< মথি 10 >
1 ১ যীচুৱে তেওঁৰ বাৰ জন শিষ্যক একেলগে ওচৰলৈ মাতি তেওঁলোকক অশুচি আত্মাক খেদাবলৈ আৰু সকলো ধৰণৰ ৰোগ-ব্যাধি আৰু অসুস্থ জনক সুস্থ কৰিবলৈ অধিকাৰ দিলে।
Jesu den yini o piiga n hoadikaliediba ki dini ba li bali ki puni ba u paalu ban yaa deli ki ñandi mu cicibiadimu mun ye yaaba yaa niinni, ki go yaa paagidi bi niba leni ban pia yaa yianbuoli leni yaa tadinbuoli.
2 ২ সেই বাৰ জন পাঁচনিৰ নাম এই, প্ৰথম চিমোন, যি জনক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহন,
Bi piiga n tondiliediba yeni yela n tie na. Yua n kpia, Simono ban go yi yua Pieli leni o waalo Andile, Sebede bijua Jaka leni o waalo Jan,
3 ৩ ফিলিপ আৰু বাৰ্থলময়, থোমা আৰু কৰ সংগ্রহকাৰী মথি, আলফয়ৰ পুতেক যাকোব আৰু থদ্দেয়,
Filipi leni Batelemi, Toma leni o lubigaalo Matiyu, Alife bijua Jaka leni Tade,
4 ৪ জাতীয়তাবাদী চিমোন আৰু যীচুক যি জনে শত্রুৰ হাতত শোধাই দিছিল, সেই ঈষ্কৰিয়োতীয়া যিহূদা।
Simono ban go yi yua o yankuadaano leni Judasa Isikalioto yua n den yuandi ki janbi Jesu.
5 ৫ এই বাৰ জনক যীচুৱে এই আদেশ দি পঠালে, “তোমালোকে অনা-ইহুদী সকলৰ কোনো ঠাইলৈ নাযাবা আৰু চমৰীয়া সকলৰ কোনো নগৰত নোসোমাবা।
Bani n tie Jesu n den soani o piiga n niliediba yaaba ki teni ba yaa ñoabonli n tie na:
6 ৬ কিন্তু ইস্ৰায়েল জাতিৰ হেৰোৱা মেৰবোৰৰ ওচৰলৈ যোৱা।
Da gedi mani bi nilanba po, ki da kua Samali yaaba doni nni mo, ama yi gedi Isalee buolu yaaba po, bani yaaba n tie nani yaa pe n yaadi yeni.
7 ৭ বাটত যাওঁতে যাওঁতে এই কথা প্রচাৰ কৰিবা যে ‘স্বৰ্গৰাজ্য ওচৰ হ’ল।’
Yin tagi naankani kuli, yin yaa wangi ke U Tienu diema kuli.
8 ৮ অসুস্থ লোকক সুস্থ কৰিবা, মৃত লোকক তুলিবা, কুষ্ঠ ৰোগী সকলক শুচি কৰিবা, ভূতক খেদাবা। তোমালোকে বিনামূল্যে পাইছা, বিনামূল্যেই দিবা।
Yin yaa paagidi a yiama, ki fiindi bi tinkpiba, ki hanbidi a kpaada, ki deli mu cicibiadimu. Yi den baa fanma, yi mo n yaa puuni fanma.
9 ৯ তোমালোকৰ কঁকালৰ পেটিত তোমালোকে সোণ, ৰূপ বা তাম নাইবা পইচাও নিনিবা।
Da huuni mani wula, yaaka halinjufa, yaaka ligi kuli yi huuni nni,
10 ১০ বাটত যোৱাৰ কাৰণে কোনো জোলোঙা, দুটা চোলা, পাদুকা বা লাখুটি এইবোৰও নলবা; কিয়নো বনুৱা নিজৰ পাৰিশ্রমিক পোৱাৰ যোগ্য।
ki da ta sancenboagili, yaaka liaditadimu lie, yaaka cacaadi, yaaka gbianu, kelima o tuonsoanlo pundi ki baa o bonjekaala.
