< মথি 13 >
1 ১ সেইদিনা যীচুৱে ঘৰৰ পৰা ওলাই সাগৰৰ তীৰত গৈ বহিছিল।
A ranan nan sai Yesu ya fita daga gida ya je ya zauna a bakin tafkin.
2 ২ তাতে তেওঁৰ চাৰিওফালে বহুতো লোক আহি গোট খোৱাত, তেওঁ এখন নাৱত উঠি বহিল আৰু সেই গোট খোৱা সকলো মানুহ বামতে থিয় হৈ থাকিল।
Taron mutane mai yawan gaske suka taru kewaye da shi har ya kai sai da ya shiga jirgin ruwa ya zauna, yayinda dukan mutane suka tsaya a gaci.
3 ৩ তেতিয়া যীচুৱে তেওঁলোকক দৃষ্টান্তৰ মাধ্যমেদি বহুত বিষয়ৰ ওপৰত কথা কবলৈ ধৰিলে। তেওঁ ক’লে, “এজন খেতিয়কে কঠিয়া সিচিঁবলৈ গ’ল।
Sa’an nan ya faɗa musu abubuwa da yawa cikin misalai, yana cewa, “Wani manomi ya fita don yă shuka irinsa.
4 ৪ তেওঁ সিচোঁতে সিচোঁতে, কিছুমান কঠিয়া বাটৰ কাষত পৰিল; তাতে চৰাইবোৰে আহি সেইবোৰ খুটি খালে।
Da yana yafa irin, waɗansu suka fāffāɗi a kan hanya, tsuntsaye kuwa suka zo suka cinye su.
5 ৫ কিছুমান কঠিয়া শিলাময় মাটিত পৰিল। তাত মাটি বেছি নথকাত আৰু মাটিও গভীৰ নোহোৱা কাৰণে যদিও সোনকালে গজালি ওলাল,
Waɗansu suka fāɗi a wurare mai duwatsu, inda babu ƙasa sosai, nan da nan kuwa suka tsira, da yake ƙasar ba zurfi.
6 ৬ তথাপি সূৰ্য উদয় হোৱাৰ পাছত, শিপা গভীৰ নোহোৱা কাৰণে তাপ লাগি সেইবোৰ লেৰেলি শুকাই গ’ল।
Sai dai da rana ta ɗaga, sai tsire-tsiren suka ƙone, suka kuma yanƙwane domin ba su da saiwa sosai.
7 ৭ আন কিছুমান কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বনবোৰ বাঢ়ি উঠাত, সেইবোৰ হেচি ধৰি মাৰিলে।
Waɗansu irin suka fāɗi a cikin ƙaya, ƙayan kuwa ta yi girma ta shaƙe su.
8 ৮ আনবোৰ কঠিয়া ভাল মাটিত পৰিল আৰু শস্য উৎপন্ন কৰিলে। তাতে কিছুমানত এশ গুণ, কিছুমানত ষাঠি গুণ আৰু কিছুমানত ত্রিশ গুণকৈ শস্য উৎপন্ন হ’ল।
Har yanzu, waɗansu irin suka fāffāɗi a ƙasa mai kyau, inda suka ba da amfani riɓi ɗari, sittin ko kuma talatin na abin da aka shuka.
9 ৯ যাৰ কাণ আছে, তেওঁ শুনক।”
Duk mai kunnen ji, yă ji.”
10 ১০ যীচুৰ শিষ্য সকলে আহি তেওঁক সুধিলে, “আপুনি কিয় দৃষ্টান্তৰ মাধ্যমেৰে লোক সকলৰ আগত কথা কয়?”
Almajiran suka zo wurinsa suka tambaye shi, “Me ya sa kake wa mutane magana da misalai?”
