< মাৰ্ক 11 >
1 ১ যেতিয়া তেওঁলোক যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্বতৰ কাষত থকা বৈৎফগী আৰু বৈথনিয়া পালে, তেতিয়া যীচুৱে নিজৰ শিষ্য সকলৰ মাজৰ দুজনক আগত পঠিয়াই দিলে;
ⲁ̅ⲞⲨⲞϨ ⲈⲦⲀϤϦⲰⲚⲦ ⲈⲒⲈⲢⲞⲤⲀⲖⲎⲘ ⲀϤⲒ ⲈⲂⲎ ⲐⲪⲀⲄⲎ ⲚⲈⲘ ⲂⲎⲐⲀⲚⲒⲀ ϦⲀⲦⲈⲚ ⲠⲒⲦⲰⲞⲨ ⲚⲦⲈⲚⲒϪⲰⲒⲦ ⲀϤⲞⲨⲰⲢⲠ ⲚⲂ ⲈⲂⲞⲖ ϦⲈⲚⲚⲈϤⲘⲀⲐⲎⲦⲎⲤ
2 ২ আৰু তেওঁলোকক এই আদেশ দি ক’লে - “তোমালোকে সন্মুখৰ গাওঁখন লৈ যোৱা৷ তাত তোমালোকে সোমাওঁতেই, কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা; সেই পোৱালিটো মোৰ বাবে আনাগৈ।
ⲃ̅ⲞⲨⲞϨ ⲠⲈϪⲀϤ ⲚⲰⲞⲨ ϪⲈ ⲘⲀϢⲈ ⲚⲰⲦⲈⲚ ⲈⲠⲀⲒϮⲘⲒ ⲈⲦⲬⲎ ⲘⲠⲈⲦⲈⲚⲘⲐⲞ ⲞⲨⲞϨ ⲤⲀⲦⲈⲚ ⲐⲎⲚⲞⲨ ⲈⲢⲈⲦⲈⲚⲚⲀϢⲈ ⲈϦⲞⲨⲚ ⲈⲢⲞϤ ⲈⲢⲈⲦⲈⲚⲈϪⲒⲘⲒ ⲚⲞⲨⲤⲎϪ ⲈϤⲤⲞⲚϨ ⲪⲀⲒ ⲈⲦⲈⲘⲠⲀⲦⲈ ϨⲖⲒ ⲚⲢⲰⲘⲒ ⲀⲖⲎⲒ ⲈⲢⲞϤ ⲘⲀϮⲞⲨⲰ ⲘⲘⲞϤ ⲞⲨⲞϨ ⲀⲚⲒⲦϤ
3 ৩ কোনোবাই যদি তোমালোকক কয়, “এইটো কিয় মেলিছা?” তেতিয়া তোমালোকে ক’বা, ‘প্ৰভুৰ ইয়াক প্ৰয়োজন আছে, আৰু তেওঁ এতিয়াই ইয়াক পুনৰ ইয়ালৈ পঠাই দিব’।”
ⲅ̅ⲞⲨⲞϨ ⲈϢⲰⲠ ⲚⲦⲈⲞⲨⲀⲒ ϪⲞⲤ ⲚⲰⲦⲈⲚ ϪⲈ ⲞⲨ ⲠⲈ ⲪⲀⲒ ⲈⲦⲈⲦⲈⲚⲒⲢⲒ ⲘⲘⲞϤ ⲀϪⲞⲤ ϪⲈ ⲠϬⲞⲒⲤ ⲠⲈⲦⲈⲢⲬⲢⲒⲀ ⲘⲘⲞϤ ⲞⲨⲞϨ ⲤⲀⲦⲞⲦϤ ϤⲚⲀⲞⲨⲞⲢⲠϤ ⲘⲚⲀⲒ
4 ৪ তেতিয়া তেওঁলোকে গৈ, দুৱাৰৰ বাহিৰত মুকলি বাটত বান্ধি থোৱা এটা গাধ পোৱালি পাই সেইটো মেলিলে।
ⲇ̅ⲞⲨⲞϨ ⲀⲨϢⲈ ⲚⲰⲞⲨ ⲞⲨⲞϨ ⲀⲨϪⲒⲘⲒ ⲚⲞⲨⲤⲎϪ ⲈϤⲤⲞⲚϨ ϦⲀⲦⲈⲚ ⲞⲨⲢⲞ ⲤⲀⲂⲞⲖ ⲘⲠⲒϦⲒⲢ ⲞⲨⲞϨ ⲀⲨϮⲞⲨⲰ ⲘⲘⲞϤ
5 ৫ এনেতে, তাত থিয় হৈ থকা লোক সকলে ক’লে, “তোমালোকে গাধ পোৱালি মেলি কি কৰা?”
