< মাৰ্ক 14 >

1 নিস্তাৰ-পৰ্ব আৰু খমিৰ নোহোৱা পিঠাৰ পৰ্বলৈ দুদিন আছিল; এনে সময়ত প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক গোপনে ধৰি বধ কৰিব পাৰে, সেই বিষয়ে উপায় বিচাৰিলে;
ᏔᎵᏃ ᏫᏄᏒᎸ ᎧᏃᎯᏴᎩ ᏗᎵᏍᏓᏴᏗᏱ ᎠᎴ ᎾᎪᏔᏅᎾ ᎦᏚ ᎠᎩᏍᏗᏱ ᎤᏍᏆᎸᏗ ᎨᏎᎢ, ᏄᏂᎬᏫᏒᏃ ᎠᏥᎸᎠᏁᎶᎯ ᎠᎴ ᏗᏃᏪᎵᏍᎩ ᎤᏂᏲᎴ ᎢᏳᎾᏛᏁᏗᏱ ᎦᎶᏄᎮᏛ ᎤᏅᏙᏗᏱ ᎤᏂᏂᏴᏗᏱ, ᎠᎴ ᎤᏂᎯᏍᏗᏱ.
2 এনেতে তেখেত সকলে ক’লে, “পৰ্বৰ সময়ত যেন নহয়, কিয়নো মানুহৰ মাজত হুলস্থুল দৃষ্টি গোচৰ হব নালাগে৷”
ᎠᏎᏃ ᎥᏞᏍᏗ ᏗᎵᏍᏓᏴᏗᏱ ᎢᏳ ᎢᎦ ᎨᏒᎢ, ᏯᎾᎵᏕᎸᎲᎦᏰᏃ ᏴᏫ, ᎤᎾᏛᏁᎢ.
3 পাছত তেওঁ যেতিয়া বৈথনিয়া গাঁৱৰ চিমোন কুষ্ঠৰোগীৰ ঘৰত ভোজন কৰিবলৈ আহিল, তাতে তেওঁ ভোজনৰ মেজ পুনৰ পৰিষ্কাৰ কৰিলে; তেতিয়া এজনী তিৰোতাই বহুমুলীয়া বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল লৈ আহিল৷ তাতে তাই সেই টেমাটো ভাঙি যীচুৰ মুৰত তেল বাকী দিলে।
ᏇᏗᏂᏱᏃ ᎡᏙᎮᎢ, ᎠᎠᏩᏂ ᎠᏓᏰᏍᎩ ᎤᏢᏨᎯ ᎦᏁᎸᎢ, ᎦᏅᎨᏃ ᎠᎵᏍᏓᏴᎲᏍᎨᎢ, ᎠᎨᏴ ᎤᎷᏤ ᎠᏰᎮ ᎫᎫ ᏅᏯ ᎤᏁᎬ ᎪᏢᏔᏅᎯ ᎠᏟᏍᏕ ᎠᏠᏁᏗ ᎾᏓ ᏧᏙᎢᏛ, ᎤᏣᏘ ᏧᎬᏩᎶᏗ; ᎠᎴ ᎤᎶᏒ ᎫᎫ, ᎠᎴ ᎤᎶᏁᏔᏁ ᎠᏍᎪᎵ.
4 সেই সময়ত তাত উপস্থিত থকা কিছুমান লোকে কুপিত হৈ ইজনে- সিজনক ক’ব ধৰিলে, “এনেদৰে নষ্ট হোৱাৰ কাৰণ কি?
ᎩᎶᏃ ᎤᎾᏓᏑᏰ ᎤᏅᏳᏤ ᏙᏧᎾᏓᏅᏛᎢ, ᎠᎴ ᎯᎠ ᏄᏂᏪᏎᎢ, ᎦᏙᏃ ᎯᎠ ᎠᏤᏬᎩ ᎠᏠᏁᏗ?
5 কিয়নো এই সুগন্ধি তেল বিক্ৰী কৰি, তিনি শ আধলি তকৈয়ো অধিক পালোহেঁতেন আৰু দৰিদ্ৰ সকলক দান দিব পাৰিলেহেঁতেন।” তাতে তেওঁলোকে সেই মহিলা গৰাকীক নিন্দা কৰিলে।
ᏳᏂᎾᏗᏅᏎᏰᏃ ᎾᏍᎩ ᎯᎠ ᎠᏠᏁᏗ ᏦᎢᏧᏈ ᎠᏂᎩᏏ ᏧᎾᎬᏩᎶᏗ ᎤᎶᏒᏍᏗ ᏱᏚᎵᎬᏩᎳᏁᎢ, ᎠᎴ ᎤᏲ ᎢᏳᎾᏛᎿᎭᏕᎩ ᏗᎬᏁᏗ ᏱᎨᏎᎢ. ᎠᎴ ᎬᏩᎪᏁᎶᎯᏎᎴᎢ.
6 কিন্তু যীচুৱে ক’লে, “তেওঁক এৰি দিয়া; তেওঁক কিয় অশান্তি কৰি আছা? তেওঁ মোলৈ উত্তম কৰ্মকে কৰিলে।
ᏥᏌᏃ ᎯᎠ ᏄᏪᏎᎢ, ᎤᏁᎳᎩ; ᎦᏙᏃ ᎢᎡᏣᏕᏯᏙᏗᎭ? ᎣᏏᏳ ᏕᎤᎸᏫᏍᏓᏏ ᏥᎾᏋᎦ.
7 দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব আৰু যেতিয়া তোমালোকৰ ইচ্ছা হয়, তেতিয়াই তেওঁলোকৰ উপকাৰ কৰিব পাৰা; কিন্তু তোমালোকে মোক সদায় তোমালোকৰ লগত নাপাবা।
ᎤᏲᏰᏃ ᎢᏳᎾᏛᎿᎭᏕᎩ ᏂᎪᎯᎸ ᎨᏤᎳᏗᏙᎭ, ᎠᎴ ᎢᏳᏉ ᎢᏤᎵᏍᎬᎢ ᎣᏍᏛ ᏱᏂᏕᏣᏛᏂᏏ; ᎠᏴᏍᎩᏂ ᎥᏝ ᏂᎪᎯᎸ ᏱᏨᏰᎳᏗᏙᎭ.
8 তেওঁ যি পাৰিলে তাকে কৰিলে; মোক মৈদামত থোৱা কাৰ্যৰ কাৰণে আগেয়ে মোৰ শৰীৰত তেল সানিলে।
ᏂᎦᎥ ᎢᎬᏩᏛᏁᏗ ᎨᏒ ᎾᏛᎦ; ᎢᎬᏱ ᎦᏰᎯ ᎦᎷᎩ ᎤᎶᏁᏗᏱ ᏥᏰᎴ ᎥᎩᏂᏐᏗᏱ ᎤᎬᏩᎵ.
