< মথি 16 >
1 ১ ফৰীচী আৰু চদ্দূকী সকলে যীচুক পৰীক্ষা কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আহিল আৰু আকাশৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন তেওঁলোকক দেখুৱাবলৈ ক’লে।
ⲁ̅ⲟⲩⲟϩ ⲁⲩ⳿ⲓ ⳿ⲛϫⲉ ⲛⲓⲪⲁⲣⲓⲥⲉⲟⲥ ⲛⲉⲙ ⲛⲓⲤⲁⲇⲇⲟⲩⲕⲉⲟⲥ ⲉⲩⲉⲣⲡⲓⲣⲁⲍⲓⲛ ⳿ⲙⲙⲟϥ ⲛⲁⲩϣⲓⲛⲓ ⳿ⲙⲙⲟϥ ⳿ⲉⲧⲁⲙⲱⲟⲩ ⳿ⲉⲟⲩⲙⲏⲓⲛⲓ ⳿ⲉⲃⲟⲗϧⲉⲛ ⳿ⲧⲫⲉ.
2 ২ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “সন্ধিয়া হলে আপোনালোকে কয়, ‘বতৰ ফৰকাল হব, কিয়নো আকাশ খন ৰঙা হৈছে।’
ⲃ̅⳿ⲛⲑⲟϥ ⲇⲉ ⲁϥ⳿ⲉⲣⲟⲩ⳿ⲱ ⲡⲉϫⲁϥ ⲛⲱⲟⲩ ϫⲉ ⳿ⲉϣⲱⲡ ⲁϥϣⲁⲛ⳿ⲓ ⳿ⲛϫⲉ ϩⲁⲛ⳿ⲁⲣⲟⲩϩⲓ ⲧⲉⲧⲉⲛϫⲟⲥ ϫⲉ ⳿ⲧⲫⲉ ⲟⲩϫⲁⲙⲏ ⲉⲥ⳿ⲑⲣⲟϣⲣⲉϣ.
3 ৩ ৰাতিপুৱা কয়, ‘আজি ডাৱঁৰীয়া হব; কিয়নো আকাশ ৰঙা ও অন্ধকাৰ হৈছে।’ আপোনালোকে আকাশৰ অৱস্থাৰ প্ৰভেদ বিচাৰ কৰিব জানে, অথচ সময়ৰ চিন বুজিব নোৱাৰে।
ⲅ̅ⲟⲩⲟϩ ϩⲁⲛ⳿ⲁⲧⲟⲟⲩ⳿ⲓ ⲧⲉⲧⲉⲛϫⲟⲥ ϫⲉ ⲫⲟⲟⲩ ⳿ⲧ⳿ⲫⲣⲱ ⲉⲑⲃⲉ ⲡⲓ⳿ⲑⲣⲟϣⲣⲉϣ ⳿ⲛ⳿ⲧⲫⲉ ⲛⲉⲙ ⲟⲩ⳿ⲅⲛⲟⲫⲟⲥ ⲛⲓϣⲟⲃⲓ ⲧⲉⲧⲉⲛⲥⲱⲟⲩⲛ ⳿ⲉⲥⲟⲙⲥ ⳿ⲉ⳿ⲧⲫⲉ ⲟⲩⲟϩ ⳿ⲫⲙⲏⲓⲛⲓ ⳿ⲙⲡⲁⲓⲥⲏⲟⲩ ⲫⲁⲓ ⲧⲉⲧⲉⲛⲥⲱⲟⲩⲛ ⳿ⲙⲙⲟϥ ⲁⲛ.
