< মথি 21 >
1 ১ যীচু আৰু তেওঁৰ শিষ্য সকল যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্বতৰ বৈৎফগী গাওঁলৈ আহিল, তেতিয়া যীচুৱে দুজন শিষ্যক এই কথা কৈ পঠিয়ালে,
anantaraM teShu yirUshAlamnagarasya samIpaverttino jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgateShu, yIshuH shiShyadvayaM preShayan jagAda,
2 ২ “তোমালোক সন্মুখৰ গাওঁখন লৈ যোৱা; তাতে বান্ধি থোৱা গাধ এজনী পোৱালিয়ে সৈতে পাবা; সেই দুটা মোৰ বাবে খুলি আনাগৈ।
yuvAM sammukhasthagrAmaM gatvA baddhAM yAM savatsAM garddabhIM haThAt prApsyathaH, tAM mochayitvA madantikam AnayataM|
3 ৩ যদি তোমালোকক কোনোবাই কিবা কয়, তেনেহলে তোমালোকে কবা, ‘প্ৰভুৰ এই দুটাৰ প্ৰয়োজন আছে, তাতে তেওঁ লগে লগেই তোমাক দি পঠাব’।”
tatra yadi kashchit ki nchid vakShyati, tarhi vadiShyathaH, etasyAM prabhoH prayojanamAste, tena sa tatkShaNAt praheShyati|
4 ৪ যি বচন ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, এইটো সম্পূর্ণ হওক,
sIyonaH kanyakAM yUyaM bhAShadhvamiti bhAratIM| pashya te namrashIlaH san nR^ipa Aruhya gardabhIM| arthAdAruhya tadvatsamAyAsyati tvadantikaM|
5 ৫ “তোমালোকে চিয়োন-জীয়ৰীক কোৱা, চোৱা, তোমাৰ ৰজা তোমাৰ ওচৰলৈ আহিছে, তেওঁ নম্ৰ হৈ, গাধৰ ওপৰত বহি, অৰ্থাৎ গাধ পোৱালিৰ ওপৰত উঠি৷”
bhaviShyadvAdinoktaM vachanamidaM tadA saphalamabhUt|
6 ৬ সেই বচন সিদ্ধ হবলৈ এয়ে ঘটিল; তেতিয়া শিষ্য সকল গ’ল আৰু যীচুৱে দিয়া আদেশ অনুসৰি কৰিলে,
anantaraM tau shShyi yIsho ryathAnideshaM taM grAmaM gatvA
7 ৭ গাধজনী আৰু পোৱালিটো আনিলে, আৰু সিহঁতৰ পিঠিত তেওঁলোকৰ কাপোৰ পাৰি দিলে; তাৰ পাছত তেওঁ তাৰ ওপৰত বহিল।
gardabhIM tadvatsa ncha samAnItavantau, pashchAt tadupari svIyavasanAnI pAtayitvA tamArohayAmAsatuH|
8 ৮ তেতিয়া লোক সকলৰ অধিক ভাগে নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে; আৰু কিছুমান লোকে গছৰ ডালবোৰকে কাটি আনি বাটত পাৰি দিলে;
tato bahavo lokA nijavasanAni pathi prasArayitumArebhire, katipayA janAshcha pAdapaparNAdikaM ChitvA pathi vistArayAmAsuH|
9 ৯ আৰু তেওঁৰ আগে-পাছে যোৱা লোক সকলে ৰিঙিয়াই ক’লে, “হোচানা! হোচানা! দায়ুদৰ বংশৰ সন্তান৷ যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য; উৰ্দ্ধলোকত জয়ধ্বনি হওক!”
agragAminaH pashchAdgAminashcha manujA uchchairjaya jaya dAyUdaH santAneti jagaduH parameshvarasya nAmnA ya AyAti sa dhanyaH, sarvvoparisthasvargepi jayati|
10 ১০ যেতিয়া যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে, তেতিয়া লোক সকলে পুণৰ উৎফুল্লিত হৈ কব ধৰিলে “এই জন কোন?”
