< মথি 14 >
1 ১ সেই সময়ত গালীলৰ শাসনকর্তা হেৰোদে যীচুৰ সুখ্যাতিৰ বিষয়ে শুনিলে।
ऊ समय देश को चौथाई भाग को राजा हेरोदेस न यीशु की चर्चा सुनी,
2 ২ তেওঁ নিজৰ দাস সকলক ক’লে, “এই লোক জন নিশ্চয় যোহন বাপ্তাইজক; তেওঁ মৃত সকলৰ মাজৰ পৰা উঠিল আৰু সেই বাবে এই সকলো পৰাক্ৰম কাৰ্য সাধন কৰিছে।
अऊर अपनो सेवकों सी कह्यो, “यो यूहन्ना बपतिस्मा देन वालो आय! ऊ मरयो हुयो म सी फिर सी जीन्दो भयो हय, येकोलायी ओको सी यो सामर्थ को काम प्रगट होवय हंय।”
3 ৩ কিয়নো হেৰোদে লোক সকলৰ দ্বাৰাই যোহনক বান্ধি কাৰাগাৰত বন্দী কৰি ৰাখিছিল। তেওঁ নিজৰ ভায়েক ফিলিপৰ ভার্যা হেৰোদিয়াক ভাৰ্যা ৰাখিছিল আৰু তেওঁৰ কাৰণে এইদৰে বন্দী কৰিছিল।
कहालीकि हेरोदेस न अपनो भाऊ फिलिप्पुस की पत्नी हेरोदियास को वजह, यूहन्ना ख पकड़ क बान्ध्यो अऊर जेलखाना म डाल दियो होतो।
4 ৪ কাৰণ যোহনে হেৰোদক কৈছিল, “হেৰোদিয়াক আপুনি ভার্যা হিচাপে ৰখা বিধান সন্মত নহয়।”
कहालीकि यूहन्ना न ओको सी कह्यो होतो कि येख रखनो तोरो लायी उचित नहाय।
5 ৫ সেয়ে হেৰোদে যোহনক বধ কৰিবলৈ চল বিচাৰি আছিল, কিন্তু তেওঁ লোক সকললৈ ভয় কৰিছিল, কাৰণ তেওঁলোকে যোহনক এজন ভাববাদীৰূপে মান্য কৰিছিল।
येकोलायी ऊ ओख मार डालनो चाहत होतो, पर लोगों सी डरत होतो कहालीकि हि ओख भविष्यवक्ता मानत होतो।
6 ৬ পাছত হেৰোদৰ জন্ম দিনৰ দিনা, হেৰোদিয়াৰ জীয়েকে সভাৰ মাজত নাচি হেৰোদক সন্তুষ্ট কৰিলে।
पर जब हेरोदेस को जनम दिन आयो, त हेरोदियास की बेटी न उत्सव म नाच दिखाय क हेरोदेस ख खुश करयो।
7 ৭ সেয়েহে, হেৰোদে তাইক শপত খাই প্রতিজ্ঞা কৰিলে যে, তাই যিহকে বিচাৰিব তাকে তেওঁ তাইক দিব।
येको पर ओन कसम खाय क वचन दियो, “जो कुछ तय मोख मांगजो, मय तोख देऊं।”
8 ৮ ছোৱালী জনীয়ে মাকৰ পৰা পৰামর্শ পাই ক’লে, “এখন থালত বাপ্তাইজক যোহনৰ মূৰটো আনি মোক দিয়ক।”
वा अपनी माय ख उकसायो जानो सी बोली, “यूहन्ना बपतिस्मा देन वालो को मुंड थारी म यहां मोख मंगाय देवो।”
9 ৯ তাতে ৰজা অতিশয় দুঃখিত হ’ল; কিন্তু নিজৰ শপতৰ কাৰণে আৰু তেওঁৰে সৈতে একেলগে ভোজনত বহা সকলৰ কাৰণেও, তেওঁ সেই মতে কৰিবলৈ আজ্ঞা দিলে।
राजा दु: खी भयो, पर अपनी कसम को, अऊर संग म जेवन करन बैठन वालो को वजह, आज्ञा दियो कि दे दियो जाये।
10 ১০ তেওঁ মানুহ পঠাই কাৰাগাৰত যোহনৰ শিৰচ্ছেদ কৰালে।
अऊर ओन जेलखाना म लोगों ख भेज क यूहन्ना को मुंड कटाय दियो;
11 ১১ পাছত মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই সেইটো মাকৰ ওচৰলৈ লৈ গ’ল।
अऊर ओको मुंड थारी म लायो अऊर बेटी ख दियो गयो, अऊर ओन अपनी माय को जवर ले गयी।
12 ১২ তাৰ পাছত যোহনৰ শিষ্য সকলে আহি মৃতদেহটো লৈ গৈ মৈদাম দিলে আৰু পাছত তেওঁলোকে গৈ সেই সকলো কথা যীচুক জনালে।
तब यूहन्ना को चेला आयो अऊर ओकी लाश ख लिजाय क गाड़ दियो, अऊर जाय क यीशु ख सुसमाचार दियो।
13 ১৩ যোহনৰ মৃত্যুৰ কথা শুনি যীচু অকলে এখন নাৱত উঠি সেই ঠাইৰ পৰা কোনো এক নিৰ্জন ঠাইলৈ গ’ল। কিন্তু লোক সকলে ইয়াকে জানিব পাৰি বিভিন্ন নগৰৰ পৰা ওলাই বামেদি খোজকাঢ়ি তেওঁৰ পাছ ল’লে।
