< মাৰ্ক 2 >
1 ১ কিছুদিনৰ পাছত, যীচু পুনৰ কফৰনাহূমলৈ আহিল৷ তেতিয়া লোক সকলে তেওঁ ঘৰত আছে বুলি শুনি,
Ndambu bilumbu bu bivioka, Yesu wubuela kuenda ku Kafalinawumi. Bawa tsangu ti widi kuna nzo.
2 ২ ইমান মানুহ গোট খালে যে, ভিতৰত কোনো কোঠালিতে ঠাই নোহোৱা হ’ল; আনকি দুৱাৰ-মুখতো ঠাই নাইকিয়া হ’ল। তাতে যীচুৱে তেওঁলোকৰ আগত বাক্য প্ৰচাৰ কৰিলে।
Nkangu wu batu wukutakana muna. Batu bawokila ngolo, diawu nkutu bibuangu bisia buela monika ko ka diambu ko va muelo. Vayi Yesu wuba longa mambu ma Nzambi.
3 ৩ তেতিয়া লোক সকলে চাৰি জনে কঢ়িয়াই অনা এজন পক্ষাঘাত ৰোগীক যীচুৰ ওচৰলৈ আনিলে।
Batu baya bayiza kuidi niandi, ayi, banata dikoka.
4 ৪ কিন্তু জন সমাগমৰ বাবে তেওঁৰ ওচৰলৈ তেওঁক চপাব নোৱাৰি, যি ঠাইত তেওঁ আছিল, সেই ঘৰৰ ওপৰৰ চাল গুচাই বাট কৰি ললে আৰু পক্ষাঘাত ৰোগীজনক শোৱা শয্যাৰে সৈতে তললৈ নমাই দিলে।
Vayi bu basia nunga ko mu kuntudisa vaba Yesu bila nkangu wu batu wuwokila ngolo; diawu batobudila divudu mu muanzu vana vawu vabela Yesu. Bosi bakulula kiphoyi bila wuba wuleka va kiphoyi beni.
5 ৫ তাতে যীচুৱে তেওঁলোকৰ বিশ্বাস দেখি, সেই জঠৰ ৰোগীজনক ক’লে, “বোপা তোমাৰ সকলো পাপ ক্ষমা হ’ল”।
Yesu bu kamona minu kiawu; buna wukamba kuidi dikoka ti: —A muanꞌama, masumu maku malemvokolo!
6 ৬ কিন্তু তাত বহি থকা বিধানৰ অধ্যাপক সকলৰ মাজৰ কোনো কোনোৱে মনতে ভাবি ক’লে,
Minlongi minkaka mi Mina miba vana mitona niunguta mu mintima miawu:
7 ৭ “এওঁ এনে কথা কেনেকৈ কব পাৰে? এওঁ ঈশ্বৰ নিন্দা কৰিছে। এজন ঈশ্বৰত বাহিৰ কোনে পাপ ক্ষমা কৰিব পাৰে”?
—A bila mbi mutu wawu kanyolukila bobo e? Keti lembo vuezi Nzambi! Nani wunlemvukilanga masumu e? A keti Nzambi kaka wunlemvukilanga masumu!
8 ৮ তেওঁলোকে নিজৰ মনত এনে কথা ভাবি থকা বুলি যীচুৱে নিজৰ আত্মাত তেতিয়াই জানিলে; সেয়েহে তেওঁলোকক ক’লে, “আপোনালোকে অন্তৰত কিয় এনে কথা ভাৱিছে?
Vana vawu Yesu, mu pheve andi, bu kazaba mayindu mawu, wuba kamba: —Bila mbi lunyindudila mayindu ma phila yoyi e?
9 ৯ ‘তোমাৰ সকলো পাপ ক্ষমা হ’ল’ নাইবা ‘উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা’; এই দুটা কথাৰ মাজত পক্ষাঘাত ৰোগীজনক কোনটো কবলৈ উজু?
Diambu mbi diodi dikambulu phasi mu kamba kuidi dikoka: “Masumu makumalemvokolo” voti “Telama, nanguna kiphoyi kiaku ayi diata”.
10 ১০ কিন্তু আপোনালোকে যেন জানে যে, পৃথিৱীত পাপ ক্ষমা কৰিবৰ বাবে মানুহৰ পুত্ৰৰ ক্ষমতা আছে”, এই বুলি তেওঁ পক্ষাঘাত ৰোগীজনক ক’লে,
Vayi muingi luzaba ti Muana Mutu beki lulendo lu lemvukila masumu va ntoto…
11 ১১ “মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ, নিজৰ ঘৰলৈ যোৱা”।
Buna wukamba dikoka ti: —Ndikutumina: Telama, bonga kiphoyi kiaku, vutuka ku nzoꞌaku!
