< মথি 20 >

1 “স্বৰ্গৰাজ্য এজন গৰাকীৰ নিচিনা৷ তেওঁ এদিন নিজৰ দ্ৰাক্ষাবাৰীৰ কামৰ বাবে অতি ৰাতিপুৱাতে বনুৱা সকলক বিচাৰি ওলাই গ’ল।
ⲁ̅ⲤⲞⲚⲒ ⲚϪⲈϮⲘⲈⲦⲞⲨⲢⲞ ⲚⲦⲈⲚⲒⲪⲎⲞⲨⲒ ⲚⲞⲨⲢⲰⲘⲒ ⲚⲚⲈⲂⲒⲞϨⲒ ⲈⲀϤⲒ ⲈⲂⲞⲖ ⲚϨⲀⲚⲀⲦⲞⲞⲨⲒ ⲈⲦⲀϨⲞ ⲚϨⲀⲚⲈⲢⲄⲀⲦⲎⲤ ⲈⲠⲈϤⲒⲀϨⲀⲖⲞⲖⲒ.
2 তেওঁ এক একদীনাৰ দিবলৈ বনুৱা সকলৰ সৈতে বন্দবস্ত কৰি সিহঁতক দ্ৰাক্ষাবাৰীলৈ পঠাই দিলে।
ⲃ̅ⲀϤⲤⲈⲘⲚⲎⲦⲤ ⲆⲈ ⲚⲈⲘ ⲚⲒⲈⲢⲄⲀⲦⲎⲤ ⲈϮ ⲚⲰⲞⲨ ⲘⲠⲒⲈϨⲞⲞⲨ ⲚⲞⲨⲤⲀⲐⲈⲢⲒ ⲈⲪⲞⲨⲀⲒ ⲞⲨⲞϨ ⲀϤⲞⲨⲞⲢⲠⲞⲨ ⲈⲠⲈϤⲒⲀϨⲀⲖⲞⲖⲒ.
3 প্রায় নটা বজাত তেওঁ আকৌ ওলাই গ’ল আৰু আন কিছুমান বনুৱাক বজাৰত তেতিয়াও থিয় হৈ থকা দেখি তেওঁ সিহঁতক ক’লে,
ⲅ̅ⲞⲨⲞϨ ⲈⲦⲀϤⲒ ⲈⲂⲞⲖ ⲘⲪⲚⲀⲨ ⲚⲀϪⲠⲄ ⲀϤⲚⲀⲨ ⲈϨⲀⲚⲔⲈⲬⲰⲞⲨⲚⲒ ⲈⲨⲞϨⲒ ⲈⲢⲀⲦⲞⲨ ϨⲒ ϮⲀⲄⲞⲢⲀ ⲈⲨⲔⲞⲢϤ.
4 ‘তোমালোকেও মোৰ দ্ৰাক্ষাবাৰীলৈ কাম কৰিবলৈ যোৱা। তোমালোককো মই উচিত মজুৰী দিম।’ তেতিয়া সিহঁতেও কাম কৰিবলৈ গ’ল।
ⲇ̅ⲠⲈϪⲀϤ ⲚⲚⲒⲔⲈⲬⲰⲞⲨⲚⲒ ϪⲈ ⲘⲀϢⲈ ⲚⲰⲦⲈⲚ ϨⲰⲦⲈⲚ ⲈⲠⲒⲀϨⲀⲖⲞⲖⲒ ⲞⲨⲞϨ ⲪⲎ ⲈⲦⲤⲈⲘⲠϢⲀ ϮⲚⲀⲦⲎⲒϤ ⲚⲰⲦⲈⲚ.
5 আকৌ প্রায় বাৰটা আৰু তাৰ পাছত তিনিটা বজাত তেওঁ ওলাই গৈ, সেই একেদৰেই কৰিলে।
ⲉ̅ⲚⲐⲰⲞⲨ ⲆⲈ ⲀⲨϢⲈ ⲚⲰⲞⲨ ⲠⲀⲖⲒⲚ ⲞⲚ ⲀϤⲒ ⲈⲂⲞⲖ ⲘⲪⲚⲀⲨ ⲚⲀϪⲠ ⲚⲈⲘ ⲪⲚⲀⲨ ⲚⲀϪⲠ ⲐⲀϤⲒⲢⲒ ⲞⲚ ⲘⲠⲀⲒⲢⲎϮ.