11 ১১ তোমালোকে যেতিয়া কোনো নগৰ বা গাৱঁত সোমাবা, তাত এজন উপযুক্ত মানুহ বিচাৰি ল’বা আৰু আন ঠাইলৈ নোযোৱা পর্যন্ত সেই ঘৰতে থাকিবা।
Yin kua yaa dociamu nni leni yaa dowaali nni kuli, yin buali ki bandi yaa nilo n baa tuo ki ga yi cangu ya ye likani. Yin caani o ya deni hali yin baa fii ya yogunu.
12 ১২ যেতিয়া তোমালোকে কোনো এঘৰত সোমাবা, তেতিয়া সেই ঘৰৰ লোকক শুভেচ্ছা জনাই মঙ্গলবাদ দিবা।
Yi ya kua ya diegu nni kuli, yin fuondi ba ki yedi: Mi yanduanma n yaa ye leni yi.
13 ১৩ সেই ঘৰ যদি উপযুক্ত হয়, তেনেহলে তোমালোকৰ শান্তি সেই ঘৰৰ ওপৰলৈ নামি আহক; কিন্তু সেই ঘৰ যদি উপযুক্ত নহয়, তেনেহলে তোমালোকৰ শান্তি তোমালোকৰ ওচৰলৈ উলটি আহক।
Yi ya sua ke ku diegu nni yaaba ga yi cangu, yin gaali ba ya yanduanma n yaa ye leni ba. Ama bi yaa ga yi cangu mo, yi gaali n guani yikani.
14 ১৪ যদি কোনোৱে তোমালোকক গ্রহণ নকৰে বা তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা।
Bi yaa tuo ki ga yi cangu dieguba nni leni doguba nni kuli, kaa cengi yi maama mo, yi yaa ña likani, yi kpia ba yi taatama.
15 ১৫ মই তোমালোকক সঁচাকৈ কওঁ, মহা-বিচাৰৰ দিনা সেই নগৰতকৈ বৰং চদোম আৰু ঘমোৰা নগৰৰ দশা অধিক সহিব পৰা হ’ব।”
N waani yi i moamnoani, ti buudi daali Sodoma leni Gomola yaaba yaa fala kan pundi laa dogu yaaba yaa fala.
16 ১৬ শুনা! মই ৰাংকুকুৰবোৰৰ মাজলৈ তোমালোকক মেৰ-পোৱালিৰনিচিনাকৈ পঠিয়াইছো; এই হেতুকে তোমালোক সাপৰ দৰে টেঙৰ আৰু কপৌৰ নিচিনা অমায়িক হোৱা।
Cengi mani: N soani yi nani i pe yeni i fuasangbanli siiga. Yin yaa fani nani i we yeni, ki go yaa dingi nani mu kpaajiemu yeni.
17 ১৭ সতর্কভাৱে চলিবা; কিয়নো লোক সকলে তোমালোকক বিচাৰ সভাত শোধাই দিব আৰু তেওঁলোকৰ নাম-ঘৰবোৰত তোমালোকক কোবাব।
Fangi mani yi yula leni bi niba, kelima bi baa co ki caani yi li bujiali kani.
18 ১৮ মোৰ কাৰণেই তোমালোকক ৰাজ্যপাল আৰু ৰজা সকলৰ সন্মুখলৈ লৈ যোৱা হ’বা, যাতে তোমালোকে তাত তেওঁলোকৰ আৰু অনা-ইহুদী সকলৰ ওচৰত সাক্ষ্য দিব পাৰা।
Bi baa pua yi i baliji li balimaama bangima diena nni. Bi baa caani yi gufeneelinba kani leni bi badiba kelima n yaa po, ke yin tua bipo seedi bani leni bi nilanba po kuli.
19 ১৯ লোক সকলে যেতিয়া তোমালোকক শোধাই দিব, তেতিয়া কেনেকৈ, কি কথা ক’ব লাগে, সেই বিষয় লৈ চিন্তা নকৰিবা; কিয়নো তেতিয়া যি কথা ক’ব লাগে, সেই বিষয়বোৰ সেই মুহূৰ্ত্ততে তোমালোকক দিয়া হ’ব।
Bi ya ti cuo ki gedini yi li bujiali kani yaa yogunu, yin da yagi mani yi yama yin baa maadi maama leni yin baa yedi yaala kuli po, kelima lanyogunu bi baa pa yi yin baa yedi yaala.
