< মথি 3 >
1 ১ সেই কালত বাপ্তাইজক যোহন আহি, যিহুদীয়াৰ মৰুপ্রান্তত প্রচাৰ কৰিব ধৰিলে।
In jenen Tagen trat Johannes der Täufer auf und ließ in der Wüste Judäas den Ruf erschallen:
2 ২ তেওঁ ক’লে, “মন-পালটন কৰক। কিয়নো স্বৰ্গৰাজ্য ওচৰ হ’ল।”
"Ändert euern Sinn, denn das Königreich der Himmel ist nahe herbeigekommen!"
3 ৩ কাৰণ এৱেঁই সেই যোহন, যি জনৰ বিষয়ে যিচয়া ভাৱবাদীৰ দ্বাৰাই এই বুলি কোৱা হৈছিল যে, “মৰুপ্রান্তত এজনৰ উচ্চস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ প্রস্তুত কৰা৷ তেওঁৰ বাট পোন কৰা।”
Er ist der Mann, vom dem der Prophet Jesaja gesprochen hat: In der Wüste ruft eine Stimme: "Bereitet dem Herrn den Weg, ebnet ihm die Pfade!"
4 ৪ যোহনে উটৰ নোমেৰে তৈয়াৰী কাপোৰ পিন্ধিছিল, কঁকালত চামৰাৰ টঙালি বান্ধিছিল। কচুৱা ফৰিং আৰু হাবিৰ মৌ তেওঁৰ আহাৰ আছিল।
Johannes aber trug ein Kleid von Kamelhaaren und um seine Hüften einen Ledergurt; und seine Nahrung waren Heuschrecken und wilder Honig.
5 ৫ সেই সময়ত যিৰূচালেম, সমগ্র যিহুদীয়া আৰু যৰ্দ্দন নদীৰ দাতিকাষৰীয়া অঞ্চলৰ লোক সকল তেওঁৰ ওচৰলৈ আহিব ধৰিলে।
Da gingen die Leute aus Jerusalem, aus ganz Judäa und aus der ganzen Gegend um den Jordan zu ihm hinaus,
6 ৬ লোক সকলে যেতিয়া নিজৰ নিজৰ পাপ সমূহ স্বীকাৰ কৰিলে, তেতিয়া বাপ্তাইজক যোহনে তেওঁলোকক যৰ্দ্দন নদীত বাপ্তিস্ম দিলে।
ließen sich im Jordanflusse taufen und bekannten ihre Sünden.
7 ৭ যোহনে যেতিয়া দেখিলে যে অনেক ফৰীচী আৰু চদ্দূকী সকল বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ তেওঁলোকক ক’লে, “সৰ্পৰ বংশধৰ সকল! আগলৈ যি ক্রোধ হব লগা আছে, তাৰ পৰা পলাবৰ বাবে আপোনালোকক কোনে চেতনা দিলে?
Als er nun auch viele Pharisäer und Sadduzäer zu seiner Taufe kommen sah, sprach er zu ihnen: "Ihr Schlangenbrut! Wer hat euch denn gesagt, daß ihr dem kommenden Zorngericht entrinnen könnt?
8 ৮ মন-পালটনৰ উপযুক্ত ফল ধৰি ফলৱান হওক।
So bringt den Frucht, wie sie der Sinnesänderung entspricht!
9 ৯ আপোনালোকে নিজৰ মনতে আমাৰ পুৰ্ব্ব পুৰুষ অব্ৰাহাম আছে বুলি চিন্তাও নকৰিব; কিয়নো মই আপোনালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাও অব্ৰাহামৰ বাবে বংশৰ সন্তান উৎপন্ন কৰিব পাৰে।
Und laßt euch nur nicht beikommen, zu denken: 'Wir haben ja Abraham zum Vater.' Denn ich sage euch: Gott kann aus diesen Steinen hier dem Abraham Kinder entstehen lassen.
10 ১০ গছবোৰৰ গুৰিত কুঠাৰ লাগি আছে; যি যি গছে ভাল গুটি নধৰে, তাক কাটি জুইত পেলোৱা হয়।
Schon liegt die Axt den Bäumen an der Wurzel; und jeder Baum, der nicht gute Frucht bringt, wird abgehauen und ins Feuer geworfen.
11 ১১ আপোনালোকে মন-পালটন কৰা বাবে মই আপোনালোকক পানীত বাপ্তিস্ম দিছোঁ, কিন্তু যি জন আহি আছে, তেওঁ মোতকৈও শক্তিশালী; মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ; তেওঁ আপোনালোকক পবিত্ৰ আত্মা আৰু জুইত বাপ্তাইজ কৰিব।
Ich taufe euch mit Wasser, damit ihr euern Sinn ändert. Der aber nach mir kommt, hat größere Gewalt als ich, und ich bin nicht wert, ihm seine Schuhe nachzutragen: der wird euch mit Heiligem Geiste und mit Feuer taufen.
12 ১২ তেওঁৰ কুলা তেওঁৰ হাততে আছে; তেওঁ শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিব আৰু তেওঁ নিজৰ শস্য ভঁৰালত চপাই থব; কিন্তু ঘুলা, সেই জুইত পুৰি পেলাব, যি জুই কেতিয়াও নুনুমায়।”
Er hat schon die Wurfschaufel in der Hand und wird seine Tenne reinigen: seinen Weizen wird er in den Speicher sammeln; aber die Spreu wird er verbrennen mit einem Feuer, das niemand löschen kann."
13 ১৩ সেই সময়ত যীচুৱে বাপ্তিস্ম লবলৈ গালীল প্ৰদেশৰ পৰা যৰ্দ্দন নদীৰ পাৰত থকা বাপ্তাইজক যোহনৰ কাষলৈ আহিল।
Damals kam auch Jesus aus Galiläa an den Jordan zu Johannes, um sich von ihm taufen zu lassen.
14 ১৪ কিন্তু যোহনে তেওঁক বাধা দি ক’লে, “মইহে আপোনাৰ দ্বাৰা বাপ্তাইজ হোৱা উচিত, এনে স্থলত আপুনি মোৰ ওচৰলৈ আহিছে?”
Der aber suchte ihn davon abzubringen, indem er sprach: "Ich hätte es nötig, mich von dir taufen zu lassen, und du kommst zu mir?"
15 ১৫ কিন্তু যীচুৱে উত্তৰ দি তেওঁক কলে, “এতিয়া এনেকৈয়ে হবলৈ দিয়া; কিয়নো সকলো ধাৰ্মিকতা আমি এইদৰে পূর্ণ কৰা উচিত।” তেতিয়া যোহন সন্মত হ’ল।
Doch Jesus antwortete ihm: "Laß mich nur! Denn so ziemt es uns, jede Vorschrift zu erfüllen." Da gab Johannes ihm nach.
16 ১৬ যীচুৱে বাপ্তিস্মলৈ পানীৰ পৰা উঠাৰ লগে লগে তেওঁৰ সন্মুখত হঠাৎ স্বৰ্গ মুকলি হ’ল আৰু ঈশ্বৰৰ আত্মা কপৌৰ দৰে নামি আহি তেওঁৰ ওপৰত পৰা দেখিলে।
In dem Augenblick aber, als Jesus nach seiner Taufe aus dem Wasser emporstieg, tat sich der Himmel über ihm auf, und er sah den Geist Gottes wie eine Taube niederschweben und auf sich kommen.
17 ১৭ তেতিয়া এই আকাশ-বাণী হ’ল, “চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট।”
Und eine Stimme aus dem Himmel sprach: "Dies ist mein geliebter Sohn, den ich erkoren habe."