< মথি 15 >

1 সেই সময়ত যিৰূচালেমৰ পৰা কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক যীচুৰ ওচৰলৈ আহি সুধিলে,
Sa’an nan waɗansu Farisiyawa da malaman dokoki suka zo wurin Yesu daga Urushalima suka yi tambaya suka ce,
2 “আমাৰ পৰিচাৰক সকলৰ দিনৰ পৰা চলি অহা বিধান, আপোনাৰ শিষ্য সকলে কিয় মানি নচলে? কিয়নো তেওঁলোকে ভোজন কৰাৰ আগত হাতো নোধোৱে।”
“Me ya sa almajiranka suke karya al’adun dattawa? Ba sa wanke hannuwansu kafin su ci abinci!”
3 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকৰ পৰম্পৰাগত বিধান পালনৰ কাৰণে আপোনালোকে কিয় ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰে?”
Yesu ya amsa ya ce, “Ku ma me ya sa kuke karya dokar Allah saboda al’adarku?
4 কাৰণ ঈশ্বৰে কৈছে, ‘তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’; আৰু ‘যি কোনোৱে নিজৰ পিতৃ-মাতৃক কুবচন কয়, তেওঁৰ মৃত্যুদণ্ড হব।’
Gama Allah ya ce, ‘Ka girmama mahaifinka da mahaifiyarka, kuma duk wanda ya zagi mahaifinsa ko mahaifiyarsa dole a kashe shi.’
5 কিন্তু আপোনালোকে কয়, ‘যি কোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, “মোৰ যি যি বস্তু আপোনালোকৰ সহায় হব পাৰে, সেইবোৰ মই ঈশ্বৰক উপহাৰ দিলোঁ।”
Amma ku kukan ce, in wani ya ce wa mahaifinsa ko mahaifiyarsa, ‘Duk taimakon da dā ya kamata za ku samu daga gare ni an ba wa Allah,’
6 তেনেহলে পিতৃ-মাতৃৰ প্ৰতি তেওঁ কোনো সন্মান কৰাৰ প্ৰয়োজন নাই। এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধানৰ কাৰণেই আপোনালোকে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে।
ba zai ‘girmama mahaifinsa’ da shi ba. Ta haka kun yi banza da maganar Allah saboda al’adarku.
7 আপোনালোক কপটীয়া! যিচয়া ভাৱবাদীয়ে আপোনালোকৰ বিষয়ে ঠিকেই ভাববাণী কৰিলে,
Ku munafukai! Daidai ne Ishaya ya yi annabci a kanku da ya ce,
8 “এই মানুহবোৰে ওঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে;
“‘Waɗannan mutane da baki kawai suke girmama ni, amma zukatansu suna nesa da ni.
9 তেওঁলোকে অনর্থকৰূপে মোৰ আৰাধনা কৰে। কাৰণ তেওঁলোকে মানুহৰ ৰীতি নীতিবোৰ, আজ্ঞাৰ দৰে শিকায়।”
A banza suke mini sujada, koyarwarsu, dokoki ne kawai da mutane suke koyarwa.’”
10 ১০ তাৰ পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি ক’লে, “মোৰ কথা শুনক আৰু বুজক।
Sai Yesu ya kira taron wurinsa ya ce, “Ku saurara ku kuma gane.
11 ১১ মুখত যি সোমায়, সেয়ে মানুহক অশুচি নকৰে, কিন্তু মুখৰ পৰা যি ওলায়, সেয়েহে মানুহক অশুচি কৰে।”
Abin da yake shiga bakin mutum ba ya ƙazantar da shi, sai dai abin da yake fitowa daga bakinsa, shi ne yake ƙazantar da shi.”
12 ১২ তেতিয়া শিষ্য সকলে আহি যীচুক ক’লে, “ফৰীচী সকলে যে আপোনাৰ এই কথা শুনি অপমান বোধ কৰিছে, ইয়াক আপুনি জানে নে?”
Sai almajiran suka zo wurinsa suka ce, “Ka san cewa Farisiyawa ba su ji daɗi sa’ad da suka ji wannan ba?”
13 ১৩ যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ গছপুলি মোৰ স্বৰ্গীয় পিতৃয়ে ৰোৱা নাই, তাক উভালি পেলোৱা যাব।
Ya amsa ya ce, “Duk tsiron da Ubana na sama bai shuka ba, za a tumɓuke shi daga saiwoyi.
14 ১৪ তেওঁলোকৰ কথা এৰি দিয়া; তেওঁলোক অন্ধ পথ প্ৰদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।”
Ku ƙyale su, ai, makafin jagorai ne. In makaho ya yi wa makaho jagora, dukansu za su fāɗa a rami.”
