< মাৰ্ক 16 >
1 ১ তাৰ পাছত বিশ্ৰামবাৰ শেষ হোৱাত, মগ্দলীনী মৰিয়ম, যাকোবৰ মাতৃ মৰিয়ম আৰু চালোমীয়ে আহি যীচুৰ গাত সানিবলৈ সুগন্ধি দ্ৰব্য কিনিলে।
A gdy minął szabat, Maria Magdalena, Maria, [matka] Jakuba, i Salome nakupiły wonności, aby pójść i namaścić go.
2 ২ আৰু সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, সুৰ্য্য উদয় হওতেই, তেওঁলোকে মৈদামলৈ গ’ল৷
Pierwszego dnia po szabacie, wczesnym rankiem, gdy wzeszło słońce, przyszły do grobu.
3 ৩ তেওঁলোকে নিজৰ মাজত কোৱা-কুই কৰি ক’লে, “মৈদামৰ প্ৰৱেশ দ্ৱাৰত থকা শিলটো কোনে আমাৰ বাবে বগৰাই দিব?”
I mówiły do siebie: Któż nam odwali kamień od wejścia do grobowca?
4 ৪ কিয়নো সেই শিলচতা অতি ডাঙৰ আছিল; এনেতে চকু তুলি চাওতে তেওঁলোকে দেখিলে যে, শিলচটা বগৰাই থোৱা আছে৷
(A gdy spojrzały, zobaczyły, że kamień został odwalony). Był bowiem bardzo wielki.
5 ৫ তেওঁলোকে তেতিয়া মৈদামৰ ভিতৰলৈ সোমাই গ’ল আৰু বগা কাপোৰ পিন্ধা ডেকা এজনক সোঁফালে বহি থকা দেখিলে, তাতে তেওঁলোক অতি আচৰিত হ’ল।
Gdy weszły do grobowca, ujrzały młodzieńca siedzącego po prawej stronie, ubranego w białą szatę, i przestraszyły się.
6 ৬ কিন্তু তেওঁ তেওঁলোকক ক’লে, “তোমালোকে ভয় নকৰিবা; তোমালোকে ক্রুচত হত হোৱা নাচৰতীয়া যীচুক বিচাৰিছা; তেওঁ উঠিল! তেওঁ ইয়াত নাই; চোৱা, এয়ে তেওঁক শুৱাই থোৱা ঠাই।
Lecz on powiedział do nich: Nie bójcie się. Szukacie Jezusa z Nazaretu, który był ukrzyżowany. Powstał, nie ma [go] tu. Oto miejsce, gdzie go złożono.
7 ৭ কিন্তু তোমালোকে গৈ, তেওঁৰ আন শিষ্য সকলৰ লগতে পিতৰক কোৱাগৈ যে, ‘তেওঁ তোমালোকৰ আগেয়ে গালীল প্ৰদেশলৈ যাব আৰু তাতে তেওঁ যেনেকৈ তোমালোকক কৈছিল, তেনেকৈ তোমালোকে তেওঁক দেখা পাবা’।”
Ale idźcie i powiedzcie jego uczniom i Piotrowi: Udaje się przed wami do Galilei. Tam go ujrzycie, jak wam powiedział.
8 ৮ তেতিয়া তেওঁলোকে মৈদামৰ পৰা ওলাই পলাল; কিয়নো সেই সময়ত তেওঁলোক সঁচাকৈ কম্পন আৰু বিস্ময়ত হৈ আছিল; তেওঁলোকে কোনো ব্যক্তিক নক’লে, কিয়নো তেওঁলোকে অতি ভয় খাইছিল।
Wyszły więc szybko i uciekły od grobu, bo ogarnęły je lęk i zdumienie. Nikomu też nic nie mówiły, ponieważ się bały.
9 ৯ (note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) সপ্তাহৰ প্ৰথম দিনৰ ৰাতিপুৱা, যীচু পুনৰুত্থিত হোৱাৰ পাছত; যি গৰাকীৰ পৰা তেওঁ সাতোটা ভূত খেদাইছিল, সেই মগ্দলীনী মৰিয়মক তেওঁ প্ৰথমতে দেখা দিলে।
(note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) A Jezus, gdy zmartwychwstał wczesnym rankiem pierwszego [dnia] po szabacie, ukazał się najpierw Marii Magdalenie, z której wypędził siedem demonów.