ⲉ̅ⲞⲨⲞϨ ϨⲀⲚⲞⲨⲞⲚ ⲈⲂⲞⲖ ϦⲈⲚⲚⲎ ⲈⲦⲞϨⲒ ⲈⲢⲀⲦⲞⲨ ⲘⲘⲀⲨ ⲚⲀⲨϪⲰ ⲘⲘⲞⲤ ⲚⲰⲞⲨ ϪⲈ ⲞⲨ ⲠⲈⲦⲈⲦⲈⲚⲒⲢⲒ ⲘⲘⲞϤ ⲈⲢⲈⲦⲈⲚϮⲞⲨⲰ ⲘⲠⲒⲤⲎ Ϫ.
6 ৬ তাতে তেওঁলোকে যীচুৱে কোৱাৰ দৰে লোক সকলক কোৱাত, লোক সকলে গাধ পোৱালিটো আনিবলৈ তেওঁলোকক এৰি দিলে।
ⲋ̅ⲚⲐⲰⲞⲨ ⲆⲈ ⲀⲨϪⲞⲤ ⲚⲰⲞⲨ ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲈⲦⲀϤϪⲞⲤ ⲚⲰⲞⲨ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ⲞⲨⲞϨ ⲀⲨⲬⲀⲨ.
7 ৭ পাছত শিষ্য দুজনে সেই গাধ পোৱালিটো যীচুৰ ওচৰলৈ আনিলে আৰু তাৰ ওপৰত তেওঁলোকৰ কাপোৰ পাৰি দিলে৷ পাছত তাৰ ওপৰত তেওঁ বহিল।
ⲍ̅ⲞⲨⲞϨ ⲀⲨⲒⲚⲒ ⲘⲠⲒⲤⲎϪ ϨⲀ ⲒⲎⲤⲞⲨⲤ ⲞⲨⲞϨ ⲀⲨⲦⲀⲖⲈ ⲚⲞⲨϨⲂⲰⲤ ⲈⲢⲞϤ ⲞⲨⲞϨ ⲀϤϨⲈⲘⲤⲒ ϨⲒϪⲰⲞⲨ
8 ৮ অনেকে নিজৰ নিজৰ কাপোৰবোৰ পথত পাৰি দিলে, আৰু কিছুমানে পথাৰৰ পৰা ডাল-পাত আদি কাটি আনি পথত পাৰি দিলে।
ⲏ̅ⲞⲨⲞϨ ϨⲀⲚⲘⲎϢ ⲀⲨⲪⲰⲢϢ ⲚⲚⲞⲨϨⲂⲰⲤ ϨⲒ ⲠⲒⲘⲰⲒⲦ ϨⲀⲚⲔⲈⲬⲰⲞⲨⲚⲒ ⲆⲈ ⲀⲨⲔⲰⲢϪ ⲚϨⲀⲚϪⲀⲖ ⲚϢϢⲎⲚ ϦⲈⲚⲚⲒⲒⲞϨⲒ ⲞⲨⲞϨ ⲚⲀⲨⲪⲰⲢϢ ⲘⲘⲰⲞⲨ ϨⲒ ⲠⲒⲘⲰⲒⲦ.
