< মথি 20 >
1 ১ “স্বৰ্গৰাজ্য এজন গৰাকীৰ নিচিনা৷ তেওঁ এদিন নিজৰ দ্ৰাক্ষাবাৰীৰ কামৰ বাবে অতি ৰাতিপুৱাতে বনুৱা সকলক বিচাৰি ওলাই গ’ল।
స్వర్గరాజ్యమ్ ఏతాదృశా కేనచిద్ గృహస్యేన సమం, యోఽతిప్రభాతే నిజద్రాక్షాక్షేత్రే కృషకాన్ నియోక్తుం గతవాన్|
2 ২ তেওঁ এক একদীনাৰ দিবলৈ বনুৱা সকলৰ সৈতে বন্দবস্ত কৰি সিহঁতক দ্ৰাক্ষাবাৰীলৈ পঠাই দিলে।
పశ్చాత్ తైః సాకం దినైకభృతిం ముద్రాచతుర్థాంశం నిరూప్య తాన్ ద్రాక్షాక్షేత్రం ప్రేరయామాస|
3 ৩ প্রায় নটা বজাত তেওঁ আকৌ ওলাই গ’ল আৰু আন কিছুমান বনুৱাক বজাৰত তেতিয়াও থিয় হৈ থকা দেখি তেওঁ সিহঁতক ক’লে,
అనన్తరం ప్రహరైకవేలాయాం గత్వా హట్టే కతిపయాన్ నిష్కర్మ్మకాన్ విలోక్య తానవదత్,
4 ৪ ‘তোমালোকেও মোৰ দ্ৰাক্ষাবাৰীলৈ কাম কৰিবলৈ যোৱা। তোমালোককো মই উচিত মজুৰী দিম।’ তেতিয়া সিহঁতেও কাম কৰিবলৈ গ’ল।
యూయమపి మమ ద్రాక్షాక్షేత్రం యాత, యుష్మభ్యమహం యోగ్యభృతిం దాస్యామి, తతస్తే వవ్రజుః|
5 ৫ আকৌ প্রায় বাৰটা আৰু তাৰ পাছত তিনিটা বজাত তেওঁ ওলাই গৈ, সেই একেদৰেই কৰিলে।
పునశ్చ స ద్వితీయతృతీయయోః ప్రహరయో ర్బహి ర్గత్వా తథైవ కృతవాన్|
6 ৬ পুণৰ প্রায় পাঁচ মান বজাত তেওঁ ওলাই গৈ আন কেইজনমান বনুৱাক থিয় হৈ থকা দেখি সিহঁতক সুধিলে, ‘তোমালোকে একো কাম নকৰাকৈ গোটেই দিনতো ইয়াত কিয় থিয় হৈ আছা?
తతో దణ్డద్వయావశిష్టాయాం వేలాయాం బహి ర్గత్వాపరాన్ కతిపయజనాన్ నిష్కర్మ్మకాన్ విలోక్య పృష్టవాన్, యూయం కిమర్థమ్ అత్ర సర్వ్వం దినం నిష్కర్మ్మాణస్తిష్ఠథ?
