< মালাখি 4 >
1 ১ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “কিয়নো চোৱা, সেই দিন আহিছে; সেয়ে অগ্নিশালৰ নিচিনাকৈ জ্বলিব। সেই দিনা সকলো গৰ্ব্বী ও দুষ্টাচাৰী লোক নৰাৰ নিচিনা হ’ব; যি দিন আহি আছে, সেই দিনে তেওঁলোকক পুৰি পেলাব; এডাল শিপা কি ডাল একোকে অৱশিষ্ট নথকাকৈ তেওঁলোকক পুৰি পেলাব।
For, behold, the day comes, that shall burn as an oven; and all the proud, yes, and all that do wickedly, shall be stubble: and the day that comes shall burn them up, says the LORD of hosts, that it shall leave them neither root nor branch.
2 ২ কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্মিকতাৰূপ সূৰ্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালিৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা।
But to you that fear my name shall the Sun of righteousness arise with healing in his wings; and you shall go forth, and grow up as calves of the stall.
3 ৩ তোমালোকে দুষ্ট লোকসকলক গচকিবা; মই এই কাৰ্য কৰাৰ দিনা তেওঁলোক তোমালোকৰ ভৰিৰ তলত থকা ছাঁই যেন হ’ব।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
And you shall tread down the wicked; for they shall be ashes under the soles of your feet in the day that I shall do this, says the LORD of hosts.
4 ৪ “তোমালোকে মোৰ দাস মোচিৰ ব্যৱস্থাৰ কথা অর্থাৎ মই তেওঁক হোৰেব পর্বতত সকলো ইস্রায়েলৰ কাৰণে যি সকলো বিধি আৰু শাসন-প্ৰণালীবোৰ দিছিলোঁ, সেইবোৰ সোঁৱৰণ কৰা।
Remember you the law of Moses my servant, which I commanded to him in Horeb for all Israel, with the statutes and judgments.
5 ৫ চোৱা, যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ পূর্বেই মই তোমালোকৰ ওচৰলৈ এলিয়া ভাববাদীক পঠাম।
Behold, I will send you Elijah the prophet before the coming of the great and dreadful day of the LORD:
6 ৬ তেওঁ পিতৃসকলৰ হৃদয় সন্তান সকলৰ প্রতি আৰু সন্তান সকলৰ হৃদয় পিতৃসকললৈ ঘূৰাব যাতে মই আহি পৃথিৱীক অভিশাপেৰে আঘাত নকৰিম।”
And he shall turn the heart of the fathers to the children, and the heart of the children to their fathers, lest I come and smite the earth with a curse.