itthaM tasmin yirUshAlamaM praviShTe ko. ayamiti kathanAt kR^itsnaM nagaraM cha nchalamabhavat|
11 ১১ তাতে লোক সকলে ক’লে, “এওঁ গালীল প্ৰদেশৰ নাচৰতৰ পৰা অহা ভাৱবাদী যীচু।”
tatra lokoH kathayAmAsuH, eSha gAlIlpradeshIya-nAsaratIya-bhaviShyadvAdI yIshuH|
12 ১২ পাছত যীচু ঈশ্বৰৰ মন্দিৰত সোমাল, তাত যি সকলে মন্দিৰৰ ভিতৰত বেচা-কিনা কৰে, তেওঁলোকক বাহিৰ কৰিলে আৰু ধন সলোৱা সকলৰ মেজ আৰু কপৌ বেচাবোৰৰ আসনবোৰ লুটিয়াই পেলালে।
anantaraM yIshurIshvarasya mandiraM pravishya tanmadhyAt krayavikrayiNo vahishchakAra; vaNijAM mudrAsanAnI kapotavikrayiNA nchasanAnI cha nyuvjayAmAsa|
13 ১৩ যীচুৱে তেওঁলোকক ক’লে, “এইটো লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ কোৱা হ’ব’, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছা।”
aparaM tAnuvAcha, eShA lipirAste, "mama gR^ihaM prArthanAgR^ihamiti vikhyAsyati", kintu yUyaM tad dasyUnAM gahvaraM kR^itavantaH|
14 ১৪ তেতিয়া অন্ধ আৰু খোৰা সকল সেই মন্দিৰলৈ আহিল আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
tadanantaram andhakha nchalokAstasya samIpamAgatAH, sa tAn nirAmayAn kR^itavAn|
15 ১৫ কিন্তু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁ কৰা আচৰিত কৰ্মবোৰ দেখি আৰু যেতিয়া ল’ৰাবোৰে মন্দিৰত চিঞৰি “জয়! জয়! দায়ুদৰ বংশৰ সন্তান”, বুলি কোৱা শুনিলে, তেতিয়া তেওঁলোক ক্ষোভিত হ’ল৷
yadA pradhAnayAjakA adhyApakAshcha tena kR^itAnyetAni chitrakarmmANi dadR^ishuH, jaya jaya dAyUdaH santAna, mandire bAlakAnAm etAdR^isham uchchadhvaniM shushruvushcha, tadA mahAkruddhA babhUvaH,
16 ১৬ তেতিয়া তেওঁলোকে যীচুক ক’লে, “লোক সকলে কি কৈছে তুমি শুনিছা নে?” যীচুৱে তেওঁলোকক ক’লে, “হয়! আপোনালোকে কেতিয়াও পঢ়া নাই নে, ‘তুমি শিশু আৰু কেচুৱাবোৰৰ মুখৰ পৰা স্তুতি সস্পূৰ্ণ কৰিলা’?”
taM paprachChushcha, ime yad vadanti, tat kiM tvaM shR^iNoShi? tato yIshustAn avochat, satyam; stanyapAyishishUnA ncha bAlakAnA ncha vaktrataH| svakIyaM mahimAnaM tvaM saMprakAshayasi svayaM| etadvAkyaM yUyaM kiM nApaThata?
17 ১৭ পাছত তেওঁ তেওঁলোকক এৰি নগৰৰ পৰা ওলাই বৈথনিয়া গাঁৱলৈ গ’ল আৰু ৰাতিতো তাতেই থাকিল।
tatastAn vihAya sa nagarAd baithaniyAgrAmaM gatvA tatra rajanIM yApayAmAsa|
18 ১৮ ৰাতিপুৱা নগৰলৈ ঘূৰি আহোতে তেওঁৰ ভোক লাগিল৷
anantaraM prabhAte sati yIshuH punarapi nagaramAgachChan kShudhArtto babhUva|
19 ১৯ এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখা পালে আৰু তেওঁ ওচৰলৈ গ’ল, কিন্তু পাতৰ বাহিৰে একো নোপোৱাত, তেওঁ ক’লে, “এতিয়াৰ পৰা এই গছত কোনো কালে ফল নধৰক”। লগে লগেই সেই ডিমৰু জোপা শুকাই গ’ল৷ (aiōn )
tato mArgapArshva uDumbaravR^ikShamekaM vilokya tatsamIpaM gatvA patrANi vinA kimapi na prApya taM pAdapaM provAcha, adyArabhya kadApi tvayi phalaM na bhavatu; tena tatkShaNAt sa uDumbaramAhIruhaH shuShkatAM gataH| (aiōn )
20 ২০ যেতিয়া শিষ্য সকলে সেই গছজোপাৰ অৱস্থা দেখা পালে, তেতিয়া তেওঁলোকে বিস্ময় মানি ক’লে, “এই ডিমৰু গছজোপা অকস্মাৎ কেনেকৈ শুকাই গ’ল?”
