< মথি 18 >
1 ১ সেই সময়ত শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “প্ৰভু, স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ কোন?”
ⲁ̅ⲚϨⲢⲎⲒ ⲆⲈ ϦⲈⲚϮⲞⲨⲚⲞⲨ ⲈⲦⲈⲘⲘⲀⲨ ⲀⲨⲒ ⲚϪⲈⲚⲒⲘⲀⲐⲎⲦⲎⲤ ϨⲀ ⲒⲎⲤⲞⲨⲤ ⲈⲨϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲚⲒⲘ ϨⲀⲢⲀ ⲠⲈ ⲠⲒⲚⲒϢϮ ϦⲈⲚϮⲘⲈⲦⲞⲨⲢⲞ ⲚⲦⲈⲚⲒⲪⲎⲞⲨⲒ.
2 ২ তেতিয়া যীচুৱে এটি শিশুক ওচৰলৈ মাতি আনি তেওঁলোকৰ মাজত থিয় কৰাই কলে,
ⲃ̅ⲞⲨⲞϨ ⲀϤⲘⲞⲨϮ ⲈⲞⲨⲔⲞⲨϪⲒ ⲚⲀⲖⲞⲨ ⲀϤⲦⲀϨⲞϤ ⲈⲢⲀⲦϤ ϦⲈⲚⲦⲞⲨⲘⲎϮ.
3 ৩ “মই তোমালোকক সঁচাকৈ কওঁ, যদি তোমালোকে মন পৰিৱর্তন কৰি শিশু সকলৰ দৰে হব নোৱাৰা, তেনেহলে কোনোমতেই স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিবা৷
ⲅ̅ⲞⲨⲞϨ ⲠⲈϪⲀϤ ϪⲈ ⲀⲘⲎⲚ ϮϪⲰ ⲘⲘⲞⲤ ⲚⲰⲦⲈⲚ ϪⲈ ⲈϢⲰⲠ ⲀⲢⲈⲦⲈⲚϢⲦⲈⲘⲔⲈⲦ ⲐⲎⲚⲞⲨ ⲚⲦⲈⲦⲈⲚⲈⲢ ⲘⲪⲢⲎϮ ⲘⲠⲀⲒⲀⲖⲞⲨ ⲚⲚⲈⲦⲈⲚⲒ ⲈϦⲞⲨⲚ ⲈϮⲘⲈⲦⲞⲨⲢⲞ ⲚⲦⲈⲚⲒⲪⲎⲞⲨⲒ.
4 ৪ এতেকে যি কোনোৱে এই শিশুটিৰ দৰে নিজকে নম্ৰ কৰে, তেৱেঁই স্বৰ্গৰাজ্যত সর্ব্বশ্ৰেষ্ঠ৷
ⲇ̅ⲪⲎ ⲞⲨⲚ ⲈⲐⲚⲀⲐⲈⲂⲒⲞϤ ⲘⲪⲢⲎϮ ⲘⲠⲀⲒⲀⲖⲞⲨ ⲪⲀⲒ ⲠⲈ ⲠⲒⲚⲒϢϮ ϦⲈⲚϮⲘⲈⲦⲞⲨⲢⲞ ⲚⲦⲈⲚⲒⲪⲎⲞⲨⲒ.
5 ৫ আকৌ যি কোনোৱে এনে এটি শিশুক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকেই গ্ৰহণ কৰে।
ⲉ̅ⲞⲨⲞϨ ⲪⲎ ⲈⲐⲚⲀϢⲈⲠ ⲞⲨⲀⲖⲞⲨ ⲈⲢⲞϤ ⲘⲠⲀⲒⲢⲎϮ ϦⲈⲚⲠⲀⲢⲀⲚ ⲀⲚⲞⲔ ⲠⲈⲦⲈϤϢⲰⲠ ⲘⲘⲞⲒ.
