< মাৰ্ক 1 >
1 ১ ঈশ্বৰৰ পুত্র যীচু খ্রীষ্টৰ শুভবাৰ্তাৰ আৰম্ভণ।
ਈਸ਼੍ਵਰਪੁਤ੍ਰਸ੍ਯ ਯੀਸ਼ੁਖ੍ਰੀਸ਼਼੍ਟਸ੍ਯ ਸੁਸੰਵਾਦਾਰਮ੍ਭਃ|
2 ২ যিচয়া ভাববাদীৰ পুস্তকত যেনেকৈ লিখা আছে, ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ, তেওঁ তোমাৰ বাট যুগুত কৰিব৷’
ਭਵਿਸ਼਼੍ਯਦ੍ਵਾਦਿਨਾਂ ਗ੍ਰਨ੍ਥੇਸ਼਼ੁ ਲਿਪਿਰਿੱਥਮਾਸ੍ਤੇ, ਪਸ਼੍ਯ ਸ੍ਵਕੀਯਦੂਤਨ੍ਤੁ ਤਵਾਗ੍ਰੇ ਪ੍ਰੇਸ਼਼ਯਾਮ੍ਯਹਮ੍| ਗਤ੍ਵਾ ਤ੍ਵਦੀਯਪਨ੍ਥਾਨੰ ਸ ਹਿ ਪਰਿਸ਼਼੍ਕਰਿਸ਼਼੍ਯਤਿ|
3 ৩ “মৰুপ্ৰান্তত এজনৰ কণ্ঠস্বৰ শুনা গৈছে, ‘তোমালোকে প্রভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা৷’”
"ਪਰਮੇਸ਼ਸ੍ਯ ਪਨ੍ਥਾਨੰ ਪਰਿਸ਼਼੍ਕੁਰੁਤ ਸਰ੍ੱਵਤਃ| ਤਸ੍ਯ ਰਾਜਪਥਞ੍ਚੈਵ ਸਮਾਨੰ ਕੁਰੁਤਾਧੁਨਾ| " ਇਤ੍ਯੇਤਤ੍ ਪ੍ਰਾਨ੍ਤਰੇ ਵਾਕ੍ਯੰ ਵਦਤਃ ਕਸ੍ਯਚਿਦ੍ਰਵਃ||
4 ৪ এইদৰে মৰুপ্ৰান্তত বাপ্তিস্ম কৰোঁতা আৰু পাপ মোচনৰ অৰ্থে মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহিল।
ਸਏਵ ਯੋਹਨ੍ ਪ੍ਰਾਨ੍ਤਰੇ ਮੱਜਿਤਵਾਨ੍ ਤਥਾ ਪਾਪਮਾਰ੍ਜਨਨਿਮਿੱਤੰ ਮਨੋਵ੍ਯਾਵਰ੍ੱਤਕਮੱਜਨਸ੍ਯ ਕਥਾਞ੍ਚ ਪ੍ਰਚਾਰਿਤਵਾਨ੍|
5 ৫ তাতে গোটেই যিহুদীয়া আৰু যিৰূচালেমৰ সকলো লোক তেওঁৰ ওচৰ চাপিবলৈ ওলাই আহিল আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰি, তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে।
ਤਤੋ ਯਿਹੂਦਾਦੇਸ਼ਯਿਰੂਸ਼ਾਲਮ੍ਨਗਰਨਿਵਾਸਿਨਃ ਸਰ੍ੱਵੇ ਲੋਕਾ ਬਹਿ ਰ੍ਭੂਤ੍ਵਾ ਤਸ੍ਯ ਸਮੀਪਮਾਗਤ੍ਯ ਸ੍ਵਾਨਿ ਸ੍ਵਾਨਿ ਪਾਪਾਨ੍ਯਙ੍ਗੀਕ੍ਰੁʼਤ੍ਯ ਯਰ੍ੱਦਨਨਦ੍ਯਾਂ ਤੇਨ ਮੱਜਿਤਾ ਬਭੂਵੁਃ|
