< মাৰ্ক 3 >
1 ১ তাৰ পাছত যীচু পুনৰ নাম-ঘৰত সোমাল; আৰু তাত হাত শুকাই যোৱা ৰোগী এজন আছিল।
ⲁ̅ⲞⲨⲞϨ ⲀϤⲒ ⲞⲚ ⲈϦⲞⲨⲚ ⲈⲦⲞⲨⲤⲨⲚⲀⲄⲰⲄⲎ ⲞⲨⲞϨ ⲚⲈⲞⲨⲞⲚ ⲞⲨⲢⲰⲘⲒ ⲘⲘⲀⲨ ⲠⲈ ⲈⲢⲈ ⲦⲈϤϪⲒϪ ϢⲞⲨⲰⲞⲨ
2 ২ বিশ্ৰামবাৰে সেই ব্যক্তি জনক তেওঁ সুস্থ কৰিব নে নকৰে, ইয়াকে লোক সকলে চাই আছিল৷ আচলতে তেওঁলোকে তেওঁক অপবাদ দিবৰ বাবে কাৰণ বিচাৰি আছিল।
ⲃ̅ⲞⲨⲞϨ ⲚⲀⲨϮ ⲚϨⲐⲎⲞⲨ ⲚⲀϤ ⲠⲈ ϪⲈ ⲀⲚ ϤⲚⲀⲈⲢⲪⲀϦⲢⲒ ⲈⲢⲞϤ ϦⲈⲚⲚⲒⲤⲀⲂⲂⲀⲦⲞⲚ ϨⲒⲚⲀ ⲚⲦⲞⲨⲈⲢⲔⲀⲦⲎⲄⲞⲢⲒⲚ ⲈⲢⲞϤ
3 ৩ তেতিয়া যীচুৱে সেই হাত শুকাই যোৱা ৰুগীয়া মানুহ জনক ক’লে, “উঠা, আৰু সকলোৰে মাজত থিয় হোৱা”।
ⲅ̅ⲞⲨⲞϨ ⲠⲈϪⲀϤ ⲘⲠⲒⲢⲰⲘⲒ ⲈⲢⲈ ⲦⲈϤϪⲒϪ ϢⲞⲨⲰⲞⲨ ϪⲈ ⲦⲰⲚⲔ ϦⲈⲚⲐⲘⲎϮ.
4 ৪ তাৰ পাছত তেওঁ লোক সকলক সুধিলে, “বিধানৰ মতে বিশ্ৰামবাৰে বেয়া কৰ্ম নে, ভাল কৰ্ম কৰা উচিত? আৰু নৰ-বধ কৰিব পায় নে প্ৰাণ ৰক্ষা কৰিব পায়”? কিন্তু তেওঁলোক মনে মনে থাকিল।
ⲇ̅ⲞⲨⲞϨ ⲠⲈϪⲀϤ ⲚⲰⲞⲨ ϪⲈ ⲤϢⲈ ⲈⲈⲢⲠⲈⲐⲚⲀⲚⲈϤ ϦⲈⲚⲚⲒⲤⲀⲂⲂⲀⲦⲞⲚ ϢⲀⲚ ⲈⲈⲢⲠⲈⲦϨⲰⲞⲨ ⲞⲨⲮⲨⲬⲎ ⲈⲚⲀϨⲘⲈⲤ ϢⲀⲚ ⲈϦⲞⲐⲂⲈⲤ ⲚⲐⲰⲞⲨ ⲆⲈ ⲀⲨⲬⲀⲢⲰⲞⲨ
5 ৫ তেতিয়া তেওঁলোকৰ হৃদয়ৰ কঠিনতা দেখি তেওঁ অসন্তুষ্ট হৈ খঙেৰে চাৰিওফালে চালে আৰু সেই মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া”। তেতিয়া তেওঁ হাত খন মেলি দিলে আৰু যীচুৱে সেই হাত খন পূর্বৰ সুস্থ অৱস্থালৈ আনিলে।
ⲉ̅ⲞⲨⲞϨ ⲈⲦⲀϤϪⲞⲨϢⲦ ⲈⲢⲰⲞⲨ ϦⲈⲚⲞⲨⲘⲂⲞⲚ ⲈϤⲘⲞⲔϨ ⲚϨⲎⲦ ⲈϨⲢⲎⲒ ⲈϪⲈⲚ ⲠⲒⲐⲰⲘ ⲚⲦⲈⲠⲞⲨϨⲎⲦ ⲠⲈϪⲀϤ ⲘⲠⲒⲢⲰⲘⲒ ϪⲈ ⲤⲞⲨⲦⲈⲚ ⲦⲈⲔϪⲒϪ ⲈⲂⲞⲖ ⲞⲨⲞϨ ⲈⲦⲀϤⲤⲞⲨⲦⲰⲚⲤ ⲀⲤⲞⲨϪⲀⲒ ⲚϪⲈⲦⲈϤϪⲒϪ.
