< মথি 4 >
1 ১ তাৰ পাছত চয়তানে যেন যীচুক পৰীক্ষা কৰিব পাৰে, সেয়ে পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ লৈ গ’ল।
Anime bibe bilau bihan in Yesu ani ja, barki unu guru maman same.
2 ২ তাত চল্লিশ দিন আৰু চল্লিশ ৰাতি উপবাসে থকাৰ পাছত যীচুৰ ভোক লাগিল।
Sama wuza no we no me I tiye a kurra Nazi niye man nu Wei ikomo imukurkame.
3 ৩ তেতিয়া চয়তানে আহি তেওঁক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ আজ্ঞা দিয়ক।”
Unu mansa ugino ma'e, “inki hu vana sere mani, kurzo a po ageme acukuno immare”.
4 ৪ তাতে তেওঁ উত্তৰ দি ক’লে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্রত্যেকটো বাক্যৰেহে জীয়াই থাকে।”
Yesu makabirka magu, a citike uguna, dakin in bisana bini cas unu madi vengizo ba, senke inti zo sati suso ahira sere.
5 ৫ তেতিয়া চয়তানে তেওঁক পবিত্ৰ নগৰ যিৰূচালেম মন্দিৰৰ কলচীৰ ওপৰলৈ লৈ গ’ল;
Anime unu uburu mahan me ani pin ni lau, matarime asesere me.
6 ৬ আৰু যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে নিজকে তললৈ পেলাই দিয়ক; কিয়নো শাস্ত্রত এইদৰে লিখা আছে, তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব।”
Magun me, inki hu vana sere mani, hinna adizi. Barki a nyirtike agi, 'Madi gu ibe ikadura ka me ikurso we', Barki kati upilliko anipo.
7 ৭ যীচুৱে তাক ক’লে, “তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলিও শাস্ত্রত লিখা আছে।”
Yesu magunme, anyetike, udaman sawa Ugomo Asere aweba.
8 ৮ তাৰ পাছত আকৌ চয়তানে তেওঁক এক অতি ওখ ঠাইলৈ লৈ গ’ল আৰু জগতৰ সকলো ৰাজ্যৰ সৈতে সেইবোৰৰ ঐশ্বৰ্য দেখুৱালে।
Unu buri makuri mahanme anire ni po nijongoron adodu une ariri.
9 ৯ চয়তানে তেওঁক ক’লে, “আপুনি যদি মূৰ দোৱাই মোৰ উপাসনা কৰে, তেনেহলে এই সকলোকে মই আপোনাক দিম।”
Magun me “vat in we rizomadizi wa non zom indi nyawe”.
10 ১০ তেতিয়া যীচুৱে তাক ক’লে, “গুচি যা চয়তান! কিয়নো শাস্ত্রত এই বুলিও লিখা আছে, তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।”
Yeso magunme, dusa abame, unu uburi! Abuka idi nonzo Ugomo Asere mani, barki memqni cas udi rizi adizii unonzome.
11 ১১ তেতিয়া চয়তানে তেওঁক এৰি গুচি গ’ল আৰু স্বৰ্গৰ দূত সকল আহি যীচুৰ শুশ্রূষা কৰিলে।
A' animo unu buru maduku ceki me igab.
12 ১২ যীচুৱে যেতিয়া যোহনক বন্দী কৰি নিয়া বুলি শুনিলে, তেতিয়া তেওঁ গালীল প্রদেশলৈ গ’ল।
Sa Yeso ma kunna akorso Yahaya, mahiri uhana u Galili.
13 ১৩ তেওঁ নাচৰত এৰি জবূলূন আৰু নপ্তালী এলেকাৰ গালীল সাগৰৰ তীৰত থকা কফৰনাহূমলৈ গৈ, তাত বাস কৰিবলৈ ধৰিলে।
Ma ceki unazarat, makuri unahun inti cukum, abirko upuru uruba udang, ubinani umanga mu zabalina wan nu naf tali.
14 ১৪ যিচয়া ভাববাদীৰ দ্বাৰাই এই যি বচন কোৱা হৈছিল তাক পূর্ণ কৰিবলৈ এই সকলো ঘটিল:
Barki amin cikina uba u Ishaya.