9 মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ’ব, সেই সকলো ঠাইত তেওঁক সুঁৱৰিবৰ অৰ্থে, তেওঁ যি কৰ্ম কৰিলে, এই কৰ্মকো ঘোষণা কৰা হ’ব।”
ᎤᏙᎯᏳᎯᏯ ᎯᎠ ᏂᏨᏪᏎᎭ, ᎢᎸᎯᏢ ᎯᎠ ᎾᏍᎩ ᎣᏍᏛ ᎧᏃᎮᏛ ᎠᎵᏥᏙᏗ ᏂᎦᎵᏍᏗᏍᎨᏍᏗ ᎡᎶᎯ ᏂᎬᎾᏛᎢ, ᎯᎠ ᎾᏍᎩ ᏥᎾᏛᎦ ᎾᏍᏉ ᎤᏂᏃᎮᏗ ᎨᏎᏍᏗ ᎾᏍᎩ ᎠᎦᏅᏓᏗᏍᏙᏗ.
10 ১০ পাছত ঈষ্কৰিয়োতীয়া যিহূদা সেই বাৰ জনৰ এজন, তেওঁ যীচুক প্ৰধান পুৰোহিত সকলৰ হাতত শোধাই দিবলৈ তেখেত সকলৰ ওচৰলৈ গ’ল।
ᏧᏓᏏᏃ ᎢᏯᎦᎳᏗ, ᎠᏏᏴᏫ ᎾᏍᎩ ᏔᎳᏚ ᎢᏯᏂᏛ ᎨᏒᎢ, ᎤᏪᏅᏎ ᏄᏂᎬᏫᏳᏒ ᎠᏥᎸ-ᎠᏁᎶᎯ ᏗᏂᏅᎢ, ᎾᏍᎩ ᏧᏲᎯᏎᏗᏱ.
11 ১১ তেখেত সকলে তেওঁৰ কথা শুনি আনন্দিত হৈ তেওঁক ধন দিবলৈ প্ৰতিজ্ঞা কৰিলে। তাতে তেওঁ যীচুক সুবিধা অনুসৰি শোধাই দিবলৈ উপায় বিচাৰিলে।
ᎤᎾᏛᎦᏅᏃ ᎣᏏᏳ ᎤᏂᏰᎸᏁᎢ, ᎠᎴ ᎤᏂᏚᎢᏍᏓᏁᎴ ᎠᏕᎸ ᏧᏂᏁᏗᏱ. ᎤᏲᎴᏃ ᎣᏍᏛ ᎤᏜᏓᏅᏓᏕᏗᏱ ᏧᏲᎯᏎᏗᏱ.
12 ১২ খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা অৰ্থাৎ নিস্তাৰপৰ্বৰ মেৰ পোৱালি বলি দিয়াৰ দিনা তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “আপোনাৰ বাবে নিস্তাৰ-পৰ্বৰ ভোজ কোন ঠাইত যুগুত কৰিবলৈ আপুনি ইচ্ছা কৰে?”
ᎢᎬᏱᏱᏃ ᎢᎦ ᎾᎪᏔᏅᎾ ᎦᏚ ᎠᎩᏍᏗᏱ, ᎾᎯᏳ ᎤᏂᎸ ᎧᏃᎯᏰᎩ ᏗᎵᏍᏓᏴᏗᏱ, ᎬᏩᏍᏓᏩᏗᏙᎯ ᎯᎠ ᏂᎬᏩᏪᏎᎴᎢ, ᎭᏢ ᏣᏚᎵ ᏬᎦᏛᏅᎢᏍᏙᏗᏱ, ᎧᏃᎯᏰᎩ ᏣᎵᏍᏓᏴᏗᏱ?
13 ১৩ তেতিয়া যীচুৱে নিজৰ দুজন শিষ্যক পঠিয়ালে আৰু ক’লে, “তোমালোক নগৰলৈ যোৱা; তাতে একলহ পানী লৈ অহা এজন মানুহে তোমালোকক লগ ধৰিব; তেওঁৰ পাছে পাছে যাবা;
ᏚᏅᏎᏃ ᎠᏂᏔᎵ ᎬᏩᏍᏓᏩᏗᏙᎯ, ᎠᎴ ᎯᎠ ᏂᏚᏪᏎᎴᎢ, ᏗᎦᏚᎲ ᎢᏍᏕᎾ, ᏙᏓᏣᏠᏏᏃ ᎠᏍᎦᏯ ᎠᏰᎮᏍᏗ ᎠᏖᎵᏙ ᎠᎹ ᎠᏟᏍᏕᏍᏗ; ᎡᏍᏗᏍᏓᏩᏕᏒᎭ.
14 ১৪ আৰু তেওঁ যি ঘৰত সোমায়, সেই ঘৰৰ গৰাকীক ক’বা, ‘গুৰুৱে কৈছে, মই যি ঠাইত মোৰ শিষ্য সকলৰ সৈতে নিস্তাৰ-পৰ্বৰ ভোজ খাম, সেই আলহী-কোঠা ক’ত’?”
ᎢᎸᎯᏢᏃ ᏩᏴᎸᎭ, ᎯᎠ ᏁᏍᏗᏪᏎᎸᎭ ᎠᏍᎦᏯ ᎦᏁᎳ, ᏗᏕᏲᎲᏍᎩ ᎯᎠ ᏂᎦᏪᎭ, ᎭᏢ ᎠᏁᏙᎯ ᎤᏂᏴᏍᏗᏱ, ᎾᎿᎭᎧᏃᎯᏰᎩ ᎢᏧᎳᎭ ᎣᎦᎵᏍᏓᏴᏗᏱ ᎬᎩᏍᏓᏩᏗᏙᎯ.
15 ১৫ তেতিয়া তেওঁ আচ-বাবেৰে সজোৱা ওপৰ-মহলৰ এটা কোঠালি দেখুৱাই দিব; তাতে আমাৰ বাবে ভোজন যুগুত কৰাগৈ।
ᏓᏍᏓᏎᎮᎵᏃ ᎤᏛᏅ ᎦᎸᎳᏗ ᎧᏅᏑᎸᎢ, ᎦᏳᎳ ᎬᎿᎭᎢ, ᎠᎴ ᎠᏛᏅᎢᏍᏔᏅᎯ; ᎾᎿᎭᏍᎩᏯᏛᏅᎢᏍᏓᏁᎸᎭ.
16 ১৬ তেতিয়া শিষ্য দুজন ওলাই নগৰলৈ গ’ল আৰু যীচুৱে যেনেকৈ কৈছিল, তেনেকৈয়ে তেওঁলোকে সকলোবোৰ পালে৷ পাছত তেওঁলোকে তাতে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলে।
ᎬᏩᏍᏓᏩᏗᏙᎯᏃ ᎤᏁᏅᏎ ᎠᎴ ᏗᎦᏚᎲ ᏭᏂᎷᏤᎢ, ᎠᎴ ᏭᏂᏩᏛᎮ ᎾᏍᎩᏯ ᏂᏚᏪᏎᎸᎢ; ᎤᎾᏛᏅᎢᏍᏔᏁᏃ ᎧᏃᎯᏰᎩ ᏗᎵᏍᏓᏴᏗᏱ.
