< মাৰ্ক 8 >

1 সেই সময়ত বহু মানুহ দলে দলে আহি তেওঁৰ ওচৰত গোট খাব ধৰিলে, কিন্তু তেওঁলোকৰ খাবলৈ একো নাছিল৷ তেতিয়া যীচুৱে নিজৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে,
ᎾᎯᏳᏃ ᎤᏂᏣᏘ ᎨᏒ ᏴᏫ ᏧᏈᏯ ᎨᏒ ᎢᏳᏍᏗ, ᎠᎴ ᏄᏂᎲᎾ ᎨᏒ ᎤᎾᎵᏍᏓᏴᏗ, ᏥᏌ ᏫᏚᏯᏅᎲ ᎬᏩᏍᏓᏩᏗᏙᎯ, ᎯᎠ ᏂᏚᏪᏎᎴᎢ;
2 “এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো এওঁলোক মোৰ লগত আজি তিনি দিন ধৰি আছে আৰু এওঁলোকৰ লগত খাবলৈ একো নাই।
ᎦᏥᏯᏙᎵᎦ ᎤᏂᏣᏘ ᎨᏒᎢ, ᏅᏗᎦᎵᏍᏙᏗ ᎿᎭᏉ ᏦᎢ ᎢᎦ ᎢᏧᎳᎭ ᎣᎨᏙᎸᎢ ᎠᎴ ᏄᏂᎲᎾ ᎨᏒ ᎤᎾᎵᏍᏓᏴᏗ;
3 যদি মই তেওঁলোকক নিজৰ নিজৰ ঘৰলৈ লঘোনে বিদায় দিওঁ, তেনেহলে বাটত হয়তো অচেতন হৈ যাব! কিয়নো কোনো কোনো লোক দুৰৈৰ পৰা আহিছে”।
ᎢᏳᏃ ᏱᎦᏥᏯᏂᎩᏍᏗᎭ ᏙᏧᏁᏅᏒ ᏯᏁᎦ ᏄᎾᎵᏍᏓᏴᏅᎾ, ᏩᎾᎢᏒᏉ ᏱᏓᏂᏩᎾᎦᎶᎩ; ᎢᎦᏛᏰᏃ ᎢᏅᎯᏳ ᏙᏧᏁᏅ.
4 তেতিয়া তেওঁৰ শিষ্য সকলে তেওঁক ক’লে, “এই লোক সকল তৃপ্ত হব পৰাকৈ এনে নির্জন ঠাইত ইমানবোৰ পিঠা আমি ক’ৰ পৰা যোগাৰ কৰিব পাৰিম?”
ᎬᏩᏍᏓᏩᏗᏙᎯᏃ ᎯᎠ ᏂᎬᏩᏪᏎᎴᎢ, ᎭᏢ ᏱᏓᎩ ᎩᎶ ᎾᏍᎩ ᎢᎦᎢ ᎦᏚ ᎠᏂ ᎢᎾᎨᎢ, ᎯᎠ ᎾᏍᎩ ᏰᎵ ᎬᏩᏂᏛᏓᏁᏗ.
5 তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “তোমালোকৰ কেইটা পিঠা আছে?” তেওঁলোকে ক’লে, “সাতোটা”।
ᏚᏛᏛᏁᏃ ᎯᎠ ᏄᏪᏎᎢ; ᎢᎳᎪ ᎦᏚ ᏕᏥᏰᎭ? ᎯᎠᏃ ᏄᏂᏪᏎᎢ, ᎦᎵᏉᎩ.