6 ৬ সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত চামৰাৰ টঙালি বান্ধিছিল৷ আৰু তেওঁ কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল।
ਅਸ੍ਯ ਯੋਹਨਃ ਪਰਿਧੇਯਾਨਿ ਕ੍ਰਮੇਲਕਲੋਮਜਾਨਿ, ਤਸ੍ਯ ਕਟਿਬਨ੍ਧਨੰ ਚਰ੍ੰਮਜਾਤਮ੍, ਤਸ੍ਯ ਭਕ੍ਸ਼਼੍ਯਾਣਿ ਚ ਸ਼ੂਕਕੀਟਾ ਵਨ੍ਯਮਧੂਨਿ ਚਾਸਨ੍|
7 ৭ তেওঁ ঘোষণা কৰি ক’লে, “মোতকৈ শক্তিমান এজন মোৰ পাছত আহি আছে আৰু মই, তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ তল মূৰ কৰি খুলিবৰো যোগ্য নহওঁ।
ਸ ਪ੍ਰਚਾਰਯਨ੍ ਕਥਯਾਞ੍ਚਕ੍ਰੇ, ਅਹੰ ਨਮ੍ਰੀਭੂਯ ਯਸ੍ਯ ਪਾਦੁਕਾਬਨ੍ਧਨੰ ਮੋਚਯਿਤੁਮਪਿ ਨ ਯੋਗ੍ਯੋਸ੍ਮਿ, ਤਾਦ੍ਰੁʼਸ਼ੋ ਮੱਤੋ ਗੁਰੁਤਰ ਏਕਃ ਪੁਰੁਸ਼਼ੋ ਮਤ੍ਪਸ਼੍ਚਾਦਾਗੱਛਤਿ|
8 ৮ মই আপোনালোকক পানীত বাপ্তিস্ম দিলোঁ; কিন্তু তেওঁ পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।”
ਅਹੰ ਯੁਸ਼਼੍ਮਾਨ੍ ਜਲੇ ਮੱਜਿਤਵਾਨ੍ ਕਿਨ੍ਤੁ ਸ ਪਵਿਤ੍ਰ ਆਤ੍ਮਾਨਿ ਸੰਮੱਜਯਿਸ਼਼੍ਯਤਿ|
9 ৯ সেই সময়ত যীচু গালীল দেশৰ নাচৰতৰ পৰা আহি, যোহনৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে।
ਅਪਰਞ੍ਚ ਤਸ੍ਮਿੰਨੇਵ ਕਾਲੇ ਗਾਲੀਲ੍ਪ੍ਰਦੇਸ਼ਸ੍ਯ ਨਾਸਰਦ੍ਗ੍ਰਾਮਾਦ੍ ਯੀਸ਼ੁਰਾਗਤ੍ਯ ਯੋਹਨਾ ਯਰ੍ੱਦਨਨਦ੍ਯਾਂ ਮੱਜਿਤੋ(ਅ)ਭੂਤ੍|
10 ১০ তেওঁ পানীৰ পৰা উঠি আহোতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে।
ਸ ਜਲਾਦੁੱਥਿਤਮਾਤ੍ਰੋ ਮੇਘਦ੍ਵਾਰੰ ਮੁਕ੍ਤੰ ਕਪੋਤਵਤ੍ ਸ੍ਵਸ੍ਯੋਪਰਿ ਅਵਰੋਹਨ੍ਤਮਾਤ੍ਮਾਨਞ੍ਚ ਦ੍ਰੁʼਸ਼਼੍ਟਵਾਨ੍|
11 ১১ আৰু এইদৰে আকাশ-বাণী হ’ল যে, “তুমি মোৰ প্রিয় পুত্র৷ তোমাত মই পৰম সন্তুষ্ট।”
ਤ੍ਵੰ ਮਮ ਪ੍ਰਿਯਃ ਪੁਤ੍ਰਸ੍ਤ੍ਵੱਯੇਵ ਮਮਮਹਾਸਨ੍ਤੋਸ਼਼ ਇਯਮਾਕਾਸ਼ੀਯਾ ਵਾਣੀ ਬਭੂਵ|