6 পুণৰ প্রায় পাঁচ মান বজাত তেওঁ ওলাই গৈ আন কেইজনমান বনুৱাক থিয় হৈ থকা দেখি সিহঁতক সুধিলে, ‘তোমালোকে একো কাম নকৰাকৈ গোটেই দিনতো ইয়াত কিয় থিয় হৈ আছা?
ⲋ̅ⲈⲦⲀϤⲒ ⲆⲈ ⲈⲂⲞⲖ ⲘⲪⲚⲀⲨ ⲚⲀϪⲠ ⲒⲀ ⲀϤϪⲒⲘⲒ ⲚϨⲀⲚⲔⲈⲬⲰⲞⲨⲚⲒ ⲈⲨⲞϨⲒ ⲈⲢⲀⲦⲞⲨ ⲞⲨⲞϨ ⲠⲈϪⲀϤ ⲚⲰⲞⲨ ϪⲈ ⲀϦⲰⲦⲈⲚ ⲦⲈⲦⲈⲚⲞϨⲒ ⲈⲢⲀⲦⲈⲚ ⲐⲎⲚⲞⲨ ⲘⲠⲀⲒⲘⲀ ⲘⲠⲒⲈϨⲞⲞⲨ ⲦⲎⲢϤ ⲈⲢⲈⲦⲈⲚⲔⲞⲢϤ.
7 সিহঁতে তেওঁক ক’লে, ‘কোনেও আমাক কামত লগোৱা নাই।’ তেতিয়া তেওঁ সিহঁতক ক’লে, ‘তোমালোকো মোৰ দ্ৰাক্ষাবাৰীৰ কামলৈ যোৱা।’
ⲍ̅ⲠⲈϪⲰⲞⲨ ⲚⲀϤ ϪⲈ ⲘⲠⲈ ϨⲖⲒ ⲦⲀϨⲞⲚ ⲈⲪⲂⲈⲬⲈ ⲠⲈϪⲀϤ ⲚⲰⲞⲨ ϪⲈ ⲘⲀϢⲈ ⲚⲰⲦⲈⲚ ϨⲰⲦⲈⲚ ⲈⲠⲒⲀϨⲀⲖⲞⲖⲒ.
8 পাছত গধূলি সময়ত, সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে নিজৰ কর্মচাৰীক ক’লে, ‘বনুৱা সকলক মাতি শেষৰ জনৰ পৰা আৰম্ভ কৰি, প্ৰথম জনলৈকে প্রত্যেককে মজুৰী দিয়া।’
ⲏ̅ⲈⲦⲀ ⲢⲞⲨϨⲒ ⲆⲈ ϢⲰⲠⲒ ⲠⲈϪⲈ ⲠϬⲞⲒⲤ ⲘⲠⲒⲀϨⲀⲖⲞⲖⲒ ⲘⲠⲈϤⲈⲠⲒⲦⲢⲞⲠⲞⲤ ϪⲈ ⲘⲞⲨϮ ⲈⲚⲒⲈⲢⲄⲀⲦⲎⲤ ⲘⲀ ⲠⲞⲨⲂⲈⲬⲈ ⲚⲰⲞⲨ ⲈⲀⲔⲈⲢϨⲎ ⲦⲤ ⲒⲤϪⲈⲚ ⲚⲒϦⲀⲈⲨ ϢⲀ ⲚⲒϨⲞⲨⲀϮ.
9 পাঁচ মান বজাত যি সকলক বনুৱাক কামত লগোৱা হৈছিল, সিহঁতে আহি এক দীনাৰকৈপালে।
ⲑ̅ⲞⲨⲞϨ ⲈⲦⲀⲨⲒ ⲚϪⲈⲚⲀ ϮⲀϪⲠ ⲒⲀ ⲀⲨϬⲒ ⲚⲞⲨⲤⲀⲐⲈⲢⲒ ⲈⲪⲞⲨⲀⲒ.
