< মথি 17 >
1 ১ ছয় দিনৰ পাছত যীচুৱে পিতৰ, যাকোব আৰু তেওঁৰ ভায়েক যোহনক লগত লৈ এটা ওখ পাহাৰৰ ওপৰলৈ উঠি গ’ল।
anantaraṁ ṣaḍdinebhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ tatsahajaṁ yohanañca gṛhlan uccādre rviviktasthānam āgatya teṣāṁ samakṣaṁ rūpamanyat dadhāra|
2 ২ যীচুৱে তেওঁলোকৰ সন্মুখত অন্যৰূপ ধৰিলে; তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গ’ল।
tena tadāsyaṁ tejasvi, tadābharaṇam ālokavat pāṇḍaramabhavat|
3 ৩ তেতিয়া হঠাৎ মোচি আৰু এলিয়াই তেওঁলোকৰ কাষত উপস্থিত হৈ যীচুৰ লগত কথোপকথন কৰিলে।
anyacca tena sākaṁ saṁlapantau mūsā eliyaśca tebhyo darśanaṁ dadatuḥ|
4 ৪ তাতে পিতৰে মাত লগাই যীচুক ক’লে, “প্ৰভু, ভালেই হৈছে যে, আমি ইয়াত আছোঁ৷ আপোনাৰ ইচ্ছা হ’লে, মই ইয়াত তিনিটা পঁজা সাজিম - এটা আপোনাৰ, এটা মোচিৰ আৰু এটা এলিয়াৰ কাৰণে।”
tadānīṁ pitaro yīśuṁ jagāda, he prabho sthitiratrāsmākaṁ śubhā, yadi bhavatānumanyate, tarhi bhavadarthamekaṁ mūsārthamekam eliyārthañcaikam iti trīṇi dūṣyāṇi nirmmama|
5 ৫ তেওঁ যেতিয়া কথা কৈ আছিল, সেই সময়ত এচপৰা উজ্জ্বল মেঘে তেওঁলোকক ঢাকি ধৰিলে৷ সেই মেঘৰ পৰা এই বাণী শুনা গ’ল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এওঁৰ কথা শুনা।”
etatkathanakāla eka ujjavalaḥ payodasteṣāmupari chāyāṁ kṛtavān, vāridād eṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantoṣa etasya vākyaṁ yūyaṁ niśāmayata|
6 ৬ এই কথা শুনি শিষ্য সকলে অতিশয় ভয় পাই মাটিত উবুৰি খাই পৰিল।
kintu vācametāṁ śṛṇvantaeva śiṣyā mṛśaṁ śaṅkamānā nyubjā nyapatan|
7 ৭ তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক র্স্পশ কৰি ক’লে, “উঠা, ভয় নকৰিবা।”
tadā yīśurāgatya teṣāṁ gātrāṇi spṛśan uvāca, uttiṣṭhata, mā bhaiṣṭa|
8 ৮ তাৰ পাছত তেওঁলোকে চকু তুলি চাই যীচুৰ বাহিৰে আন কাকো দেখা নাপালে।
tadānīṁ netrāṇyunmīlya yīśuṁ vinā kamapi na dadṛśuḥ|
9 ৯ পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহি থাকোতে, যীচুৱে তেওঁলোকক আজ্ঞা দি ক’লে, “মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা উত্থান নোহোৱা পর্যন্ত তোমালোকে এই দৰ্শনৰ কথা কাকো নকবা।”
tataḥ param adreravarohaṇakāle yīśustān ityādideśa, manujasutasya mṛtānāṁ madhyādutthānaṁ yāvanna jāyate, tāvat yuṣmābhiretaddarśanaṁ kasmaicidapi na kathayitavyaṁ|
10 ১০ তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “তেনেহলে এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপক সকলে কিয় কয়?”
tadā śiṣyāstaṁ papracchuḥ, prathamam eliya āyāsyatīti kuta upādhyāyairucyate?
