< মালাখি 2 >
1 ১ এতিয়া হে পুৰোহিতসকল, তোমালোকৰ প্রতি এই আজ্ঞা।
Ja te papit, tämä käsky tulee nyt teille.
2 ২ বাহিনীসকলৰ যিহোৱাই কৈছে, “মোৰ নামৰ মহিমা স্বীকাৰ কৰিবৰ কাৰণে তোমালোকে যদি মোৰ কথা নুশুনা আৰু মনোযোগ নিদিয়া, তেন্তে মই তোমালোকৰ ওপৰত এক শাও পঠাম আৰু তোমালোকৰ সকলো আশীৰ্ব্বাদৰ পাত্রক শাওলৈ পৰিণত কৰিম। বাস্তৱিক ইতিমধ্যে মই সকলোকে শাও দিলোঁ; কাৰণ তোমালোকে মোৰ আজ্ঞালৈ মনোযোগ দিয়া নাই।
Ellette sitä kuule, ja ellette pane sydämeenne, että te niin antaisitte minun nimelleni kunnian, sanoo Herra Zebaot, niin minä lähetän teidän sekaanne kirouksen, ja kiroon teidän siunauksianne; jopa minä olen myös niitä kironnut, ettette sitä tahtoneet panna sydämeenne.
3 ৩ চোৱা, মই তোমালোকৰ কাৰণেই তোমালোকৰ বংশধৰসকলক শাস্তি দিম। তোমালোকৰ মুখত মই উৎসৱৰ উৎসর্গিত পশুৰ বিষ্ঠা লিপি দিম আৰু তাৰেই সৈতে তোমালোকক লৈ যোৱা হ’ব।”
Katso, minä tahdon turmella teidän siemenenne, ja paiskaan sonnan teidän kasvoillenne, teidän juhlapäiväinne sonnan, niin että se ijäksi teihin tarttuu.
4 ৪ “তোমালোকে জানিবা যে, মই তোমালোকৰ ওচৰলৈ এই আজ্ঞা পঠাইছো যাতে লেবীৰ সৈতে স্থাপন কৰা মোৰ ব্যৱস্থা চলি থাকে।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
Niin te saatte tuta, että minä sen käskyn teille lähettänyt olen, että sen piti minun liittoni Levin kanssa oleman, sanoo Herra Zebaot.
5 ৫ “লেবীৰ লগত মই যি ব্যৱস্থা স্থাপন কৰিছিলোঁ, সেয়া জীৱন আৰু শান্তিৰ ব্যৱস্থা; মই তেওঁক সেই দুয়োকো দিছিলোঁ; তেওঁ মোক যাতে ভয় কৰে, ই এক ভয়ৰ ব্যৱস্থাও; তেওঁ মোক সঁচাই ভয় কৰিছিল আৰু মোৰ নামত ভীত হৈছিল।
Sillä minun liittoni oli hänen kanssansa elämään ja rauhaan, ja minä annoin ne pelvoksi hänelle, pelkäämään minua, ja minun nimeäni hämmästymään.
6 ৬ তেওঁৰ মুখত সত্যতাৰ শিক্ষা আছিল আৰু তেওঁৰ ওঁঠত কোনো অধর্ম পোৱা নাছিলো; তেওঁ শান্তিৰে আৰু সত্যতাৰে মোৰ লগত অহাযোৱা কৰিছিল আৰু অনেকক পাপৰ পৰা ঘূৰাইছিল।
Totuuden laki oli hänen suussansa, ja ei löydetty mitään pahaa hänen huulissansa; hän vaelsi rauhallisesti ja toimellisesti minun edessäni, ja käänsi monta pois synnistä.
7 ৭ এজন পুৰোহিতৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব লাগে আৰু মানুহে তেওঁৰ মুখৰ পৰা আদেশ বিচাৰিব লাগে; কাৰণ তেঁৱেই মোৰ অর্থাৎ বাহিনীসকলৰ যিহোৱাৰ বার্তাবাহক।
Sillä papin huulet pitää opin kätkemän, että lakia hänen suustansa kysyttäisiin; sillä hän on Herran Zebaotin enkeli.
