< মাৰ্ক 5 >
1 ১ তাৰ পাছত তেওঁলোক সাগৰৰ সিটো পাৰে থকা, গেৰাচেনীয়া সকলৰ অঞ্চল পালে।
ⲁ̅ⲞⲨⲞϨ ⲀϤⲒ ⲈⲘⲎⲢ ⲈⲪⲒⲞⲘ ⲈⲦⲬⲰⲢⲀ ⲚⲦⲈⲚⲒⲄⲈⲢⲄⲈⲤⲎⲚⲞⲤ
2 ২ যীচুৱে নাৱৰ পৰা নমাৰ সময়তে অশুচি আত্মাই ধৰা এজন মানুহে তেওঁক লগ ধৰিব আহিল৷ সি মৈদামৰ পৰা ওলাই আহিছিল৷
ⲃ̅ⲞⲨⲞϨ ⲈⲦⲀϤⲒ ⲈⲂⲞⲖ ϦⲈⲚⲠⲒϪⲞⲒ ⲤⲀⲦⲞⲦϤ ⲀϤⲒ ⲈϦⲞⲨⲚ ⲈϨⲢⲀϤ ⲈⲂⲞⲖ ϦⲈⲚⲚⲒⲘϨⲀⲨ ⲚϪⲈⲞⲨⲢⲰⲘⲒ ⲈϤϦⲈⲚ ⲞⲨⲠⲚⲈⲨⲘⲀⲚⲀⲔⲀⲐⲀⲢⲦⲞⲚ
3 ৩ সেই মানুহ জনে মৈদামনিত নিবাস কৰিছিল৷ কোনেও তেওঁক বান্ধি ৰাখিব পৰা নাছিল, শিকলিৰেও বান্ধি ৰাখিব পৰা নাছিল৷
ⲅ̅ⲪⲎ ⲈⲚⲀⲢⲈ ⲠⲈϤⲘⲀⲚϢⲰⲠⲒ ϢⲞⲠ ϦⲈⲚⲚⲒⲘϨⲀⲨ ⲞⲨⲞϨ ⲞⲨⲆⲈ ϦⲈⲚⲚⲒⲔⲈϨⲀⲖⲨⲤⲒⲤ ⲘⲘⲞⲚ ϢϪⲞⲘ ⲚϨⲖⲒ ⲠⲈ ⲈⲤⲞⲚϨϤ
4 ৪ তেওঁক বাৰে বাৰে বেৰী আৰু শিকলিৰে বান্ধা হৈছিল, কিন্তু তেওঁ শিকলি ছিঙি পেলাই, বেৰীও ডোখৰ ডোখৰ কৰিছিল৷ তেওঁক দমন কৰিবলৈ কাৰো শক্তি নাছিল।
ⲇ̅ⲈⲐⲂⲈϪⲈ ⲚⲈⲀⲨⲤⲞⲚϨϤ ⲚⲞⲨⲘⲎϢ ⲚⲤⲞⲠ ⲚϨⲀⲚⲠⲈⲆⲎⲤ ⲚⲈⲘ ϨⲀⲚϨⲀⲖⲨⲤⲒⲤ ⲞⲨⲞϨ ⲚⲦⲈϤⲤⲰⲖⲠ ⲚⲚⲒϨⲀⲖⲨⲤⲒⲤ ⲈⲂⲞⲖ ϨⲒⲦⲞⲦϤ ⲞⲨⲞϨ ⲚⲤⲈϦⲞⲘϦⲈⲘ ⲚϪⲈⲚⲒⲠⲈⲆⲎⲤ ⲞⲨⲞϨ ⲚⲈⲘⲘⲞⲚ ϢϪⲞⲘ ⲚⲦⲈϨⲖⲒ ⲈⲢⲆⲀⲘⲀⲌⲒⲚ ⲘⲘⲞϤ
5 ৫ প্ৰতিটো ৰাতি আৰু দিনত তেওঁ মৈদামলৈ যায় আৰু পৰ্বতত গৈ চিঞৰে; আৰু শিলেৰে নিজকে নিজে আঘাত কৰে।
ⲉ̅ⲞⲨⲞϨ ⲚⲤⲎⲞⲨ ⲚⲒⲂⲈⲚ ⲘⲠⲒⲈϪⲰⲢϨ ⲚⲈⲘ ⲠⲒⲈϨⲞⲞⲨ ⲈϤⲬⲎ ϦⲈⲚⲚⲒⲘϨⲀⲨ ⲞⲨⲞϨ ⲚⲀϤⲬⲎ ϦⲈⲚⲚⲒⲦⲰⲞⲨ ⲠⲈ ⲈϤⲰϢ ⲈⲂⲞⲖ ⲞⲨⲞϨ ⲈϤϢⲰⲦ ⲘⲘⲞϤ ⲚϨⲀⲚⲰⲚⲒ.