11 ১১ তেওঁ উত্তৰ দি ক’লে, “এলিয়া অৱশ্যেই আহিব আৰু তেওঁ সকলো পুনঃস্থাপন কৰিব৷
tato yīśuḥ pratyavādīt, eliyaḥ prāgetya sarvvāṇi sādhayiṣyatīti satyaṁ,
12 ১২ কিন্তু মই তোমালোকক কওঁ, এলিয়া ইতিমধ্যেই আহি গ’ল আৰু লোক সকলে তেওঁক চিনি নাপালে; লোক সকলে তেওঁৰ প্ৰতি যি ইচ্ছা তাকে কৰিলে। এইদৰে মানুহৰ পুত্ৰয়ো তেওঁলোকৰ হাতত দুখভোগ কৰিব লাগিব।”
kintvahaṁ yuṣmān vacmi, eliya etya gataḥ, te tamaparicitya tasmin yathecchaṁ vyavajahuḥ; manujasutenāpi teṣāmantike tādṛg duḥkhaṁ bhoktavyaṁ|
13 ১৩ তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ বাপ্তিস্ম দিয়া যোহনৰ বিষয়ে তেওঁলোকক কৈ আছে।
tadānīṁ sa majjayitāraṁ yohanamadhi kathāmetāṁ vyāhṛtavān, itthaṁ tacchiṣyā bubudhire|
14 ১৪ যীচু আৰু তেওঁৰ শিষ্য সকল যেতিয়া লোক সকলৰ ওচৰলৈ ঘূৰি আহিল, তেতিয়া এজন মানুহ যীচুৰ ওচৰলৈ আহি, তেওঁৰ আগত আঁঠুকাঢ়ি ক’লে,
paścāt teṣu jananivahasyāntikamāgateṣu kaścit manujastadantikametya jānūnī pātayitvā kathitavān,
15 ১৫ “হে প্ৰভু, আপুনি মোৰ পুত্ৰলৈ দয়া কৰক৷ সি মৃগী ৰোগত আক্ৰান্ত হৈ বৰ কষ্ট পাই আছে৷ সি বাৰে বাৰে হয় জুই অথবা পানীত পৰি যায়৷
he prabho, matputraṁ prati kṛpāṁ vidadhātu, sopasmārāmayena bhṛśaṁ vyathitaḥ san punaḥ puna rvahnau muhu rjalamadhye patati|
16 ১৬ মই আপোনাৰ শিষ্য সকলৰ ওচৰলৈ আনিছিলো, কিন্তু তেওঁলোকে তেওঁক সুস্থ কৰিব নোৱাৰিলে।”
tasmād bhavataḥ śiṣyāṇāṁ samīpe tamānayaṁ kintu te taṁ svāsthaṁ karttuṁ na śaktāḥ|
17 ১৭ তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “তোমালোক অবিশ্বাসী আৰু অপথে যোৱা বংশ; আৰু কিমান কাল মই তোমালোকৰ লগে লগে থাকিম? কিমান দিন নো মই তোমালোকক সহিম? লৰাটিক মোৰ ওচৰলৈ আনা।”
tadā yīśuḥ kathitavān re aviśvāsinaḥ, re vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣye? tamatra mamāntikamānayata|
18 ১৮ তেতিয়া যীচুৱে সেই ভূতৰ আত্মাক ডবিয়াই দিয়াত, সি লৰাটোৰ পৰা ওলাই গ’ল আৰু সেই মুহুৰ্তৰে পৰা ল’ৰাটো সুস্থ হ’ল।
paścād yīśunā tarjataeva sa bhūtastaṁ vihāya gatavān, taddaṇḍaeva sa bālako nirāmayo'bhūt|
19 ১৯ তাৰ পাছত শিষ্য সকলে নিৰলে যীচুৰ ওচৰলৈ আহি সুধিলে, “আমি নো তাক কিয় খেদাব নোৱাৰিলো?”
tataḥ śiṣyā guptaṁ yīśumupāgatya babhāṣire, kuto vayaṁ taṁ bhūtaṁ tyājayituṁ na śaktāḥ?