7 ৭ সিহঁতে তেওঁক ক’লে, ‘কোনেও আমাক কামত লগোৱা নাই।’ তেতিয়া তেওঁ সিহঁতক ক’লে, ‘তোমালোকো মোৰ দ্ৰাক্ষাবাৰীৰ কামলৈ যোৱা।’
తే ప్రత్యవదన్, అస్మాన్ న కోపి కర్మమణి నియుంక్తే| తదానీం స కథితవాన్, యూయమపి మమ ద్రాక్షాక్షేత్రం యాత, తేన యోగ్యాం భృతిం లప్స్యథ|
8 ৮ পাছত গধূলি সময়ত, সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে নিজৰ কর্মচাৰীক ক’লে, ‘বনুৱা সকলক মাতি শেষৰ জনৰ পৰা আৰম্ভ কৰি, প্ৰথম জনলৈকে প্রত্যেককে মজুৰী দিয়া।’
తదనన్తరం సన్ధ్యాయాం సత్యాం సఏవ ద్రాక్షాక్షేత్రపతిరధ్యక్షం గదివాన్, కృషకాన్ ఆహూయ శేషజనమారభ్య ప్రథమం యావత్ తేభ్యో భృతిం దేహి|
9 ৯ পাঁচ মান বজাত যি সকলক বনুৱাক কামত লগোৱা হৈছিল, সিহঁতে আহি এক দীনাৰকৈপালে।
తేన యే దణ్డద్వయావస్థితే సమాయాతాస్తేషామ్ ఏకైకో జనో ముద్రాచతుర్థాంశం ప్రాప్నోత్|
10 ১০ তাতে যি সকল বনুৱাক প্ৰথমে কামত লগোৱা হৈছিল, সিহঁতে বেচিকৈ মজুৰী পাব বুলি মনে মনে ভাবিলে; কিন্তু সিহঁতেও এক একদীনাৰহে পালে।
తదానీం ప్రథమనియుక్తా జనా ఆగత్యానుమితవన్తో వయమధికం ప్రప్స్యామః, కిన్తు తైరపి ముద్రాచతుర్థాంశోఽలాభి|
11 ১১ সিহঁতে নিজৰ মজুৰী পোৱাৰ পাছত গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰি ক’লে,
తతస్తే తం గృహీత్వా తేన క్షేత్రపతినా సాకం వాగ్యుద్ధం కుర్వ్వన్తః కథయామాసుః,
12 ১২ “আমি গোটেই দিনটো ৰ’দৰ তাপত কাম কৰিলোঁ; কিন্তু এই শেষত অহা বনুৱা সকলে মাত্ৰ এঘন্টা কাম কৰিছে, তথাপি আপুনি সিহঁতক আমাৰ সমানেই দিলে।”
వయం కృత్స్నం దినం తాపక్లేశౌ సోఢవన్తః, కిన్తు పశ్చాతాయా సే జనా దణ్డద్వయమాత్రం పరిశ్రాన్తవన్తస్తేఽస్మాభిః సమానాంశాః కృతాః|
13 ১৩ তেতিয়া গৰাকীয়ে সিহঁতৰ মাজৰ এজনক উত্তৰ দিলে, “বন্ধু, মই তোমালোকৰ ওপৰত একো অন্যায় কৰা নাই; তোমালোকে জানো মোৰ লগত এক দীনাৰত কাম কৰিবলৈ বন্দবস্ত কৰা নাছিলা?
తతః స తేషామేకం ప్రత్యువాచ, హే వత్స, మయా త్వాం ప్రతి కోప్యన్యాయో న కృతః కిం త్వయా మత్సమక్షం ముద్రాచతుర్థాంశో నాఙ్గీకృతః?
14 ১৪ তোমালোকক যিমান দিছোঁ, এই শেষৰ কেইজনকো সিমান দিবলৈ মোৰ ইচ্ছা; নিজৰ পাবলগীয়াখিনি লৈ তোমালোক গুচি যোৱা৷
తస్మాత్ తవ యత్ ప్రాప్యం తదాదాయ యాహి, తుభ్యం యతి, పశ్చాతీయనియుక్తలోకాయాపి తతి దాతుమిచ్ఛామి|
15 ১৫ যিবোৰ মোৰ নিজৰ বস্তু, সেইবোৰ মই নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অধিকাৰ জানো মোৰ নাই? নে মই উত্তম কৰ্ম কৰা বাবে তোমালোকৰ চকু পুৰিছে?
స్వేచ్ఛయా నిజద్రవ్యవ్యవహరణం కిం మయా న కర్త్తవ్యం? మమ దాతృత్వాత్ త్వయా కిమ్ ఈర్ష్యాదృష్టిః క్రియతే?