12 ১২ তেতিয়া পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ চালিত কৰি লৈ গ’ল।
ਤਸ੍ਮਿਨ੍ ਕਾਲੇ ਆਤ੍ਮਾ ਤੰ ਪ੍ਰਾਨ੍ਤਰਮਧ੍ਯੰ ਨਿਨਾਯ|
13 ১৩ সেই মৰুপ্ৰান্তত তেওঁ চল্লিশ দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকোতে চয়তানৰ দ্বাৰাই পৰীক্ষিত হ’ল; আৰু স্বৰ্গৰ দূত সকলে তেওঁৰ শুশ্রূষা কৰিলে।
ਅਥ ਸ ਚਤ੍ਵਾਰਿੰਸ਼ੱਦਿਨਾਨਿ ਤਸ੍ਮਿਨ੍ ਸ੍ਥਾਨੇ ਵਨ੍ਯਪਸ਼ੁਭਿਃ ਸਹ ਤਿਸ਼਼੍ਠਨ੍ ਸ਼ੈਤਾਨਾ ਪਰੀਕ੍ਸ਼਼ਿਤਃ; ਪਸ਼੍ਚਾਤ੍ ਸ੍ਵਰ੍ਗੀਯਦੂਤਾਸ੍ਤੰ ਸਿਸ਼਼ੇਵਿਰੇ|
14 ১৪ যোহনক বন্দীশালত থোৱাৰ পাছত যীচু গালীল দেশলৈ গ’ল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে৷
ਅਨਨ੍ਤਰੰ ਯੋਹਨਿ ਬਨ੍ਧਨਾਲਯੇ ਬੱਧੇ ਸਤਿ ਯੀਸ਼ੁ ਰ੍ਗਾਲੀਲ੍ਪ੍ਰਦੇਸ਼ਮਾਗਤ੍ਯ ਈਸ਼੍ਵਰਰਾਜ੍ਯਸ੍ਯ ਸੁਸੰਵਾਦੰ ਪ੍ਰਚਾਰਯਨ੍ ਕਥਯਾਮਾਸ,
15 ১৫ যীচুৱে প্ৰচাৰ কৰিলে আৰু ক’লে, “কাল সম্পূৰ্ণ হ’ল, আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হ’ল৷ তোমালোকে মন-পালটন কৰা আৰু শুভবাৰ্তাত বিশ্বাস কৰা”।
ਕਾਲਃ ਸਮ੍ਪੂਰ੍ਣ ਈਸ਼੍ਵਰਰਾਜ੍ਯਞ੍ਚ ਸਮੀਪਮਾਗਤੰ; ਅਤੋਹੇਤੋ ਰ੍ਯੂਯੰ ਮਨਾਂਸਿ ਵ੍ਯਾਵਰ੍ੱਤਯਧ੍ਵੰ ਸੁਸੰਵਾਦੇ ਚ ਵਿਸ਼੍ਵਾਸਿਤ|
16 ১৬ পাছত তেওঁ গালীল সাগৰৰ তীৰেদি গৈ থাকোতে, চিমোন আৰু চিমোনৰ ভায়েক আন্দ্রিয়ক সাগৰত জাল বাই থকা দেখিলে; কিয়নো তেওঁলোক জালোৱা আছিল।
ਤਦਨਨ੍ਤਰੰ ਸ ਗਾਲੀਲੀਯਸਮੁਦ੍ਰਸ੍ਯ ਤੀਰੇ ਗੱਛਨ੍ ਸ਼ਿਮੋਨ੍ ਤਸ੍ਯ ਭ੍ਰਾਤਾ ਅਨ੍ਦ੍ਰਿਯਨਾਮਾ ਚ ਇਮੌ ਦ੍ਵੌ ਜਨੌ ਮਤ੍ਸ੍ਯਧਾਰਿਣੌ ਸਾਗਰਮਧ੍ਯੇ ਜਾਲੰ ਪ੍ਰਕ੍ਸ਼਼ਿਪਨ੍ਤੌ ਦ੍ਰੁʼਸ਼਼੍ਟ੍ਵਾ ਤਾਵਵਦਤ੍,
