< মথি 16 >
1 ১ ফৰীচী আৰু চদ্দূকী সকলে যীচুক পৰীক্ষা কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আহিল আৰু আকাশৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন তেওঁলোকক দেখুৱাবলৈ ক’লে।
১তদানীং ফিৰূশিনঃ সিদূকিনশ্চাগত্য তং পৰীক্ষিতুং নভমীযং কিঞ্চন লক্ষ্ম দৰ্শযিতুং তস্মৈ নিৱেদযামাসুঃ|
2 ২ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “সন্ধিয়া হলে আপোনালোকে কয়, ‘বতৰ ফৰকাল হব, কিয়নো আকাশ খন ৰঙা হৈছে।’
২ততঃ স উক্তৱান্, সন্ধ্যাযাং নভসো ৰক্তৎৱাদ্ যূযং ৱদথ, শ্ৱো নিৰ্ম্মলং দিনং ভৱিষ্যতি;
3 ৩ ৰাতিপুৱা কয়, ‘আজি ডাৱঁৰীয়া হব; কিয়নো আকাশ ৰঙা ও অন্ধকাৰ হৈছে।’ আপোনালোকে আকাশৰ অৱস্থাৰ প্ৰভেদ বিচাৰ কৰিব জানে, অথচ সময়ৰ চিন বুজিব নোৱাৰে।
৩প্ৰাতঃকালে চ নভসো ৰক্তৎৱাৎ মলিনৎৱাঞ্চ ৱদথ, ঝঞ্ভ্শদ্য ভৱিষ্যতি| হে কপটিনো যদি যূযম্ অন্তৰীক্ষস্য লক্ষ্ম বোদ্ধুং শক্নুথ, তৰ্হি কালস্যৈতস্য লক্ষ্ম কথং বোদ্ধুং ন শক্নুথ?
4 ৪ এই যুগৰ পাপী আৰু ব্যভিচাৰীলোক সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে৷ কিন্তু যোনাৰ চিনৰ বাহিৰে তেওঁলোকক আন একো চিন দেখুওৱা নহ’ব।” তাৰ পাছত যীচুৱে তেওঁলোকক এৰি গুচি গ’ল।
৪এতৎকালস্য দুষ্টো ৱ্যভিচাৰী চ ৱংশো লক্ষ্ম গৱেষযতি, কিন্তু যূনসো ভৱিষ্যদ্ৱাদিনো লক্ষ্ম ৱিনান্যৎ কিমপি লক্ষ্ম তান্ ন দৰ্শযিয্যতে| তদানীং স তান্ ৱিহায প্ৰতস্থে|
5 ৫ পাছত তেওঁৰ শিষ্য সকল সিপাৰলৈ আহিল, কিন্তু লগত পিঠা আনিবলৈ পাহৰি গ’ল।
৫অনন্তৰমন্যপাৰগমনকালে তস্য শিষ্যাঃ পূপমানেতুং ৱিস্মৃতৱন্তঃ|
6 ৬ যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে শুনা! ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধানে থাকিবা।”
৬যীশুস্তানৱাদীৎ, যূযং ফিৰূশিনাং সিদূকিনাঞ্চ কিণ্ৱং প্ৰতি সাৱধানাঃ সতৰ্কাশ্চ ভৱত|
7 ৭ শিষ্য সকলে নিজৰ মাজত কোৱা-কুই কৰিলে, “আমি পিঠা অনা নাই কাৰণে তেওঁ এইদৰে ক’লে নেকি৷”
৭তেন তে পৰস্পৰং ৱিৱিচ্য কথযিতুমাৰেভিৰে, ৱযং পূপানানেতুং ৱিস্মৃতৱন্ত এতৎকাৰণাদ্ ইতি কথযতি|
8 ৮ এই কথা বুজিব পাৰি যীচুৱে ক’লে, “অল্পবিশ্বাসী সকল, তোমালোকে নিজৰ মাজত পিঠা লৈ নহাৰ কাৰণে এই কথা কৈছোঁ বুলি কিয় আলোচনা কৰিছা?
৮কিন্তু যীশুস্তদ্ৱিজ্ঞায তানৱোচৎ, হে স্তোকৱিশ্ৱাসিনো যূযং পূপানানযনমধি কুতঃ পৰস্পৰমেতদ্ ৱিৱিংক্য?
9 ৯ তোমালোকে এতিয়াও বুজা নাই নে বা তোমালোকৰ মনতো পৰা নাই নে সেই পাঁচ হাজাৰ মানুহৰ কাৰণে পাঁচটা পিঠাৰ কথা আৰু তাৰ পাছত কেইটা পাচি তোমালোকে তুলি লৈছিলা?
৯যুষ্মাভিঃ কিমদ্যাপি ন জ্ঞাযতে? পঞ্চভিঃ পূপৈঃ পঞ্চসহস্ৰপুৰুষেষু ভোজিতেষু ভক্ষ্যোচ্ছিষ্টপূৰ্ণান্ কতি ডলকান্ সমগৃহ্লীতং;
10 ১০ নাইবা সেই চাৰি হাজাৰ মানুহৰ কাৰণে সাতটা পিঠাৰ কথা আৰু কেইটা পাচি তোমালোকে তুলি লৈছিলা?