10 ১০ তেতিয়া তেওঁ গৈ শোক আৰু ক্ৰন্দন কৰি থকা যীচুৰ পূৰ্বৰ সঙ্গী সকলক বাৰ্তা দিলে;
Ona zaś poszła i opowiedziała [to] tym, którzy z nim przebywali, pogrążonym w smutku i płaczącym.
11 ১১ তেতিয়া তেওঁলোকে যীচু যে জীয়াই উঠিল আৰু মগ্দলীনী মৰিয়মক যে দৰ্শন দিলে, সেই কথা তেওঁলোকে শুনিলে কিন্তু বিশ্বাস নকৰিলে।
A gdy oni usłyszeli, że żyje i że go widziała, nie wierzyli.
12 ১২ এই সকলো ঘটনা ঘটাৰ পাছত, যীচুৱে অন্য দুজন লোকক গাঁৱলৈ যাত্ৰা কৰি থাকোতে তেওঁ অন্যৰূপ ধৰি, তেওঁলোকক দেখা দিলে।
Potem ukazał się w innej postaci dwom z nich, gdy szli na wieś.
13 ১৩ তাতে তেওঁলোকে গৈ অন্য শিষ্য সকলক সম্বাদ দিলে; কিন্তু তেওঁলোকে সেই কথা বিশ্বাস নকৰিলে।
Oni poszli i opowiedzieli pozostałym. Lecz i tym nie uwierzyli.
14 ১৪ পাছত এঘাৰ জনে ভোজনত বহি থাকোঁতে, যীচুৱে তেওঁলোকক দেখা দিলে আৰু তেওঁৰ উত্থানৰ পাছত, তেওঁক দেখা পোৱা সকলক বিশ্বাস নকৰাৰ কাৰণে তেওঁলোকৰ অবিশ্বাস আৰু কঠিন মনক গৰিহণা কৰিলে।
Na koniec ukazał się jedenastu, gdy siedzieli za stołem, i wyrzucał im ich niewiarę i zatwardziałość serca, że nie wierzyli tym, którzy go widzieli wskrzeszonego.
15 ১৫ আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্রচাৰ কৰা।
I powiedział do nich: Idźcie na cały świat i głoście ewangelię wszelkiemu stworzeniu.
16 ১৬ তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হ’ব৷
Kto uwierzy i ochrzci się, będzie zbawiony, ale kto nie uwierzy, będzie potępiony.
17 ১৭ এইবোৰ পৰাক্ৰম কাৰ্যৰ চিন, বিশ্বাস কৰা সকলৰ অনুগামী হ’ব। তেওঁলোকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা ক’ব; সাপক হাতেৰে তুলি ল’ব;
A takie znaki będą towarzyszyć tym, którzy uwierzą: w moim imieniu będą wypędzać demony, będą mówić nowymi językami;
18 ১৮ আৰু প্ৰাণনাশক কোনো বস্তু পান কৰিলেও তেওঁলোকৰ একো হানি নহব আৰু নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰিব৷”
Będą brać węże, a choćby wypili coś śmiercionośnego, nie zaszkodzi im; na chorych będą kłaść ręce, a ci odzyskają zdrowie.
19 ১৯ এইদৰে তেওঁলোকৰ সৈতে কথা হোৱাৰ পাছত প্ৰভু যীচুক স্বৰ্গলৈ নিয়া হ’ল আৰু তেওঁ ঈশ্বৰৰ সোঁ হাতে বহিল।
A gdy Pan przestał do nich mówić, został wzięty do nieba i zasiadł po prawicy Boga.
20 ২০ পাছত তেওঁলোকে ওলাই গৈ সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে; আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামী সকলৰ পৰাক্ৰম কাৰ্যৰ চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে। আমেন।
Oni zaś poszli i głosili wszędzie, a Pan współdziałał z nimi i potwierdzał [ich] słowa znakami, które im towarzyszyły. [Amen].