4 ৪ এই যুগৰ পাপী আৰু ব্যভিচাৰীলোক সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে৷ কিন্তু যোনাৰ চিনৰ বাহিৰে তেওঁলোকক আন একো চিন দেখুওৱা নহ’ব।” তাৰ পাছত যীচুৱে তেওঁলোকক এৰি গুচি গ’ল।
ⲇ̅ϫⲉ ⲡⲓϫⲱⲟⲩ ⲉⲧϩⲱⲟⲩ ⲟⲩⲟϩ ⳿ⲛⲛⲱⲓⲕ ⳿ϥⲕⲱϯ ⳿ⲛⲥⲁ ⲟⲩⲙⲏⲓⲛⲓ ⲟⲩⲟϩ ⲟⲩⲙⲏⲓⲛⲓ ⳿ⲛⲛⲟⲩⲧⲏⲓϥ ⲛⲁϥ ⳿ⲉⲃⲏⲗ ⳿ⲉⲡⲓⲙⲏⲓⲛⲓ ⳿ⲛⲧⲉ Ⲓⲱⲛⲁ ⲡⲓ⳿ⲡⲣⲟⲫⲏⲧⲏⲥ ⲟⲩⲟϩ ⳿ⲉⲧⲁϥⲭⲁⲩ ⲁϥϣⲉⲛⲁϥ.
5 ৫ পাছত তেওঁৰ শিষ্য সকল সিপাৰলৈ আহিল, কিন্তু লগত পিঠা আনিবলৈ পাহৰি গ’ল।
ⲉ̅ⲟⲩⲟϩ ⳿ⲉⲧⲁϥ⳿ⲓ ⳿ⲉⲙⲏⲣ ⳿ⲛϫⲉ ⲛⲉϥⲙⲁⲑⲏⲧⲏⲥ ⲁⲩⲉⲣⲡⲱⲃϣ ⳿ⲉϣⲉⲡ ⲱⲓⲕ ⲛⲱⲟⲩ.
6 ৬ যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে শুনা! ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধানে থাকিবা।”
ⲋ̅ⲡⲉϫⲉ Ⲓⲏ̅ⲥ̅ ⲇⲉ ⲛⲱⲟⲩ ϫⲉ ⳿ⲁⲛⲁⲩ ⲟⲩⲟϩ ⲙⲁϩⲑⲏⲧⲉⲛ ⳿ⲉⲣⲱⲧⲉⲛ ⳿ⲉⲃⲟⲗϩⲁ ⳿ⲡϣⲉⲙⲏⲣ ⳿ⲛⲧⲉ ⲛⲓⲪⲁⲣⲓⲥⲉⲟⲥ ⲛⲉⲙ ⲛⲓⲤⲁⲇⲇⲟⲩⲕⲉⲟⲥ.
7 ৭ শিষ্য সকলে নিজৰ মাজত কোৱা-কুই কৰিলে, “আমি পিঠা অনা নাই কাৰণে তেওঁ এইদৰে ক’লে নেকি৷”
ⲍ̅⳿ⲛⲑⲱⲟⲩ ⲇⲉ ⲛⲁⲩⲙⲟⲕⲙⲉⲕ ⳿ⲛ⳿ϧⲣⲏⲓ ⳿ⲛϧⲏⲧⲟⲩ ⲉⲩϫⲱ ⳿ⲙⲙⲟⲥ ϫⲉ ⳿ⲙⲡⲉⲛϭⲓ ⲱⲓⲕ ⲛⲉⲙⲁⲛ.
8 ৮ এই কথা বুজিব পাৰি যীচুৱে ক’লে, “অল্পবিশ্বাসী সকল, তোমালোকে নিজৰ মাজত পিঠা লৈ নহাৰ কাৰণে এই কথা কৈছোঁ বুলি কিয় আলোচনা কৰিছা?
ⲏ̅⳿ⲉⲧⲁϥ⳿ⲉⲙⲓ ⲇⲉ ⳿ⲛϫⲉ Ⲓⲏ̅ⲥ̅ ⲡⲉϫⲁϥ ⲛⲱⲟⲩ ϫⲉ ⲉⲑⲃⲉ ⲟⲩ ⲧⲉⲧⲉⲛⲙⲟⲕⲙⲉⲕ ϧⲉⲛ ⲑⲏⲛⲟⲩ ⲛⲁ ⲡⲓⲕⲟⲩϫⲓ ⳿ⲛⲛⲁϩϯ ϫⲉ ⳿ⲙⲙⲟⲛ ⲧⲉⲧⲉⲛ ⲱⲓⲕ ⳿ⲙⲙⲁⲩ.