9 ৯ যি সকল লোক তেওঁৰ আগে-পাছে গৈছিল আৰু যি সকলে তেওঁক অনুসৰণ কৰিছিল, তেওঁলোকে ৰিঙিয়াই ক’বলৈ ধৰিলে, ‘জয়! জয়! যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য;
ⲑ̅ⲞⲨⲞϨ ⲚⲎ ⲈⲚⲀⲨⲘⲞϢⲒ ϨⲒⲦϨⲎ ⲚⲈⲘ ⲚⲎ ⲈⲚⲀⲨⲘⲞϢⲒ ϨⲒⲪⲀϨⲞⲨ ⲚⲀⲨⲰϢ ⲈⲂⲞⲖ ϪⲈ ⲰⲤⲀⲚⲚⲀ ϤⲤⲘⲀⲢⲰⲞⲨⲦ ⲚϪⲈⲠⲈⲐⲚⲎⲞⲨ ϦⲈⲚⲪⲢⲀⲚ ⲘⲠϬⲤ
10 ১০ আৰু আমাৰ ওপৰ-পিতৃ দায়ুদৰ যি ৰাজ্য আহিছে, সেই জন ধন্য! উৰ্দ্ধলোকত জয়ধ্বনি হওক’।
ⲓ̅ⲤⲤⲘⲀⲢⲰⲞⲨⲦ ⲚϪⲈϮⲘⲈⲦⲞⲨⲢⲞ ⲈⲐⲚⲎ ⲞⲨ ⲚⲦⲈⲠⲈⲚⲒⲰⲦ ⲆⲀⲨⲒⲆ ⲰⲤⲀⲚⲚⲀ ϦⲈⲚⲚⲎ ⲈⲦϬⲞⲤⲒ
11 ১১ এইদৰে যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে আৰু মন্দিৰ এলেকাত সোমাল। তাৰ পাছত তেওঁ চাৰিওফালে ঘূৰি সকলোবোৰ চালে। এইদৰে পলম হোৱাত সন্ধিয়া হৈ আহিল, পাছত তেওঁ বাৰ জন শিষ্যৰ সৈতে বৈথনিয়া গাওঁলৈ ওলাই গ’ল।
ⲓ̅ⲁ̅ⲞⲨⲞϨ ⲀϤⲒ ⲈϦⲞⲨⲚ ⲈⲒⲈⲢⲞⲤⲀⲖⲎⲘ ⲈϦⲞⲨⲚ ⲈⲠⲒⲈⲢⲪⲈⲒ ⲞⲨⲞϨ ⲈⲦⲀϤⲤⲞⲘⲤ ⲈⲠⲦⲎⲢϤ ⲈⲦⲀ ⲢⲞⲨϨⲒ ϨⲎⲆⲎ ϢⲰⲠⲒ ⲚⲦⲈⲞⲨⲞⲨⲚⲞⲨ ⲀϤⲒ ⲈⲂⲎⲐⲀⲚⲒⲀ ⲚⲈⲘ ⲠⲒⲒⲂ
12 ১২ পাছদিনা খন তেওঁলোক বৈথনিয়া গাওঁৰ পৰা ঘুৰি আহোতে, তেওঁৰ ভোক লাগিল।
ⲓ̅ⲃ̅ⲞⲨⲞϨ ⲈⲠⲈϤⲢⲀⲤϮ ⲈⲦⲀⲨⲒ ⲈⲂⲞⲖ ϦⲈⲚⲂⲎⲐⲀⲚⲒⲀ ⲀϤϨⲔⲞ
13 ১৩ তেতিয়া তেওঁ দুৰৈৰ পৰা, পাতে সৈতে এজোপা ডিমৰু গছ দেখি, ফল পোৱাৰ আশাত তালৈ গ’ল; কিন্তু ওচৰ পোৱাত পাতৰ বাহিৰে একো নাপালে; কিয়নো সেই সময় ডিমৰুৰ ফল দিয়া বতৰ নাছিল।
ⲓ̅ⲅ̅ⲈⲦⲀϤⲚⲀⲨ ⲈⲞⲨⲂⲰ ⲚⲔⲈⲚⲦⲈ ϨⲒⲪⲞⲨⲈⲒ ⲈⲞⲨⲞⲚ ϨⲀⲚϪⲰⲂⲒ ϨⲒⲰⲦⲤ ⲀϤⲒ ϪⲈ ϨⲀⲢⲀ ϤⲚⲀϪⲈⲘ ϨⲖⲒ ϨⲒⲰⲦⲤ ⲞⲨⲞϨ ⲈⲦⲀϤⲒ ⲈϪⲰⲤ ⲘⲠⲈϤϪⲈⲘ ϨⲖⲒ ⲈⲂⲎⲖ ⲈϨⲀⲚϪⲰⲂⲒ ⲚⲈⲠⲤⲎⲞⲨ ⲄⲀⲢ ⲚⲔⲈⲚⲦⲈ ⲀⲚ ⲠⲈ.