16 ১৬ এইদৰে পাছ হোৱা সকল আগ হ’ব আৰু আগ হোৱা সকল পাছ হ’ব।”
ఇత్థమ్ అగ్రీయలోకాః పశ్చతీయా భవిష్యన్తి, పశ్చాతీయజనాశ్చగ్రీయా భవిష్యన్తి, అహూతా బహవః కిన్త్వల్పే మనోభిలషితాః|
17 ১৭ তাৰ পাছত যীচু যিৰূচালেমলৈ যোৱাৰ পথত, বাৰ জন শিষ্যক একাষৰীয়া কৰি মাতি নি ক’লে,
తదనన్తరం యీశు ర్యిరూశాలమ్నగరం గచ్ఛన్ మార్గమధ్యే శిష్యాన్ ఏకాన్తే వభాషే,
18 ১৮ “চোৱা, আমি যিৰূচালেমলৈ গৈ আছোঁ; তাত মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হ’ব; তাতে তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিব;
పశ్య వయం యిరూశాలమ్నగరం యామః, తత్ర ప్రధానయాజకాధ్యాపకానాం కరేషు మనుష్యపుత్రః సమర్పిష్యతే;
19 ১৯ তেওঁলোকে তেওঁক বিদ্রূপ কৰিবৰ কাৰণে চাবুকেৰে কোবাবলৈ আৰু ক্রুচত দিবলৈ অনা-ইহুদী সকলৰ হাতত শোধাই দিব; কিন্তু তিন দিনৰ দিনা তেওঁক তোলা হ’ব।”
తే చ తం హన్తుమాజ్ఞాప్య తిరస్కృత్య వేత్రేణ ప్రహర్త్తుం క్రుశే ధాతయితుఞ్చాన్యదేశీయానాం కరేషు సమర్పయిష్యన్తి, కిన్తు స తృతీయదివసే శ్మశానాద్ ఉత్థాపిష్యతే|
20 ২০ তাৰ পাছত চিবদিয়ৰ পুতেক দুজনক সিহঁতৰ মাকে লগত লৈ যীচুৰ ওচৰলৈ আহিল আৰু প্ৰণিপাত কৰি তেওঁৰ ওচৰত যাচনা কৰিলে।
తదానీం సివదీయస్య నారీ స్వపుత్రావాదాయ యీశోః సమీపమ్ ఏత్య ప్రణమ్య కఞ్చనానుగ్రహం తం యయాచే|
21 ২১ তেতিয়া যীচুৱে তেওঁক সুধিলে “তুমি কি বিচাৰি আহিছা?” তেওঁ যীচুক ক’লে, “আপুনি এই আদেশ দিয়ক যেন আপোনাৰ ৰাজ্যত মোৰ এই দুটা পুত্ৰৰ এটাই আপোনাৰ সোঁ হাতে, আনটোৱে বাওঁহাতে বহিবলৈ পায়।”
తదా యీశుస్తాం ప్రోక్తవాన్, త్వం కిం యాచసే? తతః సా బభాషే, భవతో రాజత్వే మమానయోః సుతయోరేకం భవద్దక్షిణపార్శ్వే ద్వితీయం వామపార్శ్వ ఉపవేష్టుమ్ ఆజ్ఞాపయతు|
22 ২২ যীচুৱে উত্তৰ দি ক’লে, “তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰিবলৈ গৈছোঁ, তোমোলোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে?” তেওঁলোকে তেওঁক ক’লে ‘পাৰিম’।
యీశుః ప్రత్యువాచ, యువాభ్యాం యద్ యాచ్యతే, తన్న బుధ్యతే, అహం యేన కంసేన పాస్యామి యువాభ్యాం కిం తేన పాతుం శక్యతే? అహఞ్చ యేన మజ్జేనేన మజ్జిష్యే, యువాభ్యాం కిం తేన మజ్జయితుం శక్యతే? తే జగదుః శక్యతే|
23 ২৩ তেওঁ তেওঁলোকক ক’লে, “তোমালোকে মোৰ পান-পাত্ৰত পান কৰিবা হয়, কিন্তু মোৰ সোঁ হাতে আৰু বাওঁহাতে বহিবলৈ দিবৰ বাবে মোৰ ক্ষমতা নাই৷ মোৰ পিতৃয়ে যি লোক সকলৰ কাৰণে ইয়াক যুগুত কৰি ৰাখিছে, তেওঁলোককহে দিয়া হ’ব।”
తదా స ఉక్తవాన్, యువాం మమ కంసేనావశ్యం పాస్యథః, మమ మజ్జనేన చ యువామపి మజ్జిష్యేథే, కిన్తు యేషాం కృతే మత్తాతేన నిరూపితమ్ ఇదం తాన్ విహాయాన్యం కమపి మద్దక్షిణపార్శ్వే వామపార్శ్వే చ సముపవేశయితుం మమాధికారో నాస్తి|
24 ২৪ এই কথা শুনি আন দহ জন শিষ্যই এই দুজন ভাই-ককায়েকৰ প্ৰতি অসন্তুষ্ট হ’ল।
