< মথি 6 >
1 ১ সাৱধান! মানুহক দেখুৱাবলৈ তেওঁলোকৰ আগত তোমালোকে নিজ নিজ ধাৰ্মিকতাৰ কৰ্ম নকৰিবা; তেনেকুৱা কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰৰ পৰা তোমালোকে একো পুৰস্কাৰ নাপাবা।
sAvadhAnA bhavata, manujAn darzayituM teSAM gocare dharmmakarmma mA kuruta, tathA kRte yuSmAkaM svargasthapituH sakAzAt kiJcana phalaM na prApsyatha|
2 ২ এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই।
tvaM yadA dadAsi tadA kapaTino janA yathA manujebhyaH prazaMsAM prAptuM bhajanabhavane rAjamArge ca tUrIM vAdayanti, tathA mA kuri, ahaM tubhyaM yathArthaM kathayAmi, te svakAyaM phalam alabhanta|
3 ৩ কিন্তু তোমালোকে যেতিয়া দান দিবা, তেতিয়া তোমালোকৰ সোঁ হাতে কি কৰে বাঁও হাতক সেই বিষয়ে জানিবলৈ নিদিবা;
kintu tvaM yadA dadAsi, tadA nijadakSiNakaro yat karoti, tad vAmakaraM mA jJApaya|
4 ৪ কিয়নো তেতিয়াহে তোমালোকৰ দান গোপন হ’ব আৰু গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
tena tava dAnaM guptaM bhaviSyati yastu tava pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyati|
5 ৫ তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়া সকলৰ দৰে নহবা; কিয়নো মানুহক দেখুৱাবৰ কাৰণে তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভালপায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
aparaM yadA prArthayase, tadA kapaTinaiva mA kuru, yasmAt te bhajanabhavane rAjamArgasya koNe tiSThanto lokAn darzayantaH prArthayituM prIyante; ahaM yuSmAn tathyaM vadAmi, te svakIyaphalaM prApnuvan|
6 ৬ কিন্তু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া ভিতৰ-কোঠালীলৈ গৈ দুৱাৰ বন্ধ কৰিবা আৰু যি জনক দেখা পোৱা নাযায়, তোমালোকৰ সেই পিতৃৰ আগত প্ৰাৰ্থনা কৰিবা; তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
tasmAt prArthanAkAle antarAgAraM pravizya dvAraM rudvvA guptaM pazyatastava pituH samIpe prArthayasva; tena tava yaH pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyati
7 ৭ প্ৰাৰ্থনা কৰা সময়ত অনা-ইহুদী সকলৰ নিচিনাকৈ তোমালোকে অনৰ্থক পুণৰুক্তি নকৰিবা; কিয়নো তেওঁলোকে ভাৱে, তেওঁলোকৰ বেচি কথাৰ কাৰণে তেওঁলোকৰ প্রার্থনা তেওঁ শুনিব।
aparaM prArthanAkAle devapUjakAiva mudhA punaruktiM mA kuru, yasmAt te bodhante, bahuvAraM kathAyAM kathitAyAM teSAM prArthanA grAhiSyate|
8 ৮ এতেকে তোমালোক তেওঁলোকৰ নিচিনা নহবা; কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে, সেই বিষয়ে তোমালোকে পিতৃৰ পৰা খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে।
yUyaM teSAmiva mA kuruta, yasmAt yuSmAkaM yad yat prayojanaM yAcanAtaH prAgeva yuSmAkaM pitA tat jAnAti|
9 ৯ এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা; ‘হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক;
ataeva yUyama IdRk prArthayadhvaM, he asmAkaM svargasthapitaH, tava nAma pUjyaM bhavatu|
10 ১০ তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক।
tava rAjatvaM bhavatu; tavecchA svarge yathA tathaiva medinyAmapi saphalA bhavatu|