6 ৬ মোক বিশ্বাস কৰা এই নম্ৰ সকলৰ মাজৰ কোনোবা এজনক যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁক ডিঙিত এটা ডাঙৰ জাঁত বান্ধি বৰং সমুদ্ৰৰ গভীৰ পানীত ডুবাই দিয়াই তেওঁৰ পক্ষে ভাল হব।
ⲋ̅ⲪⲎ ⲆⲈ ⲈⲐⲚⲀⲈⲢⲤⲔⲀⲚⲆⲀⲖⲒⲌⲈⲤⲐⲈ ⲚⲞⲨⲀⲒ ⲚⲚⲀⲒⲔⲞⲨϪⲒ ⲈⲐⲚⲀϨϮ ⲈⲢⲞⲒ ⲤⲈⲢⲚⲞϤⲢⲒ ⲚⲀϤ ⲚⲦⲞⲨⲈϢ ⲞⲨⲰⲚⲒ ⲘⲘⲞⲨⲖⲞⲚ ⲈϦⲎⲦϤ ⲞⲨⲞϨ ⲚⲦⲞⲨⲞⲘⲤϤ ϦⲈⲚⲪⲒⲞⲘ.
7 ৭ হায়! বিঘিনিৰ সময়ৰ কাৰণে এই জগত; কিয়নো বিঘিনিৰ সময় অৱশ্যেই আহিব৷ কিন্তু যি মানুহৰ দ্বাৰাই বিঘিনি হয়, তেওঁৰ সন্তাপ হ’ব৷
ⲍ̅ⲞⲨⲞⲒ ⲘⲠⲒⲔⲞⲤⲘⲞⲤ ⲈⲐⲂⲈ ⲚⲒⲤⲔⲀⲚⲆⲀⲖⲞⲚ ⲀⲚⲀⲄⲔⲎ ⲄⲀⲢ ⲚⲦⲞⲨⲒ ⲚϪⲈⲚⲒⲤⲔⲀⲚⲆⲀⲖⲞⲚ ⲠⲖⲎⲚ ⲞⲨⲞⲒ ⲘⲠⲒⲢⲰⲘⲒ ⲈⲦⲈ ⲠⲒⲤⲔⲀⲚⲆⲀⲖⲞⲚ Ⲓ- ⲈⲂⲞⲖ ϨⲒⲦⲞⲦϤ.
8 ৮ তোমালোকক পাপলৈ নিয়াৰ কাৰণ যদি তোমালোকৰ হাত বা ভৰি হয়, তেনেহলে তাক কাটি দূৰলৈ দলিয়াই পেলোৱা; দুই হাত বা দুই ভৰি লৈ অনন্ত জুইত পেলোৱা হোৱাতকৈ, কোঙা বা খোৰা হৈ জীৱনত প্ৰৱেশ কৰাই তোমালোকৰ পক্ষে ভাল। (aiōnios )
ⲏ̅ⲒⲤϪⲈ ⲦⲈⲔϪⲒϪ ⲒⲈ ⲦⲈⲔϬⲀⲖⲞϪ ⲈⲢⲤⲔⲀⲚⲆⲀⲖⲒⲌⲈⲤⲐⲈ ⲘⲘⲞⲔ ϪⲞϪⲞⲨ ϨⲒⲦⲞⲨ ⲈⲂⲞⲖ ϨⲀⲢⲞⲔ ⲚⲀⲚⲈⲤ ⲄⲀⲢ ⲚⲀⲔ ⲚⲦⲈⲔⲒ ⲈϦⲞⲨⲚ ⲈⲠⲒⲰⲚϦ ⲈⲔⲞⲒ ⲚϬⲀⲖⲈ ⲒⲈ ⲈⲔⲞⲒ ⲚϪⲀϬⲈ ⲈϨⲞⲦⲈ ⲈⲞⲨⲞⲚ ϪⲒϪ ⲤⲚⲞⲨϮ ⲈⲢⲞⲔ ⲒⲈ ϬⲀⲖⲞϪ ⲤⲚⲞⲨϮ ⲚⲤⲈϨⲒⲦⲔ ⲈⲠⲒⲬⲢⲰⲘ ⲚⲈⲚⲈϨ. (aiōnios )