9 ৯ তোমালোকে এতিয়াও বুজা নাই নে বা তোমালোকৰ মনতো পৰা নাই নে সেই পাঁচ হাজাৰ মানুহৰ কাৰণে পাঁচটা পিঠাৰ কথা আৰু তাৰ পাছত কেইটা পাচি তোমালোকে তুলি লৈছিলা?
ⲑ̅⳿ⲙⲡⲁⲧⲉⲧⲉⲛ⳿ⲉⲙⲓ ⲟⲩⲇⲉ ⲧⲉⲧⲉⲛ⳿⳿ⲓⲣⲓ ⳿ⲙ⳿ⲫⲙⲉⲩⲓ ⲁⲛ ⳿ⲙⲡⲓⲉ̅ ⳿ⲛⲱⲓⲕ ⳿ⲛⲧⲉ ⲡⲓⲉ̅ ⳿ⲛϣⲟ ϫⲉ ⳿ⲁⲧⲉⲧⲉⲛϭⲓ ⲟⲩⲏⲣ ⳿ⲛⲕⲟⲧ.
10 ১০ নাইবা সেই চাৰি হাজাৰ মানুহৰ কাৰণে সাতটা পিঠাৰ কথা আৰু কেইটা পাচি তোমালোকে তুলি লৈছিলা?
ⲓ̅ⲟⲩⲇⲉ ⲡⲓⲍ̅ ⳿ⲛⲱⲓⲕ ⳿ⲛⲧⲉ ⲡⲓⲇ̅ ⳿ⲛϣⲟ ϫⲉ ⳿ⲁⲧⲉⲧⲉⲛϭⲓ ⲟⲩⲏⲣ ⳿ⲙⲃⲓⲣ.
11 ১১ মই যে তোমালোকক পিঠাৰ কথা কোৱা নাই, সেই বিষয়ে তোমালোকে কিয় বুজি পোৱা নাই? কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধান হবলৈহে কৈছোঁ।”
ⲓ̅ⲁ̅ⲡⲱⲥ ⲧⲉⲧⲉⲛⲕⲁϯ ⲁⲛ ϫⲉ ⲛⲁⲓϫⲱ ⳿ⲙⲙⲟⲥ ⲛⲱⲧⲉⲛ ⲁⲛ ⲉⲑⲃⲉ ⲡⲓⲱⲓⲕ ⳿ⲁⲣⲉϩ ⲇⲉ ⳿ⲉⲣⲱⲧⲉⲛ ⳿ⲉⲃⲟⲗϩⲁ ⳿ⲡϣⲉⲙⲏⲣ ⳿ⲛⲧⲉ ⲛⲓⲪⲁⲣⲓⲥⲉⲟⲥ ⲛⲉⲙ ⲛⲓⲤⲁⲇⲇⲟⲩⲕⲉⲟⲥ.
12 ১২ তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ পিঠাৰ খমিৰৰ পৰা তেওঁলোকক সাৱধান হবলৈ কোৱা নাই, কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ শিক্ষাৰ পৰাহে সাৱধান হ’বৰ বাবে কৈছে।
ⲓ̅ⲃ̅ⲧⲟⲧⲉ ⲁⲩⲕⲁϯ ϫⲉ ⲛⲉⲧⲁϥϫⲟⲥ ⲛⲱⲟⲩ ⲁⲛ ϫⲉ ⳿ⲁⲣⲉϩ ⳿ⲉⲣⲱⲧⲉⲛ ⳿ⲉⲃⲟⲗϩⲁ ⳿ⲡϣⲉⲙⲏⲣ ⳿ⲛⲧⲉ ⲛⲓⲱⲓⲕ ⲁⲗⲗⲁ ⳿ⲉⲃⲟⲗϩⲁ ϯ⳿ⲥⲃⲱ ⳿ⲛⲧⲉ ⲛⲓⲪⲁⲣⲓⲥⲉⲟⲥ ⲛⲉⲙ ⲛⲓⲤⲁⲇⲇⲟⲩⲕⲉⲟⲥ.