17 ১৭ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মোৰ পাছত আহা; মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম”।
ਯੁਵਾਂ ਮਮ ਪਸ਼੍ਚਾਦਾਗੱਛਤੰ, ਯੁਵਾਮਹੰ ਮਨੁਸ਼਼੍ਯਧਾਰਿਣੌ ਕਰਿਸ਼਼੍ਯਾਮਿ|
18 ১৮ তেতিয়াই তেওঁলোকে জালবোৰ এৰি যীচুৰ পাছে পাছে গ’ল।
ਤਤਸ੍ਤੌ ਤਤ੍ਕ੍ਸ਼਼ਣਮੇਵ ਜਾਲਾਨਿ ਪਰਿਤ੍ਯਜ੍ਯ ਤਸ੍ਯ ਪਸ਼੍ਚਾਤ੍ ਜਗ੍ਮਤੁਃ|
19 ১৯ পাছত যীচুৱে অলপ দূৰ আগুৱাই গৈ থাকোতে, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে; তেওঁলোকেও নাৱত জাল মেৰামতি কৰি আছিল।
ਤਤਃ ਪਰੰ ਤਤ੍ਸ੍ਥਾਨਾਤ੍ ਕਿਞ੍ਚਿਦ੍ ਦੂਰੰ ਗਤ੍ਵਾ ਸ ਸਿਵਦੀਪੁਤ੍ਰਯਾਕੂਬ੍ ਤਦ੍ਭ੍ਰਾਤ੍ਰੁʼਯੋਹਨ੍ ਚ ਇਮੌ ਨੌਕਾਯਾਂ ਜਾਲਾਨਾਂ ਜੀਰ੍ਣਮੁੱਧਾਰਯਨ੍ਤੌ ਦ੍ਰੁʼਸ਼਼੍ਟ੍ਵਾ ਤਾਵਾਹੂਯਤ੍|
20 ২০ তেওঁ তেতিয়াই তেওঁলোকক মাতিলে; লগে লগে তেওঁলোকে নিজৰ বাপেক চিবদিয় ও কাম কৰা বনুৱাৰ সকলে সৈতে নাও এৰি যীচুৰ পাছে পাছে গ’ল।
ਤਤਸ੍ਤੌ ਨੌਕਾਯਾਂ ਵੇਤਨਭੁਗ੍ਭਿਃ ਸਹਿਤੰ ਸ੍ਵਪਿਤਰੰ ਵਿਹਾਯ ਤਤ੍ਪਸ਼੍ਚਾਦੀਯਤੁਃ|
21 ২১ পাছত তেওঁলোকে কফৰনাহূমলৈ গ’ল আৰু বিশ্ৰামবাৰ আহিলত নাম-ঘৰত সোমাই উপদেশ দিলে।
ਤਤਃ ਪਰੰ ਕਫਰ੍ਨਾਹੂਮ੍ਨਾਮਕੰ ਨਗਰਮੁਪਸ੍ਥਾਯ ਸ ਵਿਸ਼੍ਰਾਮਦਿਵਸੇ ਭਜਨਗ੍ਰਹੰ ਪ੍ਰਵਿਸ਼੍ਯ ਸਮੁਪਦਿਦੇਸ਼|
22 ২২ তেওঁৰ উপদেশত লোক সকলে বিস্ময় মানিলে, কিয়নো তেওঁ বিধানৰ অধ্যাপক সকলে উপদেশ দিয়াৰ নিচিনাকৈ নিদি ক্ষমতাপন্ন ব্যক্তিৰ দৰে তেওঁলোকক উপদেশ দিলে।
ਤਸ੍ਯੋਪਦੇਸ਼ਾੱਲੋਕਾ ਆਸ਼੍ਚਰ੍ੱਯੰ ਮੇਨਿਰੇ ਯਤਃ ਸੋਧ੍ਯਾਪਕਾਇਵ ਨੋਪਦਿਸ਼ਨ੍ ਪ੍ਰਭਾਵਵਾਨਿਵ ਪ੍ਰੋਪਦਿਦੇਸ਼|