11 ১১ আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া।
asmAkaM prayojanIyam AhAram adya dehi|
12 ১২ আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।
vayaM yathA nijAparAdhinaH kSamAmahe, tathaivAsmAkam aparAdhAn kSamasva|
13 ১৩ আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা৷’
asmAn parIkSAM mAnaya, kintu pApAtmano rakSa; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|
14 ১৪ কিয়নো তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা কৰা, তেনেহলে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব;
yadi yUyam anyeSAm aparAdhAn kSamadhve tarhi yuSmAkaM svargasthapitApi yuSmAn kSamiSyate;
15 ১৫ কিন্তু তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা নকৰা, তেনেহলে তোমালোকৰ পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা নকৰিব।
kintu yadi yUyam anyeSAm aparAdhAn na kSamadhve, tarhi yuSmAkaM janakopi yuSmAkam aparAdhAn na kSamiSyate|
16 ১৬ যেতিয়া তোমালোকে লঘোন দিয়া, তেতিয়া কপটীয়া সকলৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওঁলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
aparam upavAsakAle kapaTino janA mAnuSAn upavAsaM jJApayituM sveSAM vadanAni mlAnAni kurvvanti, yUyaM taiva viSaNavadanA mA bhavata; ahaM yuSmAn tathyaM vadAmi te svakIyaphalam alabhanta|
17 ১৭ কিন্তু তোমালোকে যেতিয়া লঘোন দিয়া, তেতিয়া তোমাৰ মূৰত তেল সানিবা আৰু মুখ ধুই ল’বা;
yadA tvam upavasasi, tadA yathA lokaistvaM upavAsIva na dRzyase, kintu tava yo'gocaraH pitA tenaiva dRzyase, tatkRte nijazirasi tailaM marddaya vadanaJca prakSAlaya;
18 ১৮ যাতে আনে জানিব নোৱাৰে যে, তোমালোকে লঘোন দিছা। কিন্তু তোমালোকৰ পিতৃ, যি জনক তোমালোকে দেখা নোপোৱা, কেৱল তেৱেঁই ইয়াক দেখা পাব। তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক পুৰস্কাৰ দিব।
tena tava yaH pitA guptadarzI sa prakAzya tubhyaM phalaM dAsyati|
19 ১৯ যি ঠাইত পোক আৰু মামৰে ক্ষয় কৰে, চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাঁচিবা;
aparaM yatra sthAne kITAH kalaGkAzca kSayaM nayanti, caurAzca sandhiM karttayitvA corayituM zaknuvanti, tAdRzyAM medinyAM svArthaM dhanaM mA saMcinuta|
20 ২০ কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দিব নোৱাৰে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা।
kintu yatra sthAne kITAH kalaGkAzca kSayaM na nayanti, caurAzca sandhiM karttayitvA corayituM na zaknuvanti, tAdRze svarge dhanaM saJcinuta|
21 ২১ কিয়নো য’তে তোমালোকৰ ধন থাকিব, ত’তে তোমালোকৰ মনো হ’ব।
yasmAt yatra sthAne yuSmAMka dhanaM tatraiva khAne yuSmAkaM manAMsi|
22 ২২ চকুৱেই শৰীৰৰ প্ৰদীপ; এই হেতুকে তোমালোকৰ চকু যদি ভালে থাকে, তেনেহলে তোমালোকৰ গোটেই শৰীৰ দীপ্তিময় হ’ব;
locanaM dehasya pradIpakaM, tasmAt yadi tava locanaM prasannaM bhavati, tarhi tava kRtsnaM vapu rdIptiyuktaM bhaviSyati|
23 ২৩ কিন্তু তোমালোকৰ চকু যদি বেয়া হয়, তেনেহলে তোমালোকৰ গোটেই শৰীৰ অন্ধকাৰময় হ’ব। এতেকে তোমালোকৰ তাত থকা পোহৰ যদি আচলতে অন্ধকাৰময় হয়, তেনেহলে সেই আন্ধাৰ কিমান গভীৰ হব!