ఏతాం కథాం శ్రుత్వాన్యే దశశిష్యాస్తౌ భ్రాతరౌ ప్రతి చుకుపుః|
25 ২৫ তেতিয়া যীচুৱে শিষ্য সকলক মাতি ক’লে, “তোমালোকে এই কথা জানা যে, অনা-ইহুদী সকলৰ শাসনকৰ্তা সকলে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে, আৰু নেতা সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়।
కిన్తు యీశుః స్వసమీపం తానాహూయ జగాద, అన్యదేశీయలోకానాం నరపతయస్తాన్ అధికుర్వ్వన్తి, యే తు మహాన్తస్తే తాన్ శాసతి, ఇతి యూయం జానీథ|
26 ২৬ তোমালোকৰ মাজত তেনে হোৱা উচিত নহয়; তোমালোকৰ মাজত যি কোনোৱে মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ সেৱাকাৰী হওক৷
కిన్తు యుష్మాకం మధ్యే న తథా భవేత్, యుష్మాకం యః కశ్చిత్ మహాన్ బుభూషతి, స యుష్మాన్ సేవేత;
27 ২৭ যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ দাস হওক,
యశ్చ యుష్మాకం మధ్యే ముఖ్యో బుభూషతి, స యుష్మాకం దాసో భవేత్|
28 ২৮ মানুহৰ পুত্ৰই সেৱা-শুশ্রূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল৷”
ఇత్థం మనుజపుత్రః సేవ్యో భవితుం నహి, కిన్తు సేవితుం బహూనాం పరిత్రాణమూల్యార్థం స్వప్రాణాన్ దాతుఞ్చాగతః|
29 ২৯ পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিৰীহো নগৰৰ পৰা ওলাই যাওঁতে, অনেক লোক যীচুৰ পাছে পাছে গ’ল।
అనన్తరం యిరీహోనగరాత్ తేషాం బహిర్గమనసమయే తస్య పశ్చాద్ బహవో లోకా వవ్రజుః|
30 ৩০ তাতে বাটৰ কাষত দুজন অন্ধ বহি আছিল; যীচু সেই বাটেদি যোৱা শুনি সিহঁতে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান আমাক দয়া কৰক”।
అపరం వర్త్మపార్శ్వ ఉపవిశన్తౌ ద్వావన్ధౌ తేన మార్గేణ యీశో ర్గమనం నిశమ్య ప్రోచ్చైః కథయామాసతుః, హే ప్రభో దాయూదః సన్తాన, ఆవయో ర్దయాం విధేహి|
31 ৩১ কিন্তু সিহঁতক মনে মনে থাকিবলৈ লোক সকলে ডবিয়ালে; কিন্তু সিহঁতে তেতিয়া পুনৰ বৰকৈ চিঞৰিহে ক’লে, “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক”।
తతో లోకాః సర్వ్వే తుష్ణీమ్భవతమిత్యుక్త్వా తౌ తర్జయామాసుః; తథాపి తౌ పునరుచ్చైః కథయామాసతుః హే ప్రభో దాయూదః సన్తాన, ఆవాం దయస్వ|
32 ৩২ তেতিয়া যীচু থমকি ৰ’ল আৰু সিহঁতক মাতি সুধিলে, “তোমালোকে কি বিচাৰা? মই তোমালোকৰ কাৰণে কি কৰিম?”
తదానీం యీశుః స్థగితః సన్ తావాహూయ భాషితవాన్, యువయోః కృతే మయా కిం కర్త్తర్వ్యం? యువాం కిం కామయేథే?
33 ৩৩ সিহঁতে যীচুক ক’লে, “হে প্ৰভু, আমাৰ চকু মুকলি কৰক।”
తదా తావుక్తవన్తౌ, ప్రభో నేత్రాణి నౌ ప్రసన్నాని భవేయుః|
34 ৩৪ তেতিয়া সিহঁতলৈ মৰম লাগি যীচুৱে সিহঁতৰ চকু চুলে; তেতিয়াই সিহঁতে দেখা পালে আৰু তেওঁৰ পাছে পাছে গ’ল।
తదానీం యీశుస్తౌ ప్రతి ప్రమన్నః సన్ తయో ర్నేత్రాణి పస్పర్శ, తేనైవ తౌ సువీక్షాఞ్చక్రాతే తత్పశ్చాత్ జగ్ముతుశ్చ|