15 ১৫ তেতিয়া পিতৰে যীচুক ক’লে, “এই দৃষ্টান্তটিৰ অৰ্থ আমাক বুজাই দিয়ক।”
Bitrus ya ce, “Ka bayyana mana wannan misali.”
16 ১৬ তেওঁ ক’লে, “তোমালোকে এতিয়াও বুজি পোৱা নাই নে?
Yesu ya tambaye su ya ce, “Har yanzu ba ku gane ba ne?
17 ১৭ তোমালোকে এই কথাও নুবুজা নে- মুখত যি সোমায়, সেয়ে পেটৰ ভিতৰলৈ যায় আৰু শৌচৰ দ্বাৰেদি বাহিৰলৈ ওলায়।
Ba ku gane cewa duk abin da ya shiga baki yakan wuce ciki ne daga nan kuma yă fita daga jiki ba?
18 ১৮ কিন্তু মুখৰ পৰা যিবোৰ ওলায়, সেইবোৰ মানুহৰ হৃদয়ৰ পৰা বাহিৰলৈ ওলায় আৰু সেইবোৰেই মানুহক অশুচি কৰে।
Amma abubuwan da suke fitowa ta baki suna fitowa ne daga zuciya, su ne kuma suke ƙazantar da mutum.
19 ১৯ কিয়নো মানুহৰ মনৰ পৰাই সকলো কুচিন্তা, নৰ-বধ, ব্যভিচাৰ, যৌনপাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়।
Gama daga zuciya ne mugayen tunani, kisankai, zina, fasikanci, sata, shaidar ƙarya, ɓatan suna, suka fitowa.
20 ২০ এইবোৰেহে মানুহক অশুচি কৰে; কিন্তু নোধোৱা হাতেৰে ভোজন কৰিলে মানুহ অশুচি নহয়।”
Waɗannan su ne suke ƙazantar da mutum; amma cin abinci ba tare da wanke hannuwa ba, ba ya ƙazantar da mutum.”
21 ২১ তাৰ পাছত যীচুৱে সেই ঠাই এৰি তুৰ আৰু চীদোন অঞ্চললৈ গ’ল।
Barin wurin ke nan, sai Yesu ya janye zuwa yankin Taya da Sidon.
22 ২২ সেই ঠাইৰ এগৰাকী কনান দেশীয় মহিলাই আহি চিঞৰি চিঞৰি কবলৈ ধৰিলে “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, মোলৈ দয়া কৰক। ভূতে পোৱাৰ বাবে মোৰ ছোৱালী জনীয়ে অতিশয় যন্ত্রণা পাই আছে।”
Wata mutuniyar Kan’ana daga wajajen ta zo wurinsa, tana ihu tana cewa, “Ubangiji, Ɗan Dawuda, ka yi mini jinƙai!’Yata tana shan wahala ƙwarai daga aljanin da yake cikinta.”
23 ২৩ কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে। শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, “তাইক বিদায় দিয়ক; কিয়নো তাই চিঞৰি চিঞৰি আমাৰ পাছে পাছে আহি আছে।”
Yesu bai ce mata uffam ba. Saboda haka almajiransa suka zo wurinsa suka roƙe shi suka ce, “Ka kore ta tă tafi, tana ta binmu tana damunmu da ihu.”
24 ২৪ কিন্তু যীচুৱে উত্তৰ দি ক’লে, “মোক আন কোনো মানুহৰ ওচৰলৈ পঠোৱা নাই, কেৱল ইস্ৰায়েল-বংশৰ হেৰোৱা মেৰৰ ওচৰলৈহে পঠোৱা হৈছে।”
Ya amsa ya ce, “An aiko ni wurin ɓatattun tumakin Isra’ila ne kaɗai.”
25 ২৫ তাতে মহিলা গৰাকীয়ে আহি যীচুক প্ৰণিপাত কৰি ক’লে, “হে প্ৰভু, মোলৈ দয়া কৰক।”
Sai macen ta zo ta durƙusa a gabansa ta ce, “Ubangiji, ka taimake ni!”
26 ২৬ কিন্তু যীচুৱে উত্তৰ দি ক’লে, “ল’ৰা-ছোৱালীৰ খোৱা বস্তুবোৰ কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়।”
Ya amsa ya ce, “Ba daidai ba ne a ɗauki abincin yara a jefa wa karnukansu.”
27 ২৭ তাই ক’লে, “হয় প্ৰভু, কিন্তু গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰ কুকুৰে খাবলৈ পায়।”
Ta amsa, ta ce, “I, Ubangiji, amma karnuka ma sukan ci gutsattsarin da sukan fāɗi daga teburin maigidansu.”
28 ২৮ তেতিয়া যীচুৱে উত্তৰ দিলে, “হে নাৰী, তোমাৰ বিশ্বাস মহৎ; তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক।” তাতে সেই মুহূৰ্ত্তৰে পৰা মহিলা গৰাকীৰ জীয়েক সুস্থ হ’ল।
Sa’an nan Yesu ya amsa ya ce, “Mace, kina da bangaskiya mai yawa! An biya miki bukatarki.”’Yarta kuwa ta warke nan take.