11 ১১ উত্তৰত তেওঁ শিষ্য সকলক ক’লে, “স্বৰ্গৰাজ্যৰ বিষয়বোৰৰ নিগূঢ়-তত্ত্ববোৰ তোমালোকক জানিবলৈ সুযোগ দিয়া হৈছে; কিন্তু তেওঁলোকক দিয়া হোৱা নাই।
Ya amsa ya ce, “Sanin asirin mulkin sama kam, ku aka ba wa, amma su ba a ba su ba.
12 ১২ কিয়নো যাৰ আছে, তেওঁক অধিক দিয়া হ’ব, তাতে তেওঁৰ প্রচুৰ হব। কিন্তু যাৰ নাই, তেওঁৰ যি আছে সেইখিনিও তেওঁৰ পৰা নিয়া হ’ব।
Duk wanda yake da shi, za a ƙara masa, zai kuwa samu a yalwace. Duk wanda kuma ba shi da shi, ko ɗan abin da yake da shi ma, za a karɓe.
13 ১৩ সেই বাবেই মই তেওঁলোকৰ আগত দৃষ্টান্ত দি কওঁ। কিয়নো, তেওঁলোকে দেখিও নেদেখে, শুনিও নুশুনে আৰু নুবুজেও।
Abin da ya sa nake musu magana da misalai ke nan. “Ko da yake suna kallo, ba sa gani; ko da yake suna saurara, ba sa ji ko su gane.
14 ১৪ এইদৰে যিচয়া ভাৱবাদীয়ে কোৱা এই ভাৱবাণী তেওঁলোকলৈ পূর্ণ হৈছে, ‘তোমালোকে শুনোতে শুনিবা, কিন্তু কোনোমতে নুবুজিবা; দেখোতে দেখিবা, কিন্তু কোনোমতে নাজানিবা;
A kansu ne aka cika annabcin Ishaya cewa, “‘Za ku yi ta ji amma ba za ku taɓa ganewa ba; za ku yi ta kallo amma ba za ku taɓa gani ba.
15 ১৫ কিয়নো এই লোক সকলৰ হৃদয় অসাৰ হৈছে, আৰু কাণ গধুৰ হৈ গৈছে, তেওঁলোকে চকুও বন্ধ কৰি ৰাখিছে তাতে তেওঁলোকে চকুৰে নেদেখে, কাণেৰে নুশুনে, হৃদয়েৰে নুবুজে, আৰু তেওঁলোক যেন পুণৰ ঘূৰি নাহে, আৰু মই তেওঁলোকক যেন সুস্থ নকৰোঁ’।
Gama zuciyar mutanen nan ta taurare; da ƙyar suke ji da kunnuwansu, sun kuma rufe idanunsu. Da ba haka ba, mai yiwuwa su gani da idanunsu, su kuma ji da kunnuwansu, su gane a zuciyarsu, su kuwa juya, in kuma warkar da su.’
16 ১৬ কিন্তু তোমালোকৰ চকু ধন্য, কিয়নো সেইবোৰে দেখে; তোমালোকৰ কাণো ধন্য, কিয়নো সেইবোৰে শুনে।
Amma idanunku masu albarka ne domin suna gani, haka ma kunnuwanku domin suna ji.
17 ১৭ তোমালোকক মই সঁচাকৈ কওঁ, তোমালোকে যিবোৰ দেখিছা, সেইবোৰ অনেক ভাৱবাদী আৰু ধাৰ্মিক লোকে চাবলৈ ইচ্ছা কৰিও দেখা নাপালে, আৰু তোমালোকে যিবোৰ শুনিছা, এইবোৰ শুনিবলৈ নাপালে।”
Gama gaskiya nake gaya muku, annabawa da mutane masu adalci da yawa sun yi marmarin ganin abin da kuke gani amma ba su gani ba, su kuma ji abin da kuke ji amma ba su ji ba.
18 ১৮ “এতিয়া তোমালোকে সেই কঠিয়া সিঁচা খেতিয়কৰ দৃষ্টান্তৰ অর্থ শুনা।
“To, ku saurari ma’anar misali na mai shukan nan.