10 ১০ তাতে যি সকল বনুৱাক প্ৰথমে কামত লগোৱা হৈছিল, সিহঁতে বেচিকৈ মজুৰী পাব বুলি মনে মনে ভাবিলে; কিন্তু সিহঁতেও এক একদীনাৰহে পালে।
ⲓ̅ⲈⲦⲀⲨⲒ ⲆⲈ ⲚϪⲈⲚⲒϨⲞⲨⲀϮ ⲚⲀⲨⲘⲈⲨⲒ ϪⲈ ⲤⲈⲚⲀϬⲒ ⲚϨⲞⲨⲞ ⲞⲨⲞϨ ⲚⲐⲰⲞⲨ ϨⲰⲞⲨ ⲀⲨϬⲒ ⲚⲞⲨⲤⲀⲐⲈⲢⲒ ⲈⲪⲞⲨⲀⲒ.
11 ১১ সিহঁতে নিজৰ মজুৰী পোৱাৰ পাছত গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰি ক’লে,
ⲓ̅ⲁ̅ⲈⲦⲀⲨϬⲒ ⲆⲈ ⲀⲨⲬⲢⲈⲘⲢⲈⲘ ⲚⲤⲀⲠⲒⲚⲈⲂⲒⲞϨⲒ.
12 ১২ “আমি গোটেই দিনটো ৰ’দৰ তাপত কাম কৰিলোঁ; কিন্তু এই শেষত অহা বনুৱা সকলে মাত্ৰ এঘন্টা কাম কৰিছে, তথাপি আপুনি সিহঁতক আমাৰ সমানেই দিলে।”
ⲓ̅ⲃ̅ⲈⲨϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲚⲀⲒϦⲀⲈⲨ ⲞⲨⲞⲨⲚⲞⲨ ⲚⲈⲢϨⲰⲂ ⲠⲈⲦⲀⲨⲀⲒⲤ ⲞⲨⲞϨ ⲀⲔⲀⲒⲦⲞⲨ ⲚϨⲨⲤⲞⲤ ⲚⲈⲘⲀⲚ ϦⲀ ⲚⲎ ⲈⲦⲀⲨϤⲒ ⲘⲪⲂⲀⲢⲞⲤ ⲘⲠⲒⲈϨⲞⲞⲨ ⲚⲈⲘ ⲠⲒⲔⲀⲨⲤⲰⲚ.
13 ১৩ তেতিয়া গৰাকীয়ে সিহঁতৰ মাজৰ এজনক উত্তৰ দিলে, “বন্ধু, মই তোমালোকৰ ওপৰত একো অন্যায় কৰা নাই; তোমালোকে জানো মোৰ লগত এক দীনাৰত কাম কৰিবলৈ বন্দবস্ত কৰা নাছিলা?
ⲓ̅ⲅ̅ⲚⲐⲞϤ ⲆⲈ ⲀϤⲈⲢⲞⲨⲰ ⲠⲈϪⲀϤ ⲚⲞⲨⲀⲒ ⲘⲘⲰⲞⲨ ϪⲈ ⲠⲀϢⲪⲎⲢ ϮϬⲒ ⲘⲘⲞⲔ ⲚϪⲞⲚⲤ ⲀⲚ ⲘⲎ ⲞⲨⲤⲀⲐⲈⲢⲒ ⲀⲚ ⲠⲈⲦⲀⲒⲤⲈⲘⲚⲎⲦⲤ ⲚⲈⲘⲀⲔ.
14 ১৪ তোমালোকক যিমান দিছোঁ, এই শেষৰ কেইজনকো সিমান দিবলৈ মোৰ ইচ্ছা; নিজৰ পাবলগীয়াখিনি লৈ তোমালোক গুচি যোৱা৷
ⲓ̅ⲇ̅ϬⲒ ⲘⲪⲎ ⲈⲦⲈ ⲪⲰⲔ ⲘⲀϢⲈ ⲚⲀⲔ ϮⲞⲨⲰϢ ⲆⲈ ⲈϮ ⲘⲠⲀⲒϦⲀⲈ ⲘⲠⲈⲔⲢⲎϮ.
15 ১৫ যিবোৰ মোৰ নিজৰ বস্তু, সেইবোৰ মই নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অধিকাৰ জানো মোৰ নাই? নে মই উত্তম কৰ্ম কৰা বাবে তোমালোকৰ চকু পুৰিছে?
ⲓ̅ⲉ̅ϢⲀⲚ ⲤϢⲈ ⲚⲎⲒ ⲈⲈⲢ ⲠⲈⲦⲈϨⲚⲎⲒ ϦⲈⲚⲚⲎ ⲈⲦⲈⲚⲞⲨⲒ ϢⲀⲚ ⲠⲈⲔⲂⲀⲖ ⲚⲐⲞⲔ ϤϨⲰⲞⲨ ϪⲈ ⲀⲚⲞⲔ ⲞⲨⲀⲄⲀⲐⲞⲤ ⲀⲚⲞⲔ.