20 ২০ কিয়নো সেই কথা তোমালোকে নহয়, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহেতোমালোকৰ ভিতৰৰ পৰা কব।
Kelima laa tie yinba ka baa maadi, yi Baa Fuoma, yaama n ye niinni, n baa maadi.
21 ২১ ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৃত্যুদণ্ডলৈ শোধাই দিব। সন্তান সকলে মাক-বাপেকৰ বিৰুদ্ধে উঠি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব।
Kpelo leni waalo siiga, bi tianba baa cuo biyaba ki teni bqan kpa ba. Bibaanba baa cuo bi bila ki teni ban kpa ba. A bila mo baa fii ki sedi bi danba po ki cuo ba ki teni ban kpa ba.
22 ২২ মোৰ নামৰ কাৰণে, তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।
Bi niba kuli baa nani yi kelima n yeli po. Ama yua n baa juuni hali mi juodima baa tindi.
23 ২৩ যেতিয়া কোনো নগৰৰ লোকে তোমালোকক তাড়না কৰে, তেতিয়া আন এখন নগৰলৈ পলাই যাবা; মই তোমালোকক সঁচাকৈ কৈছোঁ, ইস্ৰায়েল দেশৰ সকলো নগৰলৈ তোমালোকে গৈ শেষ কৰাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব।
Bi ya waani yi o falabiado doyendu, sani mani ki gedi dotogu. N waani yi i moamoani, yi kan gaani Isalele yaaba dogi nni kuli ki gbeni ke o Joa Bijua daa cua.
24 ২৪ শিষ্য কেতিয়াও গুৰুতকৈ উর্দ্ধত নহয়, দাসো প্ৰভুতকৈ উর্দ্ধত নহয়।
O hoadikoa ki cie o canba, o naaceno mo ki cie o daano.
25 ২৫ শিষ্য যদি গুৰুৰ দৰে আৰু দাস যদি নিজৰ প্ৰভুৰ দৰে হ’ব পাৰে, সেয়ে যথেষ্ট। ঘৰৰ গৰাকীকে যেতিয়া তেওঁলোকে বেলচবূব বুলিলে, তেনেহলে তেওঁৰ পৰিয়ালৰ আন সকলোকে কিমান অধিক বুলিব!
Li dagidi o hoadikoa n ya tie nani o canba, o naaceno mo n ya tie nani o daano yeni. Bi ya yini o diedaano Belisebu, laa pia tam ke bi baa sugi o diegu nni yaaba ki cie.
26 ২৬ গতিকে তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো লুকুৱাই ৰখা সকলো বিষয়েই প্রকাশ পাব আৰু গোপনে ৰখা সকলো বিষয়েই জনোৱা হ’ব।
Lanwani yin da jie ba, kelima liba kuli ki ye ki wuo ki kan wuodi. Liba kuli ki ye ki duagi ke bi kan bandi la.
27 ২৭ মই তোমালোকক আন্ধাৰত যি কওঁ, সেইবোৰ তোমালোকে পোহৰত প্ৰকাশ কৰিবা আৰু তোমালোকে কাণেৰে যি শুনিছা, সেইবোৰ ঘৰৰ ওপৰত উঠি ঘোষণা কৰিবা।
Min yedi yi yaala li biigili nni, waani la mani u yensiinu, Ban soabidi yaama yi tuba nni, kpaani la mani a diena po.
28 ২৮ যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা। (Geenna )
Da jie mani yaaba n baa kpa ti gba nnandi, ama ki kan fidi ki kpa o naano. Ama yin ya jie mani yua n baa fidi ki bolini o naano leni ti gbannandi kuli ku fantanbuogu nni. (Geenna )
29 ২৯ দুটা ঘৰ-চিৰিকা ক্ষুদ্র পইচালৈ নেবেচে নে? তথাপি তোমালোকৰ পিতৃৰ অনুমতি অবিহনে সেইবোৰৰ এটিও মাটিত নপৰে।
Baa kuadi nuani lie lie ka falimi? Ama baa nuanyenga bi siiga ban baa tiipo ke yi Baa U Tienu ki bani.