14 ১৪ তেতিয়া তেওঁ মাত লগাই সেই গছক ক’লে, “এতিয়াৰ পৰা কোনেও তোৰ ফল কোনো কালে নাখাওঁক।” তেওঁৰ শিষ্য সকলে, তেওঁ কি ক’লে শুনিলে। (aiōn )
ⲓ̅ⲇ̅ⲞⲨⲞϨ ⲈⲦⲀϤⲈⲢⲞⲨⲰ ⲠⲈϪⲀϤ ⲚⲀⲤ ϪⲈ ⲚⲚⲈ ϨⲖⲒ ϪⲈⲘ ⲞⲨⲦⲀϨ ϨⲒⲰϮ ϢⲀ ⲈⲚⲈϨ ⲞⲨⲞϨ ⲚⲀⲨⲤⲰⲦⲈⲘ ⲚϪⲈⲚⲈϤⲘⲀⲐⲎⲦⲎⲤ. (aiōn )
15 ১৫ পাছত তেওঁলোক যিৰূচালেম আহি পোৱাত, যীচুৱে মন্দিৰৰ এলেকাত সোমাই মন্দিৰত বেচা-কিনা কৰা সকলক বাহিৰ কৰিবলৈ ধৰিলে; আৰু ধন সলোৱা সকলৰ মেজ, আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে;
ⲓ̅ⲉ̅ⲞⲨⲞϨ ⲀⲨⲒ ⲈⲒⲈⲢⲞⲤⲀⲖⲎⲘ ⲞⲨⲞϨ ⲈⲦⲀϤⲒ ⲈϦⲞⲨⲚ ⲈⲠⲒⲈⲢⲪⲈⲒ ⲀϤⲈⲢϨⲎⲦⲤ ⲚϨⲒⲞⲨⲒ ⲈⲂⲞⲖ ⲚⲚⲎ ⲦⲎⲢⲞⲨ ⲈⲦϮ ⲈⲂⲞⲖ ⲚⲈⲘ ⲚⲎ ⲈⲦϢⲰⲠ ϦⲈⲚⲠⲒⲈⲢⲪⲈⲒ ⲞⲨⲞϨ ⲚⲒⲦⲢⲀⲠⲈⲌⲀ ⲚⲦⲈⲚⲒⲔⲞⲖⲨⲂⲒⲤⲦⲎ ⲤⲚⲈⲘ ⲚⲒⲔⲀⲐⲈⲆⲢⲀ ⲚⲦⲈⲚⲎ ⲈⲦϮ ϬⲢⲞⲘⲠⲒ ⲈⲂⲞⲖ ⲀϤⲤⲞⲤⲞⲨ
16 ১৬ তেওঁ মন্দিৰৰ মাজেদি কোনো লোকক বেচা-কিনা কৰিবলৈ একো পাত্ৰ লৈ যাব নিদিলে।
ⲓ̅ⲋ̅ⲞⲨⲞϨ ⲚⲀϤⲬⲰ ⲚϨⲖⲒ ⲀⲚ ⲠⲈ ϨⲒⲚⲀ ⲚⲦⲈϤⲈⲚ ⲞⲨⲤⲔⲈⲨⲞⲤ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲠⲒⲈⲢⲪⲈⲒ.