6 ৬ যেতিয়া তেওঁ দূৰৈৰ পৰা যীচুক দেখা পালে, তেতিয়া তেওঁ দৌৰি আহিল আৰু যীচুক প্ৰণিপাত কৰিলে৷
ⲋ̅ⲞⲨⲞϨ ⲈⲦⲀϤⲚⲀⲨ ⲈⲒⲎⲤⲞⲨⲤ ⲒⲤϪⲈⲚ ϨⲒⲪⲞⲨⲈⲒ ⲀϤϬⲞϪⲒ ⲞⲨⲞϨ ⲀϤⲞⲨⲰϢⲦ ⲘⲘⲞϤ
7 ৭ তাৰ পাছত তেওঁ কান্দি কান্দি বৰ মাতেৰে কলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই আপোনাক ঈশ্বৰৰ শপত দিছোঁ, মোক যাতনা নিদিব”।
ⲍ̅ⲞⲨⲞϨ ⲈⲦⲀϤⲰϢ ⲈⲂⲞⲖ ϦⲈⲚⲞⲨⲚⲒϢϮ ⲚⲤⲘⲎ ⲞⲨⲞϨ ⲠⲈϪⲀϤ ϪⲈ ⲀϦⲞⲔ ⲚⲈⲘⲎⲒ ϨⲰⲔ ⲒⲎⲤⲞⲨⲤ ⲠϢⲎⲢⲒ ⲘⲪⲚⲞⲨϮ ⲈⲦϬⲞⲤⲒ ϮⲦⲀⲢⲔⲞ ⲘⲘⲞⲔ ⲘⲪⲚⲞⲨϮ ⲘⲠⲈⲢϮϬⲖⲀⲔ ⲚⲎⲒ.
8 ৮ কিয়নো যীচুৱে তেওঁক কৈছিল, “হেৰ অশুচি আত্মা, এই মানুহ জনৰ পৰা বাহিৰ ওলা”।
ⲏ̅ⲚⲀϤϪⲰ ⲄⲀⲢ ⲘⲘⲞⲤ ⲠⲈ ϪⲈ ⲀⲘⲞⲨ ⲈⲂⲞⲖ ⲠⲒⲠⲚⲈⲨⲘⲀⲚⲀⲔⲀⲐⲀⲢⲦⲞⲚ ϦⲈⲚⲠⲒⲢⲰⲘⲒ.
9 ৯ পাছত যীচুৱে তেওঁক সুধিলে “তোৰ নাম কি?” তাতে সেই মানুহ জনে তেওঁক ক’লে, “মোৰ নাম বাহিনী কিয়নো আমি অনেক আছোঁ”।
ⲑ̅ⲞⲨⲞϨ ⲚⲀϤϢⲒⲚⲒ ⲘⲘⲞϤ ϪⲈ ⲚⲒⲘ ⲠⲈ ⲠⲈⲔⲢⲀⲚ ⲞⲨⲞϨ ⲠⲈϪⲀϤ ⲚⲀϤ ϪⲈ ⲖⲈⲄⲒⲰⲚ ⲠⲈ ⲠⲀⲢⲀⲚ ϪⲈ ⲦⲈⲚⲈⲢⲞⲨⲘⲎϢ
10 ১০ পাছত যীচুৱে যেন সেই ঠাইৰ পৰা সিহঁতক নেখেদে, এই কাৰণে অনেক বিনয় কৰি ক’লে।
ⲓ̅ⲞⲨⲞϨ ⲚⲀϤϮϨⲞ ⲈⲢⲞϤ ⲚϨⲀⲚⲘⲎϢ ϨⲒⲚⲀ ⲚⲦⲈϤϢⲦⲈⲘⲞⲨⲞⲢⲠ ⲤⲀⲂⲞⲖ ⲚϮⲬⲰⲢⲀ.
