< মথি 28 >
1 ১ তেতিয়া বিশ্ৰামবাৰ পাৰ হৈ, সপ্তাহৰ প্ৰথম দিন ওচৰ চাপিল, মগ্দলীনী মৰিয়ম আৰু আন মৰিয়মে মৈদাম চাবলৈ গ’ল।
Na úsvitu neděle se Marie Magdaléna a ta druhá Marie vypravily k hrobu.
2 ২ চোৱা, তাতে বৰ ভুমিকম্প হ’ল; কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল।
Nastalo silné zemětřesení. Boží anděl sestoupil s nebe, odvalil kámen a sedl si na něj.
3 ৩ তেওঁৰ শৰীৰ বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰদৰে শুক্ল আৰু তেওঁৰ ভয়তে প্ৰহৰী সকল কঁপি কঁপি মৰাৰ নিচিনা হ’ল।
Zářil jako blesk a jeho oděv byl bílý jako sníh.
4 ৪ কিন্তু সেই মহিলা কেইজনীক,
Strážci byli tak vyděšeni, že se nemohli ani hnout.
5 ৫ দূতে মাত লগাই ক’লে, “তোমালোকে ভয় নকৰিবা; কিয়নো ক্রুচত হত হোৱা যীচুক তোমালোকে বিচাৰিছা বুলি মই জানিছোঁ।
Anděl promluvil k ženám: „Nebojte se, vím, že hledáte Ježíše, který byl ukřižován.
6 ৬ তেওঁ ইয়াত নাই; কিন্তু যেনেকৈ তেওঁ কৈছিল, তেনেকৈ তেওঁ উঠিল৷ আহা, তেওঁ শয়ন কৰা ঠাই চোৱাহি।
Ale on tu již není, vstal opět k životu, jak to předpověděl. Pojďte se podívat do hrobu.
7 ৭ এতিয়া তোমালোকে বেগাই যোৱা আৰু তেওঁৰ শিষ্য সকলক এই কথা কোৱাগৈ যে, তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল৷ চোৱা, তোমালোকৰ আগেয়ে তেওঁ গালীল প্ৰদেশলৈ গৈছে; তোমালোকে তাতে তেওঁক দৰ্শন পাবা; চোৱা, এই কথা মই তোমালোকক ক’লো”।
A teď si pospěšte a řekněte jeho učedníkům, že vstal z mrtvých a jde napřed do Galileje, kde ho uvidíte. To jsem vám měl vyřídit.“
8 ৮ তাতে তেওঁলোকে ভয় আৰু মহা-আনন্দেৰে মৈদামৰ পৰা ততাতৈয়াকৈ গুচি গ’ল আৰু তেওঁৰ শিষ্য সকলক সম্বাদ দিবলৈ ল’ৰি গ’ল।
S bázní, a přece s velkou radostí opustily ženy rychle hrob a běžely to oznámit učedníkům.
9 ৯ তাতে চোৱা যীচুৱে তেওঁলোক সাক্ষাৎ হৈ ক’লে, “তোমালোকৰ মঙ্গল হওক”। তাতে মহিলা সকল ওচৰলৈ আহি তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে।
Na cestě se setkaly se samým Ježíšem. Pozdravil je a ony padly na kolena a objímaly jeho nohy.
10 ১০ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “ভয় নকৰিবা; তোমালোক যোৱা, মোৰ ভাই সকলক গালীল প্ৰদেশলৈ যাবৰ বাবে সম্বাদ দিয়াগৈ; তেওঁলোকে তাতে মোক দেখা পাব”।
Ježíš jim řekl: „Nebojte se, jen jděte za mými bratry a řekněte jim, ať jdou do Galileje a tam se setkáme.“
11 ১১ পাছত মহিলা সকল যাওঁতে, চোৱা, চন্তৰীবোৰৰ কোনো কোনোৱে নগৰলৈ আহি, যি যি ঘটিছিল, সেই সকলোৰ সম্বাদ প্ৰধান পুৰোহিত সকলৰ আগত দিলেহি।
Po odchodu žen se někteří strážci odebrali do města, aby ohlásili velekněžím všechno, co se stalo.
12 ১২ তেতিয়া তেওঁলোকে পৰিচাৰক সকলৰ সৈতে একত্ৰিত হৈ আলোচনা কৰিলে আৰু সেনাবোৰক ভালেমান ধন দি ক’লে,
Ti hned svolali poradu s ostatními židovskými představiteli, aby se dohodli, co dělat. Potom štědře podplatili vojáky, aby mluvili shodně s nimi: „V noci jsme usnuli, a zatímco jsme spali, přišli Ježíšovi učedníci a ukradli jeho tělo.“
13 ১৩ “আমি টোপনিত থাকোঁতে, যীচুৰ শিষ্যবোৰে ৰাতি আহি, তাক চুৰ কৰি নিলে, এই বুলি ক’বা।
14 ১৪ এই কথা যদি দেশাধিপতিয়ে শুনে, তেতিয়া আমি তেওঁক বুজাই-বঢ়াই লম আৰু তোমালোকক এই বিষয়তোৰ পৰা দূৰত ৰাখিম”।
Pak vojákům slíbili, že doslechne-li se o tom místodržitel, uchlácholí ho a postarají se, aby z toho vyvázli bez nepříjemností.
15 ১৫ তেতিয়া সিহঁতে ধন ললে আৰু তেওঁলোকে শিকাই দিয়াৰ দৰেই সিহঁতে কৰিলে; এইদৰে এই কথা ইহুদী সকলৰ মাজত বিয়পি গ’ল আৰু আজিলৈকে এই কথা, এইদৰে প্ৰচলিত হৈ আছে।
Vojáci si tedy vzali peníze a rozhlašovali, k čemu byli navedeni. Tato verze se mezi židy rozšířila, takže tomu věří dodnes.
16 ১৬ পাছত গালীল প্ৰদেশৰ যি পৰ্বত যীচুৱে নিৰূপণ কৰি থৈছিল তালৈকে তেওঁৰ এঘাৰ জন শিষ্য গ’ল;
Jedenáct apoštolů šlo do Galileje, na horu, kterou Ježíš určil jako místo setkání.
17 ১৭ আৰু তেওঁক দেখা পাই প্ৰণিপাত কৰিলে; কিন্তু কোনো কোনোৱে সংশয় কৰিলে।
Tam ho uviděli, klaněli se mu, ale někteří pochybovali, že to je skutečně on.
18 ১৮ তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ’ল।
Ježíš jim řekl: „Je mi dána veškerá moc na nebi i na zemi.
19 ১৯ এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা;
Proto jděte a získávejte mi následovníky ve všech národech, křtěte je ve jméno Otce, Syna i Ducha svatého.
20 ২০ মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”। (aiōn )
Veďte tyto nové učedníky k tomu, aby poslouchali všechny příkazy, které jsem vám dal. A spoléhejte na to, že já jsem vždy s vámi až do konce světa.“ (aiōn )