< মথি 23 >
1 ১ তেতিয়া যীচুৱে লোক সকলক আৰু তেওঁৰ শিষ্য সকলক ক’লে,
Akkor szólt Jézus a sokaságnak és a tanítványainak:
2 ২ তেওঁ ক’লে “বিধানৰ অধ্যাপক আৰু ফৰীচী সকল মোচিৰ আসনত বহি আছে৷
„Az írástudók és a farizeusok Mózes székében ülnek.
3 ৩ এই কাৰণে তেওঁলোকে তোমালোকক যি আজ্ঞা দিয়ে, সেই সকলোকে পালন আৰু মান্য কৰিবা; কিন্তু তেওঁলোকৰ কৰ্মৰ দৰে নকৰিবা; কিয়নো তেওঁলোকে যি দৰে কয়, সেইদৰে নকৰে।
Ezért amit parancsolnak nektek, mindazt tartsátok meg, és tegyétek meg, de az ő cselekedeteik szerint ne cselekedjetek. Mert ők mondják, de nem cselekszik.
4 ৪ হয়, তেওঁলোকে গধূৰ আৰু অসহনীয় ভাৰ বান্ধি মানুহবোৰৰ কান্ধত দিয়ে, কিন্তু নিজে এটা আঙুলিৰেও সেই ভাৰ লৰাবলৈ ইচ্ছা নকৰে।
Nehéz és elhordozhatatlan terheket kötöznek egybe, és az emberek vállaira vetik, de ők az ujjukkal sem akarják azokat megérinteni.
5 ৫ তেওঁলোকে মানুহক দেখুৱাবলৈ নিজৰ সকলো কৰ্ম কৰে; তেওঁলোকে নিজৰ নিজৰ তাবিজ ডাঙৰকৈ লয়, আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে৷
Minden dolgukat pedig csak azért cselekszik, hogy lássák őket az emberek, mert megszélesítik homlokszíjaikat, megnagyobbítják köntöseik peremét,
6 ৬ ভোজত প্ৰধান ঠাই, আৰু নাম-ঘৰত প্ৰধান আসন,
szeretik a lakomákon a főhelyeket, és a gyülekezetekben az első helyeken szeretnek ülni.
7 ৭ হাট-বজাৰত নমস্কাৰ আৰু লোক সকলে ‘ৰব্বি’সম্বোধন কৰিলে তেওঁলোকে ভালপায়।
Szeretik, ha a piacokon köszöntik őket, és ha az emberek így hívják őket: Mester, mester!
8 ৮ কিন্তু তোমালোকে হ’লে, ‘ৰব্বি’বুলি মতা নহ’বা; কিয়নো এজন তোমালোকৰ গুৰু আছে, আৰু তোমালোক সকলো ভাই ভাই।
De ti ne hivassátok magatokat mesternek, mert egy a ti mesteretek, a Krisztus, ti pedig mindnyájan testvérek vagytok.
9 ৯ পৃথিৱীত কাকো পিতৃ বুলি নামাতিবা; কিয়নো এজন, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ।
Atyátoknak se szólítsatok senkit ezen a földön, mert egy a ti Atyátok, aki a mennyben van.
10 ১০ আৰু তোমালোকে আচাৰ্য্যবুলি মতা নহ’বা; কিয়নো খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য।
Tanítóknak se hívassátok magatokat, mert egy a ti tanítótok, a Krisztus.
11 ১১ কিন্তু তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ পৰিচাৰক হ’ব।
Hanem aki nagyobb közöttetek, legyen a ti szolgátok.
12 ১২ যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হ’ব।
Mert aki magát felmagasztalja, megaláztatik, és aki magát megalázza, felmagasztaltatik.
13 ১৩ কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে।
De jaj nektek, képmutató írástudók és farizeusok, mert a mennyeknek országát bezárjátok az emberek előtt: ti nem mentek be, és azokat sem engeditek be, akik be akarnának menni.
14 ১৪ হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! আপোনালোকে বাৰী-বিধৱা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰে আৰু দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে, এই হেতুকে আপোনালোকে অধিক দণ্ড পাব।
Jaj nektek, képmutató írástudók és farizeusok, mert felemésztitek az özvegyek házát, és színből hosszan imádkoztok: ezért annál súlyosabb lesz a ti büntetésetek.
15 ১৫ হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে এজনক ইহুদী ধৰ্ম দিবলৈ, সাগৰ আৰু পৃথিৱী ঘূৰি ফুৰে; আৰু যেয়ে লয়, সেই জনক নিজতকৈয়ো দুগুণ নৰকী কৰে। (Geenna )
Jaj nektek, képmutató írástudók és farizeusok, mert megkerülitek a tengert és a földet, hogy egy pogányt zsidóvá tegyetek, és ha azzá lett, a gyehenna fiává teszitek őt, kétszerte inkább magatoknál. (Geenna )
16 ১৬ হায় হায় অন্ধ পথ প্ৰর্দশক! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে কয় যে, মন্দিৰত ধৰি শপত খালে একো নহয়; কিন্তু যি জনে মন্দিৰৰ সোণত ধৰি শপত খায়, তেওঁহে ধৰুৱা হয়।
Jaj nektek, vak vezetők, akik ezt mondjátok: Ha valaki a templomra esküszik, semmi az, de ha valaki a templom aranyára esküszik, akkor az kötelezi.
