< মথি 2 >
1 ১ হেৰোদ যেতিয়া যিহুদীয়াৰ ৰজা আছিল, তেতিয়া যিহুদীয়াৰ বৈৎলেহম নামৰ ঠাইত যীচুৰ জন্ম হ’ল৷ সেই সময়ত পূব দেশৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে যিৰূচালেমলৈ আহি সুধিলে,
А кад се роди Исус у Витлејему јудејском, за времена цара Ирода, а то дођу мудраци с истока у Јерусалим, и кажу:
2 ২ “যিহুদী সকলৰ যি জন ৰজা জন্মিছে, তেওঁ ক’ত? কিয়নো পূব দিশত আমি তেওঁৰ তৰা দেখা পালোঁ, আৰু তেওঁক প্ৰণিপাত কৰিবলৈ আহিছোঁ।”
Где је цар јудејски што се родио? Јер смо видели Његову звезду на истоку и дошли смо да Му се поклонимо.
3 ৩ এই কথা শুনাত হেৰোদ ৰজাৰ লগতে গোটেই যিৰূচালেমত উগুল-থুগুল লাগিল।
Кад то чује цар Ирод, уплаши се, и сав Јерусалим с њим.
4 ৪ তেতিয়া হেৰোদে সকলো প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলক মাতি একগোট কৰিলে আৰু তেওঁলোকক সুধিলে, “খ্ৰীষ্টই ক’ত জন্ম গ্রহণ কৰিব?”
И сабравши све главаре свештеничке и књижевнике народне, питаше их: Где ће се родити Христос?
5 ৫ তেওঁলোকে তেওঁক ক’লে, “যিহুদীয়া প্রদেশৰ বৈৎলেহম নামৰ ঠাইত; কিয়নো ভাববাদীৰ দ্বাৰাই এইদৰে লিখা আছে,
А они му рекоше: У Витлејему јудејском; јер је тако пророк написао:
6 ৬ ‘আৰু তুমি, যিহূদা প্রদেশৰ বৈৎলেহম, তুমি যিহুদাৰ অধিপতি সকলৰ মাজত কোনোমতে নগণ্য নহয়। কিয়নো তোমাৰ মাজৰ পৰাই এজন শাসনকর্তা ওলাব, তেৱেঁ মোৰ লোক ইস্ৰায়েলক চৰাব।’”
И ти Витлејеме, земљо Јудина! Ни по чем ниси најмањи у држави Јудиној; јер ће из тебе изићи человођа који ће пасти народ мој Израиља.
7 ৭ তেতিয়া হেৰোদে সেই জ্যোতিষী পণ্ডিত কেইজনক গুপুতে মাতি সেই তৰা সঠিকৰূপে কোন সময়ত আবিৰ্ভুত হৈছিল, সেই বিষয়ে তেওঁলোকৰ পৰা জানিবৰ বাবে সুধিলে।
Онда Ирод тајно дозва мудраце, и испитиваше их кад се појавила звезда.
8 ৮ তাৰ পাছত তেওঁলোকক বৈৎলেহমলৈ পঠিয়াই দি ক’লে, “আপোনালোক যাওক আৰু সেই শিশুটোৰ বিষয়ে ভালদৰে বিচাৰ লওঁক; আৰু বিচাৰি পালে, তেওঁৰ সম্বাদ আহি মোক দিব, তেতিয়া ময়ো গৈ তেওঁক প্ৰণিপাত কৰিব পাৰিম।”
И пославши их у Витлејем, рече: Идите и распитајте добро за дете, па кад га нађете, јавите ми, да и ја идем да му се поклоним.
9 ৯ ৰজাৰ এই কথা শুনি তেওঁলোক গুচি গ’ল; তাতে যি তৰা তেওঁলোকে পূব দিশত দেখিছিল, সেই তৰা তেওঁলোকৰ আগে আগে গৈ শিশুটি থকা ঠাই পালে, আৰু সেই ঠাইৰ ওপৰত ৰৈ থাকিল।
И они саслушавши цара, пођоше: а то и звезда коју су видели на истоку, иђаше пред њима док не дође и стаде одозго где беше дете.
10 ১০ তাতে সেই তৰা দেখি, তেওঁলোক আনন্দত অতি আত্মহাৰা হ’ল।
А кад видеше звезду где је стала, обрадоваше се веома великом радости.
11 ১১ তাৰ পাছত তেওঁলোকে ঘৰৰ ভিতৰলৈ সোমাই গৈ মাক মৰিয়মে সৈতে শিশুটিক দেখি নতশিৰে প্ৰণিপাত কৰি তেওঁৰ আৰাধনা কৰিলে। তাৰ পাছত নিজৰ নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মেলি, সোণ, ধূনাএঁঠা আৰু গন্ধৰস উপহাৰ দিলে।
И ушавши у кућу, видеше дете с Маријом матером Његовом, и падоше и поклонише Му се; па отворише даре своје и дариваше Га: златом, и тамјаном, и смирном.
12 ১২ পাছত হেৰোদৰ ওচৰলৈ উলটি নাযাবৰ বাবে তেওঁলোকে সপোনত ঈশ্বৰৰ পৰা সাৱধান বাণী পোৱাত, তেওঁলোকে বেলেগ বাটেৰে নিজৰ নিজৰ দেশলৈ উভটি গ’ল।
И примивши у сну заповест да се не враћају к Ироду, другим путем отидоше у своју земљу.