kintu locane'prasanne tava kRtsnaM vapuH tamisrayuktaM bhaviSyati| ataeva yA dIptistvayi vidyate, sA yadi tamisrayuktA bhavati, tarhi tat tamisraM kiyan mahat|
24 ২৪ কোনেও দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে কৰ্ম কৰিব নোৱাৰা।
kopi manujo dvau prabhU sevituM na zaknoti, yasmAd ekaM saMmanya tadanyaM na sammanyate, yadvA ekatra mano nidhAya tadanyam avamanyate; tathA yUyamapIzvaraM lakSmIJcetyubhe sevituM na zaknutha|
25 ২৫ এই হেতুকে মই তোমালোকক কওঁ, ‘কি ভোজন কৰিম বা কি পান কৰিম’- এই বুলি প্ৰাণৰ কাৰণে, নাইবা ‘কি পিন্ধিম’- এই বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু কাপোৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে?
aparam ahaM yuSmabhyaM tathyaM kathayAmi, kiM bhakSiSyAmaH? kiM pAsyAmaH? iti prANadhAraNAya mA cintayata; kiM paridhAsyAmaH? iti kAyarakSaNAya na cintayata; bhakSyAt prANA vasanAJca vapUMSi kiM zreSThANi na hi?
26 ২৬ আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু ভঁৰালত নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱা নে?
vihAyaso vihaGgamAn vilokayata; tai rnopyate na kRtyate bhANDAgAre na saJcIyate'pi; tathApi yuSmAkaM svargasthaH pitA tebhya AhAraM vitarati|
27 ২৭ আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?
yUyaM tebhyaH kiM zreSThA na bhavatha? yuSmAkaM kazcit manujaH cintayan nijAyuSaH kSaNamapi varddhayituM zaknoti?
28 ২৮ বস্ত্ৰৰ বাবেও কিয় চিন্তা কৰা? পথাৰৰ লিলিফুলবোৰ কেনেকৈ বাঢ়ে, সেই বিষয়ে ভাবি চোৱা; সেইবোৰে শ্ৰম নকৰে, কাপোৰো নবয়;
aparaM vasanAya kutazcintayata? kSetrotpannAni puSpANi kathaM varddhante tadAlocayata| tAni tantUn notpAdayanti kimapi kAryyaM na kurvvanti;
29 ২৯ তথাপি মই তোমালোকক কওঁ, চলোমন ৰজা ইমান ঐশ্বৰ্যৰ মাজত থাকিও এইবোৰৰ এটাৰো নিচিনা নিজক বিভূষিত কৰিব পৰা নাছিল।
tathApyahaM yuSmAn vadAmi, sulemAn tAdRg aizvaryyavAnapi tatpuSpamiva vibhUSito nAsIt|
30 ৩০ এতেকে, পথাৰৰ যি বন আজি আছে, কাইলৈ জুইশালত পেলোৱা হ’ব, সেই বনকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তেওঁ তাতকৈ তোমালোকক অধিক ভূষিত নকৰিব নে?
tasmAt kSadya vidyamAnaM zcaH cullyAM nikSepsyate tAdRzaM yat kSetrasthitaM kusumaM tat yadIzcara itthaM bibhUSayati, tarhi he stokapratyayino yuSmAn kiM na paridhApayiSyati?
31 ৩১ এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা।
tasmAt asmAbhiH kimatsyate? kiJca pAyiSyate? kiM vA paridhAyiSyate, iti na cintayata|
32 ৩২ কিয়নো অনা-ইহুদী সকলেও এইবোৰ বিচাৰে আৰু এইবোৰ যে তোমালোকৰো প্ৰয়োজন, এই বিষয়ে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে।
yasmAt devArccakA apIti ceSTante; eteSu dravyeSu prayojanamastIti yuSmAkaM svargasthaH pitA jAnAti|
33 ৩৩ কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
ataeva prathamata IzvarIyarAjyaM dharmmaJca ceSTadhvaM, tata etAni vastUni yuSmabhyaM pradAyiSyante|
34 ৩৪ এতেকে কাইলৈৰ কাৰণে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজৰ বাবে চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।
zvaH kRte mA cintayata, zvaeva svayaM svamuddizya cintayiSyati; adyatanI yA cintA sAdyakRte pracuratarA|