11 ১১ সেই সময়ত ওচৰৰ পৰ্বতত এজাক গাহৰি চৰি আছিল।
ⲓ̅ⲁ̅ⲚⲈ ⲞⲨⲞⲚ ⲞⲨⲀⲄⲈⲖⲎ ⲆⲈ ⲚⲢⲒⲢ ⲈⲤⲞϢ ⲘⲘⲀⲨ ⲠⲈ ⲈⲤⲘⲞⲚⲒ ϦⲀⲦⲈⲚ ⲠⲒⲦⲰⲞⲨ
12 ১২ তাতে সেই ভূতবোৰে যীচুক বিনয় কৰি কলে, “আমাক সেই গাহৰিবোৰৰ ভিতৰত পঠাই দিয়ক; আমাক সিহঁতৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ক৷”
ⲓ̅ⲃ̅ⲞⲨⲞϨ ⲚⲀⲨϮϨⲞ ⲈⲢⲞϤ ⲈⲨϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲞⲨⲞⲢⲠⲦⲈⲚ ⲈⲚⲒⲢⲒⲢ ϨⲒⲚⲀ ⲚⲦⲈⲚϢⲈ ⲈϦⲞⲨⲚ ⲈⲢⲰⲞⲨ
13 ১৩ তাতে তেওঁ অনুমতি দিয়াৰ পাছত সেই অশুচি আত্মাবোৰ বাহিৰ ওলাই গাহৰিবোৰত সোমাল; তেতিয়া সেই জাকত থকা প্ৰায় দুই হাজাৰ গাহৰি বৰ জোৰেৰে দৌৰি গৈ গৰাৰ পৰা সাগৰত পানীত পৰি ডুবি মৰিল।
ⲓ̅ⲅ̅ⲞⲨⲞϨ ⲀϤⲞⲨⲀϨⲤⲀϨⲚⲒ ⲚⲰⲞⲨ ⲞⲨⲞϨ ⲈⲦⲀⲨⲒ ⲈⲂⲞⲖ ⲚϪⲈⲚⲒⲠⲚⲈⲨⲘⲀⲚⲀⲔⲀⲐⲢⲦⲞⲚ ⲀⲨϢⲈ ⲚⲰⲞⲨ ⲈϦⲞⲨⲚ ⲈⲚⲒⲈϢⲀⲨ ⲞⲨⲞϨ ⲀⲤϨⲈⲒ ⲈϦⲢⲎⲒ ⲚϪⲈϮⲀⲄⲈⲖⲎ ϦⲀⲦⲈⲚ ⲠⲒϪⲀϪⲢⲒⲘ ⲈⲪⲒⲞⲘ ⲈⲨⲈⲢ ϢⲞ ⲤⲚⲀⲨ ⲞⲨⲞϨ ⲚⲀⲨⲰϪϨ ⲘⲘⲰⲞⲨ ϦⲈⲚⲪⲒⲞⲘ.
14 ১৪ তেতিয়া যি সকলে সেই গাহৰিৰ জাকবোৰ তত্বাৱধান কৰি আছিল, তেওঁলোক পলাই গৈ নগৰ আৰু গাঁৱবোৰত সম্বাদ দিলে। তেতিয়া ঘটি যোৱাৰ ঘটনাতোৰ কথা শুনিবলৈ পোৱাত লোক সকলে সেই অশুচি আত্মাই ধৰা লোক জনক চাবলৈ আহিল;
ⲓ̅ⲇ̅ⲞⲨⲞϨ ⲚⲎ ⲈⲚⲀⲨⲘⲞⲚⲒ ⲘⲘⲰⲞⲨ ⲀⲨⲪⲰⲦ ⲞⲨⲞϨ ⲀⲨϪⲞⲤ ϦⲈⲚϮⲂⲀⲔⲒ ⲚⲈⲘ ϦⲈⲚⲦⲔⲞⲒ ⲞⲨⲞϨ ⲀⲨⲒ ⲈⲚⲀⲨ ϪⲈ ⲞⲨ ⲠⲈ ⲪⲎ ⲈⲦⲀϤϢⲰⲠⲒ.
15 ১৫ আৰু যীচুৰ ওচৰলৈ আহি, সেই ভূতে পোৱা মানুহ জনক, অৰ্থাৎ বাহিনীয়ে পোৱা জনক কাপোৰ পিন্ধি, শুদ্ধ মনেৰে বহি থকা দেখা পাই লোক সকলে ভয় কৰিলে৷
ⲓ̅ⲉ̅ⲞⲨⲞϨ ⲀⲨⲒ ϨⲀ ⲒⲎⲤⲞⲨⲤ ⲀⲨⲚⲀⲨ ⲈⲪⲎ ⲈⲚⲀⲢⲈ ⲚⲒⲆⲈⲘⲰⲚ ⲚⲈⲘⲀϤ ⲈϤϨⲈⲘⲤⲒ ⲈⲢⲈ ⲚⲈϤϨⲂⲰⲤ ⲦⲞⲒ ϨⲒⲰⲦϤ ⲞⲨⲞϨ ⲈⲢⲈ ⲠⲈϤϨⲎⲦ ⲘⲘⲞϤ ⲞⲨⲞϨ ⲀⲨⲈⲢϨⲞϮ.