12 ১২ তাতে তেওঁ তেতিয়াই উঠিল, আৰু সকলোৰে সন্মুখত নিজৰ শয্যা তুলি লৈ ওলাই গ’ল; ইয়াকে দেখি সকলোৱে বিস্ময় মানি ক’লে, “আমি এনেকুৱা কেতিয়াও দেখা নাই”, এইদৰে ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।
Vana vawu mutu beni wutelama, wubonga kiphoyi kiandi, wutotuka va meso ma batu boso. Baboso basimina ayi bakembisa Nzambi bu batuba: —Tumueni ko mambu ma phila yayi!
13 ১৩ তাৰ পাছত যীচু আকৌ সাগৰৰ তীৰলৈ ওলাই গ’ল; আৰু লোক সকল তেওঁৰ ওচৰলৈ অহাত, তেওঁ তেওঁলোকক উপদেশ দিলে।
Yesu wuyenda diaka ayi wudiata mu mbembele mbu, nkangu wu batu wuyiza ku kaba ayi wuba longa.
14 ১৪ পাছত তেওঁ যাওঁতে আলফয়ৰ পুতেক লেবীক কৰ লোৱা চ’ৰাত বহি থকা দেখা পালে আৰু তেওঁক ক’লে, “মোৰ পাছে পাছে আহা”। তেতিয়া তেওঁ উঠি, তেওঁৰ পাছে পাছে গ’ল।
Bu kaba vioka, wumona Levi, muana Alafayi, vuendi mu bilu kiba mfutisilanga ziphaku ayi wunkamba: —Wundandakana. Niandi wutelama ayi wunlandakana.
15 ১৫ যেতিয়া যীচুৱে লেবীৰ ঘৰত ভোজন কৰি আছিল, তেতিয়া অনেক কৰ সংগ্রহকৰী আৰু পাপী লোক আৰু তেওঁৰ শিষ্য সকলেও তেওঁৰে সৈতে ভোজন কৰিবলৈ বহিল; লগতে তেওঁৰ পাছে পাছে অহা অনেক লোক তাত উপস্থিত আছিল৷
Yesu bu kaba dia ku nzo Levi; mimfutisi mi ziphaku miwombo ayi bankua masumu bawombo badia yandi va kimosi ayi minlonguki miandi; bila batu bawombo banlandakana.
16 ১৬ তাতে তেওঁ পাপী আৰু কৰ সংগ্রহকৰী সকলৰ সৈতে ভোজন কৰা দেখি, ফৰীচী সমাজৰ বিধানৰ অধ্যাপক সকলে তেওঁৰ শিষ্য সকলক ক’লে, “এওঁ কিয় কৰ সংগ্রহকৰী আৰু পাপী লোকৰ লগত ভোজন-পান কৰে”?
Minlongi mi mina mi Bafalisi bu mimona ti Yesu wulembo dia va kimosi ayi mimfutisi mi zipaku ayi bankua masumu, mieka nyuvula minlonguki mi Yesu: —Bila mbi Nlongi eno kalembo dila va kimosi ayi mimfutisi mi ziphaku ayi bankua masumu e?
17 ১৭ যীচুৱে ইয়াকে শুনি তেওঁলোকক ক’লে, “নিৰোগী মানুহৰ বাবে চিকিৎসকৰ কোনো প্ৰয়োজন নাই; কিন্তু ৰোগীৰহে প্ৰয়োজন আছে। মই ধাৰ্মিক জনক নহয় কিন্তু পাপীকহে নিমন্ত্রণ জনাবলৈ আহিছোঁ”।
Yesu bu kawa bobo, buna wuba vutudila: —Batu badi buvini basi mfunu wu munganga ko, vayi badi kimbevo bawu bantombanga munganga! Ndisia kuiza ko mu tela basonga vayi ndiyiza mu tela bankua masumu.
18 ১৮ এবাৰ যোহনৰ শিষ্য সকল আৰু ফৰীচী সকলে লঘোন দি আছিল৷ তাতে তেওঁলোকে আহি যীচুক সুধিলে, “যোহনৰ শিষ্য সকলে আৰু ফৰীচী সকলৰ শিষ্য সকলেও লঘোন দিয়ে, কিন্তু আপোনাৰ শিষ্য সকলে লঘোন নিদিয়ে; ইয়াৰ কাৰণ কি”?
Minlonguki mi Yowani ayi Bafalisi baba kukifuisanga nzala mudiambu di lusambulu. Buna bayiza yuvula Yesu: —Bila mbi minlonguki mi Yowani ayi mi Bafalisi beti kukifuisila nzala mu diambu di lusambulu vayi minlonguki miaku mikifuisanga nzala ko mu diambu di lusambulu e?
19 ১৯ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “সখি সকল দৰাৰ লগত থকা সময়ত, তেওঁলোকে লঘোন দিব পাৰে নে? তেওঁলোকৰ লগত দৰা থাকে মানে তেওঁলোকে লঘোন দিব নোৱাৰে।
Yesu wuba vutudila: —Buevi; batu batumusu ku nyengo makuela balenda kukifuisa nzala mu diambu di lusambulu bu bakidi va kimosi ayi mutu wowo kuedidi e? Mutu wowo sadisidi nyengo bu kadi yawu va kimosi, balendi kifuisa nzala mu diambu di lusambulu ko.
