< মথি 15 >
1 ১ সেই সময়ত যিৰূচালেমৰ পৰা কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক যীচুৰ ওচৰলৈ আহি সুধিলে,
Hessafe guye, issi issi Farisaawetinne higge asttamaareti Yerusalaameppe Yesuusakko yidi,
2 ২ “আমাৰ পৰিচাৰক সকলৰ দিনৰ পৰা চলি অহা বিধান, আপোনাৰ শিষ্য সকলে কিয় মানি নচলে? কিয়নো তেওঁলোকে ভোজন কৰাৰ আগত হাতো নোধোৱে।”
“Ne tamaareti ays nu aawata wogaa menthonaa? Entti kathi maanappe sinthe bantta kushiya meecettokona” yaagidi oychchidosona.
3 ৩ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকৰ পৰম্পৰাগত বিধান পালনৰ কাৰণে আপোনালোকে কিয় ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰে?”
Yesuusi zaaridi, “Hinttee, hintte wogaa gisho, Xoossaa kiitaa poleyssa ays ixxeeti?
4 ৪ কাৰণ ঈশ্বৰে কৈছে, ‘তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’; আৰু ‘যি কোনোৱে নিজৰ পিতৃ-মাতৃক কুবচন কয়, তেওঁৰ মৃত্যুদণ্ড হব।’
Ays giikko, Xoossay, ‘Ne aawanne ne aayiw bonchcha. I ba aawa woykko ba aayiw cayeyssi hayqo gibeennee?’ yaagis.
5 ৫ কিন্তু আপোনালোকে কয়, ‘যি কোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, “মোৰ যি যি বস্তু আপোনালোকৰ সহায় হব পাৰে, সেইবোৰ মই ঈশ্বৰক উপহাৰ দিলোঁ।”
Shin hintte, issi asi ba aawa woykko ba aayiw maaddanabay de7ishin, ‘Hayssa ta Xoossas yarshshas giikko,
6 ৬ তেনেহলে পিতৃ-মাতৃৰ প্ৰতি তেওঁ কোনো সন্মান কৰাৰ প্ৰয়োজন নাই। এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধানৰ কাৰণেই আপোনালোকে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে।
ba aawa woykko ba aayiw bonchchanaw bessenna’ yaageeta. Yaatidi hinttee, hintte wogaa polanaw Xoossaa qaala mentheeta.
7 ৭ আপোনালোক কপটীয়া! যিচয়া ভাৱবাদীয়ে আপোনালোকৰ বিষয়ে ঠিকেই ভাববাণী কৰিলে,
Hinttenoo, cubboto, Isayaasi hinttebaa likke odis,
8 ৮ “এই মানুহবোৰে ওঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে;
“Ha asay tana bantta doonan bonchchees, shin entta wozanay taappe haahon de7ees.
9 ৯ তেওঁলোকে অনর্থকৰূপে মোৰ আৰাধনা কৰে। কাৰণ তেওঁলোকে মানুহৰ ৰীতি নীতিবোৰ, আজ্ঞাৰ দৰে শিকায়।”
Asay tana coo goynnosona; entti asi medhdhida kiitaa Xoossaa higge daanisidi tamaarssoosona” gis’ yaagis.
10 ১০ তাৰ পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি ক’লে, “মোৰ কথা শুনক আৰু বুজক।
Yesuusi daro asaa baakko xeegidi, “Si7ite! Akeekite!
11 ১১ মুখত যি সোমায়, সেয়ে মানুহক অশুচি নকৰে, কিন্তু মুখৰ পৰা যি ওলায়, সেয়েহে মানুহক অশুচি কৰে।”
Ase tunisiyabay doonara geliyaba gidonnashin doonappe keyaabaa” yaagis.
12 ১২ তেতিয়া শিষ্য সকলে আহি যীচুক ক’লে, “ফৰীচী সকলে যে আপোনাৰ এই কথা শুনি অপমান বোধ কৰিছে, ইয়াক আপুনি জানে নে?”
Hessafe guye, Yesuusa tamaareti iyaakko yidi, “Farisaaweti neeni gidayssa si7idi dhubettidayssa akeekay?” yaagidosona.
13 ১৩ যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ গছপুলি মোৰ স্বৰ্গীয় পিতৃয়ে ৰোৱা নাই, তাক উভালি পেলোৱা যাব।
Shin Yesuusi enttaw zaaridi, “Saluwan de7iya ta aaway tokkiboonna mithay ubbay shodettana.
14 ১৪ তেওঁলোকৰ কথা এৰি দিয়া; তেওঁলোক অন্ধ পথ প্ৰদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।”
Enttabaa hirggofite; entti qooqe kaalethiya qooqeta. Qooqey qooqe kaalethiko, nam77ayka ollan kunddana” yaagis.