16 ১৬ এইদৰে পাছ হোৱা সকল আগ হ’ব আৰু আগ হোৱা সকল পাছ হ’ব।”
ⲓ̅ⲋ̅ⲠⲀⲒⲢⲎϮ ⲚⲒϦⲀⲈⲨ ⲈⲨⲈⲈⲢϢⲞⲢⲠ ⲞⲨⲞϨ ⲚⲒϢⲞⲢⲠ ⲈⲨⲈⲈⲢϦⲀⲈ.
17 ১৭ তাৰ পাছত যীচু যিৰূচালেমলৈ যোৱাৰ পথত, বাৰ জন শিষ্যক একাষৰীয়া কৰি মাতি নি ক’লে,
ⲓ̅ⲍ̅ⲈϤⲚⲀϢⲈ ⲚⲀϤ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ⲈϨⲢⲎⲒ ⲈⲒⲈⲢⲞⲤⲀⲖⲎⲘ ⲀϤϬⲒ ⲘⲠⲒⲒⲂ ⲞⲨⲦⲰϤ ⲚⲈⲘⲰⲞⲨ ⲞⲨⲞϨ ⲠⲈϪⲀϤ ⲚⲰⲞⲨ ϨⲒ ⲠⲒⲘⲰⲒⲦ.
18 ১৮ “চোৱা, আমি যিৰূচালেমলৈ গৈ আছোঁ; তাত মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হ’ব; তাতে তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিব;
ⲓ̅ⲏ̅ϪⲈ ϨⲎⲠⲠⲈ ⲦⲈⲚⲚⲀϢⲈ ⲚⲀⲚ ⲈϨⲢⲎⲒ ⲈⲒⲈⲢⲞⲤⲀⲖⲎⲘ ⲞⲨⲞϨ ⲠϢⲎⲢⲒ ⲘⲪⲢⲰⲘⲒ ⲤⲈⲚⲀⲦⲎⲒϤ ⲈϦⲢⲎⲒ ⲚⲚⲈⲚϪⲒϪ ⲚⲚⲒⲀⲢⲬⲒⲈⲢⲈⲨⲤ ⲚⲈⲘ ⲚⲒⲤⲀϦ ⲞⲨⲞϨ ⲤⲈⲚⲀϮϨⲀⲠ ⲈⲢⲞϤ ⲈⲪⲘⲞⲨ.
19 ১৯ তেওঁলোকে তেওঁক বিদ্রূপ কৰিবৰ কাৰণে চাবুকেৰে কোবাবলৈ আৰু ক্রুচত দিবলৈ অনা-ইহুদী সকলৰ হাতত শোধাই দিব; কিন্তু তিন দিনৰ দিনা তেওঁক তোলা হ’ব।”
ⲓ̅ⲑ̅ⲞⲨⲞϨ ⲤⲈⲚⲀⲦⲎⲒϤ ⲈⲦⲞⲦⲞⲨ ⲚⲚⲒⲈⲐⲚⲞⲤ ⲈⲠⲤⲰⲂⲒ ⲘⲘⲞϤ ⲞⲨⲞϨ ⲤⲈⲚⲀⲈⲢⲘⲀⲤⲦⲒⲄⲄⲞⲒⲚ ⲘⲘⲞϤ ⲚⲤⲈⲀϢϤ ⲞⲨⲞϨ ⲘⲈⲚⲈⲚⲤⲀ ⲄⲚⲈϨⲞⲞⲨ ⲈϤⲈⲦⲰⲚϤ.
20 ২০ তাৰ পাছত চিবদিয়ৰ পুতেক দুজনক সিহঁতৰ মাকে লগত লৈ যীচুৰ ওচৰলৈ আহিল আৰু প্ৰণিপাত কৰি তেওঁৰ ওচৰত যাচনা কৰিলে।
ⲕ̅ⲦⲞⲦⲈ ⲀⲤⲒ ϨⲀⲢⲞϤ ⲚϪⲈⲐⲘⲀⲨ ⲚⲚⲈⲚϢⲎⲢⲒ ⲚⲌⲈⲂⲈⲆⲈⲞⲤ ⲚⲈⲘ ⲚⲈⲤϢⲎⲢⲒ ⲈⲤⲞⲨⲰϢⲦ ⲘⲘⲞϤ ⲞⲨⲞϨ ⲈⲤⲈⲢⲈⲦⲒⲚ ⲘⲘⲞϤ ⲚⲞⲨϨⲰⲂ.