23 ২৩ সেই সময়ত তেওঁলোকৰ সেই নাম-ঘৰতে অশুচি আত্মাই ধৰা এজন মানুহ আছিল। তেওঁ আটাহ পাৰি ক’লে,
ਅਪਰਞ੍ਚ ਤਸ੍ਮਿਨ੍ ਭਜਨਗ੍ਰੁʼਹੇ ਅਪਵਿਤ੍ਰਭੂਤੇਨ ਗ੍ਰਸ੍ਤ ਏਕੋ ਮਾਨੁਸ਼਼ ਆਸੀਤ੍| ਸ ਚੀਤ੍ਸ਼ਬ੍ਦੰ ਕ੍ਰੁʼਤ੍ਵਾ ਕਥਯਾਞ੍ਚਕੇ
24 ২৪ “হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি কোন, মই জানো৷ আপুনি ঈশ্বৰৰ পবিত্ৰ জন”।
ਭੋ ਨਾਸਰਤੀਯ ਯੀਸ਼ੋ ਤ੍ਵਮਸ੍ਮਾਨ੍ ਤ੍ਯਜ, ਤ੍ਵਯਾ ਸਹਾਸ੍ਮਾਕੰ ਕਃ ਸਮ੍ਬਨ੍ਧਃ? ਤ੍ਵੰ ਕਿਮਸ੍ਮਾਨ੍ ਨਾਸ਼ਯਿਤੁੰ ਸਮਾਗਤਃ? ਤ੍ਵਮੀਸ਼੍ਵਰਸ੍ਯ ਪਵਿਤ੍ਰਲੋਕ ਇਤ੍ਯਹੰ ਜਾਨਾਮਿ|
25 ২৫ কিন্তু যীচুৱে তাক ডবিয়াই ক’লে, “মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!”
ਤਦਾ ਯੀਸ਼ੁਸ੍ਤੰ ਤਰ੍ਜਯਿਤ੍ਵਾ ਜਗਾਦ ਤੂਸ਼਼੍ਣੀਂ ਭਵ ਇਤੋ ਬਹਿਰ੍ਭਵ ਚ|
26 ২৬ তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গ’ল।
ਤਤਃ ਸੋ(ਅ)ਪਵਿਤ੍ਰਭੂਤਸ੍ਤੰ ਸਮ੍ਪੀਡ੍ਯ ਅਤ੍ਯੁਚੈਸ਼੍ਚੀਤ੍ਕ੍ਰੁʼਤ੍ਯ ਨਿਰ੍ਜਗਾਮ|
27 ২৭ তাতে সকলোৱে বিস্ময় মানি, ইজনে সিজনে সোধা-সুধি কৰি কলে, “এইয়া কি? ক্ষমতাপন্ন জনৰ দৰে এক নতুন উপদেশ! এওঁ অশুচি আত্মাকো আজ্ঞা দিয়াত, সিহঁতেও দেখোন এওঁক মানে”।
ਤੇਨੈਵ ਸਰ੍ੱਵੇ ਚਮਤ੍ਕ੍ਰੁʼਤ੍ਯ ਪਰਸ੍ਪਰੰ ਕਥਯਾਞ੍ਚਕ੍ਰਿਰੇ, ਅਹੋ ਕਿਮਿਦੰ? ਕੀਦ੍ਰੁʼਸ਼ੋ(ਅ)ਯੰ ਨਵ੍ਯ ਉਪਦੇਸ਼ਃ? ਅਨੇਨ ਪ੍ਰਭਾਵੇਨਾਪਵਿਤ੍ਰਭੂਤੇਸ਼਼੍ਵਾਜ੍ਞਾਪਿਤੇਸ਼਼ੁ ਤੇ ਤਦਾਜ੍ਞਾਨੁਵਰ੍ੱਤਿਨੋ ਭਵਨ੍ਤਿ|
28 ২৮ তেতিয়া তেওঁৰ খ্যাতি গালীল প্ৰদেশৰ চৌদিশে আৰু সেই অঞ্চলৰ সকলো ঠাইলৈ বিয়পি গ’ল।
ਤਦਾ ਤਸ੍ਯ ਯਸ਼ੋ ਗਾਲੀਲਸ਼੍ਚਤੁਰ੍ਦਿਕ੍ਸ੍ਥਸਰ੍ੱਵਦੇਸ਼ਾਨ੍ ਵ੍ਯਾਪ੍ਨੋਤ੍|