17 ১৭ তেওঁ উপদেশ দি তেওঁলোকক ক’লে, “এনেদৰে লিখা নাই নে?, ‘যে মোৰ ঘৰক সকলো জাতিৰ বাবে প্ৰাৰ্থনাৰ ঘৰ বোলা যাব? কিন্তু তোমালোকে তাক ডকাইতৰ গুহাকৰিলা’।”
ⲓ̅ⲍ̅ⲞⲨⲞϨ ⲚⲀϤϮⲤⲂⲰ ⲞⲨⲞϨ ⲚⲀϤϪⲰ ⲘⲘⲞⲤ ⲚⲰⲞⲨ ϪⲈ ⲤⲤϦⲎⲞⲨⲦ ϪⲈ ⲠⲀⲎⲒ ⲈⲨⲈⲘⲞⲨϮ ⲈⲢⲞϤ ϪⲈ ⲞⲨⲎⲒ ⲘⲠⲢⲞⲤⲈⲨⲬⲎ ⲚⲚⲒⲈⲐⲚⲞⲤ ⲦⲎⲢⲞⲨ ⲚⲐⲰⲦⲈⲚ ⲆⲈ ⲀⲢⲈⲦⲈⲚⲀⲒϤ ⲘⲂⲎⲂ ⲚⲤⲞⲚⲒ.
18 ১৮ এই কথা শুনি, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক কেনেকৈ বধ কৰিব পাৰে, তাৰ উপায় বিচাৰিব ধৰিলে৷ কিন্তু তেওঁলোকে তেওঁলৈ ভয় কৰিলে কাৰণ গোটেই লোক সমূহে তেওঁৰ উপদেশত বিস্ময় মানিছিল।
ⲓ̅ⲏ̅ⲞⲨⲞϨ ⲈⲦⲀⲨⲤⲰⲦⲈⲘ ⲚϪⲈⲚⲒⲀⲢⲬⲒⲈⲢⲈⲨⲤ ⲚⲈⲘ ⲚⲒⲤⲀϦ ⲞⲨⲞϨ ⲚⲀⲨⲔⲰϮ ϪⲈ ⲀⲨⲚⲀⲦⲀⲔⲞϤ ⲚⲀϢ ⲚⲢⲎϮ ⲚⲀⲨⲈⲢϨⲞϮ ⲄⲀⲢ ϦⲀⲦⲈϤϨⲎ ⲠⲒⲘⲎϢ ⲄⲀⲢ ⲦⲎⲢϤ ⲚⲀⲨⲈⲢϢⲪⲎⲢⲒ ⲈϪⲈⲚ ⲦⲈϤⲤⲂⲰ.
19 ১৯ আৰু সন্ধিয়া হ’লেই তেওঁলোক নগৰৰ বাহিৰলৈ ওলাই গৈছিল।
ⲓ̅ⲑ̅ⲞⲨⲞϨ ⲈϢⲰⲠ ⲚⲦⲈⲢⲞⲨϨⲒ ϢⲰⲠⲒ ⲚⲀϤϨⲎⲖ ⲤⲀⲂⲞⲖ ⲚϮⲂⲀⲔⲒ
20 ২০ ৰাতিপুৱা তেওঁলোকে সেই বাটেদি আহোতে, সেই ডিমৰু গছজোপা শিপাই সৈতে শুকাই যোৱা দেখিলে।
ⲕ̅ⲞⲨⲞϨ ⲈⲨⲤⲒⲚⲒⲰⲞⲨ ⲚϨⲀⲚⲀⲦⲞⲞⲨⲒ ⲀⲨⲚⲀⲨ ⲈϮⲂⲰ ⲚⲔⲈⲚⲦⲈ ⲀⲤϢⲰⲞⲨⲒ ϨⲒ ⲦⲈⲤⲚⲞⲨⲚⲒ.
21 ২১ তেতিয়া পিতৰৰ মনত পৰিল আৰু তেওঁ যীচুক ক’লে, “ৰব্বি, চাওক! আপুনি শাও দিয়া ডিমৰু গছজোপা শুকাই গ’ল।”
ⲕ̅ⲁ̅ⲞⲨⲞϨ ⲈⲦⲀϤⲈⲢⲪⲘⲈⲨⲒ ⲚϪⲈⲠⲈⲦⲢⲞⲤ ⲠⲈϪⲀϤ ⲚⲀϤ ϪⲈ ⲢⲀⲂⲂⲒ ⲒⲤ ϮⲂⲰ ⲚⲔⲈⲚⲦⲈ ⲈⲦⲀⲔⲤⲀϨⲞⲨⲒ ⲈⲢⲞⲤ ⲀⲤϢⲰⲞⲨⲒ.