9 ৯ তোমালোকৰ চকুৱে যদি তোমালোকক পাপৰ পথলৈ নিয়ে, তেনেহলে তাকো কাঢ়ি তোমালোকৰ পৰা দূৰলৈ দলিয়াই পেলোৱা; দুই চকু লৈ অনন্ত অগ্নিময় নৰকত পেলোৱা হোৱাতকৈ, বৰং কণা হৈ জীৱনত সোমোৱাই তোমালোকৰ পক্ষে ভাল। (Geenna )
ⲑ̅ⲞⲨⲞϨ ⲒⲤϪⲈ ⲠⲈⲔⲂⲀⲖ ⲚⲞⲨⲒⲚⲀⲘ ⲈⲢⲤⲔⲀⲚⲆⲀⲖⲒⲌⲈⲤⲐⲈ ⲘⲘⲞⲔ ⲪⲞⲢⲔϤ ϨⲒⲦⲔ ⲈⲂⲞⲖ ϨⲀⲢⲞⲔ ⲚⲀⲚⲈⲤ ⲄⲀⲢ ⲚⲀⲔ ⲚⲦⲈⲔⲒ ⲈϦⲞⲨⲚ ⲈⲠⲒⲰⲚϦ ⲈⲞⲨⲂⲀⲖ ⲠⲈⲦⲈⲘⲘⲞⲔ ⲒⲈ ⲈⲞⲨⲞⲚ ⲂⲀⲖ ⲂⲘⲘⲞⲔ ⲚⲤⲈϨⲒⲦⲔ ⲈϮⲄⲈⲈⲚⲚⲀ ⲚⲦⲈⲠⲒⲬⲢⲰⲘ. (Geenna )
10 ১০ সেয়ে সাৱধানে চলিবা; তোমালোকে এই সৰু সকলৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্ৱৰ্গত তেওঁলোকৰ দূত সকলে মোৰ স্বৰ্গীয় পিতৃৰ মুখ সদায় যেন দেখা পায়।
ⲓ̅ⲀⲚⲀⲨ ⲞⲨⲚ ⲘⲠⲈⲢⲈⲢⲔⲀⲦⲀⲪⲢⲞⲚⲒⲚ ⲚⲞⲨⲀⲒ ⲚⲚⲀⲒⲔⲞⲨϪⲒ ϮϪⲰ ⲄⲀⲢ ⲘⲘⲞⲤ ⲚⲰⲦⲈⲚ ϪⲈ ⲚⲞⲨⲀⲄⲄⲈⲖⲞⲤ ϦⲈⲚⲚⲒⲪⲎⲞⲨⲒ ⲚⲤⲎⲞⲨ ⲚⲒⲂⲈⲚ ⲤⲈⲚⲀⲨ ⲈⲠϨⲞ ⲘⲠⲀⲒⲰⲦ ⲈⲦϦⲈⲚ ⲚⲒⲪⲎⲞⲨⲒ.
11 ১১ কাৰণ যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।
ⲓ̅ⲁ̅ⲔⲈ ⲄⲀⲢ ⲀϤⲒ ⲚϪⲈⲠϢⲎⲢⲒ ⲘⲪⲢⲰⲘⲒ ⲈⲔⲰϮ ⲞⲨⲞϨ ⲈⲚⲞϨⲈⲘ ⲚⲚⲎ ⲈⲦⲤⲰⲢⲈⲘ
12 ১২ তোমালোকে কি ভাবা? যদি কোনো এজন মানুহৰ এশটা মেৰ আছে অাৰু তাৰ মাজৰ পৰা যদি এটা ভুল পথে গৈ হেৰাই যায়, তেতিয়া তেওঁ জানো নিৰানব্বৈটা মেষক পাহাৰৰ দাঁতিত এৰি থৈ হেৰোৱা মেষটোক বিচাৰি নাযাব?
ⲓ̅ⲃ̅ⲞⲨ ⲆⲈ ⲠⲈⲦⲈⲦⲈⲚⲘⲈⲨⲒ ⲈⲢⲞϤ ⲀⲢⲈϢⲀⲚ ⲢⲚⲈⲤⲰⲞⲨ ϢⲰⲠⲒ ⲚⲞⲨⲢⲰⲘⲒ ⲞⲨⲞϨ ⲚⲦⲈⲞⲨⲀⲒ ⲤⲰⲢⲈⲘ ⲈⲂⲞⲖ ⲚϦⲎⲦⲞⲨ ⲘⲎ ⲘⲠⲀϤⲬⲀ ⲠⲒϤⲐ ϨⲒϪⲈⲚ ⲠⲒⲦⲰⲞⲨ ⲞⲨⲞϨ ⲚⲦⲈϤϢⲈ ⲚⲀϤ ⲚⲦⲈϤⲔⲰϮ ⲚⲤⲀⲪⲎ ⲈⲦⲀϤⲤⲰⲢⲈⲘ.