১০তথা সপ্তভিঃ পূপৈশ্চতুঃসহস্ৰপুৰুষেষু ভেজিতেষু কতি ডলকান্ সমগৃহ্লীত, তৎ কিং যুষ্মাভিৰ্ন স্মৰ্য্যতে?
11 ১১ মই যে তোমালোকক পিঠাৰ কথা কোৱা নাই, সেই বিষয়ে তোমালোকে কিয় বুজি পোৱা নাই? কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধান হবলৈহে কৈছোঁ।”
১১তস্মাৎ ফিৰূশিনাং সিদূকিনাঞ্চ কিণ্ৱং প্ৰতি সাৱধানাস্তিষ্ঠত, কথামিমাম্ অহং পূপানধি নাকথযং, এতদ্ যূযং কুতো ন বুধ্যধ্ৱে?
12 ১২ তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ পিঠাৰ খমিৰৰ পৰা তেওঁলোকক সাৱধান হবলৈ কোৱা নাই, কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ শিক্ষাৰ পৰাহে সাৱধান হ’বৰ বাবে কৈছে।
১২তদানীং পূপকিণ্ৱং প্ৰতি সাৱধানাস্তিষ্ঠতেতি নোক্ত্ৱা ফিৰূশিনাং সিদূকিনাঞ্চ উপদেশং প্ৰতি সাৱধানাস্তিষ্ঠতেতি কথিতৱান্, ইতি তৈৰবোধি|
13 ১৩ তাৰ পাছত যীচু যেতিয়া চীজাৰিয়া-ফিলিপীৰ অঞ্চললৈ গ’ল, তেতিয়া শিষ্য সকলক তেওঁ সুধিলে “মানুহৰ পুত্ৰ কোন”এই বিষয়ে লোক সকলে কি বুলি কয়?
১৩অপৰঞ্চ যীশুঃ কৈসৰিযা-ফিলিপিপ্ৰদেশমাগত্য শিষ্যান্ অপৃচ্ছৎ, যোঽহং মনুজসুতঃ সোঽহং কঃ? লোকৈৰহং কিমুচ্যে?
14 ১৪ তেওঁলোকে ক’লে, “কোনো কোনোৱে কয় বাপ্তিস্ম দিওঁতা যোহন; কোনোৱে এলিয়া, আন কোনোৱে যিৰিমিয়া বা ভাৱবাদী সকলৰ এজন বুলি কয়৷”
১৪তদানীং তে কথিতৱন্তঃ, কেচিদ্ ৱদন্তি ৎৱং মজ্জযিতা যোহন্, কেচিদ্ৱদন্তি, ৎৱম্ এলিযঃ, কেচিচ্চ ৱদন্তি, ৎৱং যিৰিমিযো ৱা কশ্চিদ্ ভৱিষ্যদ্ৱাদীতি|
15 ১৫ তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?”
১৫পশ্চাৎ স তান্ পপ্ৰচ্ছ, যূযং মাং কং ৱদথ? ততঃ শিমোন্ পিতৰ উৱাচ,
16 ১৬ তেতিয়া চিমোন পিতৰে উত্তৰ দি কলে, “আপুনি সেই অভিষিক্ত জন অৰ্থাৎ খ্ৰীষ্ট, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।”
১৬ৎৱমমৰেশ্ৱৰস্যাভিষিক্তপুত্ৰঃ|
17 ১৭ তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, “বাৰ যোনাৰ পুত্ৰ চিমোন, তুমি ধন্য; কিয়নো তেজ আৰু মাংসই তোমাৰ আগত এই কথা প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে।
১৭ততো যীশুঃ কথিতৱান্, হে যূনসঃ পুত্ৰ শিমোন্ ৎৱং ধন্যঃ; যতঃ কোপি অনুজস্ত্ৱয্যেতজ্জ্ঞানং নোদপাদযৎ, কিন্তু মম স্ৱৰ্গস্যঃ পিতোদপাদযৎ|
18 ১৮ ময়ো তোমাক কওঁ যে ‘তুমি পিতৰ অৰ্থাৎ শিল’, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়েইয়াক পৰাজয় কৰিব নোৱাৰিব। (Hadēs )
১৮অতোঽহং ৎৱাং ৱদামি, ৎৱং পিতৰঃ (প্ৰস্তৰঃ) অহঞ্চ তস্য প্ৰস্তৰস্যোপৰি স্ৱমণ্ডলীং নিৰ্ম্মাস্যামি, তেন নিৰযো বলাৎ তাং পৰাজেতুং ন শক্ষ্যতি| (Hadēs )
19 ১৯ মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি এই পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বান্ধি ৰখা হ’ব; আৰু তুমি পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্বৰ্গতো মুকলি হবলৈ দিয়া হ’ব।”