16 ১৬ সেই ঘটনা যি সকল লোকে দেখিছিল তেওঁলোকে লোক সকলক, কেনেকৈ কি ঘটিল আৰু ভূতে পোৱা মানুহ জনৰ আৰু গাহৰিবোৰৰ বিষয়ে বুজাই দিলে৷
ⲓ̅ⲋ̅ⲞⲨⲞϨ ⲀⲨⲤⲀϪⲒ ϦⲀⲦⲞⲦⲞⲨ ⲚϪⲈⲚⲎ ⲈⲦⲀⲨⲚⲀⲨ ϪⲈ ⲈⲦⲀⲤϢⲰⲠⲒ ⲚⲀϢ ⲚⲢⲎϮ ⲘⲪⲎ ⲈⲚⲀⲢⲈ ⲚⲒⲆⲈⲘⲰⲚ ⲚⲈⲘⲀϤ ⲚⲈⲘ ⲈⲐⲂⲈ ⲚⲒⲢⲒⲢ
17 ১৭ তেতিয়া সেই ঠাইলৈ অহা লোক সকলে যীচুক তেওঁলোকৰ অঞ্চলৰ পৰা আতৰি যাবলৈ বিনয় কৰিলে৷
ⲓ̅ⲍ̅ⲞⲨⲞϨ ⲀⲨⲈⲢϨⲎⲦⲤ ⲚϮϨⲞ ⲈⲢⲞϤ ϪⲈ ⲚⲦⲈϤϢⲈ ⲚⲀϤ ⲈⲂⲞⲖ ϦⲈⲚⲚⲞⲨⲐⲞϢ
18 ১৮ পাছত যীচুৱে যেতিয়া সেই ঠাই এৰি যাবৰ বাবে নাৱত উঠিবলৈ ধৰোতে, ভূতৰ নিয়ন্ত্ৰণত যি জন আছিল, সেই ব্যক্তি জন ওচৰলৈ আহি তেওঁৰ সৈতে তেওঁক ৰাখিবলৈ বিনয় কৰিলে৷
ⲓ̅ⲏ̅ⲞⲨⲞϨ ⲀϤⲀⲖⲎⲒ ⲈⲠⲒϪⲞⲒ ⲚⲀϤϮϨⲞ ⲈⲢⲞϤ ⲚϪⲈⲪⲎ ⲈⲚⲀϤⲞⲒ ⲚⲆⲈⲘⲰⲚ ϨⲒⲚⲀ ⲚⲦⲈϤⲞϨⲒ ⲚⲈⲘⲀϤ
19 ১৯ কিন্তু তেওঁ সেই ব্যক্তিক অনুমতি নিদি ক’লে, “তুমি ঘৰলৈ গৈ আত্মীয় সকলৰ ওচৰলৈ যোৱা আৰু প্ৰভুৱে তোমাৰ জীৱনলৈ কি কৰিলে আৰু কেনে দয়া পালা, সেই বিষয়ে তেওঁলোকক কোৱাগৈ।”
ⲓ̅ⲑ̅ⲞⲨⲞϨ ⲘⲠⲈϤⲬⲀϤ ⲀⲖⲖⲀ ⲠⲈϪⲀϤ ⲚⲀϤ ϪⲈ ⲘⲀϢⲈ ⲚⲀⲔ ⲈϦⲞⲨⲚ ⲈⲠⲈⲔⲎⲒ ϨⲀ ⲚⲎ ⲈⲦⲈⲚⲞⲨⲔ ⲞⲨⲞϨ ⲘⲀⲦⲀⲘⲰⲞⲨ ⲈⲚⲎ ⲈⲦⲀ ⲠϬⲞⲒⲤ ⲀⲒⲦⲞⲨ ⲚⲀⲔ ⲈⲀϤⲚⲀⲒ ⲚⲀⲔ
20 ২০ তেতিয়া মানুহ জনে সেই ঠাই এৰি, যীচুৱে তেওঁলৈ যি মহৎ কৰ্ম কৰিলে, সেই কথা দিকাপলি দেশত ঘোষণা কৰিবলৈ ধৰিলে; তাতে সকলোৱে বিস্ময় মানিলে।
ⲕ̅ⲞⲨⲞϨ ⲀϤϨⲰⲖ ⲞⲨⲞϨ ⲀϤⲈⲢϨⲎⲦⲤ ⲚϨⲒⲰⲒϢ ϦⲈⲚⲐⲘⲎϮ ⲚϮⲂⲀⲔⲒ ⲘⲠⲈⲦⲀϤⲀⲒϤ ⲚⲀϤ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ⲞⲨⲞϨ ⲚⲀⲨⲈⲢϢⲪⲎⲢⲒ ⲦⲎⲢⲞⲨ ⲠⲈ
21 ২১ পাছত যীচুৱে যেতিয়া নাৱেৰে আকৌ সিপাৰলৈ গ’ল, তেতিয়া মানুহৰ বৃহৎ দল এটা তেওঁৰ ওচৰত গোট খালে; সেই সময়ত তেওঁ সাগৰৰ তীৰত আছিল।