19 ১৯ যেতিয়া কোনোৱে ঈশ্বৰৰ ৰাজ্যৰ কথা শুনিও নুবুজে, তেতিয়া দুষ্ট-আত্মাই অৰ্থাৎ চয়তানে আহি, তেওঁৰ হৃদয়ত যিবোৰ সিঁচা হ’ল, সেইবোৰ কাঢ়ি নিয়ে; এই জন লোক বাটৰ কাষত পৰা কঠিয়া স্বৰূপ।
Duk sa’ad da wani ya ji saƙo game da mulkin bai kuwa fahimce shi ba, mugun nan yakan zo yă ƙwace abin da aka shuka a zuciyarsa. Wannan shi ne irin da ya fāɗi a kan hanya.
20 ২০ শিলাময় মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে এজন লোক যি জনে বাক্য শুনে আৰু লগে লগে আনন্দেৰে সেই বাক্য গ্ৰহণো কৰে।
Wanda ya karɓi irin da ya fāɗi a wuraren duwatsu kuwa, shi ne mutumin da yakan ji maganar, nan da nan kuwa yă karɓe ta da murna.
21 ২১ কিন্তু তেওঁৰ ভিতৰত সেই বাক্যৰ শিপা গভীৰ নোহোৱাত, তেওঁ অলপ দিনৰ বাবে মাথোন স্থিৰ হৈ থাকে। যেতিয়া সেই বাক্যৰ কাৰণে দুখ-কষ্ট বা তাড়না আহে, তেতিয়াই তেওঁ বাক্য ত্যাগ কৰে।
Sai dai da yake ba shi da saiwa, yakan ɗan jima kaɗan kawai. Da wata wahala ko tsanani ya auko masa saboda maganar, nan da nan sai yă ja da baya.
22 ২২ কাঁইটনিত পৰা কঠিয়াবোৰ এনে ধৰণৰ লোক, তেওঁলোকে বাক্য শুনে কিন্তু সংসাৰৰ চিন্তা-ভাৱনা আৰু ধন-সম্পত্তিৰ মায়াই সেই বাক্যক হেচি ধৰে; তাতে তেওঁ বিফল হয়। (aiōn )
Wanda ya karɓi irin da ya fāɗi cikin ƙaya kuwa, shi ne mutumin da yakan ji maganar, sai dai damuwoyin rayuwan nan da jarrabar arzikin duniya sukan shaƙe shi, yă sa maganar ta kāsa amfani. (aiōn )
23 ২৩ ভাল মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে লোক যি জনে বাক্য শুনে, বাক্য বুজে আৰু প্রকৃতার্থত উন্নত কৰি ফল উৎপন্ন কৰে। তাতে কোনোৱে এশ গুণ, কোনোৱে ষাঠি গুণ, কোনোৱে ত্রিশ গুণ ফল দিয়ে।”
Amma wanda ya karɓi irin da ya fāɗi a ƙasa mai kyau, shi ne mutumin da yakan ji maganar yă kuwa fahimce ta. Yakan ba da amfani wani riɓi ɗari, sittin, ko talatin na abin da aka shuka.”
24 ২৪ এবাৰ যীচুৱে লোক সকলৰ আগত আৰু এটা দৃষ্টান্ত দিলে। “স্বর্গৰাজ্য এজন খেতিয়কৰ নিচিনা, যি জনে নিজৰ পথাৰত ভাল কঠিয়া সিঁচিলে।
Yesu ya ba su wani misali. “Mulkin sama yana kama da wani da ya shuka iri mai kyau a cikin gonarsa.
25 ২৫ পাছত যেতিয়া সকলো মানুহ টোপনি গ’ল, তেতিয়া সেই মানুহ জনৰ শত্রুৱে আহি ধানৰ মাজত বিনৈ বনৰ গুটি সিঁচি গুচি গ’ল।
Amma yayinda kowa yake barci, abokin gābansa ya zo ya yafa ciyayi a cikin alkamar, ya tafi abinsa.
