< মাৰ্ক 7 >

1 তাৰ পাছত যিৰূচালেমৰ পৰা অহা কেইজনমান বিধানৰ অধ্যাপক ফৰীচী সকলৰ সৈতে আহি যীচুৰ ওচৰত গোট খালে৷
Falisieni n ba leni libalimaama bangakaaba yaaba n den ñiani jelisalema bi den taani ki cua Jesu kani.
2 তেওঁলোকে তেওঁৰ কেইজনমান শিষ্যক অশুচি অৰ্থাৎ হাত নুধুৱাকৈ ভোজন কৰা দেখিছিল।
bi den laa ke Jesu ŋoadikaaba ke bi di kaa nidi.
3 কিয়নো ফৰীচী আৰু আন ইহুদী সকলে হাত ভালকৈ নুধুলে ভোজন নকৰে; এই নিয়মক তেওঁলোকৰ পৰিচাৰক সকলে পুৰুষে পুৰুষে চলি অহা বিধিৰ নিচিনাকৈ মানি চলে।
ki sua falisieninba leni jufinba kan je kaa nidi bonŋanla nani kumaasuagu n bili maama.
4 আৰু বজাৰৰ পৰা আহি গা নোধোৱা পৰ্য্যন্ত তেওঁলোকে ভোজন নকৰে৷ ইয়াৰ উপৰি তেওঁলোকে মানি চলিবলৈ গ্রহণ কৰা বহু ৰীতি আছে অৰ্থাৎ তেওঁলোকে ব্যৱহাৰ কৰা বাটি, লোটা, পিতলৰ পাত্ৰ আদিৰ লগতে ভোজন শয়ন কৰা ঠাইবোৰ পানীৰে ধুই লোৱা নিয়মবোৰো কঠোৰ ভাবে পালন কৰে।
bi ya ñiani u dogu po, bi kan je kaa candi bi yula, bi go pia maasuadi bonbuolibuoli yaala n tie ku diegu nni ñintiadi kuli.
5 তেতিয়া ফৰীচী আৰু বিধানৰ অধ্যাপক সকলে তেওঁক সুধিলে, “আপোনাৰ শিষ্য সকলে পৰিচাৰক সকলে পালন কৰা পূৰ্বপুৰুষৰ বিধিৰ দৰে আচৰণ নকৰাকৈ, অশুচি হাতেৰে কিয় ভোজন কৰে”?
falisieniba leni libali maama bangikaaba den buali Jesu: be yaa po ke a ŋoadikaaba naa ŋoa ku maasuagu tuona baa yen nidi ki ba yuandi ki je
6 তেতিয়া তেওঁ ক’লে, “আপোনালোক কপটীয়া সকলৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিছিল, তেওঁ লিখিছিল - ‘এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ মন মোৰ পৰা দুৰৈত থাকে।
Jesu den yediba, yinba pala lie danba ne. Esayi den tuodi ki pua sawali i po ki yedi: ya nibuoli n yene, bi kpiagidi nni leni bi ŋoana yo ama ke bi pala fuoagi leni nni.
7 তেওঁলোকে অনৰ্থকৰূপে মোক ভক্তি কৰে, আৰু মানুহৰ ৰীতি নীতিবোৰ আজ্ঞা বুলি শিকায়৷’
laa ciagidi buolu tie famma kelima bi tuodi bi nisaaliba balimaama.
8 আপোনালোকে ঈশ্বৰৰ আজ্ঞা এৰি, লোক সকলৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিছে”।
ki nan yie utienu yaa bali maama ama ki ŋoa binisaliba ya maasuagu. Jesu go den gua yedi ba,
9 তেওঁ পুণৰ ক’লে, “আপোনালোকে এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিবৰ বাবে, ঈশ্বৰৰ আজ্ঞা ভালকৈয়ে অগ্ৰাহ্য কৰিছে।
ibonlindi utienu balimaama ki bua kaa tuniyi maasuagu tuona.
10 ১০ কিয়নো মোচিয়ে ক’লে, ‘তুমি তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’ আৰু ‘যি কোনোৱে পিতৃ-মাতৃৰ অহিতে কুবচন বোলে, তেওঁ নিশ্চয়ে মৰক’।
kelima musa den yedi, kpiagi a ba leni a na; yua nsuoli o ba lan ya ka o na bi ba kpa o.
11 ১১ কিন্তু আপোনালোকে কয় - ‘যি কোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, মোৰ যি যি বস্তুৰে আপোনালোকৰ সহায় হব পাৰিলোঁ হয়, সেইবোৰ কৰ্ব্বান (ঈশ্বৰক দান)কৰা হৈছে;
Ama yi yen yedi i yula yua n yedi o ba bi o na, min bi pia yaala ki bi ba todi ŋa tie Utienu yaali yo.