6 ৬ তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গৈ হেৰোদীয়া মানুহ সকলৰ সৈতে আলোচনা কৰিলে আৰু তেওঁক বিনষ্ট কৰিবৰ বাবে তেওঁৰ বিৰুদ্ধে মন্ত্রণা কৰিবলৈ ধৰিলে।
ⲋ̅ⲞⲨⲞϨ ⲈⲦⲀⲨⲒ ⲈⲂⲞⲖ ⲤⲀⲦⲞⲦⲞⲨ ⲚϪⲈⲚⲒⲀⲢⲬⲒⲈⲢⲈⲨⲤ ⲀⲨⲒⲢⲒ ⲚⲞⲨⲤⲞϬⲚⲒ ⲚⲈⲘ ⲚⲒⲎⲢⲰⲆⲒⲀⲚⲞⲤ ϦⲀⲢⲞϤ ϨⲒⲚⲀ ⲚⲦⲞⲨⲦⲀⲔⲞϤ
7 ৭ তাৰ পাছত যীচুৱে যেতিয়া তেওঁৰ শিষ্য সকলৰ সৈতে সাগৰৰ পাৰলৈ গ’ল; তেতিয়া গালীল আৰু যিহুদীয়াৰ পৰা অহা মানুহৰ দল এটাই তেওঁক অনুসৰণ কৰিলে;
ⲍ̅ⲒⲎⲤⲞⲨⲤ ⲆⲈ ⲚⲈⲘ ⲚⲈϤⲘⲀⲐⲎⲦⲎⲤ ⲀⲨⲈⲢⲀⲚⲀⲬⲰⲢⲒⲚ ⲈⲠⲦⲰⲞⲨ ⲞⲨⲞϨ ⲞⲨⲘⲎϢ ⲈϤⲞϢ ⲚⲦⲈϮⲄⲀⲖⲒⲖⲈⲀ ⲚⲈⲘ ϮⲒⲞⲨⲆⲈⲀ
8 ৮ আৰু যিৰূচালেম, ইদোমৰ যৰ্দ্দনৰ সিপাৰৰ পৰা, তুৰ আৰু চীদোনৰ চাৰিওফালৰ পৰা মানুহৰ এটা বৃহৎ দলে তেওঁ কৰি থকা সকলো কৰ্মৰ কথা শুনিলে আৰু তেওঁলোক ওচৰ চাপি আহিল।
ⲏ̅ⲚⲈⲘ ⲒⲈⲢⲞⲤⲀⲖⲎⲘ ⲚⲈⲘ ϮϨⲨⲆⲞⲨⲘⲈⲀ ⲚⲈⲘ ϨⲒⲘⲎⲢ ⲘⲠⲒⲒⲞⲢⲆⲀⲚⲎⲤ ⲚⲈⲘ ⲔⲈⲘⲎϢ ⲈϤⲞϢ ⲈⲂⲞⲖ ϦⲈⲚⲚⲀ ⲦⲨⲢⲞⲤ ⲚⲈⲘ ⲦⲤⲒⲆⲰⲚ ⲈⲨⲤⲰⲦⲈⲘ ⲈⲚⲎ ⲈⲚⲀϤⲒⲢⲒ ⲘⲘⲰⲞⲨ ⲀⲨⲒ ϨⲀⲢⲞϤ
9 ৯ তেতিয়া লোক সকলৰ সমাগম অধিক হোৱা দেখি, তেওঁ হেচা-ঠেলাৰ মাজত নপৰিবৰ বাবে শিষ্য সকলক এখন নাও যুগুত ৰাখিবলৈ আজ্ঞা দিলে।
ⲑ̅ⲞⲨⲞϨ ⲀϤϪⲞⲤ ⲚⲚⲈϤⲘⲀⲐⲎⲦⲎⲤ ϨⲒⲚⲀ ⲚⲦⲈⲞⲨϪⲞⲒ ⲘⲞⲨⲚ ⲈⲢⲞϤ ⲈⲐⲂⲈ ⲠⲒⲘⲎϢ ϨⲒⲚⲀ ⲚⲦⲞⲨϢⲦⲈⲘϨⲈϪϨⲰϪϤ
