< মথি 5 >

1 তেতিয়া যীচুৱে বহু লোকৰ ভিৰ দেখা পাই পাহাৰৰ ওপৰলৈ গ’ল আৰু তেওঁ তাত বহিল। তেতিয়া তেওঁৰ শিষ্য সকল তেওঁৰ ওচৰলৈ আহিল।
ιδων δε τους οχλους ανεβη εις το ορος και καθισαντος αυτου προσηλθον αυτω οι μαθηται αυτου
2 তেওঁ মাত লগাই তেওঁলোকক এই বুলি উপদেশ দিবলৈ ধৰিলে,
και ανοιξας το στομα αυτου εδιδασκεν αυτους λεγων
3 আত্মাত দৰিদ্ৰ সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ।
μακαριοι οι πτωχοι τω πνευματι οτι αυτων εστιν η βασιλεια των ουρανων
4 শোক কৰা সকল ধন্য; কিয়নো তেওঁলোকে সান্ত্বনা পাব।
μακαριοι οι πενθουντες οτι αυτοι παρακληθησονται
5 নম্ৰ সকল ধন্য; কিয়নো তেওঁলোকে দেশ খন অধিকাৰ কৰিব।
μακαριοι οι πραεις οτι αυτοι κληρονομησουσιν την γην
6 ধাৰ্মিকতালৈ ভোক আৰু পিয়াহ লগা সকল ধন্য; কিয়নো তেওঁলোক তৃপ্ত হব।
μακαριοι οι πεινωντες και διψωντες την δικαιοσυνην οτι αυτοι χορτασθησονται
7 দয়ালু সকল ধন্য; কিয়নো তেওঁলোকে দয়া পাব।
μακαριοι οι ελεημονες οτι αυτοι ελεηθησονται
8 নিৰ্মল চিত্তৰ লোক সকল ধন্য; কিয়নো তেওঁলোকে ঈশ্বৰৰ দৰ্শন পাব।
μακαριοι οι καθαροι τη καρδια οτι αυτοι τον θεον οψονται
9 মিলনকাৰী সকল ধন্য; কিয়নো তেওঁলোক ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হব।
μακαριοι οι ειρηνοποιοι οτι αυτοι υιοι θεου κληθησονται
10 ১০ ধাৰ্মিকতাৰ কাৰণে তাড়না পোৱা সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ।
μακαριοι οι δεδιωγμενοι ενεκεν δικαιοσυνης οτι αυτων εστιν η βασιλεια των ουρανων
11 ১১ যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা কব, তেতিয়া তোমালোক ধন্য।
μακαριοι εστε οταν ονειδισωσιν υμας και διωξωσιν και ειπωσιν παν πονηρον ρημα καθ υμων ψευδομενοι ενεκεν εμου
12 ১২ আনন্দ কৰা আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বতে যি ভাববাদী সকল আছিল, তেওঁলোককো লোক সকলে সেইদৰে তাড়না কৰিছিল।
χαιρετε και αγαλλιασθε οτι ο μισθος υμων πολυς εν τοις ουρανοις ουτως γαρ εδιωξαν τους προφητας τους προ υμων
13 ১৩ তোমালোক পৃথিৱীৰ লোণ; কিন্তু লোণৰ সোৱাদ যদি হেৰাই যায়, তেনেহলে সেই লোণ কিহেৰে লুণীয়া কৰা যাব? তেতিয়া সেইবোৰ পুণৰ কোনো কামৰ নহব, কেৱল বাহিৰলৈ পেলোৱাৰ আৰু মানুহৰ গচকাৰ যোগ্যহে হ’ব।
υμεις εστε το αλας της γης εαν δε το αλας μωρανθη εν τινι αλισθησεται εις ουδεν ισχυει ετι ει μη βληθηναι εξω και καταπατεισθαι υπο των ανθρωπων