15 ১৫ তেতিয়া পিতৰে যীচুক ক’লে, “এই দৃষ্টান্তটিৰ অৰ্থ আমাক বুজাই দিয়ক।”
Phexiroosi zaaridi, “Ha leemisuwa birshshethaa nuus odarkkii” yaagis.
16 ১৬ তেওঁ ক’লে, “তোমালোকে এতিয়াও বুজি পোৱা নাই নে?
Yesuusi enttako, “Hinttewuka ha77i gakkanaw gelibeennee?
17 ১৭ তোমালোকে এই কথাও নুবুজা নে- মুখত যি সোমায়, সেয়ে পেটৰ ভিতৰলৈ যায় আৰু শৌচৰ দ্বাৰেদি বাহিৰলৈ ওলায়।
Doonara geliyabaa ubbay ulo gelidi kare keyeyssa erekketii?
18 ১৮ কিন্তু মুখৰ পৰা যিবোৰ ওলায়, সেইবোৰ মানুহৰ হৃদয়ৰ পৰা বাহিৰলৈ ওলায় আৰু সেইবোৰেই মানুহক অশুচি কৰে।
Shin doonara keyaabay wozanappe keyees. Ase tunisiyabati hessata.
19 ১৯ কিয়নো মানুহৰ মনৰ পৰাই সকলো কুচিন্তা, নৰ-বধ, ব্যভিচাৰ, যৌনপাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়।
Enttika asa wozana giddofe keyaa iita qofa, wodho, laymatethi, iita ooso, kayso, worddo markka, cashshe.
20 ২০ এইবোৰেহে মানুহক অশুচি কৰে; কিন্তু নোধোৱা হাতেৰে ভোজন কৰিলে মানুহ অশুচি নহয়।”
Hessa daaniyabati ase tuniseesippe attin meecettonna kushera meyssi tunisenna” yaagis.
21 ২১ তাৰ পাছত যীচুৱে সেই ঠাই এৰি তুৰ আৰু চীদোন অঞ্চললৈ গ’ল।
Hessafe guye, Yesuusi yaappe keyidi Xiiroosanne Sidoona katamati de7iya biittaa bis.
22 ২২ সেই ঠাইৰ এগৰাকী কনান দেশীয় মহিলাই আহি চিঞৰি চিঞৰি কবলৈ ধৰিলে “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, মোলৈ দয়া কৰক। ভূতে পোৱাৰ বাবে মোৰ ছোৱালী জনীয়ে অতিশয় যন্ত্রণা পাই আছে।”
Issi Kanaane biitta maccas Yesuusakko yada, ba qaalaa dhoqqu oothada, “Godaw, Dawite na7aw, taw qadhettarkii; ta na7iw tuna ayyaanay oykkidi iita waayses” yaagasu.
23 ২৩ কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে। শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, “তাইক বিদায় দিয়ক; কিয়নো তাই চিঞৰি চিঞৰি আমাৰ পাছে পাছে আহি আছে।”
Shin Yesuusi issi qaalakka zaaronna si7i gis. Yesuusa tamaareti iyaakko yidi, “Ha maccasiya nu geedo kaalla kaallada, woossawusu. Hessa gisho, neeni iyo moyzarkkii” yaagidi woossidosona.
24 ২৪ কিন্তু যীচুৱে উত্তৰ দি ক’লে, “মোক আন কোনো মানুহৰ ওচৰলৈ পঠোৱা নাই, কেৱল ইস্ৰায়েল-বংশৰ হেৰোৱা মেৰৰ ওচৰলৈহে পঠোৱা হৈছে।”
Yesuusi zaaridi, “Taani Isra7eele keethaafe wudeppe dhayida dorssatada dhayida asata xalaalas kiitettas” yaagis.
25 ২৫ তাতে মহিলা গৰাকীয়ে আহি যীচুক প্ৰণিপাত কৰি ক’লে, “হে প্ৰভু, মোলৈ দয়া কৰক।”
Shin iya sinthan kunddada, “Godaw, tana maaddarkii?” yaagasu.
26 ২৬ কিন্তু যীচুৱে উত্তৰ দি ক’লে, “ল’ৰা-ছোৱালীৰ খোৱা বস্তুবোৰ কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়।”
I zaaridi, “Nayta kathi ekkidi kanatas yeggeyssi lo77o gidenna” yaagis.
27 ২৭ তাই ক’লে, “হয় প্ৰভু, কিন্তু গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰ কুকুৰে খাবলৈ পায়।”
Maccasiyakka, “Godaw, hessi tuma, shin hari attoshin kanati bantta godati mishin, gaytappe wodhdhiya tiifiya moosona” yaagasu.