13 ১৩ তেওঁলোক যোৱাৰ পাছত, প্ৰভুৰ এজন দূতে সপোনত আবিৰ্ভুত হৈ যোচেফক ক’লে, “উঠা, শিশু আৰু তেওঁৰ মাকক লৈ, মিচৰ দেশলৈ পলাই যোৱা আৰু মই তোমাক নোকোৱা পর্যন্ত সেই ঠাইতে থাকিবা, উলটি নাহিবা; কিয়নো ল’ৰা জনক বিনাশ কৰিবৰ কাৰণে হেৰোদে তেওঁক বিচাৰি আছে।”
А пошто они отиду, а то анђео Господњи јави се Јосифу у сну и каза му: Устани, узми дете и матер Његову па бежи у Мисир, и буди онамо док ти не кажем; јер ће Ирод тражити дете да Га погуби.
14 ১৪ সেই নিশাই যোচেফে উঠি, শিশু আৰু তেওঁৰ মাকক লৈ মিচৰ দেশলৈ গ’ল,
И он уставши узе дете и матер Његову ноћу и отиде у Мисир.
15 ১৫ আৰু হেৰোদৰ মৃত্যুলৈকে তেওঁলোক সেই ঠাইতে থাকিল। “মিচৰ দেশৰ পৰা মই মোৰ পুত্ৰক মাতিলো” এই যি বচন ভাববাদীৰ দ্বাৰাই প্ৰভুৱে কোৱাইছিল, এই বচন সিদ্ধ হবলৈ এইদৰে ঘটিল।
И би тамо до смрти Иродове: да се изврши шта је Господ рекао преко пророка који говори: Из Мисира дозвах Сина свог.
16 ১৬ তেতিয়া জ্যোতিষী পণ্ডিত কেইজনৰ দ্বাৰাই নিজকে প্ৰবঞ্চিত হোৱা দেখি হেৰোদ অতিশয় ক্রুদ্ধ হ’ল। তেওঁ জ্যোতিষী পণ্ডিত কেইজনৰ পৰা যি সময়ৰ কথা জানিছিল, সেই কাল অনুসাৰে দুবছৰ আৰু তাতকৈ কম বয়সৰ যিমান ল’ৰা শিশু বৈৎলেহম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল সমূহত আছিল, সেই সকলোকে বধ কৰিবলৈ আদেশ দি পঠিয়াই দিলে।
Тада Ирод, кад виде да су га мудраци преварили, разгневи се врло и посла те побише сву децу по Витлејему и по свој околини његовој од две године и ниже, по времену које је добро дознао од мудраца.
17 ১৭ তেতিয়া যিৰিমিয়া ভাববাদীৰ দ্বাৰাই যি কথা কোৱা হৈছিল, সেয়া সিদ্ধ হ’ল:
Тада се зби шта је казао пророк Јеремија говорећи:
18 ১৮ “ৰামাত এটা মাত শুনা গ’ল, বিলাপৰ ৰোল আৰু মহা-শোক, ৰাহেলে নিজৰ সন্তান সকলৰ কাৰণে ক্রন্দন কৰিছে আৰু তেওঁ সান্ত্বনা পাবলৈও ইচ্ছা কৰা নাই, কাৰণ তেওঁলোকৰ কোনো জীয়াই থকা নাই।”
Глас у Рами чу се, плач, и ридање, и јаукање много: Рахила плаче за својом децом, и неће да се утеши, јер их нема.
19 ১৯ পাছত যেতিয়া হেৰোদৰ মৃত্যু হ’ল, তেতিয়া প্ৰভুৰ এজন দূতে মিচৰ দেশত থাকোতেই সপোনত আবিৰ্ভুত হৈ যোচেফক ক’লে,
А по смрти Иродовој, гле, анђео Господњи у сну јави се Јосифу у Мисиру.
20 ২০ “উঠা, ল’ৰাটি আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ উলটি যোৱা; কিয়নো যি সকলে এই শিশুটোৰ প্ৰাণ নাশ কৰিবলৈ বিচাৰি আছিল, তেওঁলোকৰ মৃত্যু হ’ল।”
И рече: Устани, и узми дете и матер Његову и иди у земљу Израиљеву; јер су изумрли који су тражили душу детињу.
21 ২১ তেতিয়া যোচেফে উঠি, শিশু আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ আহিল।
И он уставши, узе дете и матер Његову, и дође у земљу Израиљеву.
22 ২২ কিন্তু যেতিয়া যোচেফে শুনিলে যে যিহুদীয়াত পিতৃ হেৰোদৰ স্থানত তেওঁৰ পুত্র আৰ্খিলায়ে ৰাজ্য শাসন কৰিছে, তেতিয়া তেওঁ তালৈ উলটি যাবৰ বাবে ভয় কৰিলে; পাছত ঈশ্বৰে এক সপোনত সাৱধান কৰি দিয়াত তেওঁ গালীল প্ৰদেশলৈ গ’ল,
Али чувши да Архелај царује у Јудеји место Ирода оца свог, побоја се онамо ићи; него примивши у сну заповест, отиде у крајеве галилејске.
23 ২৩ আৰু তাত নাচৰত নামৰ এখন নগৰত বসবাস কৰিব ধৰিলে। তেওঁক নাচৰতীয়া বুলি মতা হ’ব, এই যি বচন ভাববাদী সকলৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হবৰ বাবে এইদৰে ঘটিল।
И дошавши онамо, намести се у граду који се зове Назарет, да се збуде као што су казали пророци да ће се Назарећанин назвати.