tad dR^iShTvA shiShyA AshcharyyaM vij nAya kathayAmAsuH, AH, uDumvarapAdapo. atitUrNaM shuShko. abhavat|
21 ২১ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে যদি সন্দেহ নকৰি বিশ্বাস কৰা, তেনেহলে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়; কিন্তু এই পৰ্বতটোক যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, তেতিয়া সিওঁ হ’ব।
tato yIshustAnuvAcha, yuShmAnahaM satyaM vadAmi, yadi yUyamasandigdhAH pratItha, tarhi yUyamapi kevaloDumvarapAdapaM pratItthaM karttuM shakShyatha, tanna, tvaM chalitvA sAgare pateti vAkyaM yuShmAbhirasmina shaile proktepi tadaiva tad ghaTiShyate|
22 ২২ তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা।”
tathA vishvasya prArthya yuShmAbhi ryad yAchiShyate, tadeva prApsyate|
23 ২৩ যীচু মন্দিৰলৈ আহি উপদেশ দি থকাৰ সময়ত, প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে, “তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? এই অধিকাৰ তোমাক কোনে দিলে?”
anantaraM mandiraM pravishyopadeshanasamaye tatsamIpaM pradhAnayAjakAH prAchInalokAshchAgatya paprachChuH, tvayA kena sAmarthyanaitAni karmmANi kriyante? kena vA tubhyametAni sAmarthyAni dattAni?
24 ২৪ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “ময়ো আপোনালোকক এই কথা সুধো; যদি আপোনালোকে মোক কয়, তেনেহলে ময়ো কি অধিকাৰেৰে এইবোৰ কৰিছোঁ, সেই বিষয়ে আপোনালোকক কম। কওকচোন-
tato yIshuH pratyavadat, ahamapi yuShmAn vAchamekAM pR^ichChAmi, yadi yUyaM taduttaraM dAtuM shakShyatha, tadA kena sAmarthyena karmmANyetAni karomi, tadahaM yuShmAn vakShyAmi|
25 ২৫ বাপ্তিস্ম দিওঁতা যোহন- তেওঁ কৰ পৰা আহিছে? স্বৰ্গৰাজ্যৰ পৰা নে মানুহৰ পৰা?” তাতে তেওঁলোকে পৰস্পৰে আলোচনা কৰি ক’লে, “আমি যদি কওঁ স্বৰ্গৰ পৰা, তেওঁ আমাক ক’ব, তেনেহলে কিয় তেওঁত বিশ্বাস নকৰিলা?
yohano majjanaM kasyAj nayAbhavat? kimIshvarasya manuShyasya vA? tataste parasparaM vivichya kathayAmAsuH, yadIshvarasyeti vadAmastarhi yUyaM taM kuto na pratyaita? vAchametAM vakShyati|
26 ২৬ কিন্তু আমি যদি কওঁ ‘মানুহৰ পৰা’, তেনেহলে লোক সকললৈ আমাৰ ভয় লাগে; কিয়নো সকলোৱে যোহনক ভাববাদী বুলি মানে।”
manuShyasyeti vaktumapi lokebhyo bibhImaH, yataH sarvvairapi yohan bhaviShyadvAdIti j nAyate|
27 ২৭ পাছত তেওঁলোকে যীচুক উত্তৰ দি ক’লে, “আমি নাজানো”। তেতিয়া তেৱোঁ তেওঁলোকক ক’লে, “তেনেহলে কি অধিকাৰেৰে মই এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো আপোনালোকক নকওঁ।”
tasmAt te yIshuM pratyavadan, tad vayaM na vidmaH| tadA sa tAnuktavAn, tarhi kena sAmarathyena karmmANyetAnyahaM karomi, tadapyahaM yuShmAn na vakShyAmi|
28 ২৮ “কিন্তু আপোনালোকে কি ভাবে? এজন মানুহৰ দুজন পুতেক আছিল; তেওঁ প্ৰথম জনৰ ওচৰলৈ গৈ ক’লে, ‘বোপা তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ’।