22 ২২ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে ঈশ্বৰত বিশ্বাস ৰাখা;
ⲕ̅ⲃ̅ⲞⲨⲞϨ ⲈⲦⲀϤⲈⲢⲞⲨⲰ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ⲠⲈϪⲀϤ ⲚⲰⲞⲨ ϪⲈ ⲬⲀ ⲞⲨⲚⲀϨϮ ⲚⲦⲈⲪⲚⲞⲨϮ ⲚⲦⲈⲚ ⲐⲎⲚⲞⲨ.
23 ২৩ মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে এই পৰ্বতটোক যদি কয়, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, আৰু মনত সন্দেহ নকৰি যি জনে কয় আৰু তেওঁ যদি সেয়ে ঘটিব বুলি বিশ্বাস কৰে, তেনেহলে তেওঁলৈ ঈশ্বৰে সেয়ে সিদ্ধ কৰিব।
ⲕ̅ⲅ̅ⲀⲘⲎⲚ ⲄⲀⲢ ϮϪⲰ ⲘⲘⲞⲤ ⲚⲰⲦⲈⲚ ϪⲈ ⲪⲎ ⲈⲐⲚⲀϪⲞⲤ ⲘⲠⲀⲒⲦⲰⲞⲨ ϪⲈ ϤⲒⲦⲔ ⲞⲨⲞϨ ϨⲒⲦⲔ ⲈⲪⲒⲞⲘ ⲞⲨⲞϨ ⲚⲦⲈϤϢⲦⲈⲘϬⲒⲤⲀⲚⲒⲤ ϦⲈⲚⲠⲈϤϨⲎⲦ ⲀⲖⲖⲀ ⲚⲦⲈϤⲚⲀϨϮ ϪⲈ ⲪⲎ ⲈⲦⲈϤϪⲰ ⲘⲘⲞϤ ϤⲚⲀϢⲰⲠⲒ ⲈϤⲈϢⲰⲠⲒ ⲚⲀϤ.
24 ২৪ এই হেতুকে মই তোমালোকক কওঁ, তোমোলোকে প্ৰাৰ্থনা কৰি যি যি খোজা, সেই সকলোকে পালোঁ বুলি বিশ্বাস কৰা; তেতিয়াহে পাবা,
ⲕ̅ⲇ̅ⲈⲐⲂⲈⲪⲀⲒ ϮϪⲰ ⲘⲘⲞⲤ ⲚⲰⲦⲈⲚ ϪⲈ ϨⲰⲂ ⲚⲒⲂⲈⲚ ⲈⲦⲈⲦⲈⲚⲚⲀⲈⲢⲈⲦⲒⲚ ⲘⲘⲞϤ ϦⲈⲚⲞⲨⲠⲢⲞⲤⲈⲨⲬⲎ ⲚⲀϨϮ ϪⲈ ⲀⲢⲈⲦⲈⲚϬⲒ ⲞⲨⲞϨ ⲈⲤⲈϢⲰⲠⲒ ⲚⲰⲦⲈⲚ.
25 ২৫ আৰু স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে যাতে তোমালোকৰো অপৰাধ ক্ষমাকৰিব, সেই বাবে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওতে, যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা কবলগীয়া থাকে, তেনেহলে তেওঁক নিশ্চয় ক্ষমা কৰা।
ⲕ̅ⲉ̅ⲞⲨⲞϨ ⲈϢⲰⲠ ⲀⲢⲈⲦⲈⲚϢⲀⲚⲞϨⲒ ⲈⲢⲀⲦⲈⲚ ⲐⲎⲚⲞⲨ ⲈⲈⲢⲠⲢⲞⲤⲈⲨⲬⲈⲤⲐⲈ ⲬⲰ ⲈⲂⲞⲖ ⲘⲠⲈⲦⲈ ⲞⲨⲞⲚ ⲚⲦⲰⲦⲈⲚ ⲈⲢⲞϤ ϨⲒⲚⲀ ϨⲰϤ ⲠⲈⲦⲈⲚⲒⲰⲦ ⲈⲦϦⲈⲚ ⲚⲒⲪⲎⲞⲨⲒ ⲚⲦⲈϤⲬⲰ ⲚⲰⲦⲈⲚ ⲈⲂⲞⲖ ⲚⲚⲈⲦⲈⲚⲠⲀⲢⲀⲠⲦⲰⲘⲀ.
