< মথি 22 >
1 ১ যীচুৱে উত্তৰ দিলে, আৰু দৃষ্টান্তৰে তেওঁলোকৰ লগত কথা পাতি ক’লে যে,
І, озвавшись Ісус, знов промовив до них приповістями, глаголючи:
2 ২ “স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি,
Уподобилось царство небесне чоловіку цареві, що нарядив весїллє синові своєму;
3 ৩ এই ভোজলৈ নিমন্ত্ৰণ কৰিবলৈ তেওঁৰ দাসবোৰক পঠাই দিলে, কিন্তু নিমন্ত্ৰিত সকল আহিবলৈ মন নকৰিলে।
і післав слуги свої кликати запрошених на весїллє; і не схотїли прийти.
4 ৪ পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, ‘যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱাগৈ; চোৱা, মই ভোজ যুগুত কৰিলোঁ। মোৰ বলধ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হ’ল; তোমালোকে বিয়াৰ ভোজলৈ আহা’।
Знов післав инші слуги, говорячи: Скажіть запрошеним: Ось я обід мій наготовив; воли мої й годоване побито, і все налагоджене; ідіть на весїллє.
5 ৫ কিন্তু তেওঁলোকে অৱহেলা কৰি কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা-বেপাৰলৈ ওলাই গ’ল।
Вони ж, занехавши, пійшли собі, один на хутір, другий до свого торгу;
6 ৬ আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি, অপমান কৰি বধ কৰিলে।
а останнї, взявши слуг його, знущались із них, та й повбивали.
7 ৭ তাতে ৰজাৰ খং উঠি, তেওঁৰ সৈন্য সকলক পঠিয়াই, সেই নৰবধীবোৰক সংহাৰ কৰি, সিহঁতৰ নগৰ খন পুৰি পেলালে।
Цар же, почувши, прогнівив ся, й піславши військо своє, вигубив тих розбишак, і запалив город їх.
8 ৮ তেতিয়া তেওঁৰ দাসবোৰক ক’লে, ‘বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিত সকল যোগ্য নাছিল;
Рече тодї до слуг своїх: Весїллє налагоджене, запрошені ж не були достойні.
9 ৯ এই কাৰণে তোমালোকে ৰাজপথৰ চাৰিআলিলৈ গৈ যিমান মানুহ পোৱা, সেই আটাই লোককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰাগৈ’।
Ійдїть же на росхідні шляхи, й кого знайдете, запрошуйте на весїллє.
10 ১০ তেতিয়া তেওঁৰ দাসবোৰে বাটলৈ ওলাই গৈ, ভাল-বেয়া যিমান মানুহ পালে, সেই সকলোকে গোটাই আনিলে; তাতে আলহী সকলৰ বিয়া-ঘৰ ভৰি পৰিল।
І вийшовши слуги ті на шляхи, зібрали всїх, кого знайшли, й лихих і добрих; і було весїллє повне гостей.
11 ১১ কিন্তু ৰজাই আলহী সকলক চাবলৈ ভিতৰলৈ আহোতে বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহ দেখি সুধিলে,
Цар же, ввійшовши подивитись на гостї, побачив там чоловіка, не одягненого у весїлню одежу;
12 ১২ ‘হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি আহি ইয়াত কেনেকৈ সোমালা’? তেতিয়া তেওঁ অবাক হ’ল;
і рече до него: Друже, як се увійшов єси сюди, не мавши весїлньої одежі? Він же мовчав,
13 ১৩ তাতে ৰজাই তেওঁৰ দাস সকলক মাতি ক’লে, ‘ইয়াক হাত-ভৰি বান্ধি, বাহিৰৰ আন্ধাৰত পেলাই দিয়া; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব’।
Рече тодї цар до слуг: Звязавши йому ноги й руки, візьміть його й викиньте в темряву надвірню; там буде плач і скреготаннє зубів.