17 ১৭ পাছত সন্ধিয়া সময়ত তেওঁ বাৰ জন শিষ্যৰ লগত সেই ঠাইলৈ আহিল।
ᎤᏒᏃ ᏄᎵᏍᏔᏅ ᎤᎷᏤ ᏓᏖᏁᎮ ᏔᎳᏚ ᎢᏯᏂᏛ.
18 ১৮ তাতে তেওঁলোকে যেতিয়া ভোজনৰ মেজত বহিল আৰু খাব ধৰিলে, তেতিয়া যীচুৱে ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে অৰ্থাৎ মোৰ লগত ভোজন কৰা জনেই মোৰ বিশ্ৱাসঘাতক হব।”
ᎾᏍᎩᏃ ᎠᏂᏅᏜᏓᎡᎢ ᎠᎴ ᎠᎾᎵᏍᏓᏴᎲᏍᎨᎢ, ᏥᏌ ᎯᎠ ᏄᏪᏎᎢ, ᎤᏙᎯᏳᎯᏯ ᎯᎠ ᏂᏨᏪᏎᎭ, ᎠᏏᏴᏫ ᎯᎠ ᏥᏂᏣᏛᏅ ᎢᏧᎳᎭ ᏦᏍᏓᎵᏍᏓᏴᎲᏍᎦ, ᏛᏆᏡᏔᏂ.
19 ১৯ তেতিয়া তেওঁলোক সকলোৱে দুখ কৰিলে, আৰু এজন এজনকৈ তেওঁক ক’লে, “সেই জন নিশ্চয় মই নহয়?”
ᎤᎾᎴᏅᎮᏃ ᎤᏲ ᎤᏂᏰᎸᏁᎢ, ᎠᎴ ᎯᎠ ᏂᎬᏩᏪᏎᎴᎢ, ᏌᏉ ᎬᏪᏒᏛ, ᏥᎪ ᎠᏴ? ᏅᏩᏓᎴᏃ, ᏥᎪ ᎠᏴ? ᎠᏗᏍᎨᎢ.
20 ২০ তাতে তেওঁ তেওঁলোকক ক’লে, “এই বাৰ জনৰ মাজৰ যি জনে মোৰে সৈতে ভোজন-পাত্ৰত পিঠা জুবুৰিয়ায়, তেৱেঁই সেই জন।
ᎤᏁᏨᏃ ᎯᎠ ᏂᏚᏪᏎᎴᎢ, ᎠᏏᏴᏫ ᏔᎳᏚ ᎢᏥᏛ ᎨᏒ ᎾᏍᎩ ᎢᏧᎳᎭ ᎠᏖᎵᏙᎩᎯ ᏦᏍᏓᏑᏩᏍᎦ.
21 ২১ কিয়নো মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ’ব; কিন্তু যি জন মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হ’ল, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহ জনৰ জন্ম নোহোৱা হ’লেই তেওঁৰ ভাল আছিল।”
ᏴᏫ ᎤᏪᏥ ᎤᏙᎯᏳᎯ ᎤᏪᏅᏍᏗ ᎾᏍᎩᏯ ᏂᎬᏅ ᎪᏪᎸ ᎠᏥᏃᎮᏍᎬᎢ; ᎠᏎᏃ ᎤᏲᎢᏳ ᎢᏳᎵᏍᏓᏁᏗ ᎾᏍᎩ ᎠᏍᎦᏯ ᏴᏫ ᎤᏪᏥ ᎠᏡᏗᏍᎩ! ᎣᏏᏳ ᏱᎨᏎ ᎢᏳᏃ ᎾᏍᎩ ᎠᏍᎦᏯ ᏄᏕᏅᎾᏉ ᏱᎨᏎᎢ.
22 ২২ তেওঁলোকে ভোজন কৰোঁতে, তেওঁ পিঠা লৈ, আশীৰ্বাদ কৰিলে আৰু ভাঙি তেওঁলোকক দি ক’লে, “লোৱা; এয়ে মোৰ শৰীৰ।”
ᎠᎾᎵᏍᏓᏴᎲᏍᎬᏃ ᏥᏌ ᎦᏚ ᎤᎩᏒ, ᎠᎴ ᎤᎵᎮᎵᏨ, ᎤᎬᎭᎷᏰᎢ, ᎠᎴ ᏚᏁᎴᎢ, ᎠᎴ ᎯᎠ ᏄᏪᏎᎢ, ᎢᏥᎩ, ᎢᏥᎦ; ᎯᎠ ᎾᏍᎩ ᎠᏴ ᏥᏰᎸᎢ.
23 ২৩ পাছত তেওঁ পান পাত্ৰটো লৈ স্তুতি কৰি তেওঁলোকক দিলে৷ তাতে সকলোৱে তাক পান কৰিলে।
ᎠᎴ ᎤᎵᏍᏈᏗ ᎤᎩᏒ, ᎠᎴ ᎤᎵᎮᎵᏨ, ᎾᏍᎩ ᏚᏁᎴᎢ; ᏂᎦᏛᏃ ᎾᏍᎩ ᎤᎾᏗᏔᎮᎢ.
24 ২৪ তেওঁ তেওঁলোকক ক’লে, “বিধানৰ মতে মোৰ যি তেজ অনেকৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই নিয়মৰ তেজ।
ᎯᎠᏃ ᏂᏚᏪᏎᎴᎢ, ᎯᎠ ᎾᏍᎩ ᎠᏴ ᎠᎩᎩᎬ ᎢᏨ ᎧᏃᎮᏛ ᏓᏠᎯᏍᏛᎢ, ᎾᏍᎩ ᎤᏂᏣᏘ ᏥᎨᎦᏤᏪᎸ.
25 ২৫ মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যত ৰস পান নকৰা দিনলৈকে এতিয়াৰ পৰা দ্ৰাক্ষাগুটিৰ ৰস পুনৰ পান নকৰোঁ।”
ᎤᏙᎯᏳᎯᏯ ᎯᎠ ᏂᏨᏪᏎᎭ, ᎥᏝ ᎿᎭᏉ ᎢᎸᎯᏳ ᏴᎦᎦᏗᏔ ᏖᎸᎳᏗ ᎤᎾᏄᎪᏫᏒᎯ, ᎬᏂ ᎾᎯᏳ ᎢᎦ ᎢᏤ ᎦᏗᏔᎲᎭ ᎤᏁᎳᏅᎯ ᎤᏤᎵᎪᎯ.