8 ৮ কিন্তু তোমালোকে হ’লে সত্যৰ পথৰ পৰা এফলীয়া হৈ গ’লা; ব্যৱস্থা সম্পর্কীয় শিক্ষাত অনেকক উজুটি খুৱালা। এইদৰে লেবীৰ সৈতে হোৱা মোৰ নিয়মটি তোমালোকে নষ্ট কৰিলা।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
Mutta te olette tieltä poikenneet, pahoitatte monta laissa, ja olette Levin liiton rikkoneet, sanoo Herra Zebaot.
9 ৯ “সকলো লোকৰ সন্মুখত মই তোমালোকক তুচ্ছ আৰু ঘৃণাৰ পাত্র কৰিলোঁ; কাৰণ মোৰ পথত তোমালোকে চলা নাই, কিন্তু তাৰ পৰিবর্তে ব্যৱস্থাৰ বিষয়ত লোকসকলৰ লগত পক্ষপাতিত্ব কৰিলা।”
Sentähden olen minä myös tehnyt, että te olette hyljätyt ja ylönkatsotut kaiken kansan edessä, ettette pidä minun teitäni, mutta katsotte ihmisten muotoa laissa.
10 ১০ আমাৰ সকলোৰে পিতৃ এজনা নহয় জানো? এজনা ঈশ্বৰেই জানো আমাক স্ৰজন কৰা নাই? তেন্তে আমি কিয় প্রতিজনে নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা কৰি আমাৰ পৈতৃক ব্যৱস্থাক অপবিত্ৰ কৰোঁ?
Eikö meillä kaikilla ole yksi Isä? eikö yksi Jumala meitä luonut ole? Miksi me katsomme ylön toinen toisemme, ja rikomme sen liiton, joka meidän isäimme kanssa tehty oli?
11 ১১ যিহূদাই বিশ্বাসঘাতকতা কৰিলে; ইস্ৰায়েল আৰু যিৰূচালেমত ঘিণলগীয়া কাৰ্য কৰা হৈছে; কিয়নো যিহূদাই যিহোৱাৰ সেই পবিত্রস্থান, যাক তেওঁ প্ৰেম কৰে, তাক অপবিত্ৰ কৰিছে; যিহূদাৰ লোকে এজন বিদেশী দেৱতাৰ কন্যাক বিয়া কৰিছে।
Sillä Juuda on ylönkatsojaksi tullut, Israelissa ja Jerusalemissa on tapahtunut kauhistus; sillä Juuda turmelee Herran pyhän, jota hän itse rakasti, ja ottaa vieraan jumalan tyttäriä emänniksensä.
12 ১২ যি ব্যক্তিয়ে এনেৰূপ কাৰ্য কৰে, তেওঁ যদিও বাহিনীসকলৰ যিহোৱাৰ উদ্দেশ্যে নৈবেদ্য উৎসৰ্গ কৰে, তথাপিও যিহোৱাই যাকোবৰ বংশৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিব।
Vaan Herra hävittää hänen, joka sen tekee, Jakobin majasta, sekä opettajan että opetuslapsen, ja sen, joka vie Herralle Zebaotille ruokauhria.
13 ১৩ তোমালোকৰ আন এটা অপকর্ম এই; তোমালোকে চকু-লো, ক্ৰন্দন আৰু বিলাপেৰে যিহোৱাৰ যজ্ঞবেদী সম্পূর্ণকৈ তিয়াই পেলাইছা; সেই কাৰণে তোমালোকে যি উৎসৰ্গ কৰে, তাৰ প্রতি তেওঁ দৃষ্টিপাত নকৰে আৰু প্ৰসন্ন হৈ তোমালোকৰ হাতৰ পৰা তাক গ্ৰহণো নকৰে।
Te teette myös sen toisen, että Herran alttarin edessä ovat kyyneleet, itkut ja huokaukset, niin etten minä enään tahdo katsoa ruokauhria päin, eli ottaa vastaan jotakin otollisesti teidän käsistänne.