14 ১৪ তোমালোক জগতৰ পোহৰ। পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হ’ব নোৱাৰে।
υμεις εστε το φως του κοσμου ου δυναται πολις κρυβηναι επανω ορους κειμενη
15 ১৫ মানু্হে চাকি লগাই পাত্রৰে ঢাকি নথয়, কিন্তু গছাৰ ওপৰত থয় আৰু ই ঘৰৰ সকলোকে পোহৰ দিয়ে।
ουδε καιουσιν λυχνον και τιθεασιν αυτον υπο τον μοδιον αλλ επι την λυχνιαν και λαμπει πασιν τοις εν τη οικια
16 ১৬ এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
ουτως λαμψατω το φως υμων εμπροσθεν των ανθρωπων οπως ιδωσιν υμων τα καλα εργα και δοξασωσιν τον πατερα υμων τον εν τοις ουρανοις
17 ১৭ নাভাবিবা যে মই বিধানবা ভাববাদী সকলৰ বাক্য বিনষ্ট কৰিবলৈ আহিছোঁ, কিন্তু সিদ্ধকৰিবলৈহে আহিলোঁ।
μη νομισητε οτι ηλθον καταλυσαι τον νομον η τους προφητας ουκ ηλθον καταλυσαι αλλα πληρωσαι
18 ১৮ কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, স্বৰ্গ আৰু পৃথিৱী লুপ্ত নহয় মানে আৰু সকলো সিদ্ধ নোহোৱালৈকে, বিধানৰ এটি ইকাৰ বা এক বিন্দুও কোনোৰূপে লুপ্ত নহব।
αμην γαρ λεγω υμιν εως αν παρελθη ο ουρανος και η γη ιωτα εν η μια κεραια ου μη παρελθη απο του νομου εως αν παντα γενηται
19 ১৯ এই হেতুকে যি কোনোৱে এই আজ্ঞাবোৰৰ মাজৰ সৰু এটিও উলঙ্ঘন কৰে আৰু আন লোকক সেইদৰে কৰিবলৈ শিকায়, তেওঁ স্বৰ্গৰাজ্যত সকলোতকৈ সৰু বুলি গণ্য হব; কিন্তু যি কোনোৱে সেইবোৰ পালন কৰে আৰু সেইদৰে শিকায়, তেওঁ স্বৰ্গৰাজ্যত মহান বুলি গণ্য হ’ব।
ος εαν ουν λυση μιαν των εντολων τουτων των ελαχιστων και διδαξη ουτως τους ανθρωπους ελαχιστος κληθησεται εν τη βασιλεια των ουρανων ος δ αν ποιηση και διδαξη ουτος μεγας κληθησεται εν τη βασιλεια των ουρανων
20 ২০ কিয়নো মই তোমালোকক কওঁ, তোমালোকৰ ধাৰ্মিকতা, ধর্মীয় অধ্যাপক আৰু ফৰীচী সকলতকৈ অধিক নহলে তোমালোকে কোনো প্ৰকাৰে স্বৰ্গৰাজ্যত প্রৱেশ কৰিব নোৱাৰিবা।
λεγω γαρ υμιν οτι εαν μη περισσευση η δικαιοσυνη υμων πλειον των γραμματεων και φαρισαιων ου μη εισελθητε εις την βασιλειαν των ουρανων
21 ২১ তোমালোকে শুনিছা, পূর্বকালৰ লোক সকলৰ আগত ইয়াকে কোৱা হৈছিল যে তুমি নৰ-বধ নকৰিবাআৰু যি কোনোৱে নৰ-বধ কৰে, সি সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হব।
ηκουσατε οτι ερρεθη τοις αρχαιοις ου φονευσεις ος δ αν φονευση ενοχος εσται τη κρισει