13 ১৩ আৰু যদি হেৰোৱাটোক কেনেবাকৈ পায়, তেনেহলে মই তোমালোকক সঁচাকৈ কওঁ যে, ভুল পথে নোযোৱা সেই নিৰানব্বৈটা মেষতকৈ, যিটো হেৰাই গৈছিল সেই মেষটোক ঘূৰাই পোৱাত তেওঁ অধিক আনন্দ কৰিব।
ⲓ̅ⲅ̅ⲞⲨⲞϨ ⲀⲤϢⲀⲚϢⲰⲠⲒ ⲈⲐⲢⲈϤϪⲈⲘϤ ⲀⲘⲎⲚ ϮϪⲰ ⲘⲘⲞⲤ ⲚⲰⲦⲈⲚ ϪⲈ ϢⲀϤⲢⲀϢⲒ ⲈϨⲢⲎⲒ ⲈϪⲰϤ ⲘⲀⲖⲖⲞⲚ ⲈϨⲞⲦⲈ ⲠⲒϤⲐ ⲈⲦⲈⲚⲤⲈⲤⲰⲢⲈⲘ ⲀⲚ.
14 ১৪ এইদৰে এই সৰু সকলৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে ইচ্ছা নকৰে।
ⲓ̅ⲇ̅ⲠⲀⲒⲢⲎϮ ⲪⲞⲨⲰϢ ⲘⲠⲀⲒⲰⲦ ⲀⲚ ⲠⲈ ⲈⲦϦⲈⲚ ⲚⲒⲪⲎⲞⲨⲒ ϨⲒⲚⲀ ⲚⲦⲈⲞⲨⲀⲒ ⲚⲚⲀⲒⲔⲞⲨϪⲒ ⲦⲀⲔⲞ.
15 ১৫ কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা।
ⲓ̅ⲉ̅ⲈϢⲰⲠ ⲆⲈ ⲀⲢⲈϢⲀⲚ ⲠⲈⲔⲤⲞⲚ ⲈⲢⲚⲞⲂⲒ ⲈⲢⲞⲔ ⲘⲀϢⲈ ⲚⲀⲔ ⲞⲨⲞϨ ⲤⲀϨⲰϤ ⲞⲨⲦⲰⲔ ⲚⲈⲘⲀϤ ⲘⲘⲀⲨⲀⲦⲔ ⲈϢⲰⲠ ⲀϤϢⲀⲚⲤⲰⲦⲈⲘ ⲚⲤⲰⲔ ⲈⲔⲈϪⲈⲘϨⲎⲞⲨ ⲘⲠⲈⲔⲤⲞⲚ.
16 ১৬ কিন্তু যদি নুশুনে, তেনেহলে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনি জন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়।
ⲓ̅ⲋ̅ⲈϢⲰⲠ ⲆⲈ ⲀϤϢⲦⲈⲘⲤⲰⲦⲈⲘ ⲚⲤⲰⲔ ϬⲒ ⲚⲔⲈⲞⲨⲀⲒ ⲒⲈ ⲔⲈⲂ ⲚⲈⲘⲀⲔ ϨⲒⲚⲀ ⲈⲂⲞⲖ ϦⲈⲚⲢⲰϤ ⲘⲘⲈⲐⲢⲈ ⲂⲒⲈ ⲄⲚⲦⲈ ⲤⲀϪⲒ ⲚⲒⲂⲈⲚ ⲞϨⲒ ⲈⲢⲀⲦⲞⲨ.
17 ১৭ যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেনেহলে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহলে তেওঁ তোমাৰ ওচৰত অনা-ইহুদী আৰু কৰ সংগ্ৰহকাৰী সকলৰ দৰে হওক।
ⲓ̅ⲍ̅ⲈϢⲰⲠ ⲆⲈ ⲀϤϢⲦⲈⲘⲤⲰⲦⲈⲘ ⲚⲤⲰⲞⲨ ⲀϪⲞⲤ ⲚϮⲈⲔⲔⲖⲎⲤⲒⲀ ⲈϢⲰⲠ ⲆⲈ ⲀϤϢⲦⲈⲘⲤⲰⲦⲈⲘ ⲚⲤⲀϮⲈⲔⲔⲖⲎⲤⲒⲀ ⲈϤⲈϢⲰⲠⲒ ⲚⲦⲞⲦⲔ ⲘⲪⲢⲎϮ ⲚⲞⲨⲈⲐⲚⲒⲔⲞⲤ ⲚⲈⲘ ⲞⲨⲦⲈⲖⲰⲚⲎⲤ.