29 ২৯ পাছত তেওঁলোকে নাম-ঘৰৰ পৰা ওলাই আহি চিমোন আৰু আন্দ্রিয়ৰ ঘৰত সোমাল। তেওঁলোকৰ লগত যাকোব আৰু যোহনো আছিল।
ਅਪਰਞ੍ਚ ਤੇ ਭਜਨਗ੍ਰੁʼਹਾਦ੍ ਬਹਿ ਰ੍ਭੂਤ੍ਵਾ ਯਾਕੂਬ੍ਯੋਹਨ੍ਭ੍ਯਾਂ ਸਹ ਸ਼ਿਮੋਨ ਆਨ੍ਦ੍ਰਿਯਸ੍ਯ ਚ ਨਿਵੇਸ਼ਨੰ ਪ੍ਰਵਿਵਿਸ਼ੁਃ|
30 ৩০ তাতে চিমোনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ বিচনাত পৰি আছিল৷ তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীচুক জনালে।
ਤਦਾ ਪਿਤਰਸ੍ਯ ਸ਼੍ਵਸ਼੍ਰੂਰ੍ਜ੍ਵਰਪੀਡਿਤਾ ਸ਼ੱਯਾਯਾਮਾਸ੍ਤ ਇਤਿ ਤੇ ਤੰ ਝਟਿਤਿ ਵਿਜ੍ਞਾਪਯਾਞ੍ਚਕ੍ਰੁਃ|
31 ৩১ তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক তুলিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা-শুশ্রূষা কৰিবলৈ ধৰিলে।
ਤਤਃ ਸ ਆਗਤ੍ਯ ਤਸ੍ਯਾ ਹਸ੍ਤੰ ਧ੍ਰੁʼਤ੍ਵਾ ਤਾਮੁਦਸ੍ਥਾਪਯਤ੍; ਤਦੈਵ ਤਾਂ ਜ੍ਵਰੋ(ਅ)ਤ੍ਯਾਕ੍ਸ਼਼ੀਤ੍ ਤਤਃ ਪਰੰ ਸਾ ਤਾਨ੍ ਸਿਸ਼਼ੇਵੇ|
32 ৩২ সেই দিনা সন্ধিয়া বেলি মাৰ গলত, লোক সকলে সকলো ৰোগীক আৰু ভূতে পোৱা লোক সকলক তেওঁৰ ওচৰলৈ আনিলে;
ਅਥਾਸ੍ਤੰ ਗਤੇ ਰਵੌ ਸਨ੍ਧ੍ਯਾਕਾਲੇ ਸਤਿ ਲੋਕਾਸ੍ਤਤ੍ਸਮੀਪੰ ਸਰ੍ੱਵਾਨ੍ ਰੋਗਿਣੋ ਭੂਤਧ੍ਰੁʼਤਾਂਸ਼੍ਚ ਸਮਾਨਿਨ੍ਯੁਃ|
33 ৩৩ আৰু নগৰৰ লোক সকল আহি দুৱাৰ-মুখতে গোট খালে।
ਸਰ੍ੱਵੇ ਨਾਗਰਿਕਾ ਲੋਕਾ ਦ੍ਵਾਰਿ ਸੰਮਿਲਿਤਾਸ਼੍ਚ|
34 ৩৪ তাতে তেওঁ নানা বিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্থ কৰিলে আৰু ভূতে পোৱা বহু লোকৰ পৰা ভূত খেদালে৷ কিন্তু ভূতবোৰক একো কথা কবলৈ নিদিলে; কিয়নো সিহঁতে তেওঁক জানিছিল৷