১৯অহং তুভ্যং স্ৱৰ্গীযৰাজ্যস্য কুঞ্জিকাং দাস্যামি, তেন যৎ কিঞ্চন ৎৱং পৃথিৱ্যাং ভংৎস্যসি তৎস্ৱৰ্গে ভংৎস্যতে, যচ্চ কিঞ্চন মহ্যাং মোক্ষ্যসি তৎ স্ৱৰ্গে মোক্ষ্যতে|
20 ২০ তেতিয়া যীচুৱে শিষ্য সকলক এই আজ্ঞা দিলে, তেওঁলোকে যাতে কাকো নকয় যে তেৱেঁই “খ্রীষ্ট, অৰ্থাৎ অভিষিক্ত জন”।
২০পশ্চাৎ স শিষ্যানাদিশৎ, অহমভিষিক্তো যীশুৰিতি কথাং কস্মৈচিদপি যূযং মা কথযত|
21 ২১ সেই সময়ৰ পৰা যীচুৱে তেওঁৰ শিষ্য সকলক জনাবলৈ ধৰিলে যে, তেওঁ অৱশ্যেই যিৰূচালেমলৈ যাব লাগিব, আৰু তাত পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ পৰা অনেক দুখভোগ পাই মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব।
২১অন্যঞ্চ যিৰূশালম্নগৰং গৎৱা প্ৰাচীনলোকেভ্যঃ প্ৰধানযাজকেভ্য উপাধ্যাযেভ্যশ্চ বহুদুঃখভোগস্তৈ ৰ্হতৎৱং তৃতীযদিনে পুনৰুত্থানঞ্চ মমাৱশ্যকম্ এতাঃ কথা যীশুস্তৎকালমাৰভ্য শিষ্যান্ জ্ঞাপযিতুম্ আৰব্ধৱান্|
22 ২২ তেতিয়া পিতৰে তেওঁক একাষলৈ নি অনুযোগ কৰি ক’লে “হে প্ৰভু, ই আপোনাৰ পৰা দূৰ হওক! আপোনাৰ প্ৰতি কেতিয়াও এনে নঘটক।”
২২তদানীং পিতৰস্তস্য কৰং ঘৃৎৱা তৰ্জযিৎৱা কথযিতুমাৰব্ধৱান্, হে প্ৰভো, তৎ ৎৱত্তো দূৰং যাতু, ৎৱাং প্ৰতি কদাপি ন ঘটিষ্যতে|
23 ২৩ কিন্তু যীচুৱে পিতৰৰ ফালে ঘূৰি চাই তেওঁ ক’লে, “মোৰ আগৰ পৰা দূৰ হ চয়তান; তই মোৰ পথৰ বিঘিনি স্বৰূপ, তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
২৩কিন্তু স ৱদনং পৰাৱৰ্ত্য পিতৰং জগাদ, হে ৱিঘ্নকাৰিন্, মৎসম্মুখাদ্ দূৰীভৱ, ৎৱং মাং বাধসে, ঈশ্ৱৰীযকাৰ্য্যাৎ মানুষীযকাৰ্য্যং তুভ্যং ৰোচতে|
24 ২৪ তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোক অনুসৰণ কৰক।
২৪অনন্তৰং যীশুঃ স্ৱীযশিষ্যান্ উক্তৱান্ যঃ কশ্চিৎ মম পশ্চাদ্গামী ভৱিতুম্ ইচ্ছতি, স স্ৱং দাম্যতু, তথা স্ৱক্ৰুশং গৃহ্লন্ মৎপশ্চাদাযাতু|
25 ২৫ কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন পাব।
২৫যতো যঃ প্ৰাণান্ ৰক্ষিতুমিচ্ছতি, স তান্ হাৰযিষ্যতি, কিন্তু যো মদৰ্থং নিজপ্ৰাণান্ হাৰযতি, স তান্ প্ৰাপ্স্যতি|
26 ২৬ কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?
২৬মানুষো যদি সৰ্ৱ্ৱং জগৎ লভতে নিজপ্ৰণান্ হাৰযতি, তৰ্হি তস্য কো লাভঃ? মনুজো নিজপ্ৰাণানাং ৱিনিমযেন ৱা কিং দাতুং শক্নোতি?
27 ২৭ কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।”
২৭মনুজসুতঃ স্ৱদূতৈঃ সাকং পিতুঃ প্ৰভাৱেণাগমিষ্যতি; তদা প্ৰতিমনুজং স্ৱস্ৱকৰ্ম্মানুসাৰাৎ ফলং দাস্যতি|
28 ২৮ মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকৰ মাজত এনে কিছুমান লোক ইয়াত থিয় হৈ আছে, যি সকলে মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখা পর্যন্ত মৃত্যুভোগ নকৰে।”
২৮অহং যুষ্মান্ তথ্যং ৱচ্মি, সৰাজ্যং মনুজসুতম্ আগতং ন পশ্যন্তো মৃত্যুং ন স্ৱাদিষ্যন্তি, এতাদৃশাঃ কতিপযজনা অত্ৰাপি দণ্ডাযমানাঃ সন্তি|