18 ১৮ মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বন্ধ কৰা হ’ব আৰু পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্ৱৰ্গতো মুকলি কৰা হব।
ⲓ̅ⲏ̅ⲀⲘⲎⲚ ϮϪⲰ ⲘⲘⲞⲤ ⲚⲰⲦⲈⲚ ϪⲈ ⲚⲎ ⲈⲦⲈⲦⲈⲚⲚⲀⲤⲞⲚϨⲞⲨ ϨⲒϪⲈⲚ ⲠⲒⲔⲀϨⲒ ⲈⲨⲈϢⲰⲠⲒ ⲈⲨⲤⲞⲚϨ ϦⲈⲚⲚⲒⲪⲎⲞⲨⲒ ⲞⲨⲞϨ ⲚⲎ ⲈⲦⲈⲦⲈⲚⲚⲀⲂⲞⲖⲞⲨ ϨⲒϪⲈⲚ ⲠⲒⲔⲀϨⲒ ⲈⲨⲈϢⲰⲠⲒ ⲈⲨⲂⲎⲖ ϦⲈⲚⲚⲒⲪⲎⲞⲨⲒ.
19 ১৯ পুনৰায় মই তোমালোকক কওঁ, পৃথিৱীত তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনীয় কোনো বিষয়ত এক মন হয়, তেনেহলে স্বৰ্গত থকা মোৰ পিতৃৰ দ্বাৰাই তেওঁলোকলৈ সেই বিষয় সিদ্ধ কৰা হ’ব
ⲓ̅ⲑ̅ⲠⲀⲖⲒⲚ ϮϪⲰ ⲘⲘⲞⲤ ⲚⲰⲦⲈⲚ ϪⲈ ⲈϢⲰⲠ ⲀⲢⲈϢⲀⲚ ⲂϦⲈⲚ ⲐⲎⲚⲞⲨ ϮⲘⲀϮ ϨⲒϪⲈⲚ ⲠⲒⲔⲀϨⲒ ⲈⲐⲂⲈ ϨⲰⲂ ⲚⲒⲂⲈⲚ ⲈⲦⲞⲨⲈⲢⲈⲦⲒⲚ ⲘⲘⲰⲞⲨ ⲈⲤⲈϢⲰⲠⲒ ⲚⲰⲞⲨ ⲚⲦⲈⲚ ⲠⲀⲒⲰⲦ ⲈⲦϦⲈⲚ ⲚⲒⲪⲎⲞⲨⲒ.
20 ২০ কিয়নো যি ঠাইত দুই বা তিনি জন মোৰ নামেৰে গোট খায়, সেই ঠাইত ময়ো তেওঁলোকৰ মাজত থাকোঁ।”
ⲕ̅ⲠⲒⲘⲀ ⲄⲀⲢ ⲈⲦⲈⲞⲨⲞⲚ ⲂⲒⲈ ⲄⲈⲢⲤⲨⲚⲀⲄⲈⲤⲐⲈ ⲘⲘⲞϤ ϦⲈⲚⲠⲀⲢⲀⲚ ϮⲬⲎ ⲘⲘⲀⲨ ϦⲈⲚⲦⲞⲨⲘⲎϮ.
21 ২১ তেতিয়া পিতৰে যীচুৰ ওচৰলৈ আহি তেওঁক ক’লে, “হে প্ৰভু, মোৰ ভায়ে মোৰ অহিতে কিমান বাৰ পাপ কৰিলে মই তেওঁক ক্ষমা কৰিম? সাত বাৰলৈকে নে?”
ⲕ̅ⲁ̅ⲦⲞⲦⲈ ⲀϤⲒ ϨⲀⲢⲞϤ ⲚϪⲈⲠⲈⲦⲢⲞⲤ ⲠⲈϪⲀϤ ⲚⲀϤ ϪⲈ ⲠⲀϬⲞⲒⲤ ⲀⲢⲈϢⲀⲚ ⲠⲀⲤⲞⲚ ⲈⲢⲚⲞⲂⲒ ⲈⲢⲞⲒ ⲚⲦⲀⲬⲰ ⲚⲀϤ ⲈⲂⲞⲖ ϢⲀ ⲞⲨⲎⲢ ⲚⲤⲞⲠ ϢⲀ ⲌⲚⲤⲞⲠ.