ਤਤਃ ਸ ਨਾਨਾਵਿਧਰੋਗਿਣੋ ਬਹੂਨ੍ ਮਨੁਜਾਨਰੋਗਿਣਸ਼੍ਚਕਾਰ ਤਥਾ ਬਹੂਨ੍ ਭੂਤਾਨ੍ ਤ੍ਯਾਜਯਾਞ੍ਚਕਾਰ ਤਾਨ੍ ਭੂਤਾਨ੍ ਕਿਮਪਿ ਵਾਕ੍ਯੰ ਵਕ੍ਤੁੰ ਨਿਸ਼਼ਿਸ਼਼ੇਧ ਚ ਯਤੋਹੇਤੋਸ੍ਤੇ ਤਮਜਾਨਨ੍|
35 ৩৫ অতি ৰাতিপুৱা প্ৰায় আন্ধাৰ হৈ থাকোতেই তেওঁ উঠি, বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল।
ਅਪਰਞ੍ਚ ਸੋ(ਅ)ਤਿਪ੍ਰਤ੍ਯੂਸ਼਼ੇ ਵਸ੍ਤੁਤਸ੍ਤੁ ਰਾਤ੍ਰਿਸ਼ੇਸ਼਼ੇ ਸਮੁੱਥਾਯ ਬਹਿਰ੍ਭੂਯ ਨਿਰ੍ਜਨੰ ਸ੍ਥਾਨੰ ਗਤ੍ਵਾ ਤਤ੍ਰ ਪ੍ਰਾਰ੍ਥਯਾਞ੍ਚਕ੍ਰੇ|
36 ৩৬ পাছত চিমোন আৰু লগৰবোৰে তেওঁক বিচাৰি গ’ল৷
ਅਨਨ੍ਤਰੰ ਸ਼ਿਮੋਨ੍ ਤਤ੍ਸਙ੍ਗਿਨਸ਼੍ਚ ਤਸ੍ਯ ਪਸ਼੍ਚਾਦ੍ ਗਤਵਨ੍ਤਃ|
37 ৩৭ পাছত তেওঁক পাই কলে, “সকলোৱে আপোনাক বিচাৰি আছে”।
ਤਦੁੱਦੇਸ਼ੰ ਪ੍ਰਾਪ੍ਯ ਤਮਵਦਨ੍ ਸਰ੍ੱਵੇ ਲੋਕਾਸ੍ਤ੍ਵਾਂ ਮ੍ਰੁʼਗਯਨ੍ਤੇ|
38 ৩৮ তাতে তেওঁ তেওঁলোকক ক’লে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই বাক্য ঘোষণা কৰিব লাগে; মই এই বাবেই ওলাই আহিলোঁ”।
ਤਦਾ ਸੋ(ਅ)ਕਥਯਤ੍ ਆਗੱਛਤ ਵਯੰ ਸਮੀਪਸ੍ਥਾਨਿ ਨਗਰਾਣਿ ਯਾਮਃ, ਯਤੋ(ਅ)ਹੰ ਤਤ੍ਰ ਕਥਾਂ ਪ੍ਰਚਾਰਯਿਤੁੰ ਬਹਿਰਾਗਮਮ੍|
39 ৩৯ পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে।
ਅਥ ਸ ਤੇਸ਼਼ਾਂ ਗਾਲੀਲ੍ਪ੍ਰਦੇਸ਼ਸ੍ਯ ਸਰ੍ੱਵੇਸ਼਼ੁ ਭਜਨਗ੍ਰੁʼਹੇਸ਼਼ੁ ਕਥਾਃ ਪ੍ਰਚਾਰਯਾਞ੍ਚਕ੍ਰੇ ਭੂਤਾਨਤ੍ਯਾਜਯਞ੍ਚ|
40 ৪০ তাতে এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহিল; আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠু লৈ ক’লে, “আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে”।
ਅਨਨ੍ਤਰਮੇਕਃ ਕੁਸ਼਼੍ਠੀ ਸਮਾਗਤ੍ਯ ਤਤ੍ਸੰਮੁਖੇ ਜਾਨੁਪਾਤੰ ਵਿਨਯਞ੍ਚ ਕ੍ਰੁʼਤ੍ਵਾ ਕਥਿਤਵਾਨ੍ ਯਦਿ ਭਵਾਨ੍ ਇੱਛਤਿ ਤਰ੍ਹਿ ਮਾਂ ਪਰਿਸ਼਼੍ਕਰ੍ੱਤੁੰ ਸ਼ਕ੍ਨੋਤਿ|