kasyachijjanasya dvau sutAvAstAM sa ekasya sutasya samIpaM gatvA jagAda, he suta, tvamadya mama drAkShAkShetre karmma kartuM vraja|
29 ২৯ তাতে সি পিতাকক উত্তৰ দিলে, ‘মই নাযাওঁ’; কিন্তু পাছত মনত অনুশোচনা কৰি গ’ল।
tataH sa uktavAn, na yAsyAmi, kintu sheShe. anutapya jagAma|
30 ৩০ দ্বিতীয় জনৰ ওচৰলৈকো গৈ, সেই একে কথাকে ক’লে। তাতে তেওঁ উত্তৰ দিলে, ‘মই যাম পিতা’; কিন্তু তেওঁ নগ’ল।
anantaraM sonyasutasya samIpaM gatvA tathaiva kathtivAn; tataH sa pratyuvAcha, mahechCha yAmi, kintu na gataH|
31 ৩১ এই দুয়োজনৰ মাজত পিতাকৰ ইচ্ছা কোন জনে পালন কৰিলে?” তেওঁলোকে ক’লে, “প্ৰথম জনে”। যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাকৈ কওঁ, কৰ সংগ্রহকৰী আৰু বেশ্যাবোৰে আপোনালোকৰ আগেয়ে ঈশ্বৰৰ ৰাজ্যত সোমাব।
etayoH putrayo rmadhye piturabhimataM kena pAlitaM? yuShmAbhiH kiM budhyate? tataste pratyUchuH, prathamena putreNa| tadAnIM yIshustAnuvAcha, ahaM yuShmAn tathyaM vadAmi, chaNDAlA gaNikAshcha yuShmAkamagrata Ishvarasya rAjyaM pravishanti|
32 ৩২ কিয়নো যোহন আপোনালোকৰ ওচৰলৈ ধাৰ্মিকতাৰ পথেৰে আহিল, তথাপি আপোনালোকে তেওঁত বিশ্বাস নকৰিলে; কিন্তু কৰ সংগ্রহকাৰী আৰু বেশ্যাবোৰে তেওঁত বিশ্বাস কৰিলে; আপোনালোকে এইবোৰ দেখিও, পাছত বিশ্বাস কৰিবলৈকো অনুতাপ নকৰিলে।”
yato yuShmAkaM samIpaM yohani dharmmapathenAgate yUyaM taM na pratItha, kintu chaNDAlA gaNikAshcha taM pratyAyan, tad vilokyApi yUyaM pratyetuM nAkhidyadhvaM|
33 ৩৩ “আৰু এটা দৃষ্টান্ত শুনক। এজন মানুহ আছিল; তেওঁ এখন দ্ৰাক্ষাবাৰী পাতিলে, আৰু তাৰ চাৰিওফালে বেৰা দি, তাৰ মাজত পেৰাশাল পাতিলে৷ তাৰ পাছত টঙি সাজিলে, আৰু খেতিয়ক সকলৰ হাতত গতাই দি, তেওঁ আন দেশলৈ গ’ল।
aparamekaM dR^iShTAntaM shR^iNuta, kashchid gR^ihasthaH kShetre drAkShAlatA ropayitvA tachchaturdikShu vAraNIM vidhAya tanmadhye drAkShAyantraM sthApitavAn, mA ncha ncha nirmmitavAn, tataH kR^iShakeShu tat kShetraM samarpya svayaM dUradeshaM jagAma|
34 ৩৪ যেতিয়া দ্ৰাক্ষাগুটি চপোৱাৰ বতৰ ওচৰ হ’ল, তেওঁ নিজৰ গুটি পাবলৈ, খেতিয়ক সকলৰ ওচৰলৈ তেওঁৰ দাসবোৰক পঠাই দিলে।
tadanantaraM phalasamaya upasthite sa phalAni prAptuM kR^iShIvalAnAM samIpaM nijadAsAn preShayAmAsa|
35 ৩৫ কিন্তু দ্ৰাক্ষাবাৰীৰ খেতিয়ক সকলে তেওঁৰ দাসবোৰক ধৰিলে; এজনক কোবালে, এজনক বধ কৰিলে, এজনক শিল দলিয়াই মাৰিলে।
kintu kR^iShIvalAstasya tAn dAseyAn dhR^itvA ka nchana prahR^itavantaH, ka nchana pAShANairAhatavantaH, ka nchana cha hatavantaH|
36 ৩৬ পুনৰায় তেওঁ আগতকৈ অধিক দাস পঠালে; তাতে সিহঁতকো সেই একেদৰে ব্যৱহাৰ কৰিলে।
punarapi sa prabhuH prathamato. adhikadAseyAn preShayAmAsa, kintu te tAn pratyapi tathaiva chakruH|
37 ৩৭ পাছত দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে ‘পুত্ৰক আদৰ কৰিব বুলি’, সিহঁতৰ ওচৰলৈ পঠালে।