22 ২২ যীচুৱে তেওঁক ক’লে, “সাত বাৰলৈকে বুলি মই তোমাক নকওঁ; কিন্তু সাত সত্তৰ গুণ বাৰ বুলিহে কওঁ।
ⲕ̅ⲃ̅ⲠⲈϪⲀϤ ⲚⲀϤ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ϪⲈ ϮϪⲰ ⲘⲘⲞⲤ ⲚⲀⲔ ⲀⲚ ϢⲀ ⲌⲚⲤⲞⲠ ⲀⲖⲖⲀ ⲌⲚⲞ ⲚⲤⲞⲠ.
23 ২৩ স্বর্গৰাজ্যক এনেদৰে তুলনা দিয়া হয়; যেনেকৈ, এজন ৰজাই নিজৰ দাস সকলৰ ওচৰত হিচাব বিচাৰিলে৷
ⲕ̅ⲅ̅ⲈⲐⲂⲈ ⲪⲀⲒ ⲤⲞⲚⲒ ⲚϪⲈϮⲘⲈⲦⲞⲨⲢⲞ ⲚⲦⲈⲚⲒⲪⲎⲞⲨⲒ ⲚⲞⲨⲢⲰⲘⲒ ⲚⲞⲨⲢⲞ ⲈⲀϤⲞⲨⲰϢ ⲈϤⲒⲰⲠ ⲚⲈⲘ ⲚⲈϤⲈⲂⲒⲀⲒⲔ.
24 ২৪ যেতিয়া তেওঁ হিচাব লবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ আগলৈ এনে এজন দাসক অনা হ’ল যি জনৰ ৰজাৰ ওচৰত দহ হাজাৰ ৰূপৰঋণ আছিল।
ⲕ̅ⲇ̅ⲈⲦⲀϤⲈⲢϨⲎⲦⲤ ⲆⲈ ⲚϤⲒⲰⲠ ⲀⲨⲒⲚⲒ ⲚⲀϤ ⲚⲞⲨⲀⲒ ⲈⲞⲨⲞⲚ ⲞⲨⲘⲎϢ ⲚϪⲒⲚϬⲰⲢ ⲈⲢⲞϤ.
25 ২৫ কিন্তু পৰিশোধ কৰিবলৈও তেওঁৰ ক্ষমতা নাছিল৷ তেতিয়া ৰজা জনে এই আদেশ দিলে যে, সেই লোক জনৰ সৈতে তেওঁৰ স্ত্ৰী, ল’ৰা-ছোৱালী আৰু তেওঁৰ সৰ্ব্বস্ব বিক্ৰী কৰি যেন ঋণ পৰিশোধ কৰা হয়।
ⲕ̅ⲉ̅ⲘⲘⲞⲚⲦⲈϤ ⲆⲈ ⲚⲦⲎⲒⲦⲞⲨ ⲀϤⲞⲨⲀϨⲤⲀϨⲚⲒ ⲆⲈ ⲚϪⲈⲠⲈϤϬⲞⲒⲤ ⲈⲦⲎⲒϤ ⲈⲂⲞⲖ ⲚⲈⲘ ⲦⲈϤⲤϨⲒⲘⲒ ⲚⲈⲘ ⲚⲈϤϢⲎⲢⲒ ⲚⲈⲘ ⲚⲬⲀⲒ ⲚⲒⲂⲈⲚ ⲈⲦⲈⲚⲦⲀϤ ⲞⲨⲞϨ ⲈⲦⲞⲂⲞⲨ.
26 ২৬ তেতিয়া সেই দাসে মাটিত পৰি ৰজাৰ ভৰিত ধৰি ক’লে, ‘হে প্ৰভু, ধৈর্য ধৰক, মই আপোনাৰ আটাইখিনি ঋণ পৰিশোধ কৰিম।’
ⲕ̅ⲋ̅ⲈⲦⲀϤϨⲒⲦϤ ⲞⲨⲚ ⲈⲠⲈⲤⲎⲦ ⲚϪⲈⲠⲒⲂⲰⲔ ⲈⲦⲈⲘⲘⲀⲨ ⲚⲀϤⲞⲨⲰϢⲦ ⲘⲘⲞϤ ⲈϤϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲠⲀϬⲞⲒⲤ ⲰⲞⲨⲚϨⲎⲦ ⲚⲈⲘⲎⲒ ⲞⲨⲞϨ ϮⲚⲀⲦⲞⲂⲞⲨ ⲚⲀⲔ ⲦⲎⲢⲞⲨ.