13 ১৩ তাৰ পাছত যীচু যেতিয়া চীজাৰিয়া-ফিলিপীৰ অঞ্চললৈ গ’ল, তেতিয়া শিষ্য সকলক তেওঁ সুধিলে “মানুহৰ পুত্ৰ কোন”এই বিষয়ে লোক সকলে কি বুলি কয়?
ⲓ̅ⲅ̅⳿ⲉⲧⲁϥ⳿ⲓ ⲇⲉ ⳿ⲛϫⲉ Ⲓⲏ̅ⲥ̅ ⳿ⲉⲛⲓⲥⲁ ⳿ⲛⲧⲉ ⳿ⲧⲔⲉⲥⲁⲣⲓ⳿ⲁ ⳿ⲛⲧⲉ Ⲫⲓⲗⲓⲡⲡⲟⲥ ⲛⲁϥϣⲓⲛⲓ ⳿ⲛⲛⲉϥⲙⲁⲑⲏⲧⲏⲥ ϫⲉ ⳿ⲁⲣⲉ ⲛⲓⲣⲱⲙⲓ ϫⲱ ⳿ⲙⲙⲟⲥ ϫⲉ ⲛⲓⲙ ⲡⲉ Ⲡ̇ϣⲏⲣⲓ ⳿ⲙⲪ̇ⲣⲱⲙⲓ.
14 ১৪ তেওঁলোকে ক’লে, “কোনো কোনোৱে কয় বাপ্তিস্ম দিওঁতা যোহন; কোনোৱে এলিয়া, আন কোনোৱে যিৰিমিয়া বা ভাৱবাদী সকলৰ এজন বুলি কয়৷”
ⲓ̅ⲇ̅⳿ⲛⲑⲱⲟⲩ ⲇⲉ ⲡⲉϫⲱⲟⲩ ϫⲉ ϩⲁⲛⲟⲩⲟⲛ ⲙⲉⲛ ϫⲉ Ⲓⲱⲁⲛⲛⲏⲥ ⲡⲓⲣⲉϥϯⲱⲙⲥ ϩⲁⲛⲕⲉⲭⲱⲟⲩⲛⲓ ⲇⲉ ϫⲉ Ⲏ̇ⲗⲓⲁⲥ ϩⲁⲛⲕⲉⲭⲱⲟⲩⲛⲓ ⲇⲉ ϫⲉ Ⲓⲉⲣⲉⲙⲓⲁⲥ ⲓⲉ ⲟⲩⲁⲓ ⳿ⲉⲃⲟⲗϧⲉⲛ ⲛⲓⲡⲣⲟⲫⲏⲧⲏⲥ.
15 ১৫ তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?”
ⲓ̅ⲉ̅ⲡⲉϫⲁϥ ⲛⲱⲟⲩ ϫⲉ ⳿ⲛⲑⲱⲧⲉⲛ ⲇⲉ ⳿ⲁⲣⲉⲧⲉⲛϫⲱ ⳿ⲙⲙⲟⲥ ϫⲉ ⳿ⲁⲛⲟⲕ ⲛⲓⲙ.
16 ১৬ তেতিয়া চিমোন পিতৰে উত্তৰ দি কলে, “আপুনি সেই অভিষিক্ত জন অৰ্থাৎ খ্ৰীষ্ট, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।”
ⲓ̅ⲋ̅ⲁϥ⳿ⲉⲣⲟⲩ⳿ⲱ ⳿ⲛϫⲉ Ⲥⲓⲙⲱⲛ Ⲡⲉⲧⲣⲟⲥ ⲡⲉϫⲁϥ ϫⲉ ⳿ⲛⲑⲟⲕ ⲡⲉ Ⲡⲭ̅ⲥ̅ Ⲡ̇ϣⲏⲣⲓ ⳿ⲙⲪϯ ⲉⲧⲟⲛϧ.