26 ২৬ পাছত তেওঁলোকে গীত গাই গাই বাহিৰলৈ ওলাই আহি জৈতুন পৰ্বতলৈ গ’ল।
ᏚᏂᏃᎩᏒᏃ, ᎤᏂᏄᎪᏤ ᎣᎵᏩᏲ ᎣᏓᎸ ᏭᏂᎶᏎᎢ.
27 ২৭ তাতে যীচুৱে তেওঁলোকক ক’লে, “তোমালোক সকলোৱে মোৰ কাৰণে বিঘিনি পাবা; কিয়নো এনে লিখা আছে যে, ‘মই মেৰৰখীয়াক আঘাত কৰিম, তাতে মেৰবোৰ সিচঁৰতি হৈ যাব।’
ᏥᏌᏃ ᎯᎠ ᏂᏚᏪᏎᎴᎢ, ᏂᏥᎥ ᏂᎯ ᏙᏓᏦᏕᎵ ᎪᎯ ᏒᏃᏱ ᏥᎩ, ᎠᏴ ᎨᏒ ᏅᏗᎦᎵᏍᏙᏗᏍᎨᏍᏗ; ᎯᎠᏰᏃ ᏂᎬᏅᎢᎪᏪᎳ, ᎠᏫ ᏗᎦᏘᏯ ᏓᏥᏴᏂᎵ, ᎤᏂᏃᏕᎾᏃ ᏛᎾᏗᎦᎴᏲᏥ.
28 ২৮ কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালীল প্ৰদেশলৈ যাম।”
ᎠᏎᏃ ᎿᎭᏉ ᏗᏆᎴᏅᎯ ᎨᏎᏍᏗ, ᎢᎬᏱ ᏓᏨᏰᏅᎡᎵ ᎨᎵᎵ ᎢᏴᏛ.
29 ২৯ তেতিয়া পিতৰে যীচুক ক’লে, “যদিও সকলোৱে বিঘিনি পায়, তথাপি মই নাপাম।”
ᎠᏎᏃ ᏈᏓ ᎯᎠ ᏄᏪᏎᎴᎢ, ᎾᏍᏉ ᏂᎦᏛ ᏱᏚᏃᏕᏍᏔᏅ, ᎠᏴ ᎠᏎ ᎥᏝ.
30 ৩০ তেতিয়া যীচুৱে তেওঁক ক’লে, “মই তোমাক স্বৰূপকৈ কওঁ, আজি এই ৰাতি কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্ৱীকাৰ কৰিবা৷”
ᏥᏌᏃ ᎯᎠ ᏄᏪᏎᎴᎢ, ᎤᏙᎯᏳᎯᏯ ᎯᎠ ᏂᎬᏪᏎᎭ, ᎾᏍᎩ ᎪᎯ ᎢᎦ, ᎠᎴ ᎪᎯᏉ ᏒᏃᏱ, ᎠᏏ ᏔᎵᏁ ᎾᏂᏴᎬᎾ ᏣᏔᎦ, ᏦᎢ ᏅᏓᏍᏆᏓᏱᎵ.
31 ৩১ কিন্তু পিতৰে অতি দৃঢ়কৈ ক’লে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্ৱীকাৰ নকৰিম।” এইদৰে সকলোৱে প্ৰতিজ্ঞা কৰি ক’লে৷
ᎠᏎᏃ ᎤᏟ ᎤᎵᏂᎩᏛ ᎤᏁᏤ ᎯᎠ ᏄᏪᏎᎢ, ᎢᏳᏃ ᎾᏍᏉ ᎢᏧᎳᎭ ᏗᎩᏂᏲᎱᎯᏍᏗ ᏱᎩ, ᎠᏎ ᎥᏝ ᏴᎦᎬᏯᏓᏱᎦ. ᎾᏍᎩᏯ ᎾᏍᏉ ᏄᏂᏪᏎ ᏂᎦᏛ.
32 ৩২ পাছত তেওঁলোকে গেৎচিমানী নামৰ এখন ঠাইত আহি, যীচুৱে নিজৰ শিষ্য সকলক ক’লে, “মই প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা।”
ᎨᏎᎻᏂᏃ ᏚᏙᎥ ᎤᏂᎷᏤᎢ; ᎯᎠᏃ ᏂᏚᏪᏎᎴ ᎬᏩᏍᏓᏩᏗᏙᎯ, ᎠᏂ ᎢᏥᏁᏍᏗ, ᏫᎦᏓᏙᎵᏍᏗᏍᎬ ᎢᎪᎯᏛ.
33 ৩৩ পাছত তেওঁ পিতৰ, যাকোব আৰু যোহনক নিজৰ লগত নিলে আৰু তেওঁ অতিশয় চমৎকৃত আৰু ব্যাকুল হ’ব ধৰিলে।
ᏚᏖᏅᏎᏃ ᏈᏓ ᎠᎴ ᏥᎻ ᎠᎴ ᏣᏂ, ᎠᎴ ᎤᎴᏅᎮ ᎤᏣᏘ ᎤᏕᏯᏔᏁᎴᎢ, ᎠᎴ ᎤᏣᏘ ᎡᎯᏍᏗ ᎤᏓᏅᏓᏕᎢ;
34 ৩৪ তাতে তেওঁলোকক ক’লে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোকে ইয়াতে থাকি পৰ দিয়া৷”
ᎠᎴ ᎯᎠ ᏂᏚᏪᏎᎴᎢ, ᎠᏆᏓᏅᏙ ᎤᏣᏘ ᎤᏕᏯᏔᏁᎭ ᎠᏲᎱᎯᏍᏗ ᎾᏍᎩᏯᎢ; ᎠᏂ ᎢᏥᏁᏍᏗ, ᎠᎴ ᎢᏥᏯᏫᏍᎨᏍᏗ.
35 ৩৫ পাছত তেওঁ অলপ আগুৱাই গৈ, মাটিত পৰি, যদি হ’ব পাৰে, তেনেহলে সেই দুঃসময় তেওঁৰ পৰা দুৰ হ’বলৈ প্ৰাৰ্থনা কৰি ক’লে,
ᎤᏍᏗᎩᏛᏃ ᎢᏴᏛ ᎢᎤᏪᏅ, ᎡᎳᏗ ᎤᏓᏅᏁᎢ, ᎠᎴ ᎤᏓᏙᎵᏍᏔᏁ, ᎤᏔᏲᎴᎢ, ᎾᏍᎩ ᏰᎵ ᎢᎬᏩᎵᏍᏙᏗ ᏱᎩ, ᎾᎯᏳ ᎨᏒ ᎤᎶᎯᏎᏗᏱᏉ.
