 ২৫ শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি তেওঁক জগাই ক’লে, “হে প্ৰভু, আমাক বচাওঁক; আমি এতিয়া মৰিম।”
Iza kalizayti iza begothidi “Godo nu dhayos nuna asha” gida
26 ২৬ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “অল্পবিশ্বাসীৰ দল! তোমালোকে কিয় ইমান ভয় খাইছা?” পাছত তেওঁ উঠি, বতাহ আৰু সাগৰক ডবিয়ালে; তেতিয়া সকলোবোৰ অতি শান্ত হ’ল।
Yesusaykka ista “inteno amanoy pacidayto aazas hayssa mala babeti?” gidess. Hessappe dendidi carkozane abba danbala izi hanqin herakka sirph gidess.
27 ২৭ ইয়াকে দেখি লোক সকলে বিস্ময় মানিলে আৰু ক’লে, “এওঁ কেনে ধৰণৰ মানুহ যে বতাহ আৰু সাগৰেও এওঁৰ কথা মানে।”
Istika “Haysi abayne carkoykka izas azazetizadey izi wanidade” gidi malaletida.
28 ২৮ যীচু যেতিয়া সাগৰৰ সিপাৰে থকা গাদাৰীয়া সকলৰ দেশলৈ আহিল, তাতে ভূতে পোৱা দুজন মানুহ মৈদামনিৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু তেওঁৰ আগত উপস্থিত হ’ল। সিহঁত ইমানেই ভয়ানক আছিল যে, কোনোৱে সেই বাটেদি যাব নোৱাৰিছিল।
Izi aba pinidi Gergesenone giza dere gakida mala daydanthi oykida nam7u asi dayti ba diza dufope kezidi iza gagida. Assi he ogezara adhanas danda7etonta mala asas daro kehi meto gidi detes.
29 ২৯ সিহঁতে চিঞৰি ক’লে, “হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰনো কি কাম আছে? নির্দ্দিষ্ট সময়ৰ পূৰ্বেই আমাক যাতনা দিবলৈ ইয়ালৈ আহিছে নেকি?”
Istika “Xoossano ness nunara aza gogotethi dize? Nu wodey gakkonta dishin nuna xugana yadi” gidi wasida.
30 ৩০ সেই সময়ত সিহঁতৰ পৰা নাতিদূৰৈত এজাক গাহৰি চৰি আছিল।
Hen istafe guth hakidi daro guduntha wudey issi bola hemetes.
31 ৩১ ভূতবোৰে যীচুক কাকুতি কৰি ক’লে, আপুনি যদি আমাক খেদাবলৈকে বিচাৰে, তেনেহলে সেই গাহৰি জাকৰ মাজত সোমাবলৈ আমাক পঠিয়াই দিয়ক।
Daydanthati Yesusa “ne nuna kessana gidikko haytan daro gudunthatan nu gelana mala nus fiqadde imma” gidi wosida.
32 ৩২ তেওঁ সিহঁতক ক’লে, “তেনেহলে যা!” তেতিয়া মানুহ দুজনৰ পৰা ভূতবোৰ বাহিৰ ওলাই আহি গাহৰিবোৰত সোমাল। তাতে সেই গাহৰিৰ জাকটো পাহাৰৰ গৰায়েদি নামি দৌৰি গ’ল আৰু সাগৰত পৰি পানীত ডুবি মৰিল।
Yesusakka ista “bitte” gides. Daydanthatikka istafe kezidi gudunthatan gelida. Gudunthati wurikka ba dizaso afora bezumishe aban gelidi hathan mitetidi hayqida.
33 ৩৩ তেতিয়া গাহৰি চৰোৱা ৰখীয়াবোৰে দৌৰি পলাই গৈ নগৰত থকা মানুহবোৰক সকলোবোৰ কথা জনালে; বিশেষকৈ ভূতে পোৱা লোক দুজনৰ বিষয়েও সম্বাদ দিলে।
Guduntha hemizayti elelidi katamay dizaso bidi gudunthay hanoysane daydanthi ista oykida asata bola hanidaysa wursi asas yotida.
34 ৩৪ তেতিয়া যীচুক সাক্ষাৎ কৰিবলৈ নগৰৰ সকলো মানুহ ওলাই আহিল; তেওঁলোকে যীচুক দেখা পাই তেওঁক অনুৰোধ কৰি ক’লে, তেওঁ যেন তেওঁলোকৰ অঞ্চলৰ পৰা গুচি যায়।
Katama asay wuri Yesusara gaganas kezidess. Yesusay beydine ista dere yedi banamala iza wosida.