17 ১৭ হে নিৰ্ব্বোধ আৰু অন্ধ সকল, সোণ আৰু সোণক পবিত্ৰ কৰা যি মন্দিৰ, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?
Bolondok és vakok, melyik a nagyobb: az arany vagy a templom, amely szentté teszi az aranyat?
18 ১৮ আপোনালোকে কয় যে, বেদিত ধৰি শপত খালে, একো নহয়; কিন্তু যি জনে তাৰ ওপৰৰ নৈবেদ্যত ধৰি শপত খায়, তেওঁহে ধৰুৱা।
És: ha valaki az oltárra esküszik, semmi az, de ha valaki a rajta levő ajándékra esküszik, akkor az kötelezi.
19 ১৯ হে অন্ধ সকল, নৈবেদ্য আৰু নৈবেদ্যক পবিত্ৰ কৰা যি বেদি, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?
Bolondok és vakok: melyik a nagyobb, az ajándék vagy az oltár, amely szentté teszi az ajándékot?
20 ২০ এতেকে যি কোনোৱে বেদিত ধৰি শপত খায়, তেওঁ বেদিত আৰু তাৰ ওপৰৰ সকলোতে ধৰি শপত খোৱা হয়;
Aki azért az oltárra esküszik, esküszik arra, és mindazokra, amik azon vannak.
21 ২১ আৰু যি কোনোৱে মন্দিৰত ধৰি শপত খায়, তেওঁ মন্দিৰ আৰু তাত বাস কৰা জনতো ধৰি শপত খোৱা হয়।
És aki a templomra esküszik, esküszik rá és arra, aki abban lakik.
22 ২২ যি কোনোৱে স্বৰ্গৰ নামে শপত খায়, তেওঁ ঈশ্বৰৰ সিংহাসন আৰু তাৰ ওপৰত বহা জনৰ নামেৰেও শপত খায়।
És aki az égre esküszik, esküszik az Isten királyi székére és arra, aki abban ül.
23 ২৩ হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে পদিনা, গুৱামুৰি, আৰু জীৰাৰ দশম ভাগ দান কৰে, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ হলে নিদিয়ে। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰক ত্যাগ নকৰা আপোনালোকৰ উচিত আছিল।
Jaj nektek, képmutató írástudók és farizeusok, mert megdézsmáljátok a mentát, a kaprot és a köményt, és elhagyjátok azt, amik a legnehezebbek a törvényben: az ítéletet, az irgalmasságot és a hűséget; pedig ezeket kellene cselekedni, és azokat sem elhagyni.
24 ২৪ হে অন্ধ পথদৰ্শক সকল, আপোনালোকে পোক এটাকে ছেকি পেলাই, কিন্তু উটকে গিলি খায়!
Vak vezetők: kiszűritek a szúnyogot, a tevét pedig lenyelitek.
25 ২৫ হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে বাটি-কাঁহীৰ বাহিৰফাল শুচি কৰে, কিন্তু ভিতৰফাল অপহৰণ আৰু অতিশয্যৰে পৰিপূৰ্ণ।
Jaj nektek, képmutató írástudók és farizeusok, mert megtisztítjátok a pohárnak és a tálnak a külsejét, belül pedig meg vannak rakva zsákmánnyal és mértéktelenséggel.
26 ২৬ হে অন্ধ ফৰীচী সকল, আপোনালোকে আগেয়ে বাটি-কাঁহীৰ ভিতৰফাল পৰিষ্কাৰ কৰক, তেতিয়াহে তাৰ বাহিৰ ফালো শুচি হ’ব।
Vak farizeus, tisztítsd meg először a pohár és tál belsejét, hogy külsejük is tiszta legyen.
27 ২৭ হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোক বগাকৈ লিপা মৈদামৰ নিচিনা; সেইবোৰৰ বাহিৰফাল দেখিবলৈ সুন্দৰ, কিন্তু ভিতৰফাল মৰা মানুহৰ হাড় আৰু সকলো প্ৰকাৰ মলিৰে পৰিপূৰ্ণ৷
Jaj nektek, képmutató írástudók és farizeusok, mert hasonlóak vagytok a meszelt sírokhoz, amelyek kívülről szépnek tetszenek, belül pedig holtaknak csontjaival és minden undoksággal vannak teli.