36 ৩৬ “আব্বা, পিতৃ, সকলো তোমাৰ সাধ্য; মোৰ পৰা এই দূখৰ পান-পাত্ৰদুৰ কৰা; কিন্তু মোৰ ইচ্ছা নহয়, তোমাৰ ইচ্ছাৰে।”
ᎠᎴ ᎯᎠ ᏄᏪᏎᎢ, ᎠᏆ, ᎡᏙᏓ, ᏂᎯ, ᎨᏒ ᏰᎵᎦᏯᏉ ᎢᎨᏣᏛᏁᏗ ᏂᎦᎥᎢ; ᏍᎩᎲᏏᏉ ᎯᎠ ᎾᏍᎩ ᎤᎵᏍᏈᏗ; ᎥᏝᏍᎩᏂᏃᏅ ᎠᏴ ᎠᏆᏚᎵᏍᎬᎢ, ᏂᎯᏍᎩᏂ ᏣᏚᎵᏍᎬᎢ.
37 ৩৭ পাছত তেওঁ আহি, তিনি জন শিষ্যকো টোপনিয়াই থকা দেখি, পিতৰক ক’লে, “হে, চিমোন, তুমিও টোপনি গ’লা নে?
ᎢᎤᎷᏤᏃ ᎠᎴ ᏚᏩᏛᎮ ᎠᏂᎵᎾᎡᎢ, ᎠᎴ ᎯᎠ ᏄᏪᏎᎴ ᏈᏓ, ᏌᏩᏂ, ᎯᎵᎭᏉᏧ? ᏝᏍᎪ ᏑᏟᎶᏛᏉ ᎢᎪᎯᏛ ᎾᏍᏉ ᎨᏣᏯᏫᏍᏗ ᏱᎨᏎᎢ?
38 ৩৮ এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে? পৰীক্ষাত যেন নপৰা, এই কাৰণে তোমালোকে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক কিন্তু শৰীৰ দূৰ্বল।”
ᎢᏥᏯᏫᏍᎨᏍᏗ ᎠᎴ ᎢᏣᏓᏙᎵᏍᏗᏍᎨᏍᏗ ᎾᏍᎩ ᏞᏍᏗ ᎤᏓᎴᎾᏍᏗᏱ ᏫᏥᎾᏄᎪᏨᎩ; ᎠᏓᏅᏙ ᎤᏙᎯᏳᎯ ᎤᏛᏅᎢᏍᏗ, ᎤᏇᏓᎸᏍᎩᏂ ᎠᏩᎾᎦᎳᎯᏳ.
39 ৩৯ তেতিয়া তেওঁ আকৌ আতৰি গৈ, একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে।
ᏔᎵᏁᏃ ᎢᏴᏛ ᏭᎶᏒ, ᎤᏓᏙᎵᏍᏔᏁᎢ, ᏄᏪᏒ ᎾᏍᎩᏯ ᏫᏄᏪᏎᎢ.
40 ৪০ পাছত আকৌ আহি, তেওঁলোকক টোপনিত থকা পালে; কিয়নো তেওঁলোকৰ চকু টোপনিয়ে জাপ খুৱাই নিছিল আৰু সেই সময়ত তেওঁক কি উত্তৰ দিব লাগিছিল, সেই বিষয়ে তেওঁলোকে নাজানিলে।
ᏗᎤᎷᏨᏃ ᏚᏩᏛᎮ ᏔᎵᏁ ᎠᏂᎵᎾᎡᎢ, ᏗᏂᎦᏙᎵᏰᏃ ᏗᎦᎨᏗᏳ ᎨᏎᎢ, ᎥᏝ ᎠᎴ ᏱᏂᎦᏔᎮ ᎢᏳᏂᏪᏍᏗᏱ ᎤᏂᏁᏤᏗᏱ.
41 ৪১ পাছত তৃতীয় বাৰ আহি, তেওঁ তেওঁলোকক ক’লে, “তোমালোকে এতিয়াও টোপনিয়াই আছা আৰু বিশ্ৰাম কৰিছা৷ হ’ব! সেই সময় আহিল; চোৱা, মানুহৰ পুত্ৰক পাপী লোকৰ হাতত শোধাই দিয়া হৈছে।
ᏦᎢᏁᏃ ᏫᏚᎷᏤᎴᎢ, ᎠᎴ ᎯᎠ ᏂᏚᏪᏎᎴᎢ, ᎨᏥᎵᏁᏍᏗᏉ ᎿᎭᏉ, ᎠᎴ ᎢᏣᏣᏪᏐᎸᏍᏓ; ᎿᎭᏉ ᎦᎶᏐᎾ-ᎿᎭᏉ ᎠᏍᏆᎸ ᎾᎯᏳ ᎨᏒᎢ; ᎬᏂᏳᏉ ᏴᏫ ᎤᏪᏥ ᎠᏂᏍᎦᎾ ᏕᎨᏥᏲᎯᏏ.
42 ৪২ উঠা, আমি এতিয়া যাব লাগে; চোৱা, মোক শোধাই দিয়া জন ওচৰ পালেহি।”
ᏗᏣᎴᎲᎦ, ᎢᏕᎾ; ᎬᏂᏳᏉ ᎠᏆᏡᏗᏍᎩ ᎡᏍᎦᏂᏳ ᏓᏯᎢ.
43 ৪৩ তেতিয়া যীচুৱে এই কথা কৈ থাকোতেই, বাৰ জনৰ মাজৰ যিহূদা আৰু তেওঁৰে সৈতে, প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক আৰু পৰিচাৰক সকলৰ লগত তৰোৱাল আৰু টাঙোন লৈ থকা মানুহৰ এটা দল ওচৰ চাপি আহিল৷
ᎩᎳᏉᏃ ᎢᏴᏛ ᎠᏏᏉ ᎦᏪᏂᏍᎨᎢ, ᏧᎾᎸᎪᏤ, ᏧᏓᏏ, ᎠᏏᏴᏫ ᏔᎳᏚ ᎢᏯᏂᏛ ᎨᏒ, ᏓᏘᏁᎮ ᎤᏂᏣᏘ, ᎠᏰᎳᏍᏗ-ᏗᎦᏅᎯᏛ ᎠᎴ ᎠᏓ ᏗᏂᏁᎯ, ᏅᏓᎬᏩᏂᏅᏏᏛ ᏄᏂᎬᏫᏳᏒ ᎠᏥᎸ-ᎠᏁᎶᎯ, ᎠᎴ ᏗᏃᏪᎵᏍᎩ, ᎠᎴ ᏗᏂᎳᏫᎩ.
44 ৪৪ তেওঁক শোধাই দিয়া জনে সেই লোক সকলক এই সংকেত দিছিল যে, “মই যি জনক চুমা খাম, তেৱেঁই সেই জন; তেওঁকেই আবদ্ধ কৰি সাৱধানে তেওঁক লৈ যাবা।”
ᎤᏡᏗᏍᎩᏃ ᎬᏂᎨᏒ ᎢᏧᏩᏁᎸᎯ ᎨᏎ ᎤᎾᏙᎴᎰᎯᏍᏙᏗ, ᎯᎠ ᎢᏳᏪᏒᎯ ᎨᏎᎢ, ᎩᎶ ᏥᏯᏚᏣᎳᏅᎭ, ᎾᏍᎩ ᎨᏎᏍᏗ, ᏒᏥᏂᏴᎲᎭ, ᎡᏣᏘᎾᏫᏛᎲᎭ ᎬᏩᏚᏓᎴᏍᏗ ᏂᎨᏒᎾ ᏁᏨᏁᏍᏗ.