ⲕ̅ⲁ̅ⲞⲨⲞϨ ⲈⲦⲀϤⲒ ⲞⲚ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ⲈⲘⲎⲢ ϦⲈⲚⲠⲒϪⲞⲒ ⲀⲨⲐⲰⲞⲨϮ ⲚϪⲈⲞⲨⲘⲎϢ ⲈϤⲞϢ ϨⲀⲢⲞϤ ⲞⲨⲞϨ ⲚⲀϤⲬⲎ ⲠⲈ ϦⲀⲦⲈⲚ ⲪⲒⲞⲘ
22 ২২ এনেতে যায়ীৰ নামেৰে নাম-ঘৰৰ অধিকাৰী এজনে আহি তেওঁক দেখি তেওঁৰ চৰণত পৰিল৷
ⲕ̅ⲃ̅ⲞⲨⲞϨ ⲀϤⲒ ϨⲀⲢⲞϤ ⲚϪⲈⲞⲨⲀⲒ ⲚⲦⲈⲚⲒⲀⲢⲬⲎⲤⲨⲚⲀⲄⲰⲄⲞⲤ ⲈⲠⲈϤⲢⲀⲚ ⲠⲈ ⲒⲀⲒⲢⲞⲤ ⲞⲨⲞϨ ⲈⲦⲀϤⲚⲀⲨ ⲈⲢⲞϤ ⲀϤϨⲒⲦϤ ϦⲀⲢⲀⲦⲞⲨ ⲚⲚⲈϤϬⲀⲖⲀⲨϪ
23 ২৩ তেওঁ বাৰে বাৰে বিনয় কৰি যীচুক কলে, “মোৰ ছোৱালী জনীৰ মৃত্যু ওচৰ চাপিছে; তাই যেন সুস্থ হৈ জীয়াই থাকে, এই কাৰণে আপুনি আহি, তাইৰ গাত হাত দিয়কহি।”
ⲕ̅ⲅ̅ⲞⲨⲞϨ ⲚⲀϤϮϨⲞ ⲈⲢⲞϤ ⲚϨⲀⲚⲘⲎϢ ⲈϤϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲀⲦⲀϢⲈⲢⲒ ⲀⲤϦⲰⲚⲦ ⲈⲪⲘⲞⲨ ϨⲒⲚⲀ ⲚⲦⲈⲔⲒ ⲚⲦⲈⲔⲬⲀ ⲦⲈⲔϪⲒϪ ⲈϪⲰⲤ ϨⲒⲚⲀ ⲚⲦⲈⲤⲚⲞϨⲈⲘ ⲞⲨⲞϨ ⲚⲦⲈⲤⲰⲚϦ
24 ২৪ তেতিয়া যীচু তেওঁৰ লগত গ’ল আৰু বহু লোক তেওঁৰ পাছে পাছে গৈ তেওঁক হেঁচি-মেলি ধৰিলে।
ⲕ̅ⲇ̅ⲞⲨⲞϨ ⲀϤϢⲈ ⲚⲀϤ ⲚⲈⲘⲀϤ ⲞⲨⲞϨ ⲀⲨⲘⲞϢⲒ ⲚⲤⲰϤ ⲚϪⲈⲞⲨⲘⲎϢ ⲈϤⲞϢ ⲞⲨⲞϨ ⲚⲀⲨϨⲞϪϨⲈϪ ⲘⲘⲞϤ ⲠⲈ.
25 ২৫ আৰু সেই সময়ত তাতে বাৰ বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা তিৰোতা এজনী আছিল৷
ⲕ̅ⲉ̅ⲞⲨⲞϨ ⲒⲤ ⲞⲨⲤϨⲒⲘⲒ ⲀⲤⲈⲢ ⲒⲂ ⲚⲢⲞⲘⲠⲒ ⲈⲢⲈ ⲞⲨⲞⲚ ⲞⲨⲤⲚⲞϤ ϦⲀⲢⲞⲤ.
26 ২৬ অনেক বেজৰ ওচৰত চিকিৎসা কৰি আৰু সৰ্ব্বস্ব খৰচ কৰিও তেওঁ সুস্থ হোৱা নাছিল, কিন্তু বেচি কষ্টহে পাই আছিল৷
ⲕ̅ⲋ̅ⲞⲨⲞϨ ⲀⲤϬⲒ ⲚⲞⲨⲘⲎϢ ⲚϦⲒⲤⲒ ⲚⲦⲞⲦⲞⲨ ⲚⲚⲒⲘⲎϢ ⲚⲤⲎⲒⲚⲒ ⲞⲨⲞϨ ⲀⲤϬⲈ ⲚⲈⲦⲈⲚⲦⲀⲤ ⲚⲒⲂⲈⲚ ⲈⲂⲞⲖ ⲞⲨⲞϨ ⲘⲠⲈⲤϪⲈⲘϨⲎⲞⲨ ⲚϨⲖⲒ ⲀⲖⲖⲀ ⲘⲀⲖⲖⲞⲚ ⲀⲤⲦϨⲞ ⲚϨⲞⲨⲞ.