21 ২১ তেতিয়া যীচুৱে তেওঁক সুধিলে “তুমি কি বিচাৰি আহিছা?” তেওঁ যীচুক ক’লে, “আপুনি এই আদেশ দিয়ক যেন আপোনাৰ ৰাজ্যত মোৰ এই দুটা পুত্ৰৰ এটাই আপোনাৰ সোঁ হাতে, আনটোৱে বাওঁহাতে বহিবলৈ পায়।”
ⲕ̅ⲁ̅ⲚⲐⲞϤ ⲆⲈ ⲠⲈϪⲀϤ ⲚⲀⲤ ϪⲈ ⲞⲨ ⲠⲈⲦⲈⲞⲨⲀϢϤ ⲠⲈϪⲀⲤ ⲚⲀϤ ϪⲈ ⲀϪⲞⲤ ϨⲒⲚⲀ ⲚⲦⲈⲠⲀϢⲎⲢⲒ ⲂⲚⲦⲈ ⲞⲨⲀⲒ ⲘⲘⲰⲞⲨ ϨⲈⲘⲤⲒ ⲤⲀⲦⲈⲔⲞⲨⲒⲚⲀⲘ ⲞⲨⲀⲒ ⲤⲀⲦⲈⲔϪⲀϬⲎ ⲚϨⲢⲎⲒ ϦⲈⲚⲦⲈⲔⲘⲈⲦⲞⲨⲢⲞ.
22 ২২ যীচুৱে উত্তৰ দি ক’লে, “তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰিবলৈ গৈছোঁ, তোমোলোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে?” তেওঁলোকে তেওঁক ক’লে ‘পাৰিম’।
ⲕ̅ⲃ̅ⲀϤⲈⲢⲞⲨⲰ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ⲠⲈϪⲀϤ ϪⲈ ⲦⲈⲦⲈⲚⲈⲘⲒ ⲀⲚ ϪⲈ ⲀⲢⲈⲦⲈⲚⲈⲢⲈⲦⲒⲚ ⲈⲐⲂⲈⲞⲨ ⲞⲨⲞⲚ ϢϪⲞⲘ ⲘⲘⲰⲦⲈⲚ ⲈⲤⲈ ⲠⲒⲀⲪⲞⲦ ⲈϮⲚⲀⲤⲞϤ ⲠⲈϪⲰⲞⲨ ⲚⲀϤ ϪⲈ ⲞⲨⲞⲚ ϢϪⲞⲘ ⲘⲘⲞⲚ.
23 ২৩ তেওঁ তেওঁলোকক ক’লে, “তোমালোকে মোৰ পান-পাত্ৰত পান কৰিবা হয়, কিন্তু মোৰ সোঁ হাতে আৰু বাওঁহাতে বহিবলৈ দিবৰ বাবে মোৰ ক্ষমতা নাই৷ মোৰ পিতৃয়ে যি লোক সকলৰ কাৰণে ইয়াক যুগুত কৰি ৰাখিছে, তেওঁলোককহে দিয়া হ’ব।”
ⲕ̅ⲅ̅ⲞⲨⲞϨ ⲠⲈϪⲀϤ ⲚⲰⲞⲨ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ϪⲈ ⲠⲒⲀⲪⲞⲦ ⲘⲈⲚ ⲈⲢⲈⲦⲈⲚⲈⲤⲞϤ ⲈϨⲈⲘⲤⲒ ⲆⲈ ⲤⲀⲦⲀⲞⲨⲒⲚⲀⲘ ⲒⲈ ⲦⲀϪⲀϬⲎ ⲪⲰⲒ ⲀⲚ ⲠⲈ ⲈⲦⲎⲒϤ ⲀⲖⲖⲀ ⲪⲀ ⲚⲎ ⲠⲈ ⲈⲦⲀ ⲠⲀⲒⲰⲦ ⲈⲦϦⲈⲚ ⲚⲒⲪⲎⲞⲨⲒ ⲤⲈⲂⲦⲰⲦⲤ ⲚⲰⲞⲨ.