17 ১৭ তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, “বাৰ যোনাৰ পুত্ৰ চিমোন, তুমি ধন্য; কিয়নো তেজ আৰু মাংসই তোমাৰ আগত এই কথা প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে।
ⲓ̅ⲍ̅ⲁϥ⳿ⲉⲣⲟⲩ⳿ⲱ ⲇⲉ ⳿ⲛϫⲉ Ⲓⲏ̅ⲥ̅ ⲡⲉϫⲁϥ ⲛⲁϥ ϫⲉ ⳿ⲱⲟⲩ⳿ⲛⲓⲁⲧⲕ Ⲥⲓⲙⲱⲛ ⲃⲁⲣ Ⲓⲱⲛⲁ ϫⲉ ⲥⲁⲣⲝ ⲛⲉⲙ ⳿ⲥⲛⲟϥ ⲁⲛ ⲁϥϭⲱⲣⲡ ⳿ⲙⲫⲁⲓ ⲛⲁⲕ ⳿ⲉⲃⲟⲗ ⲁⲗⲗⲁ ⲡⲁⲓⲱⲧ ⲡⲉⲧϧⲉⲛ ⲛⲓⲫⲏⲟⲩ⳿ⲓ.
18 ১৮ ময়ো তোমাক কওঁ যে ‘তুমি পিতৰ অৰ্থাৎ শিল’, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়েইয়াক পৰাজয় কৰিব নোৱাৰিব। (Hadēs )
ⲓ̅ⲏ̅⳿ⲁⲛⲟⲕ ⲇⲉ ϯϫⲱ ⳿ⲙⲙⲟⲥ ⲛⲁⲕ ϫⲉ ⳿ⲛⲑⲟⲕ ⲡⲉ Ⲡⲉⲧⲣⲟⲥ ⲉⲓ⳿ⲉⲕⲱⲧ ⳿ⲛⲧⲁⲉⲕ⳿ⲕⲗⲏⲥⲓ⳿ⲁ ϩⲓϫⲉⲛ ⲧⲁⲓⲡⲉⲧⲣⲁ ⲟⲩⲟϩ ⲛⲓⲡⲩⲗⲏ ⳿ⲛⲧⲉ ⳿ⲁⲙⲉⲛϯ ⳿ⲛⲛⲟⲩ⳿ϣϫⲉⲙϫⲟⲙ ⳿ⲉⲣⲟⲥ. (Hadēs )
19 ১৯ মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি এই পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বান্ধি ৰখা হ’ব; আৰু তুমি পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্বৰ্গতো মুকলি হবলৈ দিয়া হ’ব।”
ⲓ̅ⲑ̅ⲉⲓ⳿ⲉϯ ⲛⲁⲕ ⳿ⲛⲛⲓϣⲟϣⲧ ⳿ⲛⲧⲉ ⳿ⲑⲙⲉⲧⲟⲩⲣⲟ ⳿ⲛⲧⲉ ⲛⲓⲫⲏⲟⲩ⳿ⲓ ⲟⲩⲟϩ ⲫⲏ⳿ⲉⲧⲉⲕⲛⲁⲥⲟⲛϩϥ ϩⲓϫⲉⲛ ⲡⲓⲕⲁϩⲓ ⲉϥ⳿ⲉϣⲱⲡⲓ ⲉϥⲥⲟⲛϩ ϧⲉⲛ ⲛⲓⲫⲏⲟⲩ⳿ⲓ ⲟⲩⲟϩ ⲫⲏ⳿ⲉⲧⲉⲕⲛⲁⲃⲟⲗϥ ⳿ⲉⲃⲟⲗ ϩⲓϫⲉⲛ ⲡⲓⲕⲁϩⲓ ⲉϥ⳿ⲉϣⲱⲡⲓ ⲉϥⲃⲏⲗ ϧⲉⲛ ⲛⲓⲫⲏⲟⲩ⳿ⲓ.