14 ১৪ কিয়নো নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনীত লোক তাকৰ।”
Багато бо званих, мало ж вибраних.
15 ১৫ তাৰ পাছত ফৰীচী সকল গ’ল, আৰু কেনেকৈ যীচুক নিজে কোৱা কথাত তেওঁলোকে বন্দী কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে৷
Тодї пійшли Фарисеї, і радили раду, як би піймати Його на слові.
16 ১৬ এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদীয়া মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক যীচুৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক’লে, “হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিছে, আপুনি কোনো ব্যক্তিৰ মতামতক ভয় নকৰে; এই কাৰণে কোনো লোকৰ সৈতে আপুনি পক্ষপাত নকৰে।
І висилають до Него учеників своїх з Іродиянами, говорячи: Учителю, знаємо, що ти правдивий вси, й на путь Божий правдою наставляєш, і нї про кого не дбаєш; бо не дивиш ся на лице людей.
17 ১৭ গতিকে আমাক কওকচোন, ‘চীজাৰক কৰ দিয়া বিধান সন্মত হয় নে নহয়’? এই বিষয়ে আপুনি কি ভাৱে, চীজাৰক কৰ দিব পায় নে নাপায়?”
Скажи ж тепер нам: Як тобі здаєть ся? годить ся давати данину кесареві, чи нї?
18 ১৮ যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, “হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছে?
Постеріг же Ісус лукавство їх, і рече: Що ви мене спокутуєте, лицеміри?
19 ১৯ কৰ দিয়া ধন মোক দেখুৱাওঁক৷” তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি এটা আনিলে।
Покажіть менї гріш податковий. Вони ж принесли йому денария.
20 ২০ যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ হয়?”
І рече до них: Чиє обличче се й надпись?
21 ২১ তেতিয়া তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ৷” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।”
Кажуть йому: Кесареве. Тодї рече до них: Віддайте ж кесареве кесареві, а Боже Богові.
22 ২২ এই কথা শুনি তেওঁলোকে বিস্ময় মানিলে৷ পাছত তেওঁলোকে তেওঁক এৰি গুচি গ’ল।
І, вислухавши, здивувались, і, лишивши Його, пійшли.
23 ২৩ সেইদিনা পুনৰুত্থান বিশ্বাস নকৰা চদ্দূকী সকল যীচুৰ ওচৰলৈ আহিল৷ তেওঁলোকে তেওঁক সুধিলে,
Того ж дня приступили до Него Садукеї, що кажуть: нема воскресення, і питали Його,
24 ২৪ “হে গুৰু মোচিয়ে ক’লে, ‘কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে, তেনেহলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰাই ককায়েকলৈ বংশ উৎপন্ন কৰিব’।
говорячи: Учителю, Мойсей сказав: Коли хто вмре, не мавши дїтей, то нехай брат його оженить ся з жінкою його, й воскресить насїннє братові своєму.
25 ২৫ আমাৰ ইয়াত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া কৰালে আৰু সন্তান নোহোৱাকৈ মৰি, তেওঁৰ তিৰোতাক ভায়েকলৈ এৰি গ’ল।
Було ж у нас сім братів; і первий, оженившись, умер, і, не мавши васїння, покинув жінку свою братові своєму;
26 ২৬ পাছত দ্বিতীয়, তৃতীয় আদি কৰি সাতো জন ভাই একেদৰে কৰিলে আৰু মৰিল।
так само й другий брат, і третїй аж до семого.
27 ২৭ সকলোৰে পাছত সেই তিৰোতা জনী মৰিল।
Опісля ж усїх умерла й жінка.
28 ২৮ তেনেহলে পুনৰুত্থানত তেওঁ সেই সাত জনৰ ভিতৰত কোন জনৰ পত্নী হব? কিয়নো সকলোৱে তেওঁক বিয়া কৰাইছিল।”
Оце ж у воскресенню кому з сїмох буде вона жінкою? всї бо мали її.