15 ১৫ “জবূলূন দেশ আৰু নপ্তালী দেশ, সাগৰৰ তীৰত, যৰ্দ্দনৰ সিপাৰত অনা-ইহুদী সকলৰ গালীল!
Manyanga mumzabaluna nan nu Naftali, nan nu bahar, nan nuhuru uraba u'urdu, amanyanga mu Galili anu zatu urusa utize tasere.
16 ১৬ যি সকল লোকে অন্ধকাৰত বাস কৰি আছিল তেওঁলোকে মহা-জ্যোতি দেখিবলৈ পালে। যি সকল লোকে মৃত্যুছাঁয়াৰ দেশত বাস কৰিছিল তেওঁলোকৰ ওপৰত দিপ্তী প্রকাশিত হ’ল।”
Anu ciki uma reu wa ira masa anu ciki anyimo livono nan ma aye, masa ma ulata we.
17 ১৭ সেই সময়ৰে পৰা যীচুৱে এই বুলি প্রচাৰ কৰিবলৈ ধৰিলে, “তোমালোকে মন-পালটন কৰা; কিয়নো স্বৰ্গৰাজ্য ওচৰ আহি পালে।”
Usuro uganiya uginome, Yeso matubi tize, innu gusa, kabanitize tasere barki Asere a' aye mamu.
18 ১৮ পাছত যীচুৱে গালীল সাগৰৰ পাৰত খোজকাঢ়ি ফুৰোতে দুজন ভাই-ককাই চিমোন, যাক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক, সাগৰত জাল পেলোৱা দেখিলে। কিয়নো তেওঁলোক মাছমৰীয়া আছিল।
Mahaki urabi uraba udang Ugalilu, ma iri anu henu ware, saminusa atissa me Bitrus, nan nu henume Andrawus wa zinnu vingizi itaru uraba udang barki we anu minsi icere ini.
19 ১৯ যীচুৱে তেওঁলোকক ক’লে, “মোক অনুসৰণ কৰি আহা, মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম।”
Ma gun we tarsan mi, indi kurzo shi anu mensuzanu.
20 ২০ তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ’ল।
Wa ha wa aki watarsime.
21 ২১ তাৰ পৰা আগুৱাই গৈ যীচুৱে যাকোব আৰু যোহন নামৰ আন দুজন ভাই-ককাইক দেখা পালে। তেওঁলোক চিবদিয়ৰ পুতেক আছিল। বাপেক চিবদিয়ৰ সৈতে তেওঁলোকে নাৱত বহি নিজৰ নিজৰ জালবোৰ ঠিক কৰি আছিল। যীচুৱে তেওঁলোকক মাতিলে।
Sa ma reje, ma iri aye ana were wema ani henu, yakubu vanu Zabadi, nan nu henume Yahaya, anyimo jirgi nan ka co uwe Zabadi innubara itaw iwe, mati tuwe.
22 ২২ তেতিয়া তেওঁলোকে নিজৰ নাও আৰু বাপেককো এৰি যীচুৰ পাছে পাছে গ’ল।
A hira me wa ceki u jirgi nan ka come, watar sime.
23 ২৩ যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে।
Bamakase manyanga mu Galili, in nu dungara anu ati denge titarsa sere we, inkur uhumza inna num zatu ni huma a tikoni tuwe. Anime memani amanyanga mu Suriya.
24 ২৪ সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
A ezzinme innanu zatu nu huma, ani jas inti koni sassas. nan nanu zito, nan nana gwargene nan ana ma tiri zi, nan nanu wijo utikira tini pum ma hum mumzan we.
25 ২৫ তাতে গালীল, দিকাপলি, যিৰূচালেম, আৰু যিহুদীয়া লগতে যৰ্দ্দনৰ সিপাৰৰ পৰাও বহু মানুহ দল বান্ধি যীচুৰ পাছে পাছে আহিল।
Ni ori nanungwen watarsime umGalili nan nu dikafolis, nan nu Urshalima nan ma nyanga mu Yahudiya, wannu kafa urabà udang u'urdu me.