22 ২২ কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে তেওঁৰ ভায়েকৰওপৰত খং কৰে, তেওঁ সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে তেওঁৰ ভায়েকক ‘তুমি অপদার্থ’ এইদৰে কয়, তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে নিজ ভাইক ‘তুমি অবাধ্য’ বুলি কয়, তেওঁ অগ্নিময় নৰকৰ দণ্ডৰ পাত্ৰ হ’ব। (Geenna g1067)
εγω δε λεγω υμιν οτι πας ο οργιζομενος τω αδελφω αυτου εικη ενοχος εσται τη κρισει ος δ αν ειπη τω αδελφω αυτου ρακα ενοχος εσται τω συνεδριω ος δ αν ειπη μωρε ενοχος εσται εις την γεενναν του πυρος (Geenna g1067)
23 ২৩ এই হেতুকে বেদিত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে, তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে,
εαν ουν προσφερης το δωρον σου επι το θυσιαστηριον κακει μνησθης οτι ο αδελφος σου εχει τι κατα σου
24 ২৪ তেনেহলে তুমি বেদিৰ আগত তোমাৰ নৈবেদ্য ৰাখি থৈ প্রথমে তোমাৰ ভায়েৰাৰ সৈতে মিলন হোৱা আৰু তাৰ পাছত পুণৰ আহি নৈবেদ্য উৎসৰ্গ কৰা।
αφες εκει το δωρον σου εμπροσθεν του θυσιαστηριου και υπαγε πρωτον διαλλαγηθι τω αδελφω σου και τοτε ελθων προσφερε το δωρον σου
25 ২৫ তোমাৰ গুচৰিয়াৰ সৈতে তুমি আদালতৰ চোতাললৈ গৈ থাকোতেই বেগাই মিলন হোৱা; অন্যথা জানোছা তোমাৰ গুচৰিয়াই তোমাক বিচাৰকৰ হাতত শোধাই দিয়ে; বিচাৰকেও তোমাক টেকেলাৰ হাতত শোধাই দিয়ে আৰু তেতিয়া তোমাক কাৰাগাৰত ভৰাই থোৱা হব।
ισθι ευνοων τω αντιδικω σου ταχυ εως οτου ει εν τη οδω μετ αυτου μηποτε σε παραδω ο αντιδικος τω κριτη και ο κριτης σε παραδω τω υπηρετη και εις φυλακην βληθηση
26 ২৬ মই তোমালোকক স্বৰূপকৈ কওঁ, যেতিয়ালৈকে দিবলগীয়া ধনৰ শেষ পইচাটি পর্যন্ত আদায় নিদিয়া, তেতিয়ালৈকে তোমালোকে তাৰ পৰা কোনোমতে ওলাব নোৱাৰিবা।
αμην λεγω σοι ου μη εξελθης εκειθεν εως αν αποδως τον εσχατον κοδραντην
27 ২৭ “তোমালোকে এই বুলি কোৱা শুনিছা, ‘ব্যভিচাৰ নকৰিবা’।
ηκουσατε οτι ερρεθη τοις αρχαιοις ου μοιχευσεις
28 ২৮ কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে মহিলাৰ ফালে কাম ভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।
εγω δε λεγω υμιν οτι πας ο βλεπων γυναικα προς το επιθυμησαι αυτης ηδη εμοιχευσεν αυτην εν τη καρδια αυτου
29 ২৯ যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাক কাঢ়ি তোমাৰ পৰা উলিয়াই পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ, এটা অঙ্গ নষ্ট হোৱাই তোমাৰ পক্ষে ভাল। (Geenna g1067)