27 ২৭ তেওঁ যীচুৰ বিষয়ে শুনি, লোক সকলৰ মাজত সোমাল আৰু তেওঁৰ পাছফালেদি আহি, তেওঁৰ কাপোৰ চুলে৷
ⲕ̅ⲍ̅ⲈⲦⲀⲤⲤⲰⲦⲈⲘ ⲆⲈ ⲈⲐⲂⲈ ⲒⲎⲤⲞⲨⲤ ⲀⲤⲒ ϦⲈⲚⲠⲒⲘⲎϢ ϨⲒⲪⲀϨⲞⲨ ⲀⲤϬⲒ ⲚⲈⲘ ⲠⲈϤϨⲂⲞⲤ
28 ২৮ কিয়নো তেওঁ কৈছিল, ‘মই যদি তেওঁৰ কাপোৰ মাথোন চুবলৈ পাওঁ, তেতিয়াও মই ৰক্ষা পাম’।
ⲕ̅ⲏ̅ⲚⲀⲤϪⲰ ⲄⲀⲢ ⲘⲘⲞⲤ ⲠⲈ ϪⲈ ⲔⲀⲚ ⲀⲒϢⲀⲚϬ ⲒⲚⲈⲘ ⲚⲈϤϨⲂⲰⲤ ϮⲚⲀⲚⲞϨⲈⲘ.
29 ২৯ তেতিয়া তেওঁ যীচুক চুবলৈ পাই, তেওঁৰ তেজ বৈ থকা শুকাই গ’ল আৰু তেওঁ শৰীৰত সেই ব্যাধিৰ পৰা মুক্ত হোৱা গম পালে।
ⲕ̅ⲑ̅ⲞⲨⲞϨ ⲤⲀⲦⲞⲦⲤ ⲀⲤϢⲰⲞⲨⲒ ⲚϪⲈϮⲘⲞⲨⲘⲒ ⲚⲦⲈⲠⲈⲤⲤⲚⲞϤ ⲞⲨⲞϨ ⲀⲤⲈⲘⲒ ϦⲈⲚⲠⲈⲤⲤⲰⲘⲀ ϪⲈ ⲀⲤⲞⲨϪⲀⲒ ⲈⲂⲞⲖ ϨⲀ ϮⲘⲀⲤⲦⲒⲄⲜ
30 ৩০ সেই সময়ত যীচুৱে নিজৰ পৰা শক্তি ওলাই যোৱা গম পাই, লোক সকলৰ মাজত মুখ ঘূৰাই সুধিলে, “মোৰ কাপোৰ কোনে চুলে?”
ⲗ̅ⲞⲨⲞϨ ⲤⲀⲦⲞⲦϤ ⲀϤⲈⲘⲒ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ⲚϦⲢⲎ ⲒⲚϦⲎⲦϤ ⲈϮϪⲞⲘ ⲈⲦⲀⲤⲒ ⲈⲂⲞⲖ ⲘⲘⲞϤ ⲈⲦⲀϤⲪⲞⲚϨϤ ϦⲈⲚⲠⲒⲘⲎϢ ⲚⲀϤϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲚⲒⲘ ⲠⲈⲦⲀϤϬⲒ ⲚⲈⲘ ⲚⲀϨⲂⲰⲤ
31 ৩১ তাতে তেওঁৰ শিষ্য সকলে তেওঁক কলে, “লোক সকলে আপোনাক হেঁচি-মেলি ধৰা দেখিও, কোনে মোক চুলে বুলি কয় নে?”
ⲗ̅ⲁ̅ⲞⲨⲞϨ ⲚⲀⲨϪⲰ ⲘⲘⲞⲤ ⲚⲀϤ ⲚϪⲈⲚⲈϤⲘⲀⲐⲎ ⲦⲎⲤ ϪⲈ ⲬⲚⲀⲨ ⲈⲠⲒⲘⲎϢ ⲈϤϨⲞϪϨⲈϪ ⲘⲘⲞⲔ ⲞⲨⲞϨ ⲔϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲚⲒⲘ ⲠⲈⲦⲀϤϬⲒ ⲚⲈⲘⲎⲒ.
32 ৩২ কিন্তু সেই কৰ্ম কৰা জনীক দেখিবলৈ তেওঁ চাৰিওফালে চালে।
ⲗ̅ⲃ̅ⲞⲨⲞϨ ⲚⲀϤϪⲞⲨϢⲦ ⲠⲈ ⲈⲚⲀⲨ ⲈⲐⲎ ⲈⲦⲀⲤⲈⲢ ⲪⲀⲒ
33 ৩৩ তেতিয়া সেই তিৰোতাই নিজলৈ যি ঘটিল, সেই বিষয়ে জানিব পোৱাত, ভয়েৰে কঁপি কঁপি আহি তেওঁৰ আগত পৰিল আৰু সকলো সত্য কথা ক’লে৷
ⲗ̅ⲅ̅ϮⲤϨⲒⲘⲒ ⲆⲈ ⲈⲦⲀⲤⲈⲢϨⲞϮ ⲞⲨⲞϨ ⲀⲤⲤⲐⲈⲢⲦⲈⲢ ⲈⲤⲈⲘⲒ ⲈⲪⲎ ⲈⲦⲀϤϢⲰⲠⲒ ⲘⲘⲞⲤ ⲀⲤⲒ ⲞⲨⲞϨ ⲀⲤϨⲒⲦⲤ ⲈϦⲢⲎⲒ ϦⲀⲢⲀⲦϤ ⲞⲨⲞϨ ⲀⲤϪⲈ ϮⲘⲈⲐⲘⲎⲒ ⲦⲎⲢⲤ ⲚⲀϤ
34 ৩৪ তাতে যীচুৱে তেওঁক ক’লে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; শান্তিৰে যোৱা আৰু সুস্থ থাকি তোমাৰ সেই ব্যাধিৰ পৰা মুক্ত হোৱা।”
ⲗ̅ⲇ̅ⲚⲐⲞϤ ⲆⲈ ⲠⲈϪⲀϤ ⲚⲀⲤ ϪⲈ ⲦⲀϢⲈⲢⲒ ⲠⲈⲚⲀϨϮ ⲠⲈⲦⲀϤⲚⲀϨⲘⲒ ⲘⲀϢⲈ ⲚⲈϦⲈⲚⲞⲨϨⲒⲢⲎ ⲚⲎ ⲞⲨⲞϨ ϢⲰⲠⲒ ⲈⲞⲨⲞⲨϪⲀⲒ ⲈⲂⲞⲖ ϨⲀ ⲦⲈⲘⲀⲤⲦⲒⲄⲜ.
