< মথি 3 >

1 সেই কালত বাপ্তাইজক যোহন আহি, যিহুদীয়াৰ মৰুপ্রান্তত প্রচাৰ কৰিব ধৰিলে।
בימים ההם, כשישוע והוריו גרו בנצרת, החל יוחנן המטביל להטיף במדבר יהודה.
2 তেওঁ ক’লে, “মন-পালটন কৰক। কিয়নো স্বৰ্গৰাজ্য ওচৰ হ’ল।”
”חיזרו בתשובה!“קרא יוחנן.”שובו אל ה׳ כי מלכות השמים קרובה!“
3 কাৰণ এৱেঁই সেই যোহন, যি জনৰ বিষয়ে যিচয়া ভাৱবাদীৰ দ্বাৰাই এই বুলি কোৱা হৈছিল যে, “মৰুপ্রান্তত এজনৰ উচ্চস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ প্রস্তুত কৰা৷ তেওঁৰ বাট পোন কৰা।”
ישעיהו הנביא ניבא על פעילותו של יוחנן כשאמר:”קול קורא במדבר פנו דרך ה׳, ישרו מסילותיו.“
4 যোহনে উটৰ নোমেৰে তৈয়াৰী কাপোৰ পিন্ধিছিল, কঁকালত চামৰাৰ টঙালি বান্ধিছিল। কচুৱা ফৰিং আৰু হাবিৰ মৌ তেওঁৰ আহাৰ আছিল।
בגדיו היו עשויים שער גמלים והייתה לו חגורת עור; הוא נהג לאכול ארבה ודבש־בר.
5 সেই সময়ত যিৰূচালেম, সমগ্র যিহুদীয়া আৰু যৰ্দ্দন নদীৰ দাতিকাষৰীয়া অঞ্চলৰ লোক সকল তেওঁৰ ওচৰলৈ আহিব ধৰিলে।
אנשים מירושלים, עמק־הירדן וכל אזור יהודה יצאו למדבר כדי לשמוע את דבריו,
6 লোক সকলে যেতিয়া নিজৰ নিজৰ পাপ সমূহ স্বীকাৰ কৰিলে, তেতিয়া বাপ্তাইজক যোহনে তেওঁলোকক যৰ্দ্দন নদীত বাপ্তিস্ম দিলে।
ולאחר שהתוודו על חטאיהם, יוחנן הטביל אותם בנהר הירדן.
7 যোহনে যেতিয়া দেখিলে যে অনেক ফৰীচী আৰু চদ্দূকী সকল বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ তেওঁলোকক ক’লে, “সৰ্পৰ বংশধৰ সকল! আগলৈ যি ক্রোধ হব লগা আছে, তাৰ পৰা পলাবৰ বাবে আপোনালোকক কোনে চেতনা দিলে?
אולם כשראה יוחנן שפרושים וצדוקים רבים באים להיטבל, הוא דחה אותם.”בני נחשים אתם!“אמר להם יוחנן.”מי אמר לכם שתוכלו להימלט מהעונש שה׳ עתיד להביא עליכם?
8 মন-পালটনৰ উপযুক্ত ফল ধৰি ফলৱান হওক।
לפני שתיטבלו אתם חייבים להוכיח במעשים שבאמת התחרטתם על חטאיכם.
9 আপোনালোকে নিজৰ মনতে আমাৰ পুৰ্ব্ব পুৰুষ অব্ৰাহাম আছে বুলি চিন্তাও নকৰিব; কিয়নো মই আপোনালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাও অব্ৰাহামৰ বাবে বংশৰ সন্তান উৎপন্ন কৰিব পাৰে।
אל תחשבו בלבכם:’אלוהים לא יעניש אותנו כי אנחנו יהודים, בני אברהם‘. הרי אלוהים יכול לעשות מהאבנים האלה בנים לאברהם!
10 ১০ গছবোৰৰ গুৰিত কুঠাৰ লাগি আছে; যি যি গছে ভাল গুটি নধৰে, তাক কাটি জুইত পেলোৱা হয়।
”כבר עכשיו מוכן גרזן המשפט של אלוהים לכרות כל עץ חסר תועלת שאינו נושא פרי. עצים חסרי תועלת ייכרתו ויישרפו!
11 ১১ আপোনালোকে মন-পালটন কৰা বাবে মই আপোনালোকক পানীত বাপ্তিস্ম দিছোঁ, কিন্তু যি জন আহি আছে, তেওঁ মোতকৈও শক্তিশালী; মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ; তেওঁ আপোনালোকক পবিত্ৰ আত্মা আৰু জুইত বাপ্তাইজ কৰিব।
”אני כרגע מטביל במים את אלה שבאמת מתחרטים על מעשיהם הרעים, אולם בקרוב יבוא אדם גדול ונעלה ממני שאני לא ראוי אפילו לשאת את נעליו, והוא יטביל אתכם ברוח הקודש ובאש.
12 ১২ তেওঁৰ কুলা তেওঁৰ হাততে আছে; তেওঁ শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিব আৰু তেওঁ নিজৰ শস্য ভঁৰালত চপাই থব; কিন্তু ঘুলা, সেই জুইত পুৰি পেলাব, যি জুই কেতিয়াও নুনুমায়।”
הוא יפריד בין המוץ לבין גרגירי החיטה – את המוץ ישרוף באש נצחית, ואילו את החיטה ישמור באסם.“
13 ১৩ সেই সময়ত যীচুৱে বাপ্তিস্ম লবলৈ গালীল প্ৰদেশৰ পৰা যৰ্দ্দন নদীৰ পাৰত থকা বাপ্তাইজক যোহনৰ কাষলৈ আহিল।
באותו זמן בא ישוע מן הגליל אל נהר הירדן, כדי להיטבל על־ידי יוחנן.
14 ১৪ কিন্তু যোহনে তেওঁক বাধা দি ক’লে, “মইহে আপোনাৰ দ্বাৰা বাপ্তাইজ হোৱা উচিত, এনে স্থলত আপুনি মোৰ ওচৰলৈ আহিছে?”
יוחנן ניסה לשכנע אותו ואמר:”אתה צריך להטביל אותי, ולא אני אותך!“
15 ১৫ কিন্তু যীচুৱে উত্তৰ দি তেওঁক কলে, “এতিয়া এনেকৈয়ে হবলৈ দিয়া; কিয়নো সকলো ধাৰ্মিকতা আমি এইদৰে পূর্ণ কৰা উচিত।” তেতিয়া যোহন সন্মত হ’ল।
אולם ישוע עמד על דעתו ואמר:”הטבל אותי, בבקשה. עלי לעשות את כל הדרוש.“ויוחנן הטביל אותו.
16 ১৬ যীচুৱে বাপ্তিস্মলৈ পানীৰ পৰা উঠাৰ লগে লগে তেওঁৰ সন্মুখত হঠাৎ স্বৰ্গ মুকলি হ’ল আৰু ঈশ্বৰৰ আত্মা কপৌৰ দৰে নামি আহি তেওঁৰ ওপৰত পৰা দেখিলে।
מיד לאחר הטבילה, כשישוע יצא מהמים, השמים נפתחו מעליו והוא ראה את רוח אלוהים יורדת עליו בדמות יונה.
17 ১৭ তেতিয়া এই আকাশ-বাণী হ’ল, “চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট।”
קול קרא מהשמים:”זהו בני אהובי, ובו אני חפץ.“

< মথি 3 >