< মালাখি 3 >

1 বাহিনীগণৰ যিহোৱাই কৈছে, “চোৱা, মই মোৰ নিজ বার্তবাহকক পঠাম আৰু তেওঁ মোৰ আগেয়ে গৈ পথ যুগুত কৰিব; তাৰ পাছত যি প্ৰভুৰ কাৰণে তোমালোকে অপেক্ষা কৰিছা, তেওঁ হঠাতে নিজৰ মন্দিৰলৈ আহিব; নিয়মৰ সেই বার্তাবাহক, যিজনাত তোমালোক আনন্দিত হোৱা, চোৱা, তেওঁ আহি আছে।”
Ево, ја ћу послати анђела свог, који ће приправити пут преда мном, и изненада ће доћи у цркву своју Господ, ког ви тражите, и анђео заветни, ког ви желите, ево доћи ће, вели Господ над војскама.
2 কিন্তু তেওঁৰ আগমনৰ দিন কোনে সহিব পাৰিব? তেওঁ উপস্থিত হ’লে কোনে থিয় হৈ থিৰেৰে থাকিব পাৰিব? কিয়নো তেওঁ শোধন কৰা একুৰা জুইৰ তুল্য আৰু ধোবাৰ চাবোনৰ তুল্য।
Али ко ће поднети дан доласка Његовог? И ко ће се одржати кад се покаже? Јер је Он као огањ ливчев и као мило бељарско.
3 তেওঁ ৰূপ পৰিস্কাৰ আৰু বিশুদ্ধ কৰা লোকৰ দৰে বিচাৰ কৰিবলৈ বহিব। তেওঁ লেবীৰ সন্তান সকলক শুচি কৰিব; সোণ আৰু ৰূপৰ দৰে তেওঁলোকক বিশুদ্ধ কৰিব। পাছত তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে ধাৰ্মিকতাৰ নৈবেদ্য উৎসৰ্গ কৰিব।
И сешће као Онај који лије и чисти сребро, очистиће синове Левијеве, и претопиће их као злато и сребро, и они ће приносити Господу приносе у правди.
4 তেতিয়া যেনেকৈ পূর্বৰ দিনবোৰত আৰু আদিকালৰ বছৰবোৰত হৈছিল, তেনেকৈ যিহূদা আৰু যিৰূচালেমৰ লোকসকলৰ উৎসর্গৰ নৈবেদ্যৰে যিহোৱাক সন্তুষ্ট কৰিব।
И угодан ће бити Господу принос Јудин и јерусалимски као у старо време и као пређашњих година.
5 বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অন্যায় কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, সেই লোকসকলৰ বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
И доћи ћу к вама на суд, и бићу брз сведок против врачара и против прељубочинаца и против оних који се куну криво и против оних који закидају најам најамнику, и удовици и сироти и дошљаку криво чине и не боје се мене, вели Господ над војскама.
6 “কিয়নো মই, যিহোৱা, মোৰ কোনো পৰিবৰ্ত্তন নাই; সেয়ে, হে যাকোবৰ বংশধৰ, তোমালোক বিনষ্ট হোৱা নাই।
Јер ја Господ не мењам се; зато ви, синови Јаковљеви, не изгибосте.
7 তোমালোকৰ পূর্ব-পুৰুষসকলৰ দিনৰে পৰা তোমালোকে মোৰ বিধিবোৰ ত্যাগ কৰি আহিছা, সেইবোৰ পালন কৰা নাই। মোৰ ওচৰলৈ ঘূৰি আহাঁ আৰু ময়ো তোমালোকৰ কাষলৈ ঘূৰি আহিম; কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ ঘূৰি আহিম?’
Од времена отаца својих одступисте од уредби мојих и не држасте их. Вратите се к мени, и ја ћу се вратити к вама, вели Господ над војскама. Али велите: У чем бисмо се вратили?
8 মানুহে ঈশ্বৰক ঠগাব নেকি? কিন্তু তোমালোকেতো মোক ঠগাইছা। তথাপিও তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাক ঠগাইছোঁ?’ আয়ৰ দশম ভাগত আৰু দানৰ বিষয়ত তোমালোকে মোক ঠগাইছা।
Еда ли ће човек закидати Бога? А ви мене закидате; и говорите: У чем Те закидамо? У десетку и у приносу.