10 ১০ কিয়নো তেওঁ অনেক লোকক সুস্থ কৰা দেখি, ব্যাধিয়ে ধৰা সকলোৱেই তেওঁক চুবলৈ হেঁচা-ঠেলা কৰি আছিল।
ⲓ̅ϨⲀⲚⲘⲎϢ ⲄⲀⲢ ⲚⲀϤⲈⲢⲪⲀϦⲢⲒ ⲈⲢⲰⲞⲨ ϨⲰⲤⲦⲈ ⲚⲦⲞⲨⲒ ⲈϪⲰϤ ⲚⲦⲞⲨϬⲒ ⲚⲈⲘⲀϤ ⲚϪⲈⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ ⲈⲚⲀⲢⲈ ϨⲀⲚⲘⲀⲤⲦⲒⲄⲜ ⲚⲈⲘⲰⲞⲨ
11 ১১ আৰু অশুচি আত্মাবোৰে তেওঁক যেতিয়াই দেখে, তেতিয়াই তেওঁৰ আগত পৰে আৰু কান্দি কান্দি কয়, ‘আপুনি ঈশ্বৰৰ পুত্ৰ’।
ⲓ̅ⲁ̅ⲞⲨⲞϨ ⲚⲒⲠⲚⲈⲨⲘⲀⲚⲀⲔⲀⲐⲀⲢⲦⲞⲚ ⲈϢⲰⲠ ⲚⲦⲞⲨⲚⲀⲨ ⲈⲢⲞϤ ϢⲀⲨϨⲒⲦⲞⲨ ⲈϦⲢⲎⲒ ϦⲀⲢⲀⲦϤ ⲞⲨⲞϨ ⲚⲀⲨⲰϢ ⲈⲂⲞⲖ ⲈⲨϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲚⲐⲞⲔ ⲠⲈ ⲠϢⲎⲢⲒ ⲘⲪϮ
12 ১২ কিন্তু তেওঁক প্ৰকাশ নকৰিবলৈ সিহঁতক দৃঢ়কৈ সাৱধান কৰি দিলে।
ⲓ̅ⲃ̅ⲞⲨⲞϨ ⲚⲀϤⲈⲢⲈⲠⲒⲦⲒⲘⲀⲚ ⲚⲰⲞⲨ ⲚⲞⲨⲘⲎ ϢϨⲒⲚⲀ ⲚⲤⲈϢⲦⲈⲘⲞⲨⲞⲚϨϤ ⲈⲂⲞⲖ.
13 ১৩ পাছে তেওঁ পৰ্বতত উঠি, যি সকলক তেওঁ ইচ্ছা কৰিলে, তেওঁলোকক মাতিলে, আৰু তেওঁলোক তেওঁৰ ওচৰলৈ আহিল।
ⲓ̅ⲅ̅ⲞⲨⲞϨ ⲀϤϢⲈ ⲚⲀϤ ⲈϨⲢⲎⲒ ⲈϪⲈⲚ ⲠⲒⲦⲰⲞⲨ ⲞⲨⲞϨ ⲀϤⲘⲞⲨϮ ⲈⲚⲎ ⲈⲚⲀϤⲞⲨⲀϢⲞⲨ ⲚⲐⲞϤ ⲞⲨⲞϨ ⲀⲨϢⲈ ⲚⲰⲞⲨ ϨⲀⲢⲞϤ
14 ১৪ তেতিয়া তেওঁ বাৰ জনক নিযুক্ত কৰিলে (যি সকলক তেওঁ পাঁচনি নাম দিছিল) যাতে তেওঁলোক তেওঁৰ সঙ্গে সঙ্গে থাকিব পাৰে আৰু তেওঁলোকক যাতে প্রচাৰ কৰিবলৈ পঠিয়াব পাৰে,