35 ৩৫ তেওঁ এই কথা কয় থাকোতে, নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা মানুহবোৰে আহি ক’লে, “তোমাৰ ছোৱালী মৰিল৷ গুৰুক পুনৰ কিয় কষ্ট দিয়া?”
ⲗ̅ⲉ̅ⲈⲦⲒ ⲈϤⲤⲀϪⲒ ⲀⲨⲒ ϨⲀ ⲠⲒⲀⲢⲬⲎⲤⲨⲚⲀⲄⲰⲄⲞⲤ ⲈⲨϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲀⲦⲈⲔϢⲈⲢⲒ ⲘⲞⲨ ⲈⲐⲂⲈⲞⲨ ⲈⲔϮϦⲒⲤⲒ ⲘⲠⲒⲢⲈϤϮⲤⲂⲰ
36 ৩৬ কিন্তু যেতিয়া সেই বাক্য যীচুৰ কাণত পৰিল, তেওঁ নাম-ঘৰৰ অধিকাৰী জনক কলে, “ভয় নকৰিবা; বিশ্বাস মাথোন ৰাখা।”
ⲗ̅ⲋ̅ⲒⲎⲤⲞⲨⲤ ⲆⲈ ⲈⲦⲀϤⲤⲰⲦⲈⲘ ⲈⲠⲒⲤⲀϪⲒ ⲈⲦⲞⲨϪⲰ ⲘⲘⲞϤ ⲠⲈϪⲀϤ ⲘⲠⲒⲀⲢⲬⲎⲤⲨⲚⲀⲄⲰⲄⲞⲤ ϪⲈ ⲘⲠⲈⲢⲈⲢϨⲞϮ ⲘⲞⲚⲞⲚ ⲚⲀϨϮ
37 ৩৭ পাছত পিতৰ, যাকোব আৰু যাকোবৰ ভায়েক যোহন কিন্তু তেওঁলোকৰ বাহিৰে আন কাকো তেওঁৰ লগত থাকিব নিদিলে।
ⲗ̅ⲍ̅ⲞⲨⲞϨ ⲘⲠⲈϤⲬⲀ ϨⲖⲒ ⲚⲈⲘⲀϤ ⲈϤⲘⲞϢⲒ ⲚⲤⲰϤ ⲈⲂⲎⲖ ⲈⲠⲈⲦⲢⲞⲤ ⲚⲈⲘ ⲒⲀⲔⲰⲂⲞⲤ ⲚⲈⲘ ⲒⲰⲀⲚⲚⲎⲤ ⲠⲤⲞⲚ ⲚⲒⲀⲔⲰⲂⲞⲤ
38 ৩৮ তেওঁলোকে নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰলৈ আহি তাতে ক্ৰন্দন আৰু বৰ বিলাপ কৰাবোৰক দেখিলে।
ⲗ̅ⲏ̅ⲞⲨⲞϨ ⲀⲨⲒ ⲈⲠⲎⲒ ⲘⲠⲒⲀⲢⲬⲎⲤⲨⲚⲀⲄⲰⲄⲞⲤ ⲞⲨⲞϨ ⲀⲨⲚⲀⲨ ⲈⲢⲰⲞⲨ ⲈⲨϢⲐⲈⲢⲐⲰⲢ ⲞⲨⲞϨ ⲈⲨⲢⲒⲘⲒ ⲞⲨⲞϨ ⲈⲨϢⲖⲎⲖⲞⲨⲒ ⲚⲞⲨⲘⲎϢ.
39 ৩৯ পাছত যীচুৱে ভিতৰলৈ সোমাই, তেওঁলোকক ক’লে, “তোমালোকে কিয় বিলাপ আৰু ক্ৰন্দন কৰিছা?