45 ৪৫ পাছত তেওঁ যীচুৰ ওচৰলৈ গৈ কলে “ৰব্বি” আৰু তেওঁক চুমা খালে।
ᎤᎷᏨᏉᏃ ᎩᎳᏉ ᎢᏴᏛ ᏭᎷᏤᎴᎢ, ᎠᎴ ᎯᎠ ᏄᏪᏎᎢ, ᏗᏍᏇᏲᎲᏍᎩ, ᏗᏍᏇᏲᎲᏍᎩ; ᎠᎴ ᎤᏚᏣᎳᏁᎢ.
46 ৪৬ তেতিয়া তেওঁলোকে যীচুৰ গাত হাত দি তেওঁক আৱদ্ধ কৰিলে।
ᏕᎬᏩᏏᏔᏕᏃ, ᎠᎴ ᎬᏩᏂᏴᎮᎢ.
47 ৪৭ তাতে তেওঁৰ ওচৰত থিয় হৈ লোক সকলৰ মাজৰ এজনে তৰোৱাল উলিয়াই মহা-পুৰোহিতৰ এজন দাসক ঘাপ মাৰি, তেওঁৰ কাণ এখন কাটি পেলালে।
ᎠᏏᏴᏫᏃ ᎾᎥ ᎠᏂᏙᎿᎭᎢ, ᎠᏰᎳᏍᏗ-ᎦᏅᎯᏛ ᎤᎸᎮᎢ, ᎠᎴ ᏄᎬᏫᏳᏒ ᎠᏥᎸ-ᎨᎶᎯ ᎤᏅᏏᏓᏍᏗ ᎤᎷᏰ ᎠᎴ ᎤᎵᏍᏕᏍᏔᏁᎢ.
48 ৪৮ তেতিয়া যীচুৱে মাত লগাই তেওঁলোকক ক’লে, “তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইতক ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছা নে?
ᏥᏌᏃ ᎤᏁᏨ ᎯᎠ ᏂᏚᏪᏎᎴᎢ, ᏥᎪ ᎦᏃᏍᎩᏍᎩ ᏨᏤᏥᏂᏴᎯᏐ ᎾᏍᎩᏯ ᎢᏥᎷᎩ, ᏗᏥᏁᎯ ᎠᏰᎳᏍᏗ-ᏗᎦᏅᎯᏛ ᎠᎴ ᎠᏓ ᎠᏴ ᏍᎩᏂᏴᎰᎦ?
49 ৪৯ যেতিয়া মই তোমালোকৰ সৈতে আছিলোঁ আৰু মন্দিৰত নিতৌ উপদেশ দিছিলোঁ, তেতিয়া তোমালোকে মোক নধৰিলা; কিন্তু সেই সকলোবোৰ ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হোৱাৰ বাবেহে এইদৰে ঘটিল।”
ᏂᏚᎩᏨᏂᏒ ᎢᏨᏰᎳᏗᏙᎲᎩ ᎤᏛᏅ-ᏗᎦᎳᏫᎢᏍᏗᏱ, ᏕᎦᏕᏲᎲᏍᎬᎩ, ᎠᎴ ᎥᏝ ᏱᏍᎩᏂᏴᎮᎢ; ᎤᏙᎯᏳᏗᏍᎩᏂᏃᏅ ᏂᎬᏅ ᎪᏪᎸᎢ.
50 ৫০ পাছত যীচুৰ সৈতে থকা সকলোৱে তেওঁক ত্যাগ কৰিলে আৰু পলাল৷
ᏂᎦᏗᏳᏃ ᎬᏩᏕᏦᏁᎢ, ᎠᎴ ᎤᎾᎵᏎᎢ.
51 ৫১ তেতিয়া কোনো এজন ডেকাই উদং গাত শণ সূতাৰ মিহি কাপোৰ এখন লৈ, যীচুৰ পাছে পাছে গৈছিল; তেতিয়া তেওঁলোকে তাক আবদ্ধ কৰিলে;
ᎩᎶᏃ ᎢᏳᏍᏗ ᎠᏫᏅ ᎤᏍᏓᏩᏛᏎᎢ, ᏙᎴᏛ ᎠᏄᏬ ᎤᏓᏇᏅᏕ ᎤᏰᎸᎭ ᎨᏒᎢ; ᎠᏂᏫᏅᏃ ᎬᏩᏂᏴᎮᎢ.
52 ৫২ কিন্তু সি কাপোৰ খন এৰি উলঙ্গ হৈ পলাই গ’ল।
ᏙᎴᏛᏃ ᎠᏄᏬ ᎤᏂᏰᎢ, ᎠᎴ ᎤᏰᎸᎭ ᏚᎵᏘᎡᎴᎢ.
53 ৫৩ পাছত তেওঁলোকে যীচুক মহা-পুৰোহিতৰ ওচৰলৈ লৈ গ’ল। তেতিয়া সকলো প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল তেওঁৰ লগত আহি গোট খালে।
ᏥᏌᏃ ᏄᎬᏫᏳᏒ ᎠᏥᎸ-ᎨᎶᎯ ᏧᏬᎸ ᏭᎾᏘᏅᏍᏔᏁᎢ; ᎾᏍᎩᏃ ᏕᎬᏩᎳᏫᎡ ᏂᎦᏛ ᏄᏂᎬᏫᏳᏒ ᎠᏥᎸᎠᏁᎶᎯ, ᎠᎴ ᏗᏂᎳᏫᎩ, ᎠᎴ ᏗᏃᏪᎵᏍᎩ.
54 ৫৪ আৰু তেতিয়াই পিতৰে আতৰে আতৰে যীচুৰ পাছে পাছে মহা-পুৰোহিতৰ চোতালৰ ভিতৰলৈকে সোমাল৷ তাতে নিজকে উম দিবলৈ পহৰা দি থকা টেকেলা সকলৰ মাজত বহি, জুই পুৱাই আছিল।
ᏈᏓᏃ Ꭸ ᎢᏴᏛ ᎤᏍᏓᏩᏗᏎᎢ, ᎾᏍᎩ ᏄᎬᏫᏳᏒ ᎠᏥᎸ-ᎨᎶᎯ ᏗᎦᏁᎸ ᏭᏴᎴᎢ, ᎤᏬᎴᏃ ᎨᏥᏅᏏᏓᏍᏗ ᎠᏂᏅᎢ, ᎠᎴ ᎪᏛ ᎤᎦᎾᏬᏍᎨᎢ.