ει δε ο οφθαλμος σου ο δεξιος σκανδαλιζει σε εξελε αυτον και βαλε απο σου συμφερει γαρ σοι ινα αποληται εν των μελων σου και μη ολον το σωμα σου βληθη εις γεενναν (Geenna g1067)
30 ৩০ যদি তোমাৰ সোঁ হাতে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাকো কাটি তোমাৰ পৰা পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকলৈ যোৱাতকৈ এটা অঙ্গ নষ্ট হোৱাই তোমাৰ ভাল।” (Geenna g1067)
και ει η δεξια σου χειρ σκανδαλιζει σε εκκοψον αυτην και βαλε απο σου συμφερει γαρ σοι ινα αποληται εν των μελων σου και μη ολον το σωμα σου βληθη εις γεενναν (Geenna g1067)
31 ৩১ এইদৰেও কোৱা হৈছিল, ‘যি কোনোৱে নিজৰ ভার্যাক ত্যাগ কৰে, তেনেহলে তেওঁ ভার্যাক ত্যাগ-পত্ৰ দিয়ক।’
ερρεθη δε οτι ος αν απολυση την γυναικα αυτου δοτω αυτη αποστασιον
32 ৩২ কিম্তু মই তোমালোকক কওঁ যে, একমাত্র ব্যভিচাৰৰ দোষত বাহিৰে কোনোৱে যদি আন কাৰণত নিজৰ ভার্যাক ত্যাগ কৰে, তেনেহলে তেওঁ তেওঁক ব্যভিচাৰিণী কৰায় আৰু যি কোনোৱে সেই ত্যাগ কৰা মহিলাক বিয়া কৰাই তেৱোঁ ব্যভিচাৰ কৰে।
εγω δε λεγω υμιν οτι ος αν απολυση την γυναικα αυτου παρεκτος λογου πορνειας ποιει αυτην μοιχασθαι και ος εαν απολελυμενην γαμηση μοιχαται
33 ৩৩ পুনৰায় তোমালোকে শুনিছা, পূর্বকালত এই কথা কোৱা হৈছিল যে ‘তুমি মিছা শপত নাখাবা, বৰং প্ৰভুৰ উদ্দেশ্যে কৰা তোমাৰ শপত পালন কৰিবা’।
παλιν ηκουσατε οτι ερρεθη τοις αρχαιοις ουκ επιορκησεις αποδωσεις δε τω κυριω τους ορκους σου
34 ৩৪ কিন্তু মই কওঁ, তোমালোকে কোনো শপতেই নাখাবা; স্বৰ্গৰ নামত শপত নাখাবা, কাৰণ সেয়ে ঈশ্বৰৰ সিংহাসন,
εγω δε λεγω υμιν μη ομοσαι ολως μητε εν τω ουρανω οτι θρονος εστιν του θεου
35 ৩৫ আৰু পৃথিৱীৰ নামতো শপত নাখাবা, কিয়নো সেয়ে তেওঁৰ ভৰি-পীৰা; যিৰূচালেমৰ নামেৰেও নহয়, কিয়নো সেয়া মহান ৰজাৰ নগৰ৷
μητε εν τη γη οτι υποποδιον εστιν των ποδων αυτου μητε εις ιεροσολυμα οτι πολις εστιν του μεγαλου βασιλεως
36 ৩৬ এনে কি নিজৰ মূৰত ধৰিও শপত নাখাবা, কিয়নো এডাল চুলিকো তোমালোকে বগা বা ক’লা কৰিব নোৱাৰা।
μητε εν τη κεφαλη σου ομοσης οτι ου δυνασαι μιαν τριχα λευκην η μελαιναν ποιησαι
37 ৩৭ কিন্তু তোমালোকৰ কথা ‘হয়’ যদি হয় বা ‘নহয়’ যদি নহয় হওক। ইয়াতকৈ অধিক যি, সেয়া চয়তানৰ পৰাহে হয়।
εστω δε ο λογος υμων ναι ναι ου ου το δε περισσον τουτων εκ του πονηρου εστιν
38 ৩৮ তোমালোকে ‘চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত’ এই যি কথা কোৱা হৈছিল, সেই বিষয়ে শুনিছা।
ηκουσατε οτι ερρεθη οφθαλμον αντι οφθαλμου και οδοντα αντι οδοντος