26 ২৬ শেষত যেতিয়া সেই ধান গছ বাঢ়ি থোক ওলাল, তেতিয়া তাৰ মাজত বিনৈ বনো গজালি মেলি দেখা দিলে।
Sa’ad da alkamar ta tashi ta yi kawuna, sai ciyayin ma suka bayyana.
27 ২৭ পাছত সেইবোৰ দেখি গৃহস্থৰ দাস সকলে আহি তেওঁক ক’লে, ‘মহাশয়, আপুনি জানো পথাৰত ভাল কঠিয়া সিঁচা নাছিল? তেনেহলে এতিয়া বিনৈ বন ক’ৰ পৰা হ’ল?’
“Bayin mai gonar suka zo wurinsa suka ce, ‘Ranka yă daɗe, ashe, ba iri mai kyau ka shuka a gonarka ba? To, ina ciyayin nan suka fito?’
28 ২৮ তেওঁ সিহঁতক ক’লে, ‘কোনোবা শত্ৰুৱে এইটো কৰিছে।’ দাস সকলে তেওঁক ক’লে, ‘তেনেহলে আপুনি বিচাৰে যদি আমি গৈ সেইবোৰ তুলি পেলাম?’
“Sai ya ce, ‘Abokin gāba ne ya yi wannan.’ “Bayin suka tambaye shi suka ce, ‘Kana so mu je mu tuttumɓuke su?’
29 ২৯ গৃহস্থই ক’লে, ‘নহয়, বনবোৰ উভালিবলৈ যাওঁতে তোমালোকে কিজানি ধানকো তাৰ লগতে উভালি পেলাবা!
“Ya amsa ya ce, ‘A’a, don kada garin tuttumɓuke ciyayi, ku cire har da alkamar.
30 ৩০ গতিকে শস্য দোৱাৰ সময়লৈকে সেইবোৰক একেলগে বাঢ়িবলৈ দিয়া। শস্য চপোৱাৰ সময়ত মই দাৱনী সকলক ক’ম, প্ৰথমতে বিনৈ বনবোৰ উভালিবা আৰু পুৰিবৰ বাবে মুঠি মুঠিকৈ বান্ধিবা। তাৰ পাছত মোৰ ভঁৰালত ধান চপাই থবা।’”
Ku ƙyale su su yi girma tare sai lokacin girbi. A lokacin zan gaya wa masu girbi, da fari ku tara ciyayin ku kuma daure su dami-dami don a ƙone; sa’an nan ku tara alkamar ku kuma kawo su cikin rumbuna.’”
31 ৩১ যীচুৱে তেওঁলোকক আন এটা দৃষ্টান্ত দিলে। তেওঁ ক’লে, “স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা; সেই গুটি কোনো এজন মানুহে লৈ নিজৰ পথাৰত সিঁচিলে।
Ya ba su wani misali ya ce, “Mulkin sama yana kama da ƙwayar mustad, wadda mutum ya ɗauka ya shuka a gonarsa.
32 ৩২ সকলো বীজৰ মাজত ই অৱশ্যে আটাইতকৈ সৰু; কিন্তু বৃদ্ধি পোৱাৰ পাছত ই শাক-পাচলিৰ গছবোৰৰ মাজত সকলোতকৈ ডাঙৰ হৈ এজোপা গছ হয় আৰু আকাশৰ চৰায়ে আহি তাৰ ডালত বাস কৰে।”
Ko da yake ita ce mafi ƙanƙanta cikin ƙwayoyinku, duk da haka sa’ad da ta yi girma, takan zama mafi girma cikin tsire-tsiren lambu ta kuma zama itace, har tsuntsayen sararin sama su zo su yi sheƙa a rassansa.”