20 ২০ তেতিয়া যীচুৱে শিষ্য সকলক এই আজ্ঞা দিলে, তেওঁলোকে যাতে কাকো নকয় যে তেৱেঁই “খ্রীষ্ট, অৰ্থাৎ অভিষিক্ত জন”।
ⲕ̅ⲧⲟⲧⲉ ⲁϥϩⲟⲛϩⲉⲛ ⳿ⲉⲧⲟⲧⲟⲩ ⳿ⲛⲛⲉϥⲙⲁⲑⲏⲧⲏⲥ ϩⲓⲛⲁ ⳿ⲛⲥⲉ⳿ϣⲧⲉⲙϫⲟⲥ ⳿ⲛ⳿ϩⲗⲓ ϫⲉ ⳿ⲛⲑⲟϥ ⲡⲉ Ⲓⲏ̅ⲥ̅ Ⲡⲭ̅ⲥ̅.
21 ২১ সেই সময়ৰ পৰা যীচুৱে তেওঁৰ শিষ্য সকলক জনাবলৈ ধৰিলে যে, তেওঁ অৱশ্যেই যিৰূচালেমলৈ যাব লাগিব, আৰু তাত পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ পৰা অনেক দুখভোগ পাই মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব।
ⲕ̅ⲁ̅
22 ২২ তেতিয়া পিতৰে তেওঁক একাষলৈ নি অনুযোগ কৰি ক’লে “হে প্ৰভু, ই আপোনাৰ পৰা দূৰ হওক! আপোনাৰ প্ৰতি কেতিয়াও এনে নঘটক।”
ⲕ̅ⲃ̅ⲟⲩⲟϩ ϥ⳿ⲁⲙⲟⲛⲓ ⳿ⲙⲙⲟϥ ⳿ⲛϫⲉ Ⲡⲉⲧⲣⲟⲥ ⲁϥⲉⲣϩⲏⲧⲥ ⳿ⲛⲉⲣ⳿ⲉⲡⲓⲧⲓⲙⲁⲛ ⲛⲁϥ ⲉϥϫⲱ ⳿ⲙⲙⲟⲥ ϫⲉ ⳿ⲉⲗⲉⲱⲥ ⲛⲁⲕ Ⲡⲁ⳪ ⳿ⲛⲛⲉ ⲫⲁⲓ ϣⲱⲡⲓ ⳿ⲙⲙⲟⲕ.
23 ২৩ কিন্তু যীচুৱে পিতৰৰ ফালে ঘূৰি চাই তেওঁ ক’লে, “মোৰ আগৰ পৰা দূৰ হ চয়তান; তই মোৰ পথৰ বিঘিনি স্বৰূপ, তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
ⲕ̅ⲅ̅⳿ⲛⲑⲟϥ ⲇⲉ ⲡⲉϫⲁϥ ⳿ⲙⲠⲉⲧⲣⲟⲥ ϫⲉ ⲙⲁϣⲉⲛⲁⲕ ⲥⲁⲙⲉⲛϩⲏⲓ ⳿ⲡⲥⲁⲧⲁⲛⲁⲥ ϫⲉ ⳿ⲛⲑⲟⲕ ⲟⲩ⳿ⲥⲕⲁⲛⲇⲁⲗⲟⲛ ⲛⲏⲓ ϫⲉ ⳿ⲭⲙⲉⲩⲓ ⲁⲛ ⳿ⲉⲛⲁ Ⲫϯ ⲁⲗⲗⲁ ⲛⲁ ⲛⲓⲣⲱⲙⲓ.
24 ২৪ তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোক অনুসৰণ কৰক।
ⲕ̅ⲇ̅ⲧⲟⲧⲉ ⲡⲉϫⲉ Ⲓⲏ̅ⲥ̅ ⳿ⲛⲛⲉϥⲙⲁⲑⲏⲧⲏⲥ ϫⲉ ⲫⲏⲉⲑⲟⲩⲱϣ ⳿ⲉⲙⲟϣⲓ ⳿ⲛⲥⲱⲓ ⲙⲁⲣⲉϥϫⲟⲗϥ ⳿ⲉⲃⲟⲗ ⲟⲩⲟϩ ⲙⲁⲣⲉϥ⳿ⲱⲗⲓ ⳿ⲙⲡⲉϥ⳿ⲥⲧⲁⲩⲣⲟⲥ ⳿ⲛⲧⲉϥⲙⲟϣⲓ ⳿ⲛⲥⲱⲓ.