55 ৫৫ তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে সাক্ষ্য বিচাৰিলে; কিন্তু তেওঁলোকে একো নাপালে।
ᏄᏂᎬᏫᏳᏒᏃ ᎠᏥᎸ-ᎠᏁᎶᎯ ᎠᎴ ᏂᎦᏛ ᏓᏂᎳᏫᎥ ᎤᏂᏲᎮ ᎤᏂᏃᎮᎸᎯ ᏥᏌ ᎤᏡᏗᏍᎩ, ᎾᏍᎩ ᎤᏂᎯᏍᏗᏱ, ᎤᎾᏠᏤᏃ.
56 ৫৬ কিয়নো অনেকে তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দিলে তথাপি তেওঁলোকৰ সাক্ষ্য নিমিলিল।
ᎤᏂᏣᏖᏰᏃ ᎦᏰᎪᎩ ᎠᏂᏃᎮᏍᎩ ᎬᏩᏡᏗᏍᎨᎢ, ᎠᏎᏃ ᎠᏂᏃᎮᏍᎬ ᎥᏝ ᎤᏠᏱ ᏱᎨᏎᎢ.
57 ৫৭ পাছত কেইজনমানে উঠি, তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দি ক’লে,
ᏚᎾᎴᏁᏃ ᎩᎶ ᎢᏳᎾᏍᏗ ᎠᎴ ᎦᏰᎪᎩ ᎤᏂᏃᎮᎴ ᎬᏩᏡᏗᏍᎬᎢ, ᎯᎠ ᎾᏂᏪᏍᎨᎢ;
58 ৫৮ “হাতে সজা এই মন্দিৰ মই নষ্ট কৰি, তিন দিনৰ ভিতৰত হাতে নকৰা আন এটা সাজিম৷” আমি তেওঁক এনে কথা কোৱা শুনিলোঁ!
ᎣᎦᏛᎦᏅᎩ ᎯᎠ ᏂᎧᏪᏍᎬᎩ, ᏓᏥᏲᏍᏔᏂ ᎯᎠ ᎤᏛᏅ-ᏗᎦᎳᏫᎢᏍᏗᏱ, ᎾᏍᎩ ᏗᎪᏱ ᏗᎬᏔᏅᎯ ᎪᏢᏅᎯ, ᏦᎢᏉᏃ ᏧᏒᎯᏛ ᏛᏥᏱᎵᏙᎵ ᏛᎦᏁᏍᎨᎯ ᏅᏩᏓᎴ ᏗᎪᏱ ᏗᎬᏔᏅᎯ ᏂᎨᏒᎾ.
59 ৫৯ কিন্তু ইয়াতো তেওঁলোকৰ সাক্ষ্য নিমিলিল।
ᎠᏎᏃ ᎾᏍᏉ ᎾᏍᎩ ᎤᏂᏃᎮᎸᎯ ᎥᏝ ᎤᏠᏱ ᏱᎨᏎᎢ.
60 ৬০ তেতিয়া মহা-পুৰোহিতে মাজত থিয় হৈ, যীচুক সুধিলে, বোলে, “তোমাৰ একো উত্তৰ নাই নে? তোমাৰ অহিতে এওঁলোকেনো কি সাক্ষ্য দিছে?”
ᏄᎬᏫᏳᏒᏃ ᎠᏥᎸ-ᎨᎶᎯ ᎠᏰᎵ ᎤᎴᏅ, ᎤᏛᏛᏁ ᏥᏌ, ᎯᎠ ᏁᏪᏎᎢ, ᏝᏍᎪ ᎪᎱᏍᏗ ᏯᏗᎭ? ᎦᏙ ᎾᏍᎩ ᎯᎠ ᏣᏂᏃᎮᎭ ᎨᏣᏡᏗᏍᎬᎢ?
61 ৬১ কিন্তু তেওঁ একো উত্তৰ নিদিলে আৰু নিজমে থাকিল। পুনৰ মহা-পুৰোহিতে তেওঁক সুধিলে, “তুমি পৰমধন্য জনৰ পুত্ৰ খ্ৰীষ্ট হয় নে?”
ᎠᏎᏃ ᎡᎳᏪᏉ ᎤᏩᏎᎢ, ᎠᎴ ᎥᏝ ᎪᎱᏍᏗ ᏳᏛᏁ ᏨᏁᏤᎢ. ᏄᎬᏫᏳᏒᏃ ᎠᏥᎸ-ᎨᎶᎯ ᏔᎵᏁ ᎤᏛᏛᏁ, ᎠᎴ ᎯᎠ ᏄᏪᏎᎴᎢ, ᏂᎯᏍᎪ ᎦᎶᏁᏛ, ᎠᏥᎸᏉᏗ ᎤᏪᏥ?
62 ৬২ তেতিয়া যীচুৱে ক’লে, “মই হওঁ, আৰু তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰসোঁ হাতে বহি থকা আৰু আকাশত মেঘেৰে অহা দেখিবা।”
ᏥᏌᏃ ᎯᎠ ᏄᏪᏎᎢ, ᎠᏴ ᎾᏍᎩ; ᎠᎴ ᏓᏰᏥᎪᎢ ᏴᏫ ᎤᏪᏥ ᎤᏬᎴᏍᏗ ᎠᎦᏘᏏ ᎢᏗᏢ ᎤᎵᏂᎩᏛ ᎨᏒᎢ, ᎠᎴ ᏣᎢᏎᏍᏗ ᎤᎶᎩᎸ ᎦᎸᎶᎢ.
63 ৬৩ তেতিয়া মহা-পুৰোহিতে নিজৰ চোলা ফালি ক’লে, “সাক্ষীত আমাৰ কি প্ৰয়োজন আছে?
ᏄᎬᏫᏳᏒᏃ ᎠᏥᎸ-ᎨᎶᎯ ᏚᏄᏩᎥ ᏚᏪᏣᎦᎸᎮᎢ, ᎯᎠ ᏄᏪᏎᎢ, ᎦᏙᏃ ᎠᏏ ᏱᏗᎦᏚᎵ ᎠᏂᏃᎮᏍᎩ?
64 ৬৪ তোমালোকে ঈশ্বৰক নিন্দা কৰা শুনিলা; এতিয়া তোমালোকে কি সিদ্ধান্ত লৈছা?” তাতে সকলোৱে তেওঁক প্ৰাণদণ্ডৰ যোগ্য বুলি দোষী কৰিলে।
ᎢᏣᏛᎬᎦ ᎠᏐᏢᎢᏍᏗᏍᎬᎢ; ᎦᏙ ᎢᏤᎵᎭ? ᏂᎦᏛᏃ ᏕᎬᏭᎪᏓᏁᎴ ᏰᎵᏉ ᎬᏩᏲᎱᎯᏍᏗ ᎨᏒᎢ.