जब यीशु न यूहन्ना को बारे म यो सुन्यो, त ऊ डोंगा पर चढ़ क उत सी कोयी सुनसान जागा को, एकान्त म चली गयो। लोग यो सुन क नगर-नगर सी पैदल चल ख ओको पीछू चली गयो।
14 ১৪ তেওঁ নাৱৰ পৰা নামি মানুহৰ বৃহৎ দলটো দেখা পাই তেওঁলোকৰ আগলৈ আহিল। তাতে সেই লোক সকললৈ যীচুৰ মৰম লগাত তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিলে।
ओन निकल क एक बड़ी भीड़ देखी अऊर उन पर तरस खायो, अऊर उन्को बीमारों ख चंगो करयो।
15 ১৫ তেতিয়া গধূলি হবলৈ ধৰিছিল, শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায় শেষ হ’ল; লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে গাওঁবোৰলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব।”
जब शाम भयी त ओको चेलावों न ओको जवर आय क कह्यो, “यो सुनसान जागा आय अऊर देर होय रही हय; लोगों ख बिदा करयो जाये कि हि बस्तियों म जाय क अपनो लायी भोजन ले ले।”
16 ১৬ যীচুৱে তেওঁলোকক ক’লে, “তেওঁলোক যোৱাৰ প্ৰয়োজন নাই। তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।”
पर यीशु न उन्को सी कह्यो, “उन्को जानो जरूरी नहाय! तुमच इन्क खान ख देवो।”
17 ১৭ শিষ্য সকলে তেওঁক ক’লে, “আমাৰ ইয়াত কেৱল পাঁচটা পিঠা আৰু দুটা মাছহে আছে।”
उन्न ओको सी कह्यो, “इत हमरो जवर पाच रोटी अऊर दोय मच्छी ख छोड़ क अऊर कुछ नहाय।”
18 ১৮ যীচুৱে ক’লে, “সেইখিনিয়ে মোৰ ওচৰলৈ আনা।”
यीशु न कह्यो, “उन्ख इत मोरो जवर लावो।”
19 ১৯ পাছত তেওঁ লোক সকলক বনৰ ওপৰত বহিবলৈ আদেশ দিলে। তাৰ পাছত সেই পাঁচোটা পিঠা আৰু দুটা মাছ লৈ তেওঁ স্বৰ্গলৈ চাই আশীৰ্বাদ কৰিলে। তাৰ পাছত পিঠা খিনি ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে সেইবোৰ লোক সকলক খাবলৈ দিলে।
तब यीशु न लोगों ख घास पर बैठन ख कह्यो, अऊर उन पाच रोटी अऊर दोय मच्छी ख लियो; अऊर स्वर्ग को तरफ देख क धन्यवाद करयो अऊर रोटी तोड़-तोड़ क चेलावों ख दियो, अऊर चेलावों न लोगों ख।
20 ২০ তাতে সকলোৱে খাই তৃপ্ত হ’ল; খোৱাৰ পাছত শিষ্য সকলে ৰৈ যোৱা সেই ভঙা টুকুৰাবোৰৰ বাৰটা পাচি তুলি ল’লে।
जब सब लोग खाय क सन्तुष्ट भय गयो, त चेलावों न बच्यो हुयो टुकड़ा सी भरी हुयी बारा टोकनियां उठायी।
21 ২১ তাত ভোজন কৰা মানুহৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীক বাদ দি পুৰুষ মানুহ প্ৰায় পাঁচ হাজাৰ মান আছিল।
अऊर खान वालो बाईयों अऊर बच्चां ख छोड़ क, पाच हजार आदमियों को लगभग होतो।
22 ২২ ইয়াৰ পাছতে, যীচুৱে শিষ্য সকলক আদেশ দিলে, তেওঁলোকে যেন নাৱত উঠি তেওঁৰ আগেয়ে সিপাৰলৈ যায় আৰু লোক সকলক তেওঁ নিজে বিদায় দিলে।
तब यीशु न तुरतच अपनो चेलावों ख डोंगा पर चढ़न लायी मजबूर करयो कि हि ओको सी पहिले ओन पार चली जाये, जब तक ऊ लोगों ख बिदा करे।
23 ২৩ লোক সকলক বিদায় দি তেওঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে পাহাৰৰ ওপৰলৈ অকলে উঠি গ’ল; আৰু যদিও তেতিয়া অন্ধকাৰ হৈ আহিছিল, তথাপি তেওঁ অকলশৰে তাতে আছিল।