27 ২৭ তেতিয়া সেই ৰজা জনে মৰম কৰি সেই দাসক এৰি দিলে আৰু তাৰ ঋণও ক্ষমা কৰি দিলে।
ⲕ̅ⲍ̅ⲈⲦⲀϤϢⲈⲚϨⲎⲦ ⲆⲈ ⲚϪⲈⲠϬⲞⲒⲤ ⲘⲠⲒⲂⲰⲔ ⲈⲦⲈⲘⲘⲀⲨ ⲀϤⲬⲀϤ ⲈⲂⲞⲖ ⲞⲨⲞϨ ⲠⲈⲦⲈⲢⲞϤ ⲦⲎⲢϤ ⲀϤⲬⲀϤ ⲚⲀϤ ⲈⲂⲞⲖ.
28 ২৮ পাছত সেই দাসে বাহিৰলৈ গৈ তেওঁৰ এজন সহকর্মীক দেখা পালে৷ তাৰ ওচৰত সেই সহকর্মী জনৰ প্ৰায় এশ মুদ্ৰাঋণ আছিল৷ দাস জনে সেই সহকৰ্মী জনৰ ডিঙি চেপি ক’লে, ‘তই যি মুদ্ৰা ধাৰে লৈছিলি, সেই মুদ্ৰা এতিয়া পৰিশোধ কৰ’।
ⲕ̅ⲏ̅ⲈⲦⲀϤⲒ ⲆⲈ ⲈⲂⲞⲖ ⲚϪⲈⲠⲒⲂⲰⲔ ⲈⲦⲈⲘⲘⲀⲨ ⲀϤϪⲒⲘⲒ ⲚⲞⲨⲀⲒ ⲚⲚⲈϤϢⲪⲎⲢ ⲚⲈⲂⲒⲀⲒⲔ ⲈⲞⲨⲞⲚ ⲢⲚⲤⲀⲐⲈⲢⲒ ⲚⲦⲀϤ ⲈⲢⲞϤ ⲞⲨⲞϨ ⲈⲦⲀϤⲀⲘⲞⲚⲒ ⲘⲘⲞϤ ⲀϤⲰϪϨ ⲘⲘⲞϤ ⲈϤϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲘⲀ ⲠⲈⲦⲈⲢⲞⲔ.
29 ২৯ তেতিয়া তাৰ সহকৰ্মী জনে মাটিত পৰি কাকুতি-মিনতি কৰি ক’লে, ‘ধৈর্য ধৰছোন, মই তোৰ সকলো ধাৰ পৰিশোধ কৰিম’।
ⲕ̅ⲑ̅ⲈⲦⲀϤϨⲒⲦϤ ⲞⲨⲚ ⲈⲠⲈⲤⲎⲦ ⲚϪⲈⲠⲈϤϢⲪⲎ ⲢⲘⲂⲰⲔ ⲚⲀϤϮϨⲞ ⲈⲢⲞϤ ⲈϤϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲰⲞⲨⲚϨⲎⲦ ⲚⲈⲘⲎⲒ ⲞⲨⲞϨ ϮⲚⲀⲦⲞⲂⲞⲨ ⲚⲀⲔ ⲦⲎⲢⲞⲨ.
30 ৩০ কিন্তু তেওঁ সন্মত নহ’ল৷ বৰং পৰিশোধ নকৰা পর্যন্ত তেওঁক বন্দীশালত বন্দী কৰি থলে।
ⲗ̅ⲚⲐⲞϤ ⲆⲈ ⲘⲠⲈϤⲞⲨⲰϢ ⲀⲖⲖⲀ ⲀϤϢⲈ ⲚⲀϤ ⲀϤϨⲒⲦϤ ⲈⲠⲒϢⲦⲈⲔⲞ ϢⲀⲦⲈϤϮ ⲘⲠⲈⲦⲈⲢⲞϤ.