ⲓ̅ⲇ̅ⲞⲨⲞϨ ⲀϤⲐⲀⲘⲒⲈ ⲒⲂ ⲚⲎ ⲈⲦⲀϤϮⲢⲈⲚⲞⲨ ϪⲈ ⲚⲒⲀⲠⲞⲤⲦⲞⲖⲞⲤ ϨⲒⲚⲀ ⲚⲦⲞⲨⲞϨⲒ ⲚⲈⲘⲀϤ ⲞⲨⲞϨ ϨⲒⲚⲀ ⲚⲦⲈϤⲞⲨⲞⲢⲠⲞⲨ ⲈϨⲒⲰⲒϢ
15 ১৫ আৰু তেওঁলোকে যেন ভূত খেদাবৰ বাবে অধিকাৰো পাব পাৰে৷
ⲓ̅ⲉ̅ⲞⲨⲞϨ ⲈⲐⲢⲈ ⲠⲈⲢϢⲒϢⲒ ϢⲰⲠⲒ ⲚⲦⲞⲦⲞⲨ ⲈϨⲒ ⲆⲈⲘⲰⲚ ⲈⲂⲞⲖ
16 ১৬ তেওঁ যি বাৰ জনক নিযুক্ত কৰিলে, সেই কেইজন হ’ল- চিমোন, যি জনক তেওঁ পিতৰ নাম দিছিল৷
ⲓ̅ⲋ̅ⲞⲨⲞϨ ⲀϤϮ ⲚⲞⲨⲢⲀⲚ ⲈⲤⲒⲘⲰⲚ ϪⲈ ⲠⲈⲦⲢⲞⲤ.
17 ১৭ চিবদিয়ৰ পুতেক যাকোব আৰু যাকোবৰ ভায়েক যোহন, (এই দুজনক বনেৰগচ, অৰ্থাৎ মেঘ-গৰ্জ্জনৰ পুতেক নাম দিলে);
ⲓ̅ⲍ̅ⲞⲨⲞϨ ⲒⲀⲔⲰⲂⲞⲤ ⲠϢⲎⲢⲒ ⲚⲌⲈⲂⲈⲆⲈⲞⲤ ⲚⲈⲘ ⲒⲰⲀⲚⲚⲎⲤ ⲠⲤⲞⲚ ⲚⲒⲀⲔⲰⲂⲞⲤ ⲞⲨⲞϨ ⲀϤϮ ⲚϨⲀⲚⲢⲀⲚ ⲈⲢⲰⲞⲨ ϪⲈ ⲂⲞⲀⲚⲎⲢⲄⲈⲤ ⲈⲦⲈ ⲪⲀⲒ ⲠⲈ ϪⲈ ⲚⲒϢⲎⲢⲒ ⲚⲦⲈϮϦⲀⲢⲀⲂⲀⲒ.
18 ১৮ আন্দ্ৰিয়, ফিলিপ, বাৰ্থলময়, মথি, থোমা, আলফয়ৰ পুতেক যাকোব, থদ্দেয়, জাতীয়তাবাদী চিমোন,
ⲓ̅ⲏ̅ⲀⲚⲆⲢⲈⲀⲤ ⲚⲈⲘ ⲪⲒⲖⲒⲠⲠⲞⲤ ⲂⲀⲢⲐⲞⲖⲞⲘⲈⲞⲤ ⲚⲈⲘ ⲘⲀⲦⲐⲈⲞⲤ ⲚⲈⲘ ⲐⲰⲘⲀⲤ ⲚⲈⲘ ⲒⲀⲔⲰⲂⲞⲤ ⲚⲦⲈⲀⲖⲪⲈⲞⲤ ⲚⲈⲘ ⲐⲀⲆⲆⲈⲞⲤ ⲚⲈⲘ ⲤⲒⲘⲰⲚ ⲠⲒⲔⲀⲚⲀⲚⲈⲞⲤ
19 ১৯ আৰু তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া ঈষ্কৰিয়োতীয়া যিহূদা।
ⲓ̅ⲑ̅ⲚⲈⲘ ⲒⲞⲨⲆⲀⲤ ⲠⲒⲤⲔⲀⲢⲒⲰⲦⲎⲤ ⲪⲎ ⲈⲦⲀϤⲦⲎ ⲒϤ
20 ২০ পাছত তেওঁ এটা ঘৰত সোমাল; আৰু পুনৰায় তাত ইমান মানুহ গোট খালে যে, তেওঁলোকে ভোজন কৰিব নোৱাৰিলে।