20 ২০ কিন্তু এনে দিন আহিব, যিদিনা তেওঁলোকৰ পৰা দৰাক নিয়া হব আৰু সেই দিনত তেওঁলোকেও লঘোন দিব।
Vayi vela ba lumbu, bu bela ku babotula mutu wowo kuedidi bunabosi bela kifuisa nzala mu diambu di lusambulu.
21 ২১ কোনেও পুৰণি বস্ত্রত নতুন কাপোৰৰ টাপলি নামাৰে; তেনে কৰিলে, যি ডোখৰেৰে টাপলি মৰা হয়, সেয়ে তাক ফালি নিয়ে; অৰ্থাৎ নতুন ডোখৰে পুৰণিক ফালি নিয়ে আৰু তেতিয়া সৰহ ভাগহে ফাটি যায়।
Mutu kalendi bonga tendi kimona ko muingi kalondila nledi wukhulu. Niandi vanga bobo buna kimona kieka buela kakuna nledi wukhulu ayi buna divudu diela ba dinneni.
22 ২২ পুৰণি ছালৰ মোটত নতুন দ্ৰাক্ষাৰস কোনোৱে নথয় আৰু যদি কোনোবাই থয়, তেনেহলে সেই দ্ৰাক্ষাৰসে সেই মোট ফালি পেলাব, তাতে দ্ৰাক্ষাৰস আৰু মোট, দুয়োটাই নষ্ট হব, কিন্তু নতুন দ্রাক্ষাৰস নতুন মোটতহে থয়”।
Bobuawu mutu kalendi tula ko vinu kimona mu zitsaku zikhulu bila vinu kimona kibeki bu kanzunina zitsaku zioso. Buna vinu kibungani ayi zitsaku zifuidi. Vayi beti lundila vinu kimona mu zitsaku zimona.
23 ২৩ তাৰ পাছত তেওঁ বিশ্রামবাৰে শস্যক্ষেত্রৰ মাজেদি যাওঁতে, তেওঁৰ শিষ্য সকলে শস্যৰ থোকবোৰ ছিঙি খাবলৈ ধৰিলে।
Bu kaba viokila mu tsola yi ble mu lumbu ki saba; minlonguki miandi bu miba vioka, mivela ble.
24 ২৪ তাতে ফৰীচী সকলে যীচুক কলে, “চোৱা, বিধান অনুসাৰে বিশ্ৰামবাৰে যি কৰিব নাপায়, সেইবোৰ ইহঁতে কিয় কৰিছে”?
Buna Bafalisi bankamba: —Tala! Bila mbi minlonguki miaku mimvangila mambu momo makanduku mu lumbu ki saba e?
25 ২৫ তেতিয়া তেওঁ তেওঁলোকক কলে, “দায়ুদ আৰু তেওঁৰ লগৰবোৰৰ প্রয়োজন হোৱাত আৰু ভোক লগাত যি কর্ম কৰিছিল, সেই বিষয়ে আপোনালোকে কেতিয়াও পঢ়া নাই নে?
Niandi wuba vutudila: —Lutengi ko mambu Davidi kavanga mu thangu niandi ayi bakundi bandi baba nzala ayi bakambu bidia e?
26 ২৬ তেওঁ কেনেকৈ অবিয়াথ মহা-পুৰোহিতৰ সময়ত, ঈশ্বৰৰ গৃহত সোমাল আৰু পুৰোহিতৰ বাহিৰে বিধান অনুসৰি অন্য লোকে খাব নোৱাৰা যি দৰ্শন-পিঠা, সেইবোৰ তেওঁ খালে আৰু লগৰবোৰকো দিলে”?
Wukota muna Nzo Nzambi, niandi ayi bakundi bandi badia maphamomo matambuku kuidi Nzambi. Mu thangu beni Abiatali niandi wuba pfumu yi zinganga. Muaki zinganga ziawu kaka ziba minsua mu dia mapha beni; vayi Davidi wudia mawu ayi wuvana batu bandi.
27 ২৭ যীচুৱে তেওঁলোকক পুনৰ কলে, “বিশ্ৰামবাৰ মানুহৰ কাৰণে হল; কিন্তু মানুহ বিশ্রামবাৰৰ কাৰণে নহ’ল;
Yesu wubuela bakamba: —Lumbu ki saba kivangu mu diambu di mutu, bika sia ti mutu niandiwuvangu mu diambu di lumbu ki saba.
28 ২৮ এই হেতুকে মানুহৰ পুত্র বিশ্রাম-বাৰৰো অধিপতি”।
Diawu Muana Mutu niandi Pfumu lumbu ki saba.