29 ২৯ তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা গালীল সাগৰৰ ওচৰলৈ গ’ল। তাতে তেওঁ গৈ এটা পাহাৰৰ ওপৰত উঠি বহিল।
Yesu ya tashi daga nan ya bi ta gefen Tekun Galili. Sa’an nan ya haura gefen wani dutse ya zauna.
30 ৩০ তেতিয়া বহু মানুহৰ দল এটা তেওঁৰ ওচৰলৈ আহিল; তেওঁলোকে খোৰা, অন্ধ, বোবা, কোঙা আৰু অনেক ৰোগীক যীচুৰ চৰণলৈ আনিলে আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
Taron mutane mai girma kuwa suka zo wurinsa, suna kawo masa guragu, makafi, shanyayyu, kurame da dai waɗansu da yawa, suka kuwa kwantar da su a gabansa; ya kuma warkar da su.
31 ৩১ তাতে সেই লোক সকলে বোবাক কথা কোৱা, কোঙাক সুস্থ হোৱা, খোৰাক খোজ কঢ়া আৰু অন্ধক দৃষ্টি পোৱা দেখি বিস্ময় মানি ইস্ৰায়েলৰ ঈশ্বৰৰ স্তুতি কৰিলে।
Mutanen kuwa suka yi mamaki sa’ad da suka ga kurame suna magana, shanyayyu suna samun lafiya, guragu suna takawa, makafi kuma suna ganin gari. Sai suka yabi Allah na Isra’ila.
32 ৩২ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, “এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো তেওঁলোক মোৰ লগত তিনি দিন ধৰি আছে আৰু তেওঁলোকৰ লগত একো খোৱা বস্তু নাই। তেওঁলোকক লঘোনে বিদায় দিবলৈ মোৰ ইচ্ছা নাই; হয়তো বাটত অসুস্থ হৈ পৰিব পাৰে।”
Yesu ya kira almajiransa wurinsa ya ce, “Ina jin tausayin mutanen nan; gama kwana uku ke nan suke tare da ni ba abin da za su ci. Ba na so in sallame su da yunwa, don kada su kāsa a hanya.”
33 ৩৩ তেতিয়া শিষ্য সকলে তেওঁক ক’লে, “এনেকুৱা এক নির্জন ঠাইত ইমানবোৰ মানুহক খুৱাবৰ বাবে আমি ইমান পিঠা ক’ত পাম?”
Sai almajiransa suka amsa suka ce, “Ina za mu sami isashen burodi a wannan wurin da babu kowa mu ciyar da irin taron nan?”
34 ৩৪ যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকৰ ওচৰত কেইটা পিঠা আছে?” তেওঁলোকে ক’লে, “সাতটা পিঠা আৰু কেইটামান সৰু মাছ আছে।”
Yesu ya tambaye su, “Burodi guda nawa kuke da shi?” Suka amsa suka ce, “Guda bakwai da’yan ƙananan kifaye.”
35 ৩৫ তেতিয়া যীচুৱে লোক সকলক মাটিত বহিবলৈ আজ্ঞা দিলে।
Ya sa taron su zazzauna a ƙasa.
36 ৩৬ তেওঁ সেই সাতোটা পিঠা আৰু মাছকেইটা ললে। তাৰ পাছত ঈশ্বৰক ধন্যবাদ দি সেইবোৰ ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে খাবৰ বাবে লোক সকলক ভগাই দিলে।
Sa’an nan ya ɗauki burodi guda bakwai da kuma kifayen nan, da ya yi godiya, sai ya kakkarya su ya ba wa almajiran, su kuma suka ba wa mutane.
37 ৩৭ তাতে সকলোৱে খাই তৃপ্ত হ’ল আৰু যি টুকুৰাবোৰ পৰি থাকিল শিষ্য সকলে সেইবোৰ গোটাই সাতটা পাচি পূৰ কৰিলে।
Duk kuwa suka ci, suka ƙoshi. Daga baya almajiran suka kwashe ragowar gutsattsarin cike da kwanduna bakwai.
38 ৩৮ যি সকলে খাইছিল সেই সকলৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ উপৰি চাৰি হাজাৰ পুৰুষ আছিল।
Yawan waɗanda suka ci kuwa, maza dubu huɗu ne, ban da mata da yara.
39 ৩৯ তাৰ পাছত যীচুৱে লোক সকলক বিদায় দি নাৱত উঠি মগদনৰ অঞ্চললৈ গ’ল।
Bayan Yesu ya sallami taron, sai ya shiga jirgin ruwa ya tafi wajajen Magadan.

< মথি 15 >