12 ১২ তেনেহলে তেওঁ পিতৃ বা মাতৃক পুনৰ সন্মান কৰাৰ প্রয়োজন নাই’;
yi kan cedio wan n tieni liba o ba leni o na po. lani woni
13 ১৩ এইদৰে আপোনালোকে পুৰুষে পুৰুষে প্রচলিত হৈ অহা বিধিৰ কাৰণে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে। ইয়াৰ উপৰি এনে ধৰণৰ বহু কাম আপোনালোকে কৰে।”
yi bolindi Utienu maama kelma yi maasuagu po, yi go yen tiendi bonbotoe.
14 ১৪ পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি আনি আকৌ ক’লে - “আপোনালোক সকলোৱে মোৰ কথা শুনক আৰু বুজি লওঁক।
Jesu go den yini ku niligu ki yedi ba, yin cengi mani ki go bandi
15 ১৫ বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই অশুচি কৰিব পৰা কোনো বস্তু নাই; কিন্তু মানুহৰ ভিতৰৰ পৰা যি যি বাহিৰলৈ ওলাই, সেইবোৰেহে মানুহক অশুচি কৰে।
yaala n ye nii ni ka ba joagini o nisaalo, ama yaali ñia o nii nni.
16 ১৬ কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক”।
yua n pia a tuba ki ba cengi o n cengi.
17 ১৭ পাছত তেওঁ লোক সকলৰ ওচৰৰ পৰা গৈ ঘৰত সোমাল, তেতিয়া তেওঁৰ শিষ্য সকলে সেই দৃষ্টান্তটোৰ অর্থ তেওঁক সুধিলে।
O den foagidi leni ku niligu, ki kuni denpo, o ŋoadikaaba den boali O laa kpandjama n bundi yaala,
18 ১৮ তাতে যীচুৱে তেওঁলোকক ক’লে, “তোমালোকো ইমান অবুজ নে? বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ যিবোৰ বস্তু সোমায়, সেইবোৰে মানুহক অশুচি কৰিব নোৱাৰে,
O den yedi ba yi moko die pia yanfuoma? yii bani ke yaala n koa o nisaalo nni ka ba joagini o.
19 ১৯ কিয়নো সেইবোৰ বস্তু হৃদয়ত সোমাই নাযায়, সেইবোৰ পেটত সোমাই শৌচৰ দ্বাৰা বাহিৰ হৈ যায়; এই কথাষাৰো তোমালোকে বুজি পোৱা নাই নে?” এইদৰে তেওঁ খাব পৰা সকলো বস্তুকে শুচি বুলি ক’লে।
kelima li naa koa li pali nni ka, ama ku tugi nni yo, ki ban yaa ñia.
20 ২০ তেওঁ পুনৰ ক’লে, “মানুহৰ পৰা যি ওলায় সেইবোৰে মানুহক অশুচি কৰে।
O go den yedi yaali n ña onisaali niini lani n ba joagini o.
21 ২১ কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰ-বধ,
kelima o nisaalo pali nne ke ti yantiabiadi ña, lani tie miconconma buoli kuli, mi nikpaanma,
22 ২২ পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়।
bu subu, mi ligi boa kandikaama, ku tugitongu, i janbi, ti tuonjoagindi, li nunponbiadili, i kulinkundi, ti japaadi, mi yanluoma.
23 ২৩ এই সকলো মন্দ ভিতৰৰ পৰা ওলায়; আৰু এইবোৰেই মানুহক অশুচি কৰে।”
laa bonbiadila kuli ña o nisaalo nni, ki go joagindi o.
24 ২৪ পাছত তেওঁ তাৰ পৰা উঠি, তুৰ আৰু চীদোনৰ সীমালৈ আতৰি গ’ল। তাতে এটা ঘৰত সোমাই, কোনেও নজনাকৈ থাকিবলৈ ইচ্ছা কৰিলে, কিন্তু লুকাই থাকিব নোৱাৰিলে।
Jesu n den ñani likani ki den gedi Tili leni Sidoni yaa diema, O den koa diegu ba nni kaa boa o ba n bandi ke O ye likani.
25 ২৫ যি গৰাকী তিৰোতাৰ জীয়েকক অশুচি আত্মাই ধৰিছিল, সেই গৰাকী তিৰোতাই যীচুৰ বিষয়ে শুনি ওচৰলৈ আহি তেওঁৰ চৰণত পৰিল।
kelima yaa pua ke ki cicibiadiga den ye o bisalo nni, den gaa Jesu laabaalo, ki cua ki ba O nintuali, ki miadi O, ke O, ke wan n deli ki ñani ga; o biga miali yema nni.