31 ৩১ তেতিয়া তেওঁৰ সহদাসবোৰে এই ঘটনা দেখি অতিশয় দুঃখিত হ’ল৷ সিহঁতে ৰজাৰ ওচৰলৈ গৈ যি যি ঘটিল, সেই সকলো বিষয় তেওঁক জনালে।
ⲗ̅ⲁ̅ⲈⲦⲀⲨⲚⲀⲨ ⲆⲈ ⲚϪⲈⲚⲈϤϢⲪⲎⲢ ⲚⲈⲂⲒⲀⲒⲔ ⲈⲚⲎ ⲈⲦⲀⲨϢⲰⲠⲒ ⲀⲠⲞⲨϨⲎⲦ ⲘⲔⲀϨ ⲈⲘⲀϢⲰ ⲞⲨⲞϨ ⲈⲦⲀⲨⲒ ⲀⲨⲦⲀⲘⲈ ⲠⲞⲨϬⲞⲒⲤ ⲈϨⲰⲂ ⲚⲒⲂⲈⲚ ⲈⲦⲀⲨϢⲰⲠⲒ.
32 ৩২ তেতিয়া ৰজাই সেই দাসক মাতি কলে, ‘দুষ্ট দাস! তই মোক কাকুতি-মিনতি কৰাত মই তোৰ সকলো ধাৰ ক্ষমা কৰিলোঁ
ⲗ̅ⲃ̅ⲦⲞⲦⲈ ⲀⲠⲈϤϬⲞⲒⲤ ⲘⲞⲨϮ ⲈⲢⲞϤ ⲠⲈϪⲀϤ ⲚⲀϤ ϪⲈ ⲠⲒⲂⲰⲔ ⲈⲦϨⲰⲞⲨ ⲪⲎ ⲈⲦⲈⲢⲞⲔ ⲦⲎⲢϤ ⲀⲒⲬⲀϤ ⲚⲀⲔ ⲈⲂⲞⲖ ϪⲈ ⲀⲔϮϨⲞ ⲈⲢⲞⲒ.
33 ৩৩ তেনেহলে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিল নে’?
ⲗ̅ⲅ̅ⲚⲀⲤⲘⲠϢⲀ ⲚⲀⲔ ⲀⲚ ϪⲈ ⲚⲐⲞⲔ ⲚⲦⲈⲔⲚⲀⲒ ϦⲀ ⲠⲈⲔϢⲪⲎⲢ ⲘⲂⲰⲔ ⲘⲠⲒⲢⲎϮ ⲈⲦⲀⲨⲚⲀⲒ ⲚⲀⲔ ⲘⲘⲞϤ.
34 ৩৪ তেতিয়া ৰজাৰ খং উঠিল আৰু দিবলগীয়া আটাইখিনি ঋণ পৰিশোধ নকৰা পর্যন্ত দাস জনক যাতনাকাৰীৰ হাতত শোধাই দিলে।
ⲗ̅ⲇ̅ⲞⲨⲞϨ ⲈⲦⲀϤϪⲰⲚⲦ ⲚϪⲈⲠⲈϤϬⲞⲒⲤ ⲀϤⲦⲎ ⲒϤ ⲈⲦⲞⲦⲞⲨ ⲚⲚⲒⲢⲈϤⲦϨⲈⲘⲔⲞ ϢⲀⲦⲈϤϮ ⲘⲠⲈⲦⲈⲢⲞϤ ⲦⲎⲢϤ.
35 ৩৫ ঠিক সেইদৰে তোমালোক প্ৰতিজনে যদি তোমালোকৰ ভাইক অন্তৰেৰে সৈতে ক্ষমা নকৰা, তেনেহলে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক এইদৰে কৰিব।”
ⲗ̅ⲉ̅ⲠⲀⲒⲢⲎϮ ⲠⲈⲦⲈ ⲠⲀⲒⲰⲦ ⲈⲦϦⲈⲚ ⲚⲒⲪⲎⲞⲨⲒ ⲚⲀⲀⲒϤ ⲚⲰⲦⲈⲚ ⲀⲢⲈϢⲦⲈⲘ ⲠⲒⲞⲨⲀⲒ ⲠⲒⲞⲨⲀⲒ ⲘⲘⲰⲦⲈⲚ ⲬⲰ ⲈⲂⲞⲖ ⲘⲠⲈϤⲤⲞⲚ ϦⲈⲚⲠⲈϤϨⲎⲦ ⲦⲎⲢϤ.