30 ৩০ তোমালোকৰ মূৰৰ আটাইবোৰ চুলিৰো হিচাব ৰখা আছে।
To, yinba baa yi yudi, yi Baa bani ti coali n da maama.
31 ৩১ এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।
Lanwani yin da jie mani pu kuli, yi pia mayuli ki cie i nuani boncianla.
32 ৩২ এতেকে যি কোনোৱে মানুহৰ আগত মোক স্বীকাৰ কৰে, ময়ো স্বৰ্গত থকা মোৰ পিতৃৰ আগত তেওঁক স্বীকাৰ কৰিম;
Lani yaa po yua n tuo nni bi niba nintuali, n moko baa tuo o n Baa yua n ye tanpoli nintuali.
33 ৩৩ কিন্তু মানুহৰ আগত যি কোনোৱে মোক অস্বীকাৰ কৰে, স্বৰ্গত থকা মোৰ পিতৃৰ আগত ময়ো তেওঁক অস্বীকাৰ কৰিম।
Ama yua n nia nni bi niba nintuali, n moko baa nia o n Baa yua n ye tanpoli nintuali.
34 ৩৪ মই পৃথিৱীত শান্তি দিবলৈ আহিলোঁ বুলি নাভাবিবা; শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলোঁ।
Yin da tama ke n cua ki baa teni mi yanduanma n ya ye handuna nni ka. Mii cua ki baa teni mi yanduanma ka n yaa ye, ama n cuani bu toabu.
35 ৩৫ বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলোঁ;
Kelima n cua ki baa teni ki bonjaga n paadi leni o baa, ki bonpuoga n paadi leni o naa, ki biyuaga n paadi leni o yaanaa.
36 ৩৬ নিজৰ পৰিয়ালৰ লোক সকলেই মানুহৰ শত্ৰু হ’ব।
O nilo yibalinba baa tie o diegu nni yaaba.
37 ৩৭ যি কোনোৱে মোতকৈয়ো নিজৰ পিতৃ বা মাতৃক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়; আৰু যি কোনোৱে মোতকৈ নিজৰ পুতেক বা জীয়েকক অধিক প্রেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়।
Yua n bua o baa yaaka o naa ki cie mini, waa pundi ki yaa tie n hoadikoa. Yua n bua o bijua yaaka o bisalo ki cie nni, waa pundi ki yaa tie n hoadikoa.
38 ৩৮ যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে নাহে; তেৱোঁ মোৰ উপযুক্ত নহয়।
Yua n kaa taa o dapoanpoanli ki bugi ki hoa nni, waa pundi ki yaa tie n hoadikoa.
39 ৩৯ যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব বিচাৰে, তেওঁ জীৱন হেৰুৱাব; আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন উৎসর্গ কৰে, তেওঁ জীৱন পাব।
Yua n bua ki kubi o miali baa biani li. Ama yua n baa biani o miali kelima mini yaa po baa le li.
40 ৪০ যি কোনোৱে তোমালোকক গ্ৰহণ কৰে; তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।
Yua n ga yi cangu ga mini ya cangoe, yua n ga n cangu mo ga yua soani nni yaague.
41 ৪১ এজন ভাৱবাদীক যদি কোনোৱে ভাৱবাদী বুলি গ্ৰহণ কৰে, তেওঁ ভাববাদীৰ পুৰস্কাৰ পাব আৰু এজন ধাৰ্মিকক যদি কোনোৱে ধাৰ্মিক বুলি গ্ৰহণ কৰে, তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব।
Yua n ga o sawalipualo cangu kelima o tie sawalipualo po, baa baa o sawalipualo n baa baa yaa panpaani. Yua n ga o nitginkoa cangu kelima o tie nitenginkoa po, baa baa o niteginkoa n baa baa yaa panpaani.
42 ৪২ যি কোনোৱে এই সাধাৰণ লোক সকলৰ মাজৰ এজনক মোৰ শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱায়, মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ কোনোমতেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব।
N waani yi i moamoani, n hoadikaaba na siiga, baa yua ya jigidi n wa ki cie, yua n puni o mi ñinsoangima ke o ñuni kelima o tie n hoadikoa kuli kan luo o panpaani.