ⲕ̅ⲞⲨⲞϨ ⲀϤⲒ ⲈϦⲞⲨⲚ ⲈⲞⲨⲎⲒ ⲞⲨⲞϨ ⲀϤⲐⲰⲞⲨϮ ⲞⲚ ⲚϪⲈⲠⲒⲘⲎϢ ϨⲰⲤⲦⲈ ⲚⲦⲞⲨϢⲦⲈⲘϢϪⲈⲘϪⲞⲘ ⲞⲨⲆⲈ ⲈⲞⲨⲈⲘ ⲰⲒⲔ
21 ২১ তেওঁৰ আত্মীয় সকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে তেওঁক, ‘তেওঁ বলীয়া হ’ল’ বুলি কৈ ধৰিবলৈ ওলাই গ’ল।
ⲕ̅ⲁ̅ⲞⲨⲞϨ ⲈⲦⲀⲨⲤⲰⲦⲈⲘ ⲚϪⲈⲚⲎ ⲈⲦⲈⲚⲞⲨϤ ⲀⲨⲒ ⲈⲂⲞⲖ ⲈⲀⲘⲞⲚⲒ ⲘⲘⲞϤ ⲚⲀⲨϪⲰ ⲄⲀⲢ ⲘⲘⲞⲤ ⲠⲈ ϪⲈ ⲀⲠⲈϤϨⲎⲦ ⲤⲒϨⲒ.
22 ২২ আৰু যিৰূচালেমৰ পৰা অহা বিধানৰ অধ্যাপক সকলে ক’লে, “তেওঁৰ গাত বেলচবূব আছে; আৰু ভূতৰ সেই ৰজাৰ দ্বাৰাই তেওঁ ভূতবোৰ খেদায়৷”
ⲕ̅ⲃ̅ⲞⲨⲞϨ ⲚⲀⲢⲈ ⲚⲒⲤⲀϦ ⲈⲦⲀⲨⲒ ⲈⲂⲞⲖ ϦⲈⲚⲒⲈⲢⲞⲤⲀⲖⲎⲘ ⲚⲀⲨϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲂⲈⲖⲌⲈⲂⲞⲨⲖ ⲈⲐⲚⲈⲘⲀϤ ⲞⲨⲞϨ ϪⲈ ϦⲈⲚⲠⲀⲢⲬⲰⲚ ⲚⲦⲈⲚⲒⲆⲈⲘⲰⲚ ⲀϤϨⲒⲞⲨⲒ ⲚⲚⲒⲆⲈⲘⲰⲚ ⲈⲂⲞⲖ
23 ২৩ তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি দৃষ্টান্তেৰে ক’লে, “চয়তানে চয়তানক কেনেকৈ খেদাব পাৰে?
ⲕ̅ⲅ̅ⲞⲨⲞϨ ⲀϤⲘⲞⲨϮ ⲈⲢⲰⲞⲨ ⲚⲀϤϪⲰ ⲘⲘⲞⲤ ⲚⲰⲞⲨ ϦⲈⲚϨⲀⲚⲠⲀⲢⲀⲂⲞⲖⲎ ϪⲈ ⲠⲰⲤ ⲞⲨⲞⲚ ϢϪⲞⲘ ⲚⲦⲈⲠⲤⲀⲦⲀⲚⲀⲤ ϨⲒ ⲠⲤⲀⲦⲀⲚⲀⲤ ⲈⲂⲞⲖ
24 ২৪ যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে নিজে ভাগ হৈ যায়, তেনেহলে সেই ৰাজ্য এক হৈ থাকিব নোৱাৰে।
ⲕ̅ⲇ̅ⲞⲨⲞϨ ⲈϢⲰⲠ ⲚⲦⲈⲞⲨⲘⲈⲦⲞⲨⲢⲞ ⲪⲰϢ ⲈϨⲢⲀⲤ ⲘⲘⲞⲚ ϢϪⲞⲘ ⲚⲦⲈⲤⲞϨⲒ ⲈⲢⲀⲦⲤ ⲚϪⲈϮⲘⲈⲦⲞⲨⲢⲞ ⲈⲦⲈⲘⲘⲀⲨ.