ऊ लोगों ख बिदा कर क्, प्रार्थना करन ख अलग पहाड़ी पर चली गयो; अऊर शाम ख ऊ उत अकेलो होतो।
24 ২৪ ইতিমধ্যে নাও খনে মাটি ভাগৰ পৰা আহি সাগৰৰ মাজ পালে আৰু বিপৰীত দিশৰ পৰা বতাহ বলাত নাও খনে প্রায় নিয়ন্ত্রণ হেৰুৱাই ঢৌৰ কোবত ঢলং-পলং হবলৈ ধৰিলে।
ऊ समय डोंगा किनार सी दूर झील को बीच लहरो सी डगमगावत होतो, कहालीकि हवा आगु की होती।
25 ২৫ শেষ নিশা যীচু সাগৰৰ ওপৰত খোজকাঢ়ি শিষ্য সকলৰ ওচৰলৈ আহি আছিল।
अऊर यीशु तीन बजे सी छे बजे को बीच भुन्सारो म झील पर चलतो हुयो उन्को जवर आयो।
26 ২৬ শিষ্য সকলে যীচুক সাগৰৰ ওপৰত খোজকাঢ়ি আহি থকা দেখি ভীষণভাৱে ভয় খাই “ভূত, ভূত” বুলি চিঞৰিবলৈ ধৰিলে।
चेला ओख झील पर चलतो हुयो देख क घबराय गयो। अऊर कहन लग्यो, “यो भूत आय!” अऊर डर को मारे चिल्लावन लग्यो।
27 ২৭ যীচুৱে তেতিয়াই তেওঁলোকক ক’লে, “এয়া মইহে; ভয় নকৰিবা, সাহসী হোৱা।”
तब यीशु न तुरतच उन्को सी बाते करी अऊर कह्यो, “हिम्मत रखो! मय आय, डरो मत!”
28 ২৮ পিতৰে তেওঁক উত্তৰ দি ক’লে, “হে প্ৰভু, যদি আপুনিয়ে হয়, তেনেহলে পানীৰ ওপৰেদি আপোনাৰ ওচৰলৈ যাবৰ বাবে মোক আজ্ঞা দিয়ক।”
पतरस न ओख उत्तर दियो, “हे प्रभु, यदि तयच आय, त मोख अपनो जवर पानी पर चल क आवन कि आज्ञा दे।”
29 ২৯ যীচুৱে ক’লে, “আহা।” পিতৰে তেতিয়া নাৱৰ পৰা নামি পানীৰ ওপৰেদি খোজকাঢ়ি যীচুৰ কাষলৈ আগবাঢ়ি গ’ল।
ओन कह्यो, “आव!” तब पतरस डोंगा पर सी उतर क यीशु को जवर जाय क पानी पर चलन लग्यो।
30 ৩০ কিন্তু বতাহ দেখা পাই তেওঁ ভয় খোৱাত ডুবিবলৈ ধৰিলে। তেতিয়া তেওঁ চিঞৰি মাতিলে, “প্ৰভু, মোক বচাওঁক।”
पर हवा ख देख क डर गयो, अऊर जब डुबन लग्यो त चिल्लाय क कह्यो, “हे प्रभु, मोख बचाव!”
31 ৩১ যীচুৱে তেতিয়াই নিজে হাত মেলি তেওঁক ধৰি ক’লে, “অল্পবিশ্বাসী, কিয় সন্দেহ কৰিলা?”
यीशु न तुरतच हाथ बढ़ाय क ओख धर लियो अऊर ओको सी कह्यो, “हे अविश्वासी, तय न कहाली सक करयो?”
32 ৩২ পাছত যেতিয়া যীচু আৰু পিতৰ নাৱত উঠিল, বতাহ নাইকিয়া হ’ল।
जब हि डोंगा पर चढ़ गयो, त हवा रुक गयी।
33 ৩৩ তেতিয়া নাৱত থকা শিষ্য সকলে যীচুক প্ৰণিপাত কৰি ক’লে, “আপুনি সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ।”
येको पर उन्न जो डोंगा पर होतो, ओख दण्डवत प्रनाम कर क् कह्यो, “सचमुच, तय परमेश्वर को बेटा आय।”
34 ৩৪ তাৰ পাছত তেওঁলোক পাৰ হৈ, গিনেচৰৎ নামৰ প্ৰদেশ পালে।
हि झील को ओन पार उतर क गन्नेसरत म पहुंच्यो।
35 ৩৫ তাতে সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পোৱাত, সেই অঞ্চলৰ সকলো ঠাইতে তেওঁ অহাৰ বার্তা পঠিয়াই দিলে। তাতে লোক সকলে ৰোগী সকলক যীচুৰ ওচৰলৈ আনিলে।
उत को लोगों न ओख पहिचान लियो अऊर आजु बाजू को पूरो देश म सुसमाचार भेज्यो, अऊर सब बीमारों ख ओको जवर लायो,
36 ৩৬ তেওঁলোকে যীচুক মিনতি কৰিলে যেন সেই ৰোগী সকলে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়। তাতে যিমান লোকে চুলে, তেওঁলোক সকলোৱে সুস্থ হ’ল।
अऊर ओको सी बिनती करन लग्यो कि ऊ उन्ख अपनो कपड़ा को कोना ख छूवन दे; अऊर जितनो न ओको कपड़ा ख छूयो, हि चंगो भय गयो।