39 ৩৯ কিন্তু মই তোমালোকক কওঁ, তোমালোকে দুষ্ট লোক সকলৰ প্ৰতিৰোধ নকৰিবা; বৰং কোনোৱে যদি তোমাৰ সোঁ গালত চৰ মাৰে, তেনেহলে তেওঁলৈ আন খন গালো পাতি দিবা।
εγω δε λεγω υμιν μη αντιστηναι τω πονηρω αλλ οστις σε ραπισει επι την δεξιαν σου σιαγονα στρεψον αυτω και την αλλην
40 ৪০ কোনোৱে যদি আদালতত তোমাৰ ওপৰত গোচৰ তৰি তোমাৰ চোলা ল’ব খোজে, তেনেহলে তেওঁক তোমাৰ চাদৰখনো এৰি দিবা।
και τω θελοντι σοι κριθηναι και τον χιτωνα σου λαβειν αφες αυτω και το ιματιον
41 ৪১ যি কোনোৱে তোমাক এমাইল বাট বলেৰে নিয়ে, তেওঁৰ লগত দুমাইল যাবা।
και οστις σε αγγαρευσει μιλιον εν υπαγε μετ αυτου δυο
42 ৪২ যি জনে তোমাক খোজে, সেই জনক দিবা আৰু কোনোৱে তোমাৰ পৰা ধাৰ বিচাৰিলে, তেওঁক বিমুখ নকৰিবা।
τω αιτουντι σε διδου και τον θελοντα απο σου δανεισασθαι μη αποστραφης
43 ৪৩ তোমালোকে কোৱা শুনিছা, ‘তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু শত্ৰুক ঘিণ কৰিবা’।
ηκουσατε οτι ερρεθη αγαπησεις τον πλησιον σου και μισησεις τον εχθρον σου
44 ৪৪ কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা,
εγω δε λεγω υμιν αγαπατε τους εχθρους υμων ευλογειτε τους καταρωμενους υμας καλως ποιειτε τους μισουντας υμας και προσευχεσθε υπερ των επηρεαζοντων υμας και διωκοντων υμας
45 ৪৫ তেতিয়াহে তোমালোক স্বৰ্গত থকা পিতৃৰ সন্তান হ’ব পাৰিবা। কিয়নো তেওঁ দুষ্ট আৰু সৎ দুয়োৰো ওপৰত সূৰ্য উদয় হ’বলৈ দিয়ে আৰু ধাৰ্মিক অথবা অধাৰ্মিক এই দুয়োৰো ওপৰত বৰষুণ বৰষায়।
οπως γενησθε υιοι του πατρος υμων του εν ουρανοις οτι τον ηλιον αυτου ανατελλει επι πονηρους και αγαθους και βρεχει επι δικαιους και αδικους
46 ৪৬ কিয়নো যি মানুহে তোমালোকক প্ৰেম কৰে, তোমালোকে যদি কেৱল তেওঁলোককে প্ৰেম কৰা, তেনেহলে কি পুৰস্কাৰ পাবা? কৰ সংগ্রহকাৰী সকলেও জানো তাকে নকৰে?
εαν γαρ αγαπησητε τους αγαπωντας υμας τινα μισθον εχετε ουχι και οι τελωναι το αυτο ποιουσιν
47 ৪৭ তোমালোকে যদি কেৱল তোমালোকৰ ভাই সকলকে শুভেচ্ছা জনোৱা, তেনেহলে আনতকৈ অধিক বেচি কি কৰিলা? অনা-ইহুদী সকলেও জানো তাকে নকৰে?
και εαν ασπασησθε τους αδελφους υμων μονον τι περισσον ποιειτε ουχι και οι τελωναι ουτως ποιουσιν
48 ৪৮ এই হেতুকে তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোকো তেনে সিদ্ধ হোৱা।
εσεσθε ουν υμεις τελειοι ωσπερ ο πατηρ υμων ο εν τοις ουρανοις τελειος εστιν

< মথি 5 >