25 ২৫ আৰু কোনো ঘৰ যদি নিজৰ বিৰুদ্ধে নিজে ভাগ হয়, তেনেহলে সেই ঘৰ এক হৈ থাকিব নোৱাৰে।
ⲕ̅ⲉ̅ⲞⲨⲞϨ ⲈϢⲰⲠ ⲚⲦⲈⲞⲨⲎⲒ ⲪⲰϢ ⲈϨⲢⲀϤ ⲘⲘⲞⲚ ϢϪⲞⲘ ⲚⲦⲈϤⲞϨⲒ ⲈⲢⲀⲦϤ ⲚϪⲈⲠⲒⲎⲒ ⲈⲦⲈⲘⲘⲀⲨ.
26 ২৬ চয়তানেও যদি নিজৰ বিৰুদ্ধে নিজে থিয় হয়, তেনেহলে সি থাকিব নোৱাৰিব কিন্তু তাৰ গতি অন্ত হব।
ⲕ̅ⲋ̅ⲞⲨⲞϨ ⲒⲤϪⲈ ⲠⲤⲀⲦⲀⲚⲀⲤ ⲠⲈⲦⲀϤⲦⲰⲚϤ ⲈϪⲰϤ ⲘⲘⲒⲚ ⲘⲘⲞϤ ⲞⲨⲞϨ ⲀϤⲪⲰϢ ⲘⲘⲞⲚ ϢϪⲞⲘ ⲘⲘⲞϤ ⲈⲞϨⲒ ⲈⲢⲀⲦϤ ⲀⲖⲖⲀ ⲞⲨⲞⲚⲦⲈϤ ⲞⲨϪⲰⲔ.
27 ২৭ বলৱানজনক প্ৰথমে নাবান্ধিলে, কোনেও তেওঁৰ ঘৰত সোমাই তেওঁৰ বস্তু লুট কৰিব নোৱাৰে; বান্ধিলেহে তেওঁৰ ঘৰ লুট কৰিব পাৰিব৷
ⲕ̅ⲍ̅ⲀⲖⲖⲀ ⲘⲘⲞⲚ ϢϪⲞⲘ ⲚⲦⲈϨⲖⲒ ϢⲈ ⲈϦⲞⲨⲚ ⲈⲠⲎⲒ ⲘⲠⲒϪⲰⲢⲒ ⲚⲦⲈϤϨⲰⲖⲈⲘ ⲚⲚⲈϤⲤⲔⲈⲨⲞⲤ ⲈⲂⲎⲖ ⲚⲦⲈϤⲤⲰⲚϨ ⲘⲠⲒϪⲰⲢⲒ ⲚϢⲞⲢⲠ ⲞⲨⲞϨ ⲦⲞⲦⲈ ⲚⲦⲈϤϨⲰⲖⲈⲘ ⲘⲠⲈϤⲎⲒ.
28 ২৮ মই আপোনালোকক স্বৰূপকৈ কওঁ, মনুষ্য-সন্তান সকলৰ সকলো বিধৰ পাপ, আৰু ঈশ্বৰক নিন্দা কৰা যি নিন্দা, এইবোৰ সকলোৰে ক্ষমা হয়;
ⲕ̅ⲏ̅ⲀⲘⲎⲚ ϮϪⲰ ⲘⲘⲞⲤ ⲚⲰⲦⲈⲚ ϪⲈ ϨⲰⲂ ⲚⲒⲂⲈⲚ ⲈⲨⲈⲬⲀⲨ ⲈⲂⲞⲖ ⲚⲚⲒϢⲎⲢⲒ ⲚⲦⲈⲚⲒⲢⲰⲘⲒ ⲚⲒⲚⲞⲂⲒ ⲚⲈⲘ ⲚⲒϪⲈⲞⲨⲀ ⲦⲎⲢⲞⲨ ⲈⲦⲞⲨⲚⲀϪⲈⲞⲨⲀ ⲘⲘⲰⲞⲨ
29 ২৯ কিন্তু যি কোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে, সেই জনৰ ক্ষমা কোনো কালে নহ’ব; সি অনন্ত পাপৰ অধিকাৰী”। (aiōn , aiōnios )
ⲕ̅ⲑ̅ⲪⲎ ⲆⲈ ⲈⲐⲚⲀϪⲈⲞⲨⲀ ⲈⲠⲒⲠⲚⲈⲨⲘⲀⲈⲐⲞⲨⲀⲂ ⲘⲘⲞⲚ ⲬⲰ ⲈⲂⲞⲖ ⲚⲦⲀϤ ϢⲀ ⲈⲚⲈϨ ⲀⲖⲖⲀ ϤⲞⲒ ⲚⲈⲚⲞⲬⲞⲤ ⲚⲞⲨⲚⲞⲂⲒ ⲚⲈⲚⲈϨ. (aiōn , aiōnios )
30 ৩০ যীচুৱে এই কথা তেওঁলোকক কলে; কাৰণ তেওঁলোকে কৈছিল, “তেওঁৰ গাত অশুচি আত্মা আছে৷”
ⲗ̅ϪⲈ ⲚⲀⲨϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲞⲨⲞⲚ ⲞⲨⲠⲚⲈⲨⲘⲀⲚⲀⲔⲀⲐⲀⲢⲦⲞⲚ ⲚⲈⲘⲀϤ.