14 ১৪ তোমালোকে কোৱা, “কিয় নকৰে?” ইয়াৰ কাৰণ হৈছে, যিহোৱা তোমালোক প্রত্যেকজন লোক আৰু তেওঁৰ যৌৱনকালৰ ভার্যাৰ বিবাহৰ মাজত সাক্ষী হৈছিল; যদিও তেওঁ তোমাৰ সংগী আৰু বিবাহৰ নিয়মৰ দ্বাৰা হোৱা তোমাৰ ভার্যা, তথাপিও তুমি তেওঁৰ প্রতি বিশ্বাস-ঘাতকতা কৰিছা।
Ja te sanotte: minkätähden? Sentähden, että Herra on sinun ja sinun nuoruutes vaimon vaiheella todistanut, jonka katsot ylön, joka on sinun kumppanis ja sinun vaimos, johon sinä liitolla itses kiinni sitonut olet.
15 ১৫ যিহোৱাই জানো স্বামী আৰু ভার্যাক নিজৰ আত্মাৰ এক অংশৰে এক কৰা নাই? শৰীৰ আৰু আত্মাত তেওঁলোক তেওঁৰেই। তেওঁ তেওঁলোকক কিয় এক কৰিলে? কাৰণ তেওঁ তেওঁলোকৰ দ্বাৰাই ঈশ্বৰভক্ত বংশ পাবলৈ আশা কৰি আছিল; গতিকে তোমালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হোৱা; যৌৱনকালৰ ভাৰ্য্যাৰ সৈতে কোনেও বিশ্বাস-ঘাতকতা নকৰিব।
Sillä eikö hän heitä yhdeksi tehnyt, vaikka hänellä olis ollut muita henkiä? Mutta mitä se yksi tekee? Hän etsii Jumalan siementä. Sentähden karttakaat teidän henkeänne, ja älköön kenkään katsoko ylön nuoruutensa vaimoa.
16 ১৬ “কিয়নো মই ভাৰ্য্যা ত্যাগ ঘিণ কৰোঁ” ইয়াক ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে। বাহিনীগণৰ যিহোৱাই কৈছে, “যিজনে নিজৰ বস্ত্র অত্যাচাৰেৰে ঢাকে, তেওঁক মই ঘিণ কৰোঁ;” সেয়ে আপোনালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হওঁক, বিশ্বাস-ঘাতকতা নকৰিব।
Että (Jumala) vihaa sitä hylkäämistä, sanoo Herra Israelin Jumala, kuin joku peittää vääryytensä niinkuin vaatteella, sanoo Herra Zebaot: sentähden karttakaat teidän henkeänne, ja älkäät katsoko heitä ylön.
17 ১৭ তোমালোকে নিজৰ কথাৰ দ্বাৰাই যিহোৱাক ক্লান্ত কৰি তুলিছা; কিন্তু তোমালোকে কৈছা, “কেনেকৈ আমি তেওঁক ক্লান্ত কৰিছোঁ?” এইদৰে তোমালোকে কৰিছা, কিয়নো তোমালোকে কৈছা, “যিসকলে দুষ্কর্ম কৰে, তেওঁ যিহোৱাৰ দৃষ্টিত উত্তম আৰু তেওঁ তেওঁলোকৰ ওপৰত সন্তুষ্ট,” নাইবা তোমালোকে কৈছা, “ন্যায় বিচাৰ কৰোঁতা সেই ঈশ্বৰ ক’ত আছে?”
Te olette Herraa teidän puheellanne vaivanneet; ja te sanotte: missä me häntä olemme vaivanneet? Siinä kuin te sanotte: jokainen, joka pahaa tekee, se kelpaa Herralle, ja että senkaltaiset ovat hänelle otolliset; eli kussa on se Jumala, joka rankaisee?