anantaraM mama sute gate taM samAdariShyante, ityuktvA sheShe sa nijasutaM teShAM sannidhiM preShayAmAsa|
38 ৩৮ কিন্তু খেতিয়ক সকলে পুত্ৰক দেখি, পৰস্পৰে ক’লে, ‘এওঁৱেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোঁহক, তাতে তেওঁৰ উত্তৰাধিকাৰ আমাৰ হ’ব’।
kintu te kR^iShIvalAH sutaM vIkShya parasparam iti mantrayitum Arebhire, ayamuttarAdhikArI vayamenaM nihatyAsyAdhikAraM svavashIkariShyAmaH|
39 ৩৯ এই বুলি সিহঁতে তেওঁক ধৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰলৈ নি বধ কৰিলে।
pashchAt te taM dhR^itvA drAkShAkShetrAd bahiH pAtayitvAbadhiShuH|
40 ৪০ এনে স্থলত সেই দ্ৰাক্ষাবাৰীৰ গৰাকী জন আহিলে, সেই খেতিয়ক সকলক কি কৰিব?”
yadA sa drAkShAkShetrapatirAgamiShyati, tadA tAn kR^iShIvalAn kiM kariShyati?
41 ৪১ লোক সকলে তেওঁক ক’লে, “তেওঁ সেই দূৰ্জনবোৰক নিষ্ঠুৰভাবে সংহাৰ কৰিব, আৰু যি সকলে বতৰত ফলবোৰ শোধাই দিব, এনে আন খেতিয়ক সকলৰ হাতত সেই দ্ৰাক্ষাবাৰী গতাই দিব।”
tataste pratyavadan, tAn kaluShiNo dAruNayAtanAbhirAhaniShyati, ye cha samayAnukramAt phalAni dAsyanti, tAdR^isheShu kR^iShIvaleShu kShetraM samarpayiShyati|
42 ৪২ যীচুৱে তেওঁলোকক ক’লে, “এই শাস্ত্ৰীয় বচন আপোনালোকে পঢ়া নাই নে, ‘ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল; এয়ে প্ৰভুৰ পৰা হ’ল, আৰু আমাৰ দেখাত আচৰিত’?
tadA yIshunA te gaditAH, grahaNaM na kR^itaM yasya pAShANasya nichAyakaiH| pradhAnaprastaraH koNe saeva saMbhaviShyati| etat pareshituH karmmAsmadR^iShTAvadbhutaM bhavet| dharmmagranthe likhitametadvachanaM yuShmAbhiH kiM nApAThi?
43 ৪৩ এই হেতুকে মই আপোনালোকক কওঁ, আপোনালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হ’ব, আৰু তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ’ব।
tasmAdahaM yuShmAn vadAmi, yuShmatta IshvarIyarAjyamapanIya phalotpAdayitranyajAtaye dAyiShyate|
44 ৪৪ এই শিলৰ ওপৰত যি কোনো পৰিব, তেওঁ ডোখৰ-ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত এই শিল পৰিব, তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।”
yo jana etatpAShANopari patiShyati, taM sa bhaMkShyate, kintvayaM pAShANo yasyopari patiShyati, taM sa dhUlivat chUrNIkariShyati|
45 ৪৫ তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁৰ এই দৃষ্টান্তবোৰ শুনি, তেওঁ যে তেওঁলোকৰ বিষয়ে কৈছে এই কথা বুজি পালে।
tadAnIM prAdhanayAjakAH phirUshinashcha tasyemAM dR^iShTAntakathAM shrutvA so. asmAnuddishya kathitavAn, iti vij nAya taM dharttuM cheShTitavantaH;
46 ৪৬ কিন্তু তেওঁলোকে তেওঁক ধৰিবলৈ ছল বিচাৰিলে, কাৰণ লোক সকলক ভয় কৰিলে; কিয়নো লোক সকলে তেওঁক ভাববাদী বুলি মানিছিল।
kintu lokebhyo bibhyuH, yato lokaiH sa bhaviShyadvAdItyaj nAyi|