24 ২৪ এই কথা শুনি আন দহ জন শিষ্যই এই দুজন ভাই-ককায়েকৰ প্ৰতি অসন্তুষ্ট হ’ল।
ⲕ̅ⲇ̅ⲈⲦⲀⲨⲤⲰⲦⲈⲘ ⲆⲈ ⲚϪⲈⲠⲒⲔⲈⲒ ⲘⲘⲀⲐⲎ ⲦⲎⲤ ⲀⲨⲬⲢⲈⲘⲢⲈⲘ ⲈⲐⲂⲈ ⲠⲒⲤⲞⲚ Ⲃ-.
25 ২৫ তেতিয়া যীচুৱে শিষ্য সকলক মাতি ক’লে, “তোমালোকে এই কথা জানা যে, অনা-ইহুদী সকলৰ শাসনকৰ্তা সকলে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে, আৰু নেতা সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়।
ⲕ̅ⲉ̅ⲒⲎⲤⲞⲨⲤ ⲆⲈ ⲀϤⲘⲞⲨϮ ⲈⲢⲰⲞⲨ ⲠⲈϪⲀϤ ⲚⲰⲞⲨ ϪⲈ ⲦⲈⲦⲈⲚⲈⲘⲒ ϪⲈ ⲚⲒⲀⲢⲬⲰⲚ ⲚⲦⲈⲚⲒⲈⲐⲚⲞⲤ ⲠⲈⲦⲞⲒ ⲚϬⲞⲒⲤ ⲈⲢⲰⲞⲨ ⲞⲨⲞϨ ⲚⲞⲨⲔⲈⲚⲒϢϮ ⲈⲦⲞⲒ ⲚⲈⲢϢⲒϢⲒ ⲈϪⲰⲞⲨ.
26 ২৬ তোমালোকৰ মাজত তেনে হোৱা উচিত নহয়; তোমালোকৰ মাজত যি কোনোৱে মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ সেৱাকাৰী হওক৷
ⲕ̅ⲋ̅ⲠⲀⲒⲢⲎϮ ⲆⲈ ⲀⲚ ⲠⲈⲐⲚⲀϢⲰⲠⲒ ϦⲈⲚⲐⲎⲚⲞⲨ ⲀⲖⲖⲀ ⲪⲎ ⲈⲐⲞⲨⲰϢ ⲈⲈⲢⲚⲒϢϮ ϦⲈⲚⲐⲎⲚⲞⲨ ⲈϤⲈⲈⲢⲆⲒⲀⲔⲰⲚ ⲚⲰⲦⲈⲚ.
27 ২৭ যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ দাস হওক,
ⲕ̅ⲍ̅ⲞⲨⲞϨ ⲪⲎ ⲈⲐⲞⲨⲰϢ ⲈⲈⲢϨⲞⲨⲒⲦ ϦⲈⲚⲐⲎⲚⲞⲨ ⲈϤⲈⲈⲢⲂⲰⲔ ⲚⲰⲦⲈⲚ.
28 ২৮ মানুহৰ পুত্ৰই সেৱা-শুশ্রূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল৷”
ⲕ̅ⲏ̅ⲘⲪⲢⲎϮ ϨⲰϤ ⲘⲠϢⲎⲢⲒ ⲘⲪⲢⲰⲘⲒ ⲚⲈⲦⲀϤⲒ ⲀⲚ ⲈⲐⲢⲞⲨϢⲈⲘϢⲎⲦϤ ⲀⲖⲖⲀ ⲈϢⲈⲘϢⲒ ⲞⲨⲞϨ ⲈϮ ⲚⲦⲈϤⲮⲨⲬⲎ ⲚⲤⲰϮ ⲈϪⲈⲚ ⲞⲨⲘⲎ Ϣ.
29 ২৯ পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিৰীহো নগৰৰ পৰা ওলাই যাওঁতে, অনেক লোক যীচুৰ পাছে পাছে গ’ল।
ⲕ̅ⲑ̅ⲈϤⲚⲎⲞⲨ ⲆⲈ ⲈⲂⲞⲖ ϦⲈⲚⲒⲈⲢⲒⲬⲰ ⲀⲨⲘⲞϢⲒ ⲚⲤⲰϤ ⲚϪⲈⲞⲨⲚⲒϢϮ ⲘⲘⲎϢ.