9 তোমালোক এক অভিশাপত অভিশপ্ত; কিয়নো তোমালোকে মোকেই ঠগাইছা, এনে কি গোটেই জাতিয়েই ঠগাইছে।
Проклети сте, јер ме закидате, ви, сав народ.
10 ১০ তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হ’বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে।
Донесите све десетке у спреме да буде хране у мојој кући, и окушајте ме у том, вели Господ над војскама, хоћу ли вам отворити уставе небеске и излити благослов на вас да вам буде доста.
11 ১১ “মই তোমালোকৰ বিৰুদ্ধে গ্ৰাসকাৰী পোকক ধমকি দিম যাতে সেইবোৰে তোমালোকৰ ভূমিৰ শস্য নষ্ট নকৰিব; তোমালোকৰ বাৰীৰ দ্ৰাক্ষালতাৰ ফল সময়ৰ আগেয়ে সৰি নপৰিব।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে।
И запретићу вас ради прождрљивцу, те вам неће кварити рода земаљског, и винова лоза у пољу неће вам бити неродна, вели Господ над војскама.
12 ১২ “সকলো জাতিয়ে তোমালোকক ধন্য বুলিব; কিয়নো, তোমালোক আনন্দপূর্ণ দেশৰ লোক হ’বা।” বাহিনীগণৰ যিহোৱাই এই কথা কৈছে।
И зваће вас блаженим сви народи, јер ћете бити земља мила, вели Господ над војскама.
13 ১৩ যিহোৱাই পুনৰ কৈছে, “তোমালোকে মোৰ অহিতে টান টান কথা কৈছা।” কিন্তু তোমালোকে কৈছা, ‘আমি তোমাৰ অহিতে কি কলোঁ?’
Жестоке беху ваше речи на ме, вели Господ; а ви велите: Шта говорисмо на Тебе?
14 ১৪ তোমালোকে ক’লা, ‘ঈশ্বৰৰ ভজনা কৰা অনর্থক। তেওঁৰ আজ্ঞা পালন কৰা বা শোক প্রকাশ কৰি বাহিনীসকলৰ যিহোৱাৰ সাক্ষাতে চলা-ফুৰা কৰাৰ দ্বাৰাই আমাৰ কি লাভ হ’ল?
Рекосте: Залуду је служити Богу, и каква ће бити корист да држимо шта је наредио да се држи, и да ходимо жалосни пред Господом над војскама?
15 ১৫ আমি এতিয়া গৰ্ব্বী লোকসকলক ধন্য বোলোঁ; হয়, দুষ্টাচাৰীসকল প্রতিষ্ঠিত হৈছে আৰু তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিও ৰক্ষা পাইছে।”
Зато хвалимо поносите да су срећни; напредују који чине безакоње, и који искушавају Бога, избављају се.
16 ১৬ তেতিয়া যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোকে এজনে আন জনৰ সৈতে আলাপ কৰিলে আৰু যিহোৱাই তাক মনোযোগেৰে শুনিলে; যিহোৱালৈ ভয় ৰাখোঁতা আৰু তেওঁৰ নামক সন্মান কৰোঁতা সকলৰ কাৰণে তেওঁলোকৰ সন্মুখত এখন স্মৰণাৰ্থক পুথি লিখা হ’ল।
Тада који се боје Господа говорише један другом, и погледа Господ, и чу, и написа се књига за спомен пред Њим за оне који се боје Господа и мисле о имену Његовом.
17 ১৭ বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোক মোৰেই হ’ব; মই কাৰ্য কৰাৰ দিনা তেওঁলোক মোৰ নিজৰ বিশেষ সম্পত্তি হ’ব; মানুহে যেনেকৈ নিজৰ সেৱাকাৰী পুতেকক মৰম কৰি শাস্তিৰ পৰা ৰেহাই দিয়ে, ময়ো তেওঁলোকক ৰেহাই দিম।
Ти ће ми бити благо, вели Господ над војскама, у онај дан кад ја учиним, и бићу им милостив као што је отац милостив свом сину који му служи.
18 ১৮ তেতিয়া পুনৰায় তোমালোক ঘূৰি আহিবা; ধাৰ্মিক আৰু দুষ্টৰ মাজত, অর্থাৎ ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা।”
Тада ћете се обратити и видећете разлику између праведника и безбожника, између оног који служи Богу и оног који Му не служи.

< মালাখি 3 >