26 ২৬ কিন্তু তোমালোকে যদি ক্ষমা নকৰা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা নকৰিব৷”
ⲕ̅ⲋ̅ⲞⲨⲞϨ ϨⲞⲦⲀⲚ ⲚⲦⲈⲦⲈⲚϢⲦⲈⲘⲬⲰ ⲈⲂⲞⲖ ⲞⲨⲆⲈ ⲠⲈⲦⲈⲚⲒⲰⲦ ⲈⲦϦⲈⲚ ⲚⲒⲪⲎⲞⲨⲒ ⲚⲚⲈϤⲬⲰ ⲚⲰⲦⲈⲚ ⲈⲂⲞⲖ ⲀⲚ ⲘⲠⲈⲦⲈⲚⲠⲀⲢⲀⲠⲦⲰⲘⲀ
27 ২৭ এইদৰে তেওঁলোক আকৌ যিৰূচালেমলৈ আহিল৷ এনেতে যীচুৱে তেওঁ মন্দিৰত ফুৰোতে, প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক, আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে,
ⲕ̅ⲍ̅ⲞⲨⲞϨ ⲀⲨⲒ ⲞⲚ ⲈⲒⲈⲢⲞⲤⲀⲖⲎⲘ ⲞⲨⲞϨ ⲈϤⲘⲞϢⲒ ϦⲈⲚⲠⲒⲈⲢⲪⲈⲒ ⲀⲨⲒ ϨⲀⲢⲞϤ ⲚϪⲈⲚⲒⲀⲢⲬⲒⲈⲢⲈⲨⲤ ⲚⲈⲘ ⲚⲒⲤⲀϦ ⲚⲈⲘ ⲚⲒⲠⲢⲈⲤⲂⲨⲦⲈⲢⲞⲤ
28 ২৮ “আপুনি কি ক্ষমতাৰে এইবোৰ কৰিছে বা এইবোৰ কৰিবলৈ কোনে এই ক্ষমতা আপোনাক দিলে?”
ⲕ̅ⲏ̅ⲞⲨⲞϨ ⲚⲀⲨϪⲰ ⲘⲘⲞⲤ ⲚⲀϤ ϪⲈ ⲀⲔⲒⲢⲒ ⲚⲚⲀⲒ ϦⲈⲚⲀϢ ⲚⲈⲢϢⲒϢⲒ ⲒⲈ ⲚⲒⲘ ⲠⲈⲦⲀϤϮ ⲚⲀⲔ ⲘⲠⲀⲒⲈⲢϢⲒϢⲒ ϨⲒⲚⲀ ⲚⲦⲈⲔⲒⲢⲒ ⲚⲚⲀⲒ.