28 ২৮ তেতিয়া যীচুৱে উত্তৰ দিলে, “হে নাৰী, তোমাৰ বিশ্বাস মহৎ; তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক।” তাতে সেই মুহূৰ্ত্তৰে পৰা মহিলা গৰাকীৰ জীয়েক সুস্থ হ’ল।
Yesuusi zaaridi, “Ha maccasete, ne ammanoy gita; ne koyidayssada new hano” yaagis. I na7iya iirakka paxa aggasu.
29 ২৯ তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা গালীল সাগৰৰ ওচৰলৈ গ’ল। তাতে তেওঁ গৈ এটা পাহাৰৰ ওপৰত উঠি বহিল।
Yesuusi yaappe denddidi Galiila Abbaa mati bis. Issi dere bolla keyidi, yan uttis.
30 ৩০ তেতিয়া বহু মানুহৰ দল এটা তেওঁৰ ওচৰলৈ আহিল; তেওঁলোকে খোৰা, অন্ধ, বোবা, কোঙা আৰু অনেক ৰোগীক যীচুৰ চৰণলৈ আনিলে আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
Daro asay banttara, wobbeta, qooqeta, kuunata, doona muumetanne, hara daro hargganchchota ekkidi, iyaakko ehidi iya sinthan wothidosona. Yesuusi enttana pathis.
31 ৩১ তাতে সেই লোক সকলে বোবাক কথা কোৱা, কোঙাক সুস্থ হোৱা, খোৰাক খোজ কঢ়া আৰু অন্ধক দৃষ্টি পোৱা দেখি বিস্ময় মানি ইস্ৰায়েলৰ ঈশ্বৰৰ স্তুতি কৰিলে।
Hessa gisho, muumeti odettishin, kuunati piddi gishin, wobbeti hamuttishin, qooqeti xeellishin asay be7idi malaalettidi, Isra7eeleta Xoossaa galatidosona.
32 ৩২ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, “এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো তেওঁলোক মোৰ লগত তিনি দিন ধৰি আছে আৰু তেওঁলোকৰ লগত একো খোৱা বস্তু নাই। তেওঁলোকক লঘোনে বিদায় দিবলৈ মোৰ ইচ্ছা নাই; হয়তো বাটত অসুস্থ হৈ পৰিব পাৰে।”
Yesuusi ba tamaareta baakko xeegidi, “Ha daro asay taara heedzu gallas gam77ida gishonne enttaw ha77i miyabay baynna gisho taani enttaw qadhettays. Entti ogen daaburidi kunddonna mela aykko muzonna entta mela yeddanaw koyikke” yaagis.
33 ৩৩ তেতিয়া শিষ্য সকলে তেওঁক ক’লে, “এনেকুৱা এক নির্জন ঠাইত ইমানবোৰ মানুহক খুৱাবৰ বাবে আমি ইমান পিঠা ক’ত পাম?”
Iya tamaareti zaaridi, “Nuuni ha bazzuwan hayssa keena asaas gidiya kathi awuppe demmanee?” yaagidosona.
34 ৩৪ যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকৰ ওচৰত কেইটা পিঠা আছে?” তেওঁলোকে ক’লে, “সাতটা পিঠা আৰু কেইটামান সৰু মাছ আছে।”
Yesuusi enttako, “Hinttew aappun uythi de7ii?” yaagidi oychchis. Entti zaaridi, “Laappun uythinne laafa molotappe guuthi de7ees” yaagidosona.
35 ৩৫ তেতিয়া যীচুৱে লোক সকলক মাটিত বহিবলৈ আজ্ঞা দিলে।
Yesuusi deriya sa7an uttite yaagidi kiittis.
36 ৩৬ তেওঁ সেই সাতোটা পিঠা আৰু মাছকেইটা ললে। তাৰ পাছত ঈশ্বৰক ধন্যবাদ দি সেইবোৰ ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে খাবৰ বাবে লোক সকলক ভগাই দিলে।
Hessafe guye, he laappun uythaanne moluwa ekkidi Xoossaa galatis. Menthidi ba tamaaretas immis. Iya tamaareti daro asaas gishidosona.
37 ৩৭ তাতে সকলোৱে খাই তৃপ্ত হ’ল আৰু যি টুকুৰাবোৰ পৰি থাকিল শিষ্য সকলে সেইবোৰ গোটাই সাতটা পাচি পূৰ কৰিলে।
Asay ubbay midi kallidosona. Mishin attida tiifiya laappun gita gayta kumethi iya tamaareti denthidosona.
38 ৩৮ যি সকলে খাইছিল সেই সকলৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ উপৰি চাৰি হাজাৰ পুৰুষ আছিল।
Mida asay maccasinne na7a paydonna adde xalaali oyddu mukulu.
39 ৩৯ তাৰ পাছত যীচুৱে লোক সকলক বিদায় দি নাৱত উঠি মগদনৰ অঞ্চললৈ গ’ল।
Yesuusi deriya yeddidaappe guye wogoluwan gelidi Megedoona giya biittaa bis.