33 ৩৩ যীচুৱে তেওঁলোকক পুনৰ এটা দৃষ্টান্ত দি ক’লে, “স্বর্গৰাজ্য খমিৰৰ নিচিনা। এগৰাকী মহিলাই তাকে লৈ প্রায় তিনি দোণ পিঠাগুড়িৰ লগত মিহলালে। তাৰ ফলত আটাইখিনি পিঠা গুড়ি ফুলি উঠিল।”
Har yanzu ya ba su wani misali ya ce, “Mulkin sama yana kama da yisti wanda mace ta ɗauka ta kwaɓa garin alkama mai yawa, har sai da yistin ya gauraye yistin duka.”
34 ৩৪ যীচুৱে দৃষ্টান্তৰ দ্বাৰাই লোক সকলৰ আগত এইবোৰ কথা ক’লে। তেওঁ দৃষ্টান্ত নিদিয়াকৈ তেওঁলোকক একো কথা নক’লে।
Yesu ya faɗa wa taron dukan waɗannan abubuwa cikin misalai; bai faɗa musu kome ba, sai tare da yin amfani da misalai.
35 ৩৫ ভাৱবাদীৰ দ্বাৰাই যি কথা কোৱা হৈছিল সেয়া যেন পূৰণ হয়, তাৰ বাবেই এইদৰে ঘটিল - মই দৃষ্টান্তৰে মোৰ মুখ মেলিম, জগত স্থাপনৰ আৰম্ভণিৰে পৰা যি গুপ্ত আছিল, সেইবোৰ প্ৰকাশ কৰিম।
Ta haka aka cika abin da aka faɗa ta wurin annabi cewa, “Zan buɗe bakina da misalai, zan faɗi abubuwan da suke ɓoye tun halittar duniya.”
36 ৩৬ পাছত যীচুৱে লোক সকলক বিদায় দি ঘৰলৈ আহিল। তেতিয়া তেওঁৰ শিষ্য সকলে ওচৰলৈ আহি তেওঁক সুধিলে, “পথাৰৰ বিনৈ বনৰ দৃষ্টান্তটো আমাক বুজাই দিয়ক।”
Sa’an nan ya bar taron ya shiga gida. Almajiransa kuwa suka zo wurinsa suka ce, “Bayyana mana misalin ciyayin nan a gona.”
37 ৩৭ তেওঁ উত্তৰ দি ক’লে, “যি জনে ভাল কঠিয়া সিঁচে, তেওঁ মানুহৰ পুত্ৰ।
Ya amsa ya ce, “Mai yafa irin mai kyan nan, shi ne Ɗan Mutum.
38 ৩৮ পথাৰ খন এই জগত আৰু ভাল কঠিয়া হৈছে স্বৰ্গৰাজ্যৰ সন্তান সকল। সেই বিনৈ বনবোৰ হৈছে চয়তানৰ সন্তান।
Gonar kuwa ita ce duniya, irin nan mai kyau kuwa suna a matsayin’ya’yan mulkin. Ciyayin nan kuma su ne’ya’yan mugun nan,
39 ৩৯ যি শত্ৰুৱে সেইবোৰ সিঁচিলে, সি চয়তান; শস্য দোৱাৰ সময়েই এই জগতৰ শেষ সময় আৰু দাৱনী সকল স্বৰ্গৰ দূত। (aiōn )
abokin gāban da yake shuka su kuwa, Iblis ne. Lokacin girbi kuma shi ne ƙarshen zamani, masu girbin kuwa su ne mala’iku. (aiōn )
40 ৪০ এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায়, সেইদৰে জগতৰ শেষতো হ’ব। (aiōn )
“Kamar yadda aka tattara ciyayin aka kuma ƙone a wuta, haka zai zama a ƙarshen zamani. (aiōn )
41 ৪১ মানুহৰ পুত্ৰই তেওঁৰ দূত সকলক পঠাই দিব আৰু সেই দূত সকলে পাপলৈ নিয়া সকলো বিঘ্নজনক বিষয়বোৰ আৰু দুৰাচাৰী লোক সকলক, মানুহৰ পুত্রৰ ৰাজ্যৰ মাজৰ পৰা গোটাই অগ্নিকুণ্ডত পেলাই দিব।
Ɗan Mutum zai aiki mala’ikunsa, su kuwa cire daga mulkinsa kome da yake jawo zunubi da kuma duk masu aikata mugunta.