28 ২৮ সেইদৰে আপোনালোকো বাহিৰফালে মানুহে দেখাত ধাৰ্মিক; কিন্তু ভিতৰত, কপট আৰু অধৰ্মেৰে পূৰ হৈ আছে।
Éppen így ti is, kívülről igazaknak látszotok ugyan, de belül tele vagytok képmutatással és törvénytelenséggel.
29 ২৯ হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল। আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে ভাববাদী সকলৰ মৈদাম বান্ধিছে, আৰু ধাৰ্মিক সকলৰ মৈদাম শোভিত কৰিছে৷
Jaj nektek, képmutató írástudók és farizeusok, mert építitek a próféták sírjait, és felékesítitek az igazak síremlékeit,
30 ৩০ আপোনালোকে কয় যে, ‘আমাৰ পূৰ্ব-পুৰুষ সকলৰ দিনত আমি থকা হ’লে, ভাৱবাদী সকলৰ ৰক্তপাতত তেওঁলোকৰ সঙ্গী নহলোহেঁতেন’।
és ezt mondjátok: Ha atyáink korában éltünk volna, nem lettünk volna bűntársaik a próféták vére ontásában.
31 ৩১ এইদৰে, আপোনালোক যে ভাববাদী সকলক বধ কৰোঁতা সকলৰ সন্তান, এই বিষয়ে আপোনালোকে নিজেই নিজৰ পক্ষত সাক্ষ্য দিছা।
Így hát magatok ellen tesztek bizonyságot, hogy fiai vagytok azoknak, akik megölték a prófétákat.
32 ৩২ এই হেতুকে চোৱা, আপোনালোকেও নিজৰ পূৰ্বপুৰুষ সকলৰ জোখৰ পাত্ৰ পূৰ কৰক।
Töltsétek be ti is atyáitoknak mértékét!
33 ৩৩ হে সৰ্পগণ, কালসৰ্পৰ বংশ, আপোনালোকে নো কেনেকৈ নৰকৰ সোধ-বিচাৰৰ পৰা সাৰিব? (Geenna )
Kígyók, mérges kígyóknak fajzatai, hogyan kerülitek ki a gyehenna büntetését? (Geenna )
34 ৩৪ এই কাৰণে চাওক, মই আপোনালোকৰ ওচৰলৈ ভাববাদী, জ্ঞানী আৰু বিধানৰ অধ্যাপক সকলক পঠাওঁ; তেওঁলোকক আপোনালোকে বধ কৰিব, ক্রুচত দিব; কিছুমানক আপোনালোকে নাম-ঘৰত কোবাব, আৰু নগৰে নগৰে তাড়না কৰিব।
Ezért íme, prófétákat, bölcseket és írástudókat küldök hozzátok: és ezek közül némelyeket megöltök és megfeszítetek, másokat ezek közül zsinagógáitokban megostoroztok, és városról városra üldöztök,
35 ৩৫ তাতে ধাৰ্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰখিয়াৰ পুতেক যি জখৰিয়াক আপোনালোকে মন্দিৰ আৰু বেদিৰ মাজত বধ কৰিছিল, তেওঁৰ ৰক্তপাতলৈকে পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতৰ দোষ আপোনালোকৰ ওপৰত পৰিব।
hogy rátok szálljon minden igaz vér, amely kiömlött a földön, az igaz Ábelnak vérétől Zakariásnak, Barakiás fiának véréig, akit a templom és az oltár között megöltetek.
36 ৩৬ মই আপোনালোকক সঁচাকৈ কওঁ, এইবোৰ এই কালৰ লোক সকললৈ হ’ব।”
Bizony mondom néktek, mindezek megtörténnek ezzel a nemzedékkel.
37 ৩৭ “যিৰূচালেম, যিৰূচালেম, যি জনে ভাববাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলক শিল দলিয়াই মাৰে, কিমান বাৰ মই তোমালোকৰ সন্তান সকলক একলগ কৰিবলৈ যত্ন কৰিলোঁ, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই লবলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু তুমি সন্মত নহলা।
„Jeruzsálem, Jeruzsálem, ki megölöd a prófétákat, és megkövezed azokat, akik hozzád küldettek, hányszor akartam egybegyűjteni fiaidat, miképpen a tyúk egybegyűjti kiscsibéit szárnya alá, de te nem akartad.
38 ৩৮ চোৱা, তোমাৰ ঘৰ তোমাৰ বাবে পৰিত্যক্ত হৈছে;
Íme, elhagyott lesz a ti házatok.
39 ৩৯ কিয়নো মই তোমাক কওঁ, প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য, এই কথা নোকোৱালৈকে তুমি এতিয়াৰ পৰা পুনৰ মোক দেখিবলৈ নাপাবা।”
Mert mondom néktek: Mostantól fogva nem láttok engem mindaddig, amíg ezt nem mondjátok: »Áldott, aki jön az Úr nevében!«“