31 ৩১ এনেতে তেওঁৰ মাক আৰু ভায়েক সকল আহি, বাহিৰত থিয় হৈ তেওঁক মাতি পঠালে।
ⲗ̅ⲁ̅ⲞⲨⲞϨ ⲀⲨⲒ ⲚϪⲈⲦⲈϤⲘⲀⲨ ⲚⲈⲘ ⲚⲈϤⲤⲚⲎ ⲞⲨ ⲞⲨⲞϨ ⲀⲨⲞϨⲒ ⲈⲢⲀⲦⲞⲨ ⲤⲀⲂⲞⲖ ⲞⲨⲞϨ ⲀⲨⲞⲨⲰⲢⲠ ϨⲀⲢⲞϤ ⲈⲨⲘⲞⲨϮ ⲈⲢⲞϤ
32 ৩২ তেতিয়া লোক সকল তেওঁৰ চাৰিওকাষে বহি আছিল; আৰু তেওঁলোকে তেওঁক ক’লে, “চাওক, আপোনাৰ মা, ভাই আৰু ভনী সকলে বাহিৰত আপোনাক বিচাৰিছে”।
ⲗ̅ⲃ̅ⲞⲨⲞϨ ⲚⲀⲢⲈ ⲠⲒⲘⲎϢ ϨⲈⲘⲤⲒ ⲘⲠⲈϤⲔⲰϮ ⲞⲨⲞϨ ⲠⲈϪⲰⲞⲨ ⲚⲀϤ ϪⲈ ⲒⲤ ⲦⲈⲔⲘⲀⲨ ⲚⲈⲘ ⲚⲈⲔⲤⲚⲎⲞⲨ ⲤⲀⲂⲞⲖ ⲈⲨⲔⲰϮ ⲚⲤⲰⲔ
33 ৩৩ তাতে তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “মোৰ আই আৰু মোৰ ভাই সকল কোন”?
ⲗ̅ⲅ̅ⲞⲨⲞϨ ⲈⲦⲀϤⲈⲢⲞⲨⲰ ⲚⲰⲞⲨ ⲠⲈϪⲀϤ ϪⲈ ⲒⲤ ⲦⲀⲘⲀⲨ ⲚⲈⲘ ⲚⲀⲤⲚⲎⲞⲨ
34 ৩৪ পাছত তেওঁৰ চাৰিওফালে বহি থকা লোক সকলক চাই তেওঁ ক’লে, “এওঁলোকলৈ চোৱা, এওঁলোকেই মোৰ আই আৰু মোৰ ভাই;
ⲗ̅ⲇ̅ⲞⲨⲞϨ ⲈⲦⲀϤϪⲞⲨϢⲦ ⲈⲚⲎ ⲈⲦϨⲈⲘⲤⲒ ⲘⲠⲈϤⲔⲰϮ ⲠⲈϪⲀϤ ϪⲈ ⲒⲤ ⲦⲀⲘⲀⲨ ⲚⲈⲘ ⲚⲀⲤⲚⲎⲞⲨ.
35 ৩৫ কিয়নো যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, সেই জনেই মোৰ ভাই, ভনী, আৰু আইয়ো হয়৷”
ⲗ̅ⲉ̅ⲪⲎ ⲈⲐⲚⲀⲒⲢⲒ ⲘⲠⲈⲦⲈϨⲚⲈ ⲪⲚⲞⲨϮ ⲪⲀⲒ ⲠⲈ ⲠⲀⲤⲞⲚ ⲚⲈⲘ ⲦⲀⲤⲰⲚⲒ ⲚⲈⲘ ⲦⲀⲘⲀⲨ.