42 ৪২ তেতিয়া তাত ক্রন্দন আৰু দাঁত কৰচনি হব।
Za su jefa su cikin wuta mai zafi, inda za a yi kuka da cizon haƙora.
43 ৪৩ সেই সময়ত ধাৰ্মিক সকল তেওঁলোকৰ পিতৃৰ ৰাজ্যত সূৰ্যৰ নিচিনাকৈ উজ্জ্বল হ’ব। যাৰ কাণ আছে, তেওঁ শুনক।
Sa’an nan masu adalci za su haskaka kamar rana a mulkin Ubansu. Duk mai kunnen ji, yă ji.”
44 ৪৪ “স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ভঁৰালৰ নিচিনা; এজন মানুহে সেইবোৰ বিচাৰি পোৱাৰ পাছত পুনৰ লুকুৱাই থলে। তাৰ পাছত তেওঁ আনন্দ মনেৰে গুছি গ’ল আৰু তেওঁৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই পথাৰ কিনি ল’লে।”
“Mulkin sama yana kama da dukiyar da aka ɓoye a gona. Da wani ya same ta, sai yă sāke ɓoye ta, sa’an nan cikin farin cikinsa yă je yă sayar da duk abin da yake da shi yă sayi gonar.
45 ৪৫ “পুণৰ স্বৰ্গৰাজ্য এনে এজন সদাগৰৰ নিচিনা, যি জনে উত্তম মুকুতা বিচাৰিছিল।
“Har wa yau dai, mulkin sama yana kama da ɗan kasuwa mai neman lu’ulu’ai masu kyau.
46 ৪৬ যেতিয়া তেওঁ এটা বহুমূলীয়া মুকুতা বিচাৰি পালে, তেওঁ গৈ নিজৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই মুকুতাটো কিনি ল’লে।”
Da ya sami dutse guda mai daraja sosai, sai ya tafi ya sayar da dukan abin da yake da shi ya saye shi.
47 ৪৭ “আকৌ স্বৰ্গৰাজ্য এখন জালৰ নিচিনা। সেই জাল সাগৰত পেলোৱা হ’ল আৰু সকলো বিধৰ মাছ সেই জালত উঠিল
“Har yanzu, mulkin sama yana kama da abin kamun kifin da aka jefa cikin tafki yă kamo kifi iri-iri.
48 ৪৮ জাল পৰিপূর্ণ হোৱাত মাছমৰীয়া সকলে তাক টানি বামলৈ তুলিলে। তাৰ পাছত তেওঁলোকে বহি ভাল মাছবোৰ বাছি খালৈত ৰাখিলে আৰু বেয়াবোৰ পেলাই দিলে।
Da abin kamun kifi ya cika, masuntan suka jawo shi gaci. Sai suka zauna suka tattara kifi masu kyau a kwanduna, amma suka zubar da marasa kyau.
49 ৪৯ জগতৰ শেষ কালতো এইদৰেই হ’ব। স্বৰ্গৰ দূত সকলে আহি ধাৰ্মিক সকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰিব আৰু জ্বলন্ত অগ্নিত সিহঁতক পেলাব; (aiōn )
Haka zai kasance a ƙarshen zamani. Mala’iku za su zo su ware masu mugunta daga masu adalci (aiōn )
50 ৫০ তাত ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।”
su kuma jefa su cikin wuta mai zafi, inda za a yi kuka da cizon haƙora.”