29 ২৯ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকে ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভুল কৰিছে।
Озвав ся ж Ісус і рече до них: Помиляєтесь ви, не знаючи писання анї сили Божої.
30 ৩০ কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।
Бо в воскресенню не женять ся нї віддають ся, а будуть як ангели Божі на небі.
31 ৩১ মৃত সকলৰ পুনৰুত্থানৰ বিষয়ে যি বাক্য ঈশ্বৰৰ দ্বাৰাই আপোনালোকক কোৱা হৈছিল বোলে,
Про воскресеннє ж мертвих хиба не читали, що сказано вам од Бога, глаголючого:
32 ৩২ ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’; তেওঁ মৃত সকলৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত সকলৰহে ঈশ্বৰ।”
Я Бог Авраамів, і Бог Ісааків, і Бог Яковів? Не єсть Бог Богом мертвих, а живих.
33 ৩৩ ইয়াকে শুনি, লোক সকলে তেওঁৰ উপদেশত বিস্ময় মানিলে।
І, слухаючи народ, дивував ся наукою Його.
34 ৩৪ যেতিয়া ফৰীচী সকলে শুনিলে যে, যীচুৱে চদ্দূকী সকলক নিৰুত্তৰ কৰিছে, তেতিয়া তেওঁলোক একগোট হ’ল;
Фарисеї ж, почувши, що Вів примусив Садукеїв мовчати, зібрались ради того.
35 ৩৫ তেওঁলোকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে-
І спитав один з них, учитель закону, спокушуючи Його й кажучи:
36 ৩৬ “হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান?”
Учителю, котора заповідь велика в законі?
37 ৩৭ যীচুৱে তেওঁক ক’লে, “‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷’
Ісус же рече йому: Люби Господа Бога твого всїм серцем твоїм, і всею душею твоєю, і всею думкою твоєю.
38 ৩৮ এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা।
Се перва й велика заповідь.
39 ৩৯ এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল- ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’।
Друга ж подібна їй: Люби ближнього твого, як себе самого.
40 ৪০ এই দুটাআজ্ঞাই গোটেইবিধান আৰু ভাৱবাদী সকলৰ কথাক নির্ভৰ কৰে।”
На сих двох заповідях увесь закон і пророки стоять.
41 ৪১ ফৰীচী সকল গোট খাই থাকোঁতে, যীচুৱে তেওঁলোকক এটা প্ৰশ্ন সুধিলে,
Як же зібрались Фарисеї, питав їх Ісус,
42 ৪২ তেওঁ সুধিলে, “খ্ৰীষ্টৰ বিষয়ে আপোনালোকৰ মনে কি ধৰে? তেওঁ কাৰ সন্তান?” তেওঁলোকে তেওঁক ক’লে, “দায়ুদৰ সন্তান”।
глаголючи: Що ви думаєте про Христа? чий Він син? Кажуть Йому: Давидів.
43 ৪৩ যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে দায়ুদে কেনেকৈ আত্মাৰ দ্বাৰাই প্ৰভু বুলিলে আৰু ক’লে,
Рече Він до них: Як же се Давид зве Його в дусї Господом, говорячи:
44 ৪৪ প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধীন নকৰালৈকে, মোৰ সোঁ হাতে বহি থাকা৷
Рече Господь Господеві моєму: Сиди по правицї в мене, доки положу ворогів Твоїх підніжком ніг твоїх?
45 ৪৫ এতেকে দায়ুদে যদি খ্ৰীষ্টক প্ৰভু বোলে, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হ’ব পাৰে?”
Коли ж Давид зве Його Господом, то як же Він син йому?
46 ৪৬ তেতিয়া কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে; আৰু সেই দিনাৰে পৰা তেওঁক কোনো কথা সুধিবলৈকো কাৰো সাহস নহ’ল।
І нїхто не з'умів йому відказати нї слова, й нїхто з того часу не важив ся питати Його ніколи.