29 ২৯ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক এটা কথা সোধো, আপোনালোকে মোক উত্তৰ দিয়ক; তেতিয়াহে মই কি ক্ষমতাৰে এইবোৰ কৰিছোঁ সেই বিষয়ে আপোনালোকক ক’ম।
ⲕ̅ⲑ̅ⲒⲎⲤⲞⲨⲤ ⲆⲈ ⲠⲈϪⲀϤ ⲚⲰⲞⲨ ϪⲈ ϮⲚⲀϢⲈⲚ ⲐⲎⲚⲞⲨ ⲈⲞⲨⲤⲀϪⲒ ⲚⲞⲨⲰⲦ ⲀⲢⲒⲞⲨⲰ ⲚⲎⲒ ⲞⲨⲞϨ ⲀⲚⲞⲔ ϨⲰ ϮⲚⲀϪⲞⲤ ⲚⲰⲦⲈⲚ ϪⲈ ⲀⲒⲒⲢⲒ ⲚⲚⲀⲒ ϦⲈⲚⲀϢ ⲚⲈⲢϢⲒϢⲒ
30 ৩০ ‘যোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা নে মানুহৰ পৰা হৈছিল’? মোক উত্তৰ দিয়ক।”
ⲗ̅ⲠⲒⲰⲘⲤ ⲚⲦⲈⲒⲰⲀⲚⲚⲎⲤ ⲚⲈⲞⲨⲈⲂⲞⲖ ϦⲈⲚⲦⲪⲈ ⲠⲈ ϢⲀⲚ ⲞⲨⲈⲂⲞⲖ ϦⲈⲚⲚⲒⲢⲰⲘⲒ ⲀⲢⲒⲞⲨⲰ ⲚⲎⲒ
31 ৩১ তেতিয়া তেওঁলোকে পৰস্পৰে কোৱা-মেলা আৰু যুক্তি-তৰ্ক কৰি ক’লে, ‘স্বৰ্গৰ পৰা বুলি যদি কওঁ, তেনেহলে তেওঁত কিয় বিশ্বাস নকৰিলা, তেওঁ এনেকৈ ক’ব।
ⲗ̅ⲁ̅ⲞⲨⲞϨ ⲚⲀⲨⲘⲞⲔⲘⲈⲔ ⲚⲈⲘ ⲚⲞⲨⲈⲢⲎⲞⲨ ⲈⲨϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲀⲚϢⲀⲚϪⲞⲤ ϪⲈ ⲞⲨⲈⲂⲞⲖ ϦⲈⲚⲦⲪⲈ ⲠⲈ ϤⲚⲀϪⲞⲤ ϪⲈ ⲈⲐⲂⲈⲞⲨ ⲘⲠⲈⲦⲈⲚⲚⲀϨϮ ⲈⲢⲞϤ.
32 ৩২ কিন্তু মানুহৰ বুলি ক’ম নে?’ তেওঁলোকে মানুহবোৰলৈ ভয় কৰিলে, কিয়নো সকলোৱে যোহনক স্বৰূপেই এজন ভাববাদী বুলি মানিছিল।
ⲗ̅ⲃ̅ⲀⲖⲖⲀ ⲚⲦⲈⲚϪⲞⲤ ϪⲈ ⲞⲨⲈⲂⲞⲖ ϦⲈⲚⲚⲒⲢⲰⲘⲒ ⲦⲈⲚⲈⲢϨⲞϮ ϦⲀⲦϨⲎ ⲘⲠⲒⲘⲎϢ ⲚⲀⲢⲈ ⲒⲰⲀⲚⲚⲎⲤ ⲄⲀⲢ ⲚⲦⲞⲦⲞⲨ ⲦⲎⲢⲞⲨ ϪⲈ ⲞⲚⲦⲰⲤ ⲚⲈⲞⲨⲠⲢⲞⲪⲎⲦⲎⲤ ⲠⲈ.
33 ৩৩ পাছে তেওঁলোকে যীচুক উত্তৰ দি ক’লে, “আমি নাজানো।” তাতে যীচুৱেও তেওঁলোকক ক’লে, “মই কি ক্ষমতাৰে এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।”
ⲗ̅ⲅ̅ⲞⲨⲞϨ ⲈⲦⲀⲨⲈⲢⲞⲨⲰ ⲚⲒⲎⲤⲞⲨⲤ ⲠⲈϪⲰⲞⲨ ϪⲈ ⲦⲈⲚⲈⲘⲒ ⲀⲚ ⲞⲨⲞϨ ⲒⲎⲤⲞⲨⲤ ϨⲰϤ ⲠⲈϪⲀϤ ⲚⲰⲞⲨ ϪⲈ ⲞⲨⲆⲈ ⲀⲚⲞⲔ ϨⲰ ϮⲚⲀϪⲞⲤ ⲚⲰⲦⲈⲚ ⲀⲚ ϪⲈ ⲀⲒⲒⲢⲒ ϦⲈⲚⲀϢ ⲚⲈⲢϢⲒϢⲒ.