51 ৫১ তাৰ পাছত যীচুৱে শিষ্য সকলক সুধিলে, “তোমালোকে এই সকলো কথা বুজি পালা নে?” তেওঁলোকে ক’লে, “হয়, পালোঁ।”
Yesu ya tambaye su ya ce, “Kun gane dukan waɗannan abubuwa?” Suka amsa, “I.”
52 ৫২ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “গতিকে, স্বর্গৰাজ্যৰ বিষয়ে শিক্ষা পোৱা প্রত্যেক জন বিধানৰ অধ্যাপক এনে এজন শিষ্যত পৰিণত হয়, যি জনে এজন গৃহস্থৰ দৰে নিজৰ ভঁৰালৰ পৰা নতুন আৰু পুৰণি উভয় বস্তু বাহিৰলৈ উলিয়াই।”
Sa’an nan ya ce musu, “Saboda haka duk malamin dokokin da ya horu game da koyarwar mulkin sama, yana kama da maigida wanda yakan fitar daga ɗakin ajiyarsa sababbin dukiya da kuma tsofaffi.”
53 ৫৩ যীচুৱে এই দৃষ্টান্তবোৰ কোৱাৰ পাছত তাৰ পৰা গুচি গ’ল।
Sa’ad da Yesu ya gama ba da waɗannan misalai, sai ya ci gaba daga can.
54 ৫৪ তাৰ পাছত যীচু নিজৰ নগৰলৈ আহিল আৰু লোক সকলক তেওঁলোকৰ নাম-ঘৰত শিক্ষা দিবলৈ ধৰিলে। তাতে তেওঁৰ কথা শুনি তেওঁলোক বিস্মিত হৈ গ’ল। তেওঁলোকে ক’লে, “এই মানুহ জনে এনে জ্ঞান আৰু পৰাক্ৰম কাৰ্যবোৰ কৰাৰ ক্ষমতা ক’ৰ পৰা পালে?
Yana isowa garinsa, sai ya fara koya wa mutane a cikin majami’arsu, suka kuwa yi mamaki. Suka yi ta tambaya suna cewa, “Ina wannan mutum ya sami irin wannan hikima da kuma ayyukan banmamaki haka?
55 ৫৫ ই জানো সেই বাঢ়ৈৰ পুতেক নহয়? ইয়াৰ মাকৰ নাম মৰিয়ম আৰু ভায়েকহঁতৰ নাম যাকোব, যোচেফ, চিমোন, আৰু যিহূদা নহয় নে?
Wannan ba shi ne ɗan kafinta nan ba? Ba mahaifiyarsa ba ce Maryamu,’yan’uwansa kuma Yaƙub, Yusuf, Siman da Yahuda ba?
56 ৫৬ ইয়াৰ সকলো ভনীয়েকো ইয়াত আমাৰ মাজতে নাই জানো? তেনেহলে ই এইবোৰ ক’ৰ পৰা পালে?”
Duk’yan’uwansa mata kuma ba tare da mu suke ba? To, a ina wannan mutum ya sami dukan waɗannan abubuwa?”
57 ৫৭ এইদৰে যীচুক লৈ লোক সকলে বিঘিনি পালে। তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “ভাৱবাদী নিজৰ দেশ আৰু নিজৰ ঘৰৰ বাহিৰে আন কোনো ঠাইতে অসন্মানিত নহয়।”
Sai suka ji haushinsa. Amma Yesu ya ce musu, “Sai a garinsa da kuma a gidansa na kaɗai annabi ba ya samun girma.”
58 ৫৮ লোক সকলৰ অবিশ্বাসৰ কাৰণে তেওঁ তাত বিশেষ বেছি পৰাক্ৰম কাৰ্য নকৰিলে।
Bai kuwa yi abubuwan banmamaki da yawa a can ba saboda rashin bangaskiyarsu.