30 ৩০ তাতে বাটৰ কাষত দুজন অন্ধ বহি আছিল; যীচু সেই বাটেদি যোৱা শুনি সিহঁতে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান আমাক দয়া কৰক”।
ⲗ̅ⲞⲨⲞϨ ⲒⲤ ⲂⲈⲖⲖⲈ ⲂⲚⲀⲨϨⲈⲘⲤⲒ ⲈⲤⲔⲈⲚ ⲠⲒⲘⲰⲒⲦ ⲈⲦⲀⲨⲤⲰⲦⲈⲘ ϪⲈ ⲒⲎⲤⲞⲨⲤ ⲚⲀⲤⲒⲚⲒ ⲀⲨⲰϢ ⲈⲂⲞⲖ ⲈⲨϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲠⲈⲚϬⲞⲒⲤ ⲚⲀⲒ ϦⲀⲢⲞⲚ ⲒⲎⲤⲞⲨⲤ ⲠϢⲎⲢⲒ ⲚⲆⲀⲨⲒⲆ.
31 ৩১ কিন্তু সিহঁতক মনে মনে থাকিবলৈ লোক সকলে ডবিয়ালে; কিন্তু সিহঁতে তেতিয়া পুনৰ বৰকৈ চিঞৰিহে ক’লে, “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক”।
ⲗ̅ⲁ̅ⲠⲒⲘⲎϢ ⲆⲈ ⲚⲀϤⲈⲢⲈⲠⲒⲦⲒⲘⲀⲚ ⲚⲰⲞⲨ ϨⲒⲚⲀ ⲚⲤⲈⲬⲀⲢⲰⲞⲨ ⲚⲐⲰⲞⲨ ⲆⲈ ⲀⲨⲰϢ ⲈⲂⲞⲖ ⲚϨⲞⲨⲞ ⲈⲨϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲠⲈⲚϬⲞⲒⲤ ⲚⲀⲒ ϦⲀⲢⲞⲚ ⲠϢⲎⲢⲒ ⲚⲆⲀⲨⲒⲆ.
32 ৩২ তেতিয়া যীচু থমকি ৰ’ল আৰু সিহঁতক মাতি সুধিলে, “তোমালোকে কি বিচাৰা? মই তোমালোকৰ কাৰণে কি কৰিম?”
ⲗ̅ⲃ̅ⲞⲨⲞϨ ⲈⲦⲀϤⲞϨⲒ ⲈⲢⲀⲦϤ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ⲀϤⲘⲞⲨϮ ⲈⲢⲰⲞⲨ ⲞⲨⲞϨ ⲠⲈϪⲀϤ ⲚⲰⲞⲨ ϪⲈ ⲞⲨ ⲠⲈⲦⲈⲦⲈⲚⲚⲀⲞⲨⲀϢϤ ⲚⲦⲀⲀⲒϤ ⲚⲰⲦⲈⲚ.
33 ৩৩ সিহঁতে যীচুক ক’লে, “হে প্ৰভু, আমাৰ চকু মুকলি কৰক।”
ⲗ̅ⲅ̅ⲠⲈϪⲰⲞⲨ ⲚⲀϤ ϪⲈ ⲠⲈⲚϬⲞⲒⲤ ϨⲒⲚⲀ ⲚⲦⲞⲨⲞⲨⲰⲚ ⲚϪⲈⲚⲈⲚⲂⲀⲖ.
34 ৩৪ তেতিয়া সিহঁতলৈ মৰম লাগি যীচুৱে সিহঁতৰ চকু চুলে; তেতিয়াই সিহঁতে দেখা পালে আৰু তেওঁৰ পাছে পাছে গ’ল।
ⲗ̅ⲇ̅ⲈⲦⲀϤϢⲈⲚϨⲎⲦ ⲆⲈ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ⲀϤϬⲒ ⲚⲈⲘ ⲚⲞⲨⲂⲀⲖ ⲤⲀⲦⲞⲦⲞⲨ ⲀⲨⲚⲀⲨ ⲘⲂⲞⲖ ⲞⲨⲞϨ ⲀⲨⲞⲨⲀϨⲞⲨ ⲚⲤⲰϤ.

< মথি 20 >