65 ৬৫ পাছত কোনো কোনোৱে তেওঁৰ গাত থুই পেলাবলৈ ধৰিলে আৰু তেওঁৰ মুখ ঢাকি, তেওঁক ভুকুৱাই ক’লে, “ভাবোক্তি প্ৰচাৰ কৰোঁতা!” আৰু সেনাপতি সকলে তেওঁক লৈ গৈ প্ৰহাৰ কৰিলে।
ᎢᎦᏛᏃ ᎤᎾᎴᏅᎮ ᏕᎬᏩᎵᏥᏍᏆᏍᎨᎢ, ᎠᎴ ᎤᎧᏛ ᎬᏭᏢᏁᎮᎢ, ᎠᎴ ᎠᏍᏈᏅ ᏕᎬᏩᏂᏗᏍᎨᎢ, ᎠᎴ ᎯᎠ ᏂᎬᏩᏪᏎᎮᎢ, ᎭᏙᎴᎰᎯ; ᎠᎴ ᎨᏥᏅᏏᏓᏍᏗ ᏕᎬᏩᏂᎮᎢ.
66 ৬৬ তেতিয়া পিতৰ তলৰ চোতালত থাকোঁতে মহা-পুৰোহিতৰ বনকৰা ছোৱালী এজনী তেওঁৰ ওচৰলৈ আহিল,
ᏈᏓᏃ ᎡᎳᏗᏢ ᎾᎿᎭᎠᏓᏁᎸ ᎡᏙᎮᎢ, ᎤᎷᏤ ᎠᏏᏴᏫ ᎠᎨᏴ ᏄᎬᏫᏳᏒ ᎠᏥᎸ-ᎨᎶᎯ ᎤᏅᏏᏓᏍᏗ.
67 ৬৭ আৰু পিতৰক জুই পুৱাই থকা দেখা পাই তেওঁলৈ চাই ক’লে, “তুমিও সেই নাচৰতীয়া যীচুৰ লগত আছিলা।”
ᎾᏍᎩᏃ ᎤᎪᎲ ᏈᏓ ᎤᎦᎾᏬᏍᎬᎢ, ᏚᎧᎿᎭᏁᎢ, ᎠᎴ ᎯᎠ ᏄᏪᏎᎢ, ᏂᎯ ᎾᏍᏉ ᏥᏍᏕᏙᎲᎩ ᏥᏌ ᎾᏎᎵᏗ ᎡᎯ.
68 ৬৮ কিন্তু তেওঁ এই বিষয়টো অস্বীকাৰ কৰি ক’লে, “তুমি যি কৈছা সেই বিষয়ে মই নাজানো আৰু বুজিও পোৱা নাই।” তেতিয়া তেওঁ বাট-চ’ৰালৈ ওলাই গ’ল আৰু কুকুৰাই ডাক দিলে৷
ᎠᏎᏃ ᎤᏓᏱᎴᎢ, ᎯᎠ ᏄᏪᏎᎢ, ᎥᏝ ᏱᏥᎦᏔᎭ, ᎥᏝ ᎠᎴ ᏱᎪᎵᎦ ᏂᏪᏍᎬᎢ. ᎤᏄᎪᏤᏃ ᏙᏱᏗᏢ ᏩᏲᏓᏝᎲ ᏭᎶᏎᎢ; ᏣᏔᎦᏃ ᎤᏴᎵᏎᎢ.
69 ৬৯ কিন্তু সেই বেটীয়ে তেওঁক তাতে দেখি, ওচৰত থিয় দি থকা সকলক পুনৰ ক’বলৈ ধৰিলে, “এই লোক জন সিহঁতৰ মাজৰ এজন!”
ᎠᏛᏃ ᏔᎵᏁ ᎤᎪᎮᎢ, ᎠᎴ ᎤᎴᏅᎮ ᎯᎠ ᏂᏚᏪᏎᎴ ᎾᎥ ᎠᏂᏙᎾᎢ, ᎯᎠ ᎾᏍᎩ ᎾᎿᎭᎨᎳ.
70 ৭০ কিন্তু তেওঁ আকৌ অস্বীকাৰ কৰিলে। অলপ সময়ৰ পাছত সেই ঠাইত থিয় হৈ থকা লোক সকলে পিতৰক ক’লে, “তুমি অৱশ্যে সিহঁতৰ মাজৰ এজন কিয়নো তুমিও গালীলীয়া মানুহ।”
ᏔᎵᏁᏃ ᎤᏓᏱᎴᎢ. ᏂᎪᎯᎸᎾᏃ ᎣᏂ ᎾᏍᎩ ᎾᎥ ᎠᏂᏙᎾᎢ ᏔᎵᏁ ᎯᎠ ᏄᏂᏪᏎᎴ ᏈᏓ, ᎤᏙᎯᏳᎯ ᏂᎯ ᎾᎿᎭᎮᎳ; ᎨᎵᎵᏰᏃ ᎮᎯ, ᎠᎴ ᎪᏬᏂᏍᎬ ᎤᏠᏱ ᎢᎩ.
71 ৭১ কিন্তু তেওঁ শাও দিলে আৰু শপত খাই ক’লে, “তোমালোকে যি জন মানুহৰ কথা কৈ আছা, সেই জন মানুহক মই চিনিয়ে নাপাও।”
ᎠᏎᏃ ᎤᎴᏅᎮ ᎤᏍᎩᏅᏕ ᎠᎴ ᎤᏎᎵᏔᏁ ᎯᎠ ᏁᏪᏎᎢ, ᎥᏝ ᏱᏥᎦᏔᎭ Ꮎ ᎠᏍᎦᏯ ᎾᏍᎩ ᏤᏥᏃᎮᎭ.
72 ৭২ তেতিয়া কুকুৰাই দ্বিতীয় বাৰ ডাক দিলে। তেতিয়া যীচুৱে কোৱা কথা পিতৰৰ মনত পৰিল “কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে মোক তিনি বাৰ অস্ৱীকাৰ কৰিবা৷” তাতে তেওঁ দুখত ভাগি পৰিল আৰু কান্দিব ধৰিলে৷
ᏔᎵᏁᏃ ᎤᏴᎵᏎ ᏣᏔᎦ. ᏈᏓᏃ ᎤᏅᏓᏕ ᏥᏌ ᏄᏪᏒᎢ, ᎯᎠ ᏥᏄᏪᏎᎴᎢ, ᎠᏏ ᏣᏔᎦ ᏔᎵ ᏄᏴᎳᏒᎾ ᎨᏎᏍᏗ, ᏦᎢ ᏅᏓᏍᏆᏓᏱᎵ. ᎾᏍᎩᏃ ᎤᏓᏅᏖᎸ ᏚᏠᏱᎴᎢ.

< মাৰ্ক 14 >