ⲗ̅ⲑ̅ⲞⲨⲞϨ ⲈⲦⲀϤⲒ ⲈϦⲞⲨⲚ ⲠⲈϪⲀϤ ⲚⲰⲞⲨ ϪⲈ ⲈⲐⲂⲈⲞⲨ ⲦⲈⲦⲈⲚϢⲦⲈⲢⲐⲰⲢ ⲞⲨⲞϨ ⲦⲈⲦⲈⲚⲢⲒⲘⲒ ⲘⲠⲈⲤⲘⲞⲨ ⲚϪⲈϮⲀⲖⲞⲨ ⲀⲖⲖⲀ ⲀⲤⲚⲔⲞⲦ
40 ৪০ ছোৱালী জনী মৰা নাই, টোপনিতহে আছে।” তাতে তেওঁলোকে তেওঁক হাঁহিলে। কিন্তু তেওঁ সকলোকে বাহিৰ কৰি, ছোৱালী জনীৰ মাক-দেউতাক আৰু তেওঁৰ সঙ্গী সকলক লগত লৈ, যি ঠাইত ছোৱালী জনী আছিল, সেই ঠাইলৈ গ’ল।
ⲙ̅ⲞⲨⲞϨ ⲚⲀⲨⲤⲰⲂⲒ ⲘⲘⲞϤ ⲚⲐⲞϤ ⲆⲈ ⲈⲦⲀϤϨⲒ ⲠⲦⲎⲢϤ ⲈⲂⲞⲖ ⲀϤⲰⲖⲒ ⲚⲈⲘⲀϤ ⲘⲪⲒⲰⲦ ⲚϮⲀⲖⲞⲨ ⲚⲈⲘ ⲦⲈⲤⲘⲀⲨ ⲚⲈⲘ ⲚⲎ ⲈⲐⲚⲈⲘⲀϤ ⲞⲨⲞϨ ⲀϤϢⲈ ⲚⲀϤ ⲈϦⲞⲨⲚ ⲈⲠⲒⲘⲀ ⲈⲚⲀⲢⲈ ϮⲀⲖⲞⲨ ⲬⲎ ⲘⲘⲞϤ.
41 ৪১ পাছত তেওঁ ছোৱালী জনীৰ হাতত ধৰি তাইক কলে, “টালিথা কুমী”; অৰ্থাৎ, “আইটি, মই তোমাক কওঁ, উঠা।”
ⲙ̅ⲁ̅ⲞⲨⲞϨ ⲈⲦⲀϤⲀⲘⲞⲚⲒ ⲚⲦϪⲒϪ ⲚϮⲀⲖⲞⲨ ⲠⲈϪⲀϤ ⲚⲀⲤ ϪⲈ ⲦⲀⲖⲒⲐⲀ ⲔⲞⲨⲘ ⲈⲦⲈ ⲪⲀⲒ ⲠⲈ ϪⲈ ϮⲀⲖⲞⲨ ⲀⲒϪⲈ ⲈⲢⲞ ⲦⲰⲚⲒ
42 ৪২ সেই মুহুর্ওতে ছোৱালী জনীয়ে উঠি খোজ কাঢ়িলে, (কিয়নো তাইৰ বয়স বাৰ বছৰ হৈছিল) ৷ তেতিয়া তেওঁলোকে অতিশয় বিস্ময় মানিলে।
ⲙ̅ⲃ̅ⲞⲨⲞϨ ⲤⲀⲦⲞⲦⲤ ⲀⲤⲦⲰⲚⲤ ⲚϪⲈϮⲀⲖⲞⲨ ⲞⲨⲞϨ ⲀⲤⲘⲞϢⲒ ⲚⲀⲤϦⲈⲚ ⲒⲂ ⲄⲀⲢ ⲚⲢⲞⲘⲠⲒ ⲠⲈ ⲞⲨⲞϨ ⲚⲀⲨⲈⲢϢⲪⲎⲢⲒ ⲤⲀⲦⲞⲦⲞⲨ ⲠⲈ ϦⲈⲚⲞⲨⲚⲒϢϮ ⲚϢⲪⲎⲢⲒ
43 ৪৩ পাছত এই কথা যেন কোনেও নাজানে, তাৰ বাবে তেওঁ তেওঁলোকক এনে দৃঢ় আজ্ঞা দিলে আৰু তাইক কোনো খোৱা বস্তু দিবলৈ ক’লে।
ⲙ̅ⲅ̅ⲞⲨⲞϨ ⲀϤϨⲞⲚϨⲈⲚ ⲚⲰⲞⲨ ⲚϨⲀⲚⲘⲎϢ ϨⲒⲚⲀ ⲚⲦⲈϢⲦⲈⲘ ϨⲖⲒ ⲈⲘⲒ ⲈⲪⲀⲒ ⲞⲨⲞϨ ⲀϤϪⲞⲤ ⲚⲦⲞⲨϮⲞⲨⲰⲘ ⲚⲀⲤ.