41 ৪১ তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ৷ শুচি হোৱা”।
ਤਤਃ ਕ੍ਰੁʼਪਾਲੁ ਰ੍ਯੀਸ਼ੁਃ ਕਰੌ ਪ੍ਰਸਾਰ੍ੱਯ ਤੰ ਸ੍ਪਸ਼਼੍ਟ੍ਵਾ ਕਥਯਾਮਾਸ
42 ৪২ তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল আৰু তেওঁ শুচি হ’ল।
ਮਮੇੱਛਾ ਵਿਦ੍ਯਤੇ ਤ੍ਵੰ ਪਰਿਸ਼਼੍ਕ੍ਰੁʼਤੋ ਭਵ| ਏਤਤ੍ਕਥਾਯਾਃ ਕਥਨਮਾਤ੍ਰਾਤ੍ ਸ ਕੁਸ਼਼੍ਠੀ ਰੋਗਾਨ੍ਮੁਕ੍ਤਃ ਪਰਿਸ਼਼੍ਕ੍ਰੁʼਤੋ(ਅ)ਭਵਤ੍|
43 ৪৩ যীচুৱে তেওঁক কঠোৰ আজ্ঞা দি বিদায় দিলে।
ਤਦਾ ਸ ਤੰ ਵਿਸ੍ਰੁʼਜਨ੍ ਗਾਢਮਾਦਿਸ਼੍ਯ ਜਗਾਦ
44 ৪৪ যীচুৱে তেওঁক ক’লে, “সাৱধান হোৱা; কোনো ব্যক্তিক একো নকবা; কিন্তু যোৱা, পুৰোহিতৰ ওচৰত গৈ নিজকে দেখুওৱা আৰু তুমি শুচি হবৰ অৰ্থে মোচিয়ে যি যি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে, তেওঁলোকক সাক্ষ্য দিবৰ বাবে সেইবোৰ উৎসৰ্গ কৰাগৈ”।
ਸਾਵਧਾਨੋ ਭਵ ਕਥਾਮਿਮਾਂ ਕਮਪਿ ਮਾ ਵਦ; ਸ੍ਵਾਤ੍ਮਾਨੰ ਯਾਜਕੰ ਦਰ੍ਸ਼ਯ, ਲੋਕੇਭ੍ਯਃ ਸ੍ਵਪਰਿਸ਼਼੍ਕ੍ਰੁʼਤੇਃ ਪ੍ਰਮਾਣਦਾਨਾਯ ਮੂਸਾਨਿਰ੍ਣੀਤੰ ਯੱਦਾਨੰ ਤਦੁਤ੍ਸ੍ਰੁʼਜਸ੍ਵ ਚ|
45 ৪৫ কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনে ধৰণে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিবলগীয়া হ’ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।
ਕਿਨ੍ਤੁ ਸ ਗਤ੍ਵਾ ਤਤ੍ ਕਰ੍ੰਮ ਇੱਥੰ ਵਿਸ੍ਤਾਰ੍ੱਯ ਪ੍ਰਚਾਰਯਿਤੁੰ ਪ੍ਰਾਰੇਭੇ ਤੇਨੈਵ ਯੀਸ਼ੁਃ ਪੁਨਃ ਸਪ੍ਰਕਾਸ਼ੰ ਨਗਰੰ ਪ੍ਰਵੇਸ਼਼੍ਟੁੰ ਨਾਸ਼ਕ੍ਨੋਤ੍ ਤਤੋਹੇਤੋਰ੍ਬਹਿਃ ਕਾਨਨਸ੍ਥਾਨੇ ਤਸ੍ਯੌ; ਤਥਾਪਿ ਚਤੁਰ੍ੱਦਿਗ੍ਭ੍ਯੋ ਲੋਕਾਸ੍ਤਸ੍ਯ ਸਮੀਪਮਾਯਯੁਃ|