20 ২০ যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ অল্প-বিশ্বাসৰ কাৰণে; কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেনেহলে এই পৰ্বতটোক যদি তোমালোকে কোৱা ‘ইয়াৰ পৰা তালৈ যা’ তেতিয়া ই যাব৷ তোমালোকৰ বাবে একোৱেই অসাধ্য নহব।
yīśunā te proktāḥ, yuṣmākamapratyayāt;
21 ২১ প্ৰাৰ্থনা আৰু লঘোনৰ বিনে এই ধৰণৰ দুষ্ট আত্মা কোনোমতে বাহিৰ নহয়।”
yuṣmānahaṁ tathyaṁ vacmi yadi yuṣmākaṁ sarṣapaikamātropi viśvāso jāyate, tarhi yuṣmābhirasmin śaile tvamitaḥ sthānāt tat sthānaṁ yāhīti brūte sa tadaiva caliṣyati, yuṣmākaṁ kimapyasādhyañca karmma na sthāsyāti| kintu prārthanopavāsau vinaitādṛśo bhūto na tyājyeta|
22 ২২ পাছত যীচু আৰু তেওঁৰ শিষ্য সকল গালীল প্ৰদেশত থকা সময়ত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “মানুহৰ পুত্ৰক লোক সকলৰ হাতত শোধাই দিয়া হব৷
aparaṁ teṣāṁ gālīlpradeśe bhramaṇakāle yīśunā te gaditāḥ, manujasuto janānāṁ kareṣu samarpayiṣyate tai rhaniṣyate ca,
23 ২৩ লোক সকলে তেওঁক বধ কৰিব আৰু তিন দিনৰ দিনা তেওঁ পুনৰাই জীয়াই উঠিব৷” এই কথা শুনি শিষ্য সকল অতি দুঃখিত হ’ল৷
kintu tṛtīye'hina ma utthāpiṣyate, tena te bhṛśaṁ duḥkhitā babhūvaḥ|
24 ২৪ যীচু আৰু তেওঁৰ শিষ্য সকল কফৰনাহূমলৈ গ’ল৷ যি সকল কৰ সংগ্ৰহকাৰীয়ে আধলি তোলে, তেওঁলোকে পিতৰৰ ওচৰলৈ আহি ক’লে, “তোমালোকৰ গুৰুৱে আধলিটো নিদিয়ে নে?”
tadanantaraṁ teṣu kapharnāhūmnagaramāgateṣu karasaṁgrāhiṇaḥ pitarāntikamāgatya papracchuḥ, yuṣmākaṁ guruḥ kiṁ mandirārthaṁ karaṁ na dadāti? tataḥ pitaraḥ kathitavān dadāti|
25 ২৫ তেওঁ ক’লে “দিয়ে৷” ইয়াৰ পাছত পিতৰে ঘৰলৈ আহি কিবা কোৱাৰ আগেয়ে যীচুৱে তেওঁক ক’লে, “চিমোন, তোমাৰ মনত কি ভাব হয়? পৃথিৱীৰ ৰজা সকলে কোন লোকৰ পৰা কৰ বা মাচুল আদায় কৰে? নিজৰ দেশৰ লোক সকলৰ পৰা নে আন বিদেশী সকলৰ পৰা?”
tatastasmin gṛhamadhyamāgate tasya kathākathanāt pūrvvameva yīśuruvāca, he śimon, medinyā rājānaḥ svasvāpatyebhyaḥ kiṁ videśibhyaḥ kebhyaḥ karaṁ gṛhlanti? atra tvaṁ kiṁ budhyase? tataḥ pitara uktavān, videśibhyaḥ|
26 ২৬ পিতৰে ক’লে “বিদেশী সকলৰ পৰা”, যীচুৱে তেওঁক ক’লে, “তেনেহ’লে নিজৰ দেশৰ লোক সকল কৰ দিয়াৰ পৰা মুক্ত।
tadā yīśuruktavān, tarhi santānā muktāḥ santi|
27 ২৭ তথাপি আমি যেন কৰ সংগ্ৰহকাৰী সকলৰ বিঘিনি নজন্মাও, এই কাৰণে তুমি সাগৰলৈ গৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব সেইটোকে ধৰি মুখ মেলিলে এটকা ৰূপপাবা; সেইটো আনি, মোৰ আৰু তোমাৰ কাৰণে দিবলগীয়া কৰ তেওঁলোকক দিয়াগৈ।”
tathāpi yathāsmābhisteṣāmantarāyo na janyate, tatkṛte jaladhestīraṁ gatvā vaḍiśaṁ kṣipa, tenādau yo mīna utthāsyati, taṁ ghṛtvā tanmukhe mocite tolakaikaṁ rūpyaṁ prāpsyasi, tad gṛhītvā tava mama ca kṛte tebhyo dehi|