6 তেতিয়া তেওঁ লোক সকলক মাটিত বহিবলৈ আদেশ দিলে। পাছত তেওঁ সেই সাতোটা পিঠা লৈ স্তুতি কৰি, ভাঙি বিলাই দিবলৈ তেওঁৰ শিষ্য সকলক দিলে; তাতে তেওঁলোকে লোক সকলক বিলাই দিলে।
ᏚᏁᏤᎴᏃ ᎤᏂᏣᏘ ᎦᏙᎯ ᎤᎾᏂᏢᏗᏱ; ᎦᎵᏉᎩᏃ ᎦᏚ ᏚᎩᏒ, ᎠᎴ ᎤᎵᎮᎵᏨ, ᏚᎬᎭᎷᏰᎢ, ᎠᎴ ᎬᏩᏍᏓᏩᏗᏙᎯ ᏚᏁᎴ ᎾᏍᎩ ᎢᎬᏱᏗᏢ ᏧᏂᏁᏗᏱ; ᎢᎬᏱᏗᏢᏃ ᏚᏂᏁᎴ ᎤᏂᏣᏘ ᏴᏫ.
7 আৰু তেওঁলোকৰ লগত অলপ সৰু মাছো আছিল; তেওঁ সেই মাছখিনিকো আশীৰ্বাদ কৰিলে আৰু বিলাই দিবলৈ ক’লে।
ᎠᎴ ᎢᎸᏍᎩ ᏧᎾᏍᏗ ᎠᏣᏗ ᏓᏂᏁᎮᎢ, ᎤᎵᎮᎵᏨᏃ ᎤᏁᏤ ᎾᏍᎩ ᎾᏍᏉ ᎢᎬᏱᏗᏢ ᏧᏂᏅᏗᏱ.
8 তাতে লোক সকলে খাই তৃপ্ত হ’ল। তাৰ পাছত তেওঁলোকে ৰৈ যোৱা টুকুৰাবোৰৰ সাতোটা ভৰা পাচি তুলি ল’লে।
ᎤᎾᎵᏍᏓᏴᏁᏃ, ᎠᎴ ᏚᏃᎸᏎᎢ; ᎤᏄᏖᏎᏃ ᎤᎵᎬᎭᎷᏴᎯ ᎤᏘᏴᎯ ᎦᎵᏉᎩ ᎢᏯᎧᎵᎢ ᏔᎷᏣ.
9 তাতে তেওঁলোক প্ৰায় চাৰি হাজাৰ মানুহ আছিল। তাৰ পাছত যীচুৱে তেওঁলোকক বিদায় দিলে;
ᎤᎾᎵᏍᏓᏴᏅᎯᏃ ᏅᎩ ᎢᏯᎦᏴᎵ ᎢᏴᏛ ᎾᏂᎡᎢ; ᏚᏰᎵᎯᏍᏔᏁᏃ.
10 ১০ তেওঁ শিষ্য সকলৰ সৈতে নাৱত উঠিল আৰু দলমনুথাৰ অঞ্চললৈ গ’ল।
ᎢᎬᏪᏅᏛᏃ ᏥᏳᎯ ᎤᏣᏁ ᎠᏁᎮ ᎬᏩᏍᏓᏩᏗᏙᎯ, ᎠᎴ ᏓᎵᎻᏄᏓ ᎠᏍᏛ ᏭᎷᏤᎢ.
11 ১১ তেতিয়া ফৰীচী সকল ওলাই আহিল আৰু তেওঁৰে সৈতে তর্ক-বিতর্ক কৰিবলৈ ধৰিলে। তেওঁলোকে তেওঁক পৰীক্ষা কৰাৰ উদ্দেশ্যে স্বৰ্গৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে।
ᎠᏂᏆᎵᏏᏃ ᎤᏂᎷᏤ ᎠᎴ ᎤᎾᎴᏅᎮ ᎬᏩᏛᏛᎮᎸᏁᎢ, ᎬᏩᏔᏲᏎᎴ ᏧᎾᏄᎪᏫᏎᏗᏱ ᎤᏰᎸᏛ ᎦᎸᎳᏗ ᏅᏓᏳᎶᏒᎯ, ᎬᏩᎪᎵᏰᏍᎨᎢ.
12 ১২ তাতে তেওঁ আত্মাত বৰকৈ হুমুনিয়াহ পেলাই ক’লে, “এই কালৰ লোক সকলে কিয় পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে? মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকলক কোনো চিন দিয়া নহ’ব।”
ᎤᏓᏅᏙᎩᎯᏃ ᎭᏫᏂ ᎤᎵᏰᏔᏁᎢ, ᎠᎴ ᎯᎠ ᏄᏪᏎᎢ, ᎦᏙᏃ ᎪᎯ ᎯᎠ ᏣᏁᎭ ᎤᏰᎸᏛ ᎤᏂᏲᎭ? ᎤᏙᎯᏳᎯᏯ ᎯᎠ ᏂᏨᏪᏎᎭ, ᎥᏝ ᎬᏂᎨᏒ ᎢᎨᎬᏁᏗ ᏱᎨᏎᏍᏗ ᎤᏰᎸᏛ ᎯᎠ ᎪᎯ ᏣᏁᎭ.
13 ১৩ পাছে তেওঁ তেওঁলোকক এৰি আকৌ নাৱত উঠি সিপাৰলৈ গুচি গ’ল।
ᏚᏓᏅᎡᎸᏃ, ᎠᎴ ᏔᎵᏁ ᏥᏳᎯ ᎤᏣᏅ, ᎠᏍᎪᎾ ᏭᎶᏎᎢ.
14 ১৪ তেতিয়া শিষ্য সকলে লগত পিঠা ল’বলৈ পাহৰিলে। তেওঁলোকৰ লগত এটা পিঠাৰ বাহিৰে নাৱত একোৱেই নাছিল।
[ ᎬᏩᏍᏓᏩᏗᏙᎯᏃ ] ᎤᏅᎨᏫᏒᎯ ᎨᏎ ᎦᏚ ᏧᎾᏕᏅᏗᏱ, ᎥᏝ ᎠᎴ ᏳᎶᏒᏍᏕ ᏌᏉ ᎦᏚ ᎤᏂᎸ ᏥᏳᎯ.
15 ১৫ এনেতে তেওঁ সতৰ্ক কৰি তেওঁলোকক আজ্ঞা দি ক’লে, “চাবা, তোমালোকে ফৰীচী সকলৰ খমিৰ আৰু হেৰোদৰ খমিৰলৈ সাৱধান হ’বা।”
ᏚᏁᏤᎴᏃ ᎯᎠ ᏄᏪᏎᎢ, ᎢᏥᏯᏫᏍᎨᏍᏗ, ᎠᏂᏆᎵᏏ ᎤᎾᏤᎵ ᎠᎪᏙᏗ ᎢᏤᏯᏙᏤᎮᏍᏗ, ᎠᎴ ᎡᎶᏗ ᎤᏤᎵ ᎠᎪᏙᏗ.
16 ১৬ তাতে শিষ্য সকলে ইজনে সিজনে যুক্তি সহকাৰে কোৱা-মেলা কৰি ক’লে, “অ! আমাৰ পিঠা নাই।”
ᎤᏅᏒᏃ ᎨᏒ ᎤᎾᎵᏃᎮᎴ, ᎯᎠ ᏄᏂᏪᏎᎢ, ᏅᏗᎦᎵᏍᏙᏗᎭ ᎦᏚ ᏂᏗᏗᏰᎲᎾ ᎨᏒᎢ.
17 ১৭ যীচুৱে এই বিষয়ে জানিবলৈ পোৱাত তেওঁলোকক ক’লে, “তোমালোকৰ পিঠা নোহোৱা হেতুকে, তোমালোকে কিয় যুক্তি-তৰ্ক কৰিছা? তোমালোকে এতিয়ালৈকে বুজি পোৱা নাই নে? এতিয়ালৈকে তোমালোকৰ হৃদয় কঠিন কৰি ৰাখিছা নে?
ᏥᏌᏃ ᎤᏙᎴᎰᏒ ᎯᎠ ᏂᏚᏪᏎᎴᎢ, ᎦᏙᏃ ᎢᏣᎵᏃᎮᎭ ᎦᏚ ᏂᏗᏥᏰᎲᎾ ᎨᏒ ᎢᏳᏍᏗ? ᎠᏏᏉᏍᎪ ᏂᏣᏙᎴᎰᏍᎬᎾ ᎢᎩ, ᎠᎴ ᏂᏦᎵᎬᎾ ᎢᎩ? ᎠᏏᏉᏍᎪ ᎠᏍᏓᏯ ᏂᏕᏨᏅ ᏗᏥᎾᏫ?
18 ১৮ তোমালোকৰ চকু আছে কিন্তু নেদেখা? তোমালোকৰ কাণ আছে কিন্তু নুশুনা? তোমালোকৰ মনত নপৰে নে?
ᏕᏥᎧᏅᏍᎪ, ᏂᏥᎪᏩᏘᏍᎬᎾᏃ ᎢᎩ? ᏕᏥᎵᎷᎦᏍᎪ, ᏂᏣᏛᎩᏍᎬᎾᏃ ᎢᎩ? ᎠᎴ ᏂᏣᏅᏓᏗᏍᎬᎾᏍᎪ ᎢᎩ?
19 ১৯ মই যেতিয়া পাঁচ হাজাৰ মানুহৰ মাজত পাঁচটা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে ক’লে, “বাৰটা”।
ᎯᏍᎩ ᎦᏚ ᏓᎩᎬᎭᎷᏴ ᎯᏍᎩ ᎢᏯᎦᏴᎵ ᏕᏥᏁᎸ, ᎢᎳᎪ ᎢᏯᎧᎵᎢ ᏔᎷᏣ ᎤᎵᎬᎭᎷᏴᎯ ᎢᏧᏖᏎᎢ? ᏔᎳᏚ ᎢᎬᏬᏎᎴᎢ.
20 ২০ “আৰু যেতিয়া চাৰি হাজাৰ মানুহৰ মাজত সাতোটা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে ক’লে, “সাতোটা”।
ᎦᎵᏉᎩᏃ [ ᎦᏚ ] ᏅᎩ ᎢᏯᎦᏴᎵ ᏕᏥᏁᎸ, ᎢᎳᎪ ᎢᏯᎧᎵᎢ ᏔᎷᏣ ᎤᎵᎬᎭᎷᏴᎯ ᎢᏧᏖᏎᎢ? ᎦᎵᏉᎩ ᎤᎾᏛᏁᎢ.
21 ২১ তেতিয়া তেওঁ তেওঁলোকক ক’লে, “তেনেহলে তোমালোকে এতিয়ালৈকে বুজা নাই নে?”
ᎯᎠᏃ ᏂᏚᏪᏎᎴᎢ, ᎦᏙ ᎦᎵᏍᏙᏗᎭ ᏂᏦᎵᎬᎾ ᏥᎩ?
22 ২২ পাছত তেওঁলোক বৈৎ-চৈদা গাঁৱলৈ আহিল৷ লোক সকলে এজন মানুহক যীচুৰ ওচৰলৈ আনিলে আৰু তেওঁক চুই দিবলৈ বিনয় কৰিলে।
ᏇᏣᏱᏗᏃ ᏭᎷᏤᎢ; ᏗᎨᏫᏃ ᎠᏍᎦᏯ ᎬᏩᏘᏃᎮᎴᎢ, ᎠᎴ ᎤᏂᏔᏲᏎᎴ ᎾᏍᎩ ᎤᏒᏂᏍᏗᏱ.
23 ২৩ তেতিয়া তেওঁ সেই অন্ধ জনক হাতত ধৰি গাঁৱৰ বাহিৰলৈ লৈ গ’ল। তাতে তেওঁৰ চকুত থুই দিলে আৰু শৰীৰ চুই সুধিলে- “কিবা দেখিছা নে?”
ᏗᎨᏫᏃ ᎤᏬᏯᏁᏒ, ᎦᏚᎲ ᎤᏄᎪᏫᏎᎢ; ᏗᎦᏙᎵᏃ ᏚᎵᏥᏍᏋ, ᎠᎴ ᏚᏏᏔᏛ, ᎪᎱᏍᏗᏍᎪ ᎯᎪᏩᏛᏗᎭ? ᎤᏬᏎᎴᎢ.
24 ২৪ তেতিয়া তেওঁ চকু তুলি চাই ক’লে, “লোক সকলক দেখা পাইছো; কিন্তু তেওঁলোক খোজকাঢ়ি ফুৰা গছৰ নিচিনা।”
ᏚᎧᎿᎭᏅᏃ, ᎯᎠ ᏄᏪᏎᎢ, ᏴᏫ ᎦᏥᎪᏩᏘᎭ ᎠᏁᎩᎭ ᏕᏡᎬ ᎾᏍᎩᏯᎢ.
25 ২৫ তেতিয়া যীচুৱে তেওঁৰ চকু পুনৰ হাতেৰে স্পর্শ কৰিলে আৰু তেওঁ চকু মেলি দিয়াত, সকলো পুনৰুদ্ধাৰ হোৱা পালে আৰু সকলোকে স্পষ্টকৈ দেখিলে।
ᎿᎭᏉᏃ ᏔᎵᏁ ᏗᎦᏙᎵ ᏚᏏᏔᏕᎢ, ᎠᎴ ᏧᎧᏃᏗᏱ ᏄᏩᏁᎴᎢ; ᎠᎴ ᎤᏗᏩᏎᎢ, ᎠᎴ ᎾᏂᎥ ᎣᏏᏳ ᏓᎪᏩᏗᏍᎨᎢ.
26 ২৬ পাছত যীচুৱে তেওঁক নিজৰ ঘৰলৈ পঠাই দি ক’লে, “নগৰত নোসোমাবা।”
ᎠᎴ ᎤᏁᏤᎴ ᏧᏪᏅᏒ ᏭᎶᎯᏍᏗᏱ, ᎯᎠ ᏄᏪᏎᎢ, ᏞᏍᏗ ᏗᎦᏚᎲ ᏫᏣᏴᎸᎩ, ᎠᎴ ᏞᏍᏗ ᎩᎶ ᎦᏚᎲ ᎡᎯ ᎯᏃᏁᎸᎩ.
27 ২৭ পাছত যীচু তেওঁৰ শিষ্য সকলৰ সৈতে চীজাৰিয়া-ফিলিপীৰ গাওঁবোৰলৈ ওলাই গ’ল৷ বাটত তেওঁ নিজৰ শিষ্য সকলক সুধিলে, “মানুহবোৰে মোক কোন বুলি কয়?”
ᏥᏌᏃ ᎤᏄᎪᏤ ᎠᎴ ᎾᏍᎩ ᎬᏩᏍᏓᏩᏗᏙᎯ, ᏏᏌᎵᏱ ᏈᎵᎩ ᏕᎦᏚᎲ ᏭᏂᎶᏎᎢ; ᏩᎾᎢᏒᏃ ᏚᏛᏛᏁ ᎬᏩᏍᏓᏩᏗᏙᎯ, ᎯᎠ ᏂᏚᏪᏎᎴᎢ, ᎦᎪ ᎬᏉᏎᎰ ᏴᏫ?
28 ২৮ তেতিয়া তেওঁলোকে ক’লে- “কিছুমানে ‘যোহন বাপ্তাইজক’; কিছুমানে ‘এলিয়া’; আৰু আন কিছুমানে ভাববাদী সকলৰ মাজৰ এজন বুলি কয়।”
ᎯᎠᏃ ᏄᏂᏪᏎᎢ, ᏣᏂ ᏗᏓᏬᏍᎩ; ᎢᎦᏛᏍᎩᏂ ᎢᎳᏯ [ ᎠᎾᏗᎭ; ] ᎢᎦᏛᏃ, ᎩᎶ ᎢᏳᏍᏗ ᎠᎾᏙᎴᎰᏍᎩ.
29 ২৯ তেতিয়া তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?” পিতৰে উত্তৰ দি তেওঁক ক’লে, “আপুনি খ্ৰীষ্ট, সেই অভিষিক্ত জন।”
ᎯᎠᏃ ᏂᏚᏪᏎᎴᎢ, ᏂᎯᎾᏃ ᎦᎪ ᏍᎩᏲᏎᎭ? ᏈᏓᏃ ᎤᏁᏨ ᎯᎠ ᏄᏪᏎᎴᎢ, ᎦᎶᏁᏛ ᏂᎯ.
30 ৩০ তেতিয়া এই বিষয়ে কাৰো আগত নকবলৈ যীচুৱে তেওঁলোকক সাৱধান কৰি দিলে।
ᏚᏁᏤᎴᏃ ᎾᏍᎩ ᎩᎶ ᎤᏂᏃᏁᏗᏱ ᏂᎨᏒᎾ.
31 ৩১ তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে যে, মানুহৰ পুত্রই বহু কষ্ট ভোগ কৰিব লাগিব, তেওঁ পৰিচাৰক সকলৰ দ্বাৰা অগ্ৰাহ্য হ’ব আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক বধ কৰিব; তাতে তিনি দিনৰ দিনা পুনৰাই জীয়াই উঠিব লাগিব।
ᎤᎴᏅᎮᏃ ᏚᏪᏲᏁᎢ, ᎾᏍᎩ ᏴᏫ ᎤᏪᏥ ᎤᏣᏘ ᏧᏓᎴᏅᏛ ᎤᎩ ᎵᏲᎢᏍᏗᏱ; ᎠᎴ ᎬᏩᏲᎢᏎᏗ ᎨᏒ ᏗᏂᎳᏫᎩ, ᎠᎴ ᏄᏂᎬᏫᏳᏒ ᎠᏥᎸ-ᎠᏁᎶᎯ ᎠᎴ ᏗᏃᏪᎵᏍᎩ, ᎠᎴ ᎠᏥᎢᏍᏗᏱ ᎨᏒᎢ, ᏦᎢᏁᏃ ᎢᎦ ᏧᎴᎯᏐᏗ ᎨᏒᎢ.
32 ৩২ তেওঁ এই কথা স্পষ্টভাৱে ক’লে। তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি, অনুযোগ কৰিব ধৰিলে।
ᎾᏍᎩᏃ ᎯᎠ ᎬᏂᎨᏒ ᏄᏪᏎᎢ. ᏈᏓᏃ ᎤᏯᏅᎲ ᎤᎴᏅᎮ ᎤᎬᏍᎪᎸᏁᎢ.
33 ৩৩ কিন্তু তেওঁ ঘুৰি, নিজৰ শিষ্য সকলক চাই পিতৰক ডবিয়াই ক’লে, “মোৰ ওচৰৰ পৰা গুচি যা চয়তান! তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
ᎠᏎᏃ ᎤᎦᏔᎲᏒ, ᎠᎴ ᎬᏩᏍᏓᏩᏗᏙᎯ ᏚᎧᎿᎭᏅ, ᏈᏓ ᎤᎬᏍᎪᎸᏁᎢ, ᎯᎠ ᏄᏪᏎᎢ, ᎠᏆᏐᎭᏛ ᎭᎴᎲᎦ ᏎᏓᏂ; ᎥᏝᏰᏃ ᎤᏁᎳᏅᎯ ᎤᏤᎵ ᎨᏒ ᎣᏏᏳ ᏱᏣᏰᎸᎭ, ᏴᏫᏍᎩᏂ ᎤᎾᏤᎵ ᎨᏒᎢ.
34 ৩৪ পাছত তেওঁ নিজৰ শিষ্য সকলৰ সৈতে লোক সকলক ওচৰলৈ মাতি আনি ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে দমন কৰক, আৰু নিজৰ ক্ৰুচ তুলিলৈ মোৰ পাছে পাছে আহক।
ᏫᏚᏯᏅᎲᏃ ᏴᏫ, ᎠᎴ ᎾᏍᏉ ᎬᏩᏍᏓᏩᏗᏙᎯ, ᎯᎠ ᏂᏚᏪᏎᎴᎢ, ᎩᎶ ᎤᏚᎵᏍᎨᏍᏗ ᎠᎩᏍᏓᏩᏛᏍᏗᏱ, ᎤᏩᏒ ᎠᏓᏓᏱᎮᏍᏗ, ᎠᎴ ᎤᏩᏒ ᎤᏤᎵ ᏧᏓᎾᏩᏛ ᎠᏱᏍᎨᏍᏗ, ᎠᎴ ᎠᎩᏍᏓᏩᏕᎨᏍᏗ.
35 ৩৫ কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ আৰু শুভবাৰ্তাৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন ৰক্ষা কৰিব।
ᎩᎶᏰᏃ ᎤᏚᎵᏍᎨᏍᏗ ᎬᏅ ᎤᏍᏕᎸᏗᏱ, ᎾᏍᎩ ᎤᏲᎱᏎᎮᏍᏗ; ᎩᎶᏍᎩᏂ ᎬᏅ ᎤᏲᎱᏎᎮᏍᏗ ᎠᏴ ᎠᎴ ᎣᏍᏛ ᎧᏃᎮᏛ ᏅᏗᎦᎵᏍᏙᏗᏍᎨᏍᏗ, ᎾᏍᎩ ᎠᏥᏍᏕᎸᏗ ᎨᏎᏍᏗ.
36 ৩৬ কাৰণ কোনো এজন মানুহে গোটেই জগত খন পোৱাৰ পাছতো যদি নিজৰ জীৱন হেৰুৱাই, তেনেহলে তেওঁৰ কি লাভ?
ᎦᏙᏰᏃ ᏳᏁᏉᏥ ᏴᏫ, ᎢᏳᏃ ᏂᎬᎾᏛ ᎡᎶᎯ ᎤᏤᎵ ᏱᏄᎵᏍᏔᏅ, ᎤᏩᏒᏃ ᎤᏓᏅᏙ ᏳᏲᎱᏎᎸ?
37 ৩৭ কিয়নো মানুহে আপোন জীৱনৰ সলনি কি দিব পাৰে?
ᎠᎴ ᎦᏙ ᏯᎲᎦ ᏴᏫ ᏱᎦᏁᏟᏴᏍᏓ ᎤᏓᏅᏙ?
38 ৩৮ কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ সন্মুখত যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সৈতে তেওঁৰ পিতৃৰ প্ৰতাপেৰে আহিব, তেতিয়া তেৱোঁ সেই মানুহত লাজ পাব।”
ᎩᎶᏰᏃ ᎠᏆᏕᎰᏍᎨᏍᏗ ᎠᏴ, ᎠᎴ ᎠᏴ ᏥᏁᎬᎢ, ᎤᏓᏑᏴ ᎠᏂ ᏗᎾᏓᏲᏁᎯ ᎠᎴ ᎠᏂᏍᎦᎾ ᎠᏁᎲᎢ, ᎾᏍᎩ ᎾᏍᏉ ᏴᏫ ᎤᏪᏥ ᎤᏕᎰᎯᏍᏗ ᎨᏎᏍᏗ, ᎦᎷᏨᎭ ᎤᏄᏬᏍᏕᏍᏗ ᎦᎸᏉᏗᏳ ᎨᏒ ᎤᏙᏓ ᎤᏤᎵᎦ, ᎠᏁᎮᏍᏗ ᎨᏥᎸᏉᏗ ᏗᏂᎧᎿᎭᏩᏗᏙᎯ.

< মাৰ্ক 8 >