26 ২৬ সেই তিৰোতা গৰাকী গ্ৰীক আছিল আৰু জাতিত চৰফৈনীকীয়া। তাইৰ জীয়েকৰ পৰা ভূত খেদাবলৈ তাই তেওঁক অনুৰোধ কৰিলে।
o pua yeni dentie gileka fenisa yua.
27 ২৭ তেতিয়া তেওঁ তাইক ক’লে, “প্ৰথমে ল’ৰাহঁত খাই তৃপ্ত হওক; কিয়নো ল’ৰাহঁতৰ খোৱা বস্তু কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়”।
Jesu den yedi: cedi abila nda jee ki guo kelima laa ŋani ban ta bi bonjekaala ki teni a sangbanbila. o pua yeni den yedi Jesu.
28 ২৮ কিন্তু তাই উত্তৰ দি তেওঁক ক’লে, “হয় প্ৰভু, তথাপি মেজৰ তলত থকা কুকুৰে ল’ৰাহঁতৰ উফৰি পৰাবোৰ খাবলৈ পায়”।
oo odiedo: ama asankpanbila yeni langi ya sajojogidi n baali abila taana tiipo.
29 ২৯ তাতে তেওঁ তাইক ক’লে, “এই কথাৰ কাৰণে তুমি যোৱা, তোমাৰ জীয়েৰাৰ পৰা ভূত বাহিৰ হৈ ওলাই গ’ল।”
Jesu d en yedi o laa maama po gedi ki ciciligi yeni ñani abisalo niini.
30 ৩০ পাছে, তাই নিজৰ ঘৰলৈ গৈ দেখিলে যে, ছোৱালী জনী শয্যাত শুই আছে আৰু ভূত ওলাই গুচি গ’ল।
wan den kuni den po o den n ban sua ke obisaalo ciciliga ñani ke o dua uduanu po.
31 ৩১ আকৌ তেওঁ তুৰৰ সীমাৰ পৰা ওলাই, চীদোন হৈ দিকাপলিৰ সীমাৰ মাজেদি গালীল সাগৰলৈ আহিল।
Jesu den ñani Tyli ki tagini ki caa sidoni galile kpennu Dekapola ya diemani
32 ৩২ তেতিয়া মানুহবোৰে কলা আৰু খোনা মানুহ এজনক তেওঁৰ ওচৰলৈ লৈ আহিল আৰু মানুহ জনৰ গাত হাত দিবলৈ তেওঁক বিনয় কৰিলে।
bi den cuani o kani o womo ke o go bidi. ki den mia O wan sii ki pagi o.
33 ৩৩ তেতিয়া তেওঁ সেই মানুহ জনক ভিৰৰ মাজৰ পৰা আতৰাই নিলে আৰু মানুহ জনৰ কাণ দুখনত আঙুলি দি;
Jesu den ta o womo yeni ki piadi leni o, ki tieni o nabina o tubanni ki go si o lanbu leni o ñinsandi,
34 ৩৪ থুইৰে জিভা চুই স্বৰ্গলৈ চাই হুমুনিয়াহ কাঢ়ি ক’লে- “ইফফাথা, অর্থাৎ মুকলি হওক”।
ki fuo ki jiini ki yedi Efalata; lani n bua ki yedi: luodi.
35 ৩৫ তেতিয়া তেওঁৰ কাণ মুকলি হ’ল; আৰু জিভাৰো বান্ধ আতৰিল, তেওঁ পোন হৈ কথা ক’বলৈ ধৰিলে।
laa yuo laa yuo o tuba den luodi o lanbu n lodi, ke o ji den maadi bonŋanla.
36 ৩৬ পাছত এই কথা কাকো নক’বলৈ তেওঁ তেওঁলোকক আজ্ঞা দিলে; কিন্তু তেওঁ যিমানেই নিষেধ কৰিলে, সিমানেই অধিককৈ তেওঁলোকে ঘোষণাহে কৰিবলৈ ধৰিলে;
Jesu den yedi ba, yin da yedi li ba kuli o ba. ama baa den fidi ki kubi bi ŋoana kelima
37 ৩৭ আৰু তেওঁলোকে অতিশয় বিস্ময় মানি ক’লে, “তেওঁ সকলোবোৰ ভালদৰেই কৰিলে; তেওঁ কলাকো শুনিবলৈ আৰু বোবাকো কথা ক’বলৈ শক্তি দিয়ে”।
li den bagiba hali boncianla ke bi tua: o bontieni kaala kuli ŋani, o teni ke a woma gba, ke amuula maada.

< মাৰ্ক 7 >