25 ২৫ কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন পাব।
ⲕ̅ⲉ̅ⲫⲏ ⲅⲁⲣ ⲉⲑⲟⲩⲱϣ ⳿ⲉⲛⲟϩⲉⲙ ⳿ⲛⲧⲉϥⲯⲩⲭⲏ ⲉϥ⳿ⲉⲧⲁⲕⲟⲥ ⲫⲏ ⲇⲉ ⲉⲑⲛⲁⲧⲁⲕⲟ ⳿ⲛⲧⲉϥⲯⲩⲭⲏ ⲉⲑⲃⲏⲧ ⲉϥ⳿ⲉϫⲉⲙⲥ.
26 ২৬ কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?
ⲕ̅ⲋ̅ⲟⲩ ⲅⲁⲣ ⳿ⲉⲧⲉ ⲡⲓⲣⲱⲙⲓ ⲛⲁϫⲉⲙϩⲏⲟⲩ ⳿ⲙⲙⲟϥ ⲁϥϣⲁⲛϫⲉⲙϩⲏⲟⲩ ⳿ⲙⲡⲓⲕⲟⲥⲙⲟⲥ ⲧⲏⲣϥ ⲧⲉϥⲯⲩⲭⲏ ⲇⲉ ⳿ⲛⲧⲉϥϯ⳿ⲟⲥⲓ ⳿ⲙⲙⲟⲥ ⳿ⲙⲙⲟⲛ ⲟⲩ ⲡⲉⲧⲉ ⲡⲓⲣⲱⲙⲓ ⲛⲁⲧⲏⲓϥ ⳿ⲛ⳿ⲧϣⲉⲃⲓ⳿ⲱ ⳿ⲛⲧⲉϥⲯⲩⲭⲏ.
27 ২৭ কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।”
ⲕ̅ⲍ̅Ⲡ̇ϣⲏⲣⲓ ⲅⲁⲣ ⳿ⲙ⳿ⲫⲣⲱⲙⲓ ⲉϥⲛⲏⲟⲩ ϧⲉⲛ ⳿ⲡ⳿ⲱⲟⲩ ⳿ⲛⲧⲉ ⲡⲉϥⲓⲱⲧ ⲛⲉⲙ ⲛⲉϥⲁⲅⲅⲉⲗⲟⲥ ⲟⲩⲟϩ ⲧⲟⲧⲉ ⳿ϥⲛⲁϯ ⳿ⲙⲡⲓⲟⲩⲁⲓ ⲡⲓⲟⲩⲁⲓ ⲕⲁⲧⲁ ⲛⲉϥ⳿ϩⲃⲏⲟⲩ⳿ⲓ.
28 ২৮ মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকৰ মাজত এনে কিছুমান লোক ইয়াত থিয় হৈ আছে, যি সকলে মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখা পর্যন্ত মৃত্যুভোগ নকৰে।”
ⲕ̅ⲏ̅⳿ⲁⲙⲏⲛ ϯϫⲱ ⳿ⲙⲙⲟⲥ ⲛⲱⲧⲉⲛ ϫⲉ ⲟⲩⲟⲛ ϩⲁⲛⲟⲩⲟⲛ ϧⲉⲛ ⲛⲏⲉⲧ⳿ⲟϩⲓ ⳿ⲉⲣⲁⲧⲟⲩ ⳿ⲙⲡⲁⲓⲙⲁ ⳿ⲛⲥⲉⲛⲁϫⲉⲙϯⲡⲓ ⳿ⲙ⳿ⲫⲙⲟⲩ ⲁⲛ ϣⲁⲧⲟⲩⲛⲁⲩ ⳿ⲉⲠ̇ϣⲏⲣⲓ ⳿ⲙⲪ̇ⲣⲱⲙⲓ ⲉϥⲛⲏⲟⲩ ϧⲉⲛ ⳿ⲡ⳿ⲱⲟⲩ ⳿